অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ভূমি আমলখী :

ভূমি আমলখী :

 

ভূমি আমলখী। হিন্দী-ভুঁইআমলা, ইংৰাজী- gale of the wind, stone breaker, seed under leaf, বৈজ্ঞানিক নাম-Phyllanthus niruri। অলপ ছাঁ পৰা ঠাইত যতে ততে গজি থকা এই মূল্যবান বনৌষধীৰ বিষয়ে জানো আহক।

লিভাৰৰ ৰোগত ভূমি আমলখী অমৃততুল্য। ভূমি আমলখী যকৃতবৃদ্ধি, চিৰছিছ, ফেটিলিভাৰ, বিলীৰুবিন বৃদ্ধি, জণ্ডিচ, হেপাটাইটিচ B আৰু C, কিডনী কৃয়েটিনাইন বৃদ্ধি, মধুমেহ আদি ৰোগৰ বাবে অত্যন্ত ফলপ্ৰসূ।

বাৰিষা এই ঔষধী উদ্ভিদ আৰ্দ্ৰ আৰু ছাঁ পৰা মাটিত নিজে নিজেই হয় আৰু গোটেই বছৰটোৱেই পোৱা হয়। ইয়াৰ পাতৰ তলত সৰু সৰু ফল শাৰী শাৰীকৈ লাগে।ভূমি আমলখীক ভূধাত্ৰীও কোৱা হয়।

বাৰিষা এই গছ শিপা সহ উভালি পৰিস্কাৰ কৰি ছাঁত শুকুৱাই সংৰক্ষণ কৰি থব পাৰি।
সাধাৰণ সেবন মাত্ৰা- ইয়াৰ কেঁচা ৰস অধিক উপকাৰী। অভাৱত আধা চামুচ চুৰ্ণ পানীত উতলাই চেকি দিনত ২-৪ বাৰ দিব পাৰি।

১)যকৃত বা লিভাৰ ৰোগত: লিভাৰ ৰোগত ই এটা প্ৰমাণিত ঔষধ। লিভাৰ বৃদ্ধি হলে বা উখহিলে এই উদ্ভিদে আৰোগ্য কৰিব পাৰে। বিলিৰুবীন বাঢ়িলে বা জন্ডিচ হলে সম্পূর্ণ গছৰ ক্বাথ পুৱা গধুলি সেবন কৰিব লাগে। শুকান পঞ্চাঙ্গ ৩ গ্ৰাম ক্বাথ বনাই পুৱা গধুলি সেবন কৰিলে বাইলিৰুবীন বাঢ়িলে কমি যায় আৰু জন্ডিচ আৰোগ্য হয়। জন্ডিচ হলে ইয়াৰ পাত পিহি ছাছ বা ছাগলী গাখীৰৰ লগত ৰোগীক খুৱাব পাৰি।

বছৰৰ এমাহ ইয়াৰ ৰস বা ক্বাথ সেবন কৰিলে বছৰটোলৈ যকৃতৰ সমস্যা দেখা নিদিব। liver cirrhosis হলে লিভাৰত ঘাঁ হয় আৰু যকৃত সংকুচিত হয়। ফেটি লিভাৰত যকৃত ফুলে। এনেবোৰ সমস্যাতো ভূমি আমলখীয়ে আৰাম দিব পাৰে।

২)হেপাটাইটিচ B আৰু C ৰ বাবে ভূমি আমলখী+ভাতঘিলা+পুনৰ্ণভা এই তিনিটাৰ ৰস অথবা এই তিনিটাৰ পঞ্চাঙ্গৰ ক্বাথ সেবন কৰিলে আৰোগ্য হয়।

 

৩)ডিটক্সিফিকেচন: ভূমি আমলখীৰ শৰীৰৰ দূষিত পদাৰ্থ নিস্কাষণৰ অদ্ভুত ক্ষমতা আছে।

৪)মুখৰ সাধাৰণ ঘাঁ: মুখৰ ভিতৰত পানীজোলা, সাধাৰণ ঘাঁ, দাঁতৰ পৰা তেজ পুঁজ আদি উলোৱা সমস্যাত কিছু সময়ৰ অন্তৰে অন্তৰে ইয়াৰ পাত চোবালে আৰাম পোৱা যায়।

৫)স্তন ওখহিলে ইয়াৰ পাতৰ পেষ্ট বনাই লেপন দিলে আৰোগ্য হয়।

৬)জলোদৰ বা আছাইটিছ: জলোদৰত যকৃতৰ কাৰ্যপ্ৰণালী নিয়মীয়া কৰিবলৈ ৫গ্ৰাম ভূমি আমলখী+ ১/২ গ্ৰাম কুটকী+ ১গ্ৰাম শুঁঠৰ ক্বাথ পুৱা গধুলি সেবন কৰিব লাগে।

৭)সাধাৰণ কাঁহ: ভূমি আমলখীৰ লগত তুলসীৰ ক্বাথ বনাই সেবন কৰিব।

৮)কিডনী ইন্ফেক্চন নিৰাময় কৰে। ইয়াৰ ক্বাথে কিডনী swelling হলে অথবা serum creatinine বাঢ়িলে বা প্ৰস্ৰাৱত ইনফেকচন হলে ভাল ফল দিয়ে।

৯)স্ত্ৰী ৰোগ প্ৰদৰ বা প্ৰমেহ নিৰাময় হয়। ৰক্ত প্ৰদৰত ভূমি আমলখীৰ লগত দুবৰিৰ ৰস মিহলাই ২-৩ চামুচ পুৱা গধুলি সেবন কৰিলে আৰোগ্য হয়। গৰ্ভাধানৰ ক্ষেত্রত ইয়াৰ পাত যথেষ্ট সহায়ক। ভূমি আমলখী শিপা আৰু বীজৰ পেষ্ট বনাই চাউলৰ পানীৰ লগত খালে মহিলাৰ ৰজোনিবৃতিৰ সময়ত খালে লাভ হয়।

লেখক: যোগেশ দাস

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

 

শেহতীয়া উন্নীতকৰণ: : 5/28/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate