অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ভিটামিন ‘ডি’ৰ গুণ :

ভিটামিন ‘ডি’ৰ গুণ :

 

হাড়ৰ সুস্বাস্থ্যৰ কাৰণে ভিটামিন ‘ডি’ৰ অপৰিহাৰ্যতাৰ কথা দুনাই উল্লেখ কৰাৰ সকাম নাই। ভিটামিন ‘ডি’ যুক্ত খাদ্যৰ সেৱনে যে কেৱল হাড়ৰেই উপকাৰ সাধে তেনে নহয়, ই ক’লনৰ কৰ্কট ৰোগ হোৱাৰ আশংকাও ভালেখিনি হ্ৰাস কৰে। শেহতীয়কৈ কৰা এক অধ্যয়নৰ আলমত প্ৰাপ্ত তথ্যৰ আধাৰত এই দাবী কৰিছে আমেৰিকান কেন্সাৰ ছ’চাইটীৰ গৱেষক মাৰ্জী এল মেককুলোৱে। ক’লন কৰ্কট ৰোগত আক্ৰান্ত ৫৭০০ গৰাকী ৰোগীৰ ওপৰত অধ্যয়ন চলাই গৱেষক মেককুলোৱে জানিব পাৰে যে ভিটামিন ‘ডি’ৰ অভাৱত ভোগা লোকৰ ক’লন কৰ্কট ৰোগ হোৱাৰ আশংকা ৩১ শতাংশ পৰ্যন্ত অধিক হয়। বিপৰীতে আকৌ ক’লন কৰ্কট ৰোগ হোৱাৰ আশংকা ২২ শতাংশ কম হয় যিসকলৰ শৰীৰত উচ্চ মাত্ৰাত ভিটামিন ‘ডি’ মজুত থাকে। গৱেষক মেককুলোৰ মতে, এতিয়ালৈকে হেলথ এজেন্সীবোৰে ক’লন কৰ্কট ৰোগ প্ৰতিৰোধৰ বাবে ভিটামিন ‘ডি’যুক্ত খাদ্য সেৱনৰ পৰামৰ্শ দিবলৈ আৰম্ভ কৰা নাই। কিন্তু এই অধ্যয়নে সেই দৃষ্টিভংগীলৈ পৰিৱৰ্তন আনিবলৈ সক্ষম হ’ব বুলি আশা ব্যক্ত কৰে গৱেষকগৰাকীয়ে।

 

এন্টিছাইক’টিক দৰবৰ বিপদ -

শিশু অথবা কিশোৰ অৱস্থাত কম সময়ৰ কাৰণেই হওক যেনিবা এন্টিছাইক’টিক দৰব সেৱন স্বাস্থ্যৰ দিশৰপৰা হানিকাৰক হ’ব পাৰে। ইয়াৰ ফলত শিশু বা কিশোৰৰ ওজন বৃদ্ধি হোৱাৰ লগতে মধুমেহ ৰোগ হোৱাৰ আশংকাও বাঢ়ি যায়। অতি শেহতীয়াকৈ সম্পন্ন কৰা এক গৱেষণাৰপৰা প্ৰাপ্ত তথ্যক আধাৰ কৰি এই সাৱধানবাণী শুনাইছে আমেৰিকাৰ ৱাশ্বিংটন ইউনিভাৰ্ছিটীৰ সহযোগী অধ্যাপক জিঞ্জৰ ই নিকোলে। গৱেষকগৰাকীৰ মতে, সাধাৰণতে চিজ’ফ্ৰেনিয়া, এটেনচন ডেফিচিট হাইপাৰছিএক্সিভিটী ডিছঅৰ্ডাৰ(এ ডি এইচ ডি) আদিৰ চিকিৎসাত এন্টিছাইক’টিক দৰব ব্যৱহৃত হয়। অধ্যয়নৰ কালত গৱেষকগৰাকীয়ে জানিব পাৰে যে এনে দৰবে শৰীৰত চৰ্বি বঢ়োৱাৰ উপৰি ইনছুলিনৰ প্ৰতি শৰীৰৰ সংবেদনশীলতা হ্ৰাস কৰে। এনে স্থিতিত মধুমেহ ৰোগ হোৱাৰ আশংকা বাঢ়ি যায়। অধ্যয়নৰপৰা প্ৰাপ্ত তথ্যৰ আধাৰত গৱেষকগৰাকীয়ে এইবুলি পৰামৰ্শ আগবঢ়ায় যে শিশু বা কিশোৰ্ক এন্টিছাইক’টিক দৰবেৰে চিকিৎসা কৰাৰ বেলিকা চিকিৎসকে তেওঁলোকৰ ওজনৰ লগতে ৰক্ত শৰ্কৰা আৰু ক’লেষ্টেৰলৰ স্তৰৰ ওপৰত চোকা দৃষ্টি ৰাখিব লাগে।

উৎস: দৈনিক অসম

শেহতীয়া উন্নীতকৰণ: : 7/5/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate