অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ভিটামিন ‘ডিʼ ‘ইʼ আৰু ‘কেʼৰ শৰীৰত প্ৰভাৱ :

ঐতিহাসিক প্ৰেক্ষাপট -

১৭৮২ খ্ৰীষ্টাব্দতে এইটো কথা জনা গৈছিল যে কড মাছৰ যকৃতৰ তেল ব্যৱহাৰ কৰিলে কেঁচুৱাৰ পয়ালগা ৰোগ(Ricket) নিৰাময় হয়। ১৯১৮ খ্ৰীঃত মেলানবি(Mellanby) নামৰ বিজ্ঞানীজনে জন্তুৰ দেহত কৃত্ৰিমভাৱে পয়ালগা ৰোগ সৃষ্টি কৰিছিল শৰীৰত ভিটামিন ‘ডি’ৰ অভাৱ ঘটাই।

বৰ্তমান এইটো প্ৰায় সৰ্বসন্মত সিদ্ধান্ত যে ভিটামিন ‘ডি’ শৰীৰত সূৰ্যৰ অতিবেঙুনীয়া ৰশ্মিৰ প্ৰভাৱত নিজে নিজে সৃষ্টি হয়। গতিকে গ্ৰীষ্মকালি শৰীৰত যিমান পৰিমাণৰ ভিটামিন ‘ডি’ৰ সৃষ্টি হয়, তাৰ তুলনাত শীতকালি ইয়াৰ পৰিমাণ কম হয়।

বিছপ(Bishop) আৰু ইভানছ(Ivans) নামৰ বিজ্ঞানী দুজনে কৈছিল যে- শৰীৰত ‘X’ নামৰ এটা উপাদান আছে, যাৰ অভাৱত শৰীৰৰ সন্তান জন্ম দিয়াৰ ক্ষমতা কমি যায় আৰু তাৰ পিছত ১৯৩৬ খ্ৰীঃত তেওঁলোকে এই উপাদানটোকে ভিটামিন ‘ই’ বুলি চিনাক্ত কৰে।

ভিটামিন ‘কে’ আৱিষ্কাৰ কৰে বিজ্ঞানী ডামে(Dam) ১৯৩০ চনৰ পৰা ১৯৩৩ চনৰ ভিতৰত।

ভিটামিন ‘ডি’ আৰু হাড়ৰ গঠন -

শৰীৰত কেলচিয়াম আৰু ফছফৰাছ পৰিপাকৰ বাবে ভিটামিন ‘ডি’ৰ আৱিষ্কাৰ। ভিটামিন ‘ডি’ৰ অভাৱত শৰীৰৰ পৰা কেলচিয়াম আৰু ফছফৰাছখিনি তেজৰ সোঁতলৈ শোষিত হ’ব নোৱাৰি পায়খানাৰ লগত ওলাই যায়।

যিহেতুকে হাড় আৰু দাঁতৰ গঠনৰ বাবে শৰীৰক যথেষ্ট পৰিমাণে কেলচিয়াম আৰু ফছফৰাছৰ প্ৰয়োজন, গতিকে ভিটামিন ‘ডি’য়ে পৰোক্ষভাৱে হাড়ৰ গঠনত সহায় কৰে।

সূৰ্যৰ ৰশ্মিৰ পৰাও ভিটামিন ‘ডি’ পোৱা যায় -

আমাৰ ছালৰ অধিচৰ্মীয় কোষত থকা এবিধ ৰাসায়নিক পদাৰ্থৰ পৰা সূৰ্যৰ ৰশ্মিৰ প্ৰভাৱত ভিটামিন ‘ডি’ সৃষ্টি হয়। ৰাসায়নিক পদাৰ্থবিধৰ নাম হ’ল ৭- ডিহাইড্ৰ’কলেষ্টেল(7-Dehydrocholesterol)।

এই অধিচৰ্মীয় ৰাসায়নিক পদাৰ্থৰ ওপৰত সূৰ্যৰ পোহৰত থকা অতিবেঙুনীয়া ৰশ্মি পৰিলে ৰাসায়নিক পদাৰ্থৰ পৰিৱৰ্তন ঘটি ভিটামিন ‘ডি’ সৃষ্টি হয়। উল্লেখ্য যে সূৰ্যৰ ৰশ্মিত প্ৰত্যক্ষভাৱে কোনো ভিটামিন নাথাকে।

ফলমূল আৰু শাক-পাচলিৰ পৰা আমি ভিটামিন ‘ডি’ নাপাওঁ। ভিটামিন ‘ডি’ৰ কেইটামান ভাল উৎস হ’ল- চাৰ্ক আৰু কড মাছৰ যকৃতৰ তেল, মাখন, গাখীৰ আৰু বিভিন্ন ধৰণৰ মাছ।

ভিটামিন ‘ই’ পোৱা যায় ভেষজ তেলৰ পৰা। কপাহ গুটিৰ তেল আৰু ছয়াবিনৰ তেলত যথেষ্ট পৰিমাণে ভিটামিন ‘ই’ থাকে।

  • পালেংশাক,
  • মাছ-মাংস, কণী আৰু
  • ফলমূলত কম পৰিমাণে ভিটামিন ‘ই’ থাকে।

এজন প্ৰাপ্তবয়স্ক লোকক দৈনিক ভিটামিন ‘ই’ লাগে মাত্ৰ ৬ আন্তঃৰাষ্ট্ৰীয় একক।

ভিটামিন ‘কে’ আমি দুটা উৎসৰ পৰা পাওঁ। এটা হ’ল আমাৰ দৈনন্দিন আহাৰৰ পৰা আনটো হ’ল আমাৰ খাদ্য নলীত থকা বেক্টেৰীয়াসমূহৰ পৰা।

খাদ্য নলীত বেক্টেৰীয়াবোৰে সামান্য পৰিমাণে ভিটামিন ‘কে’ সংশ্লেষণ কৰে। মানুহৰ উপযুক্ত পৰিপুষ্টিৰ বাবে কিমান ভিটামিন ‘কে’ লাগে জনা নাযায়।

ৰক্তক্ষৰণ আৰু অনুৰ্বৰতা ৰোধৰ বাবে ভিটামিন ‘কে’ আৰু ‘ই’-

শৰীৰত ঘা লাগি ৰক্তক্ষৰণ হ’লে, ৰক্তক্ষৰণ বন্ধ কৰাটো ভিটামিন ‘কে’ৰ একক দায়িত্ব। ভিটামিন ‘কে’ৰ অভাৱত তেজ গোট মৰা বন্ধ হৈ পৰে।

আমাৰ শৰীৰত ঘা লাগিলে যকৃতত সঞ্চিত হৈ থকা ভিটামিন ‘কে’ ৰক্তক্ষৰণ বন্ধৰ বাবে ব্যৱহৃত হয়।

ভিটামিন ‘ই’ প্ৰজনন ক্ষমতাৰ সহায়ক বুলি ভবা হয়। এই ভিটামিনৰ অভাৱত মহিলাসকলৰ সন্তান জন্ম দিব পৰা ক্ষমতা লোপ পায় বুলি বহুতো বিজ্ঞানীয়ে কয় যদিও এই সম্পৰ্কে এতিয়াও শেষ মন্তব্য দিব পৰা হোৱা নাই।

বহু গুণৰ কাৰক ভিটামিন ‘ই’ -

ভিটামিন ‘ই’ সম্পৰ্কে বহু কথাই কোৱা হৈছে যদিও এদল বিজ্ঞানীয়ে ক’ব খোজে যে ইয়াত অতিৰঞ্জন দোষ ঘটিছে। ভিটামিন ‘ই’য়ে-

  • হৃদযন্ত্ৰৰ অসুখ,
  • এনজিমা(Angima),
  • উচ্চ ৰক্ত চাপ,
  • বাত বিষ(Rheumatic pain),
  • বৃক্কৰ বিভিন্ন অসুখ আদি নিৰাময় কৰে।

ভিটামিন ‘ই’ ছালৰ বিভিন্ন ৰোগত ব্যৱহাৰ কৰা হয়। জুয়ে পোৰা ঘাৰ দ্ৰুত উন্নতিৰ বাবে ভিটামিন ‘ই’ ব্যৱহাৰ কৰা হয়।

পিছৰ বয়সত মহিলাৰ ৰজঃবন্ধ(Menopause) প্ৰক্ৰিয়াৰ লগত দেখা দিয়া উপসৰ্গসমূহ ভিটামিন ‘ই’ যোগানৰ দ্বাৰা নিৰাময় কৰিব পাৰি।

কেঁচুৱাৰ পয়ালগা ৰোগ -

ৰিকেট বা কেঁচুৱাৰ পয়ালগা সৰু ল’ৰা-ছোৱালীৰ ভিটামিন ‘ডি’ৰ অভাৱত যথেষ্ট পৰিমাণে কেলচিয়াম জমা হ’ব নোৱাৰা জমা হ’ব নোৱাৰা অৱস্থা এটাৰ সৃষ্টি হয়।

ফলস্বৰূপে শৰীৰৰ দীঘল হাড় যেনে- ভৰি আৰু উৰুৰ হাড়বোৰ কোমল হৈ পৰে আৰু শৰীৰৰ ওপৰ অংশৰ ওজনৰ বাবে তলৰ হাড়বোৰ বেঁকা হৈ পৰে।

৬ৰ পৰা ১৮ মাহ বয়সৰ শিশুৰ এই ৰোগ হয়। এইৰোগত আক্ৰান্ত শিশুক কৃত্ৰিমভাৱে ভিটামিন ‘ডি’ ঔষধ হিচাপে যোগান ধৰা হয়। আগতীয়াকৈ এই ৰোগ প্ৰতিৰোধ কৰিবলৈ শিশুৰ দেহত সামান্য অলিভ তেল সানি পুৱাৰ ৰ’দত থাকিবলৈ দিব লাগে। অলিভ তেলত থকা ভিটামিনে ছালত সূৰ্যৰ ৰশ্মিৰ প্ৰভাৱত ভিটামিন ‘ডি’ সৃষ্টি হোৱাত সহায় কৰে।

লেখক: ডাঃ প্ৰবীণ কুমাৰ নেওগ(নিয়মীয়া বাৰ্তা)

শেহতীয়া উন্নীতকৰণ: : 3/16/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate