অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ভিটামিনেৰে ধৰি ৰাখক মস্তিস্কৰ সতেজতা

 

আমাৰ মস্তিষ্কক সতেজ আৰু সক্রিয় কৰি ৰখাত বিভিন্ন ভিটামিনে গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰে। এই ভিটামিনসমূহৰ পর্যাপ্ত মাত্ৰাত যোগান লাভ কৰিলেহে ব্যক্তি এগৰাকীৰ মস্তিস্ক সতেজ-সবল হৈ থাকে। সাধাৰণতে শৰীৰৰ আন অংগসমূহৰ সুস্বাস্থ্যৰ বাবে সকলোৱে খাদ্যৰ জৰিয়তে প্ৰয়োজনীয় যত্ন লোৱা দেখা যায় যদিও মস্তিষ্কৰ সুস্বাস্থ্যৰ বাবে তেনে ধৰণৰ পদক্ষেপ খুব কম সংখ্যাকেহে লয়। মস্তিষ্কৰ স্বাস্থ্যৰ প্ৰতি মস্তিষ্কৰ বিভিন্ন ৰোগে ভয়াবহ ৰূপ ধাৰণ কৰিছে। সেয়েহে ভৱিষ্যৎ জীৱনত মস্তিক্ষক এনেবোৰ ৰোগৰ পৰা দূৰত ৰাখি স্বাভাৱিক জীৱন অটুট ৰাখিবলৈ বিচাৰিলে মস্তিষ্কৰ সতেজতাৰ বাবে তলত দিয়া ভিটামিনসমূহ পর্যাপ্ত পৰিমাণে আহৰণ কৰা উচিত।

মস্তিষ্কৰ সুস্বাস্থ্যৰ বাবে ভিটামিন বি-১অতি জৰুৰী। এই ভিটামিনবিধ অংকুৰিত মাহজাতীয় খাদ্য; সেউজীয়া শাক-পাচলি, বাদাম আদিত পর্যাপ্ত পৰিমাণে পোৱা যায়।

ভিটামিন বি-২ ৰ প্ৰয়োজনীয়তাও মস্তিষ্কৰ বাবে যথেষ্ট। এই ভিটামিন গাখীৰ,পনীৰ, সেউজীয়া শাক-পাচলি, বিলাহী আদিত পর্যাপ্ত পৰিমাণে থাকে। ভিটামিন বি-৬ এ মস্তিষ্কক সুস্বাস্থ্যৱান কৰি ৰাখে। ভিটামিন বি-৬ মূলতঃ আলু, ফলমূল, বুট-মগু; সেউজীয়া শাক-পাচলি, শুকান ফলমূল আদিত যথেষ্ট পৰিমাণে পোৱা যায়। ভিটামিন বি-১২-এ মস্তিষ্কক সতেজ কৰি ৰাখে আৰু ইয়াক গাখীৰ, দৈ আৰু পনীৰত অধিক পৰিমাণে পোৱা যায়। মগজুৰ বাবে ভিটামিন 'চি' প্ৰয়োজনীয়। এই ভিটামিন কমলা, মৌচম্বী, নেমু, আমলখি, বিলাহী, সেউজীয়া শাক-পাচলি, বন্ধাকবি, ষ্ট্ৰ’বেৰী, আঙুৰ তথা অন্যান্য টেঙা ফলমূলত অধিক পৰিমাণে থাকে। ভিটামিন ‘ই’ প্ৰচুৰ পৰিমাণে বিলাহী; শুকান ফলমূল, দাইল, বিভিন্ন শস্য, পালেং তথা সেউজীয়া শাকত পোৱা যায়। এই ভিটামিনে মগজুক সক্রিয় কৰি ৰখাত গুৰুত্বপূর্ণ সহায় কৰে।

ৰক্ত সঞ্চালন স্বাভাৱিক কৰি ৰাখে শাক-পাচলিয়ে শাক-পাচলিয়ে

শাক-পাচলি যে মানৱ অতিকৈ উপকাৰী সেই কথা নতুনকৈ ব্যাখ্যা কৰাৰ প্ৰয়োজন নাই। কিন্তু শেহতীয়াকৈ স্বাস্থ্য গৱেষকে শাক-পাচলিৰ এটি নতুন গুণৰ সন্ধান লাভ কৰিবলৈ সক্ষম হৈছে। এটি গৱেষক দলে চলোৱা অধ্যয়নত প্ৰকাশ পোৱা তথ্য অনুসৰি বিশেষকৈ সেউজীয়া শাক দৈনিক খাদ্য হিচাপে গ্ৰহণ কৰিলে মানৱ দেহৰ ধমনীৰ তেজৰ চলাচল প্ৰক্ৰিয়া স্বাভাৱিক কৰি ৰখাত যথেষ্ট সহায়ক হয়। বিভিন্ন শাক-পাচলিত থকা পৃথক পৃথক খনিজ পদার্থই ৰক্ত সঞ্চালনৰ প্রক্রিয়াক বাধামুক্ত কৰি ৰাখিব পাৰে বুলি গবেষণাটোত কোৱা হৈছে। স্বাস্থ্য বিজ্ঞানীসকলৰ মতে, ধমনীত ব্লকেজ অর্থাৎ তেজৰ চলাচলত বাধাৰ সৃষ্টি হোৱাৰ লেখীয়া পৰিস্থিতিৰ উদ্ভৱ হ’লে হৃদৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। কিন্তু সেউজীয়া পাচলি নিয়মিতভাৱে খোৱাৰ ফলত ধমনীত ব্লকেজ হোৱাৰ সম্ভাৱনা বহুখিনি হ্রাস পায়। ফলত এগৰাকী ব্যক্তি হৃদৰোগত আক্রান্ত হোৱাৰ সম্ভাৱনাও ক্ষীণ হয় বুলি স্বাস্থ্য বিশেষজ্ঞসকলে কয়।

লিখক: দিব্যজ্যোতি ভূঞা।

শেহতীয়া উন্নীতকৰণ: : 2/8/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate