অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মাছৰ ওমেগা-৩ :

মাছৰ ওমেগা-৩ :

মাছ হৈছে পুষ্টিকৰ দ্ৰব্যৰ উত্তম উৎস। মাছত বিশেষকৈ প্ৰ’টিন, চৰ্বি, ভিটামিন আৰু মিনাৰেল ইত্যাদি থাকে। আমাৰ নিচিনা অনুন্নত দেশত দুখীয়া মানুহে উচ্চ প্ৰ’টিনযুক্ত পুষ্টিকৰ খাদ্য ক্ৰয় কৰি খাব নোৱাৰে। আমাৰ বেছিভাগ মানুহে মাছ খাব লাগে বুলি জানে, কিন্তু মাছ কিয় খাদ্য হিচাপে গ্ৰহণ কৰিব লাগে- এই বিষয়ে নাজানে।

মাংসত প্ৰয়োজনীয় পৰিমাণতকৈ অধিক চৰ্বি আৰু ক’লেষ্টেৰল থাকে, যাৰ ফলত নানা ধৰণৰ বেমাৰ-আজাৰে দেখা দিয়ে। অতিৰিক্ত পৰিমাণতকৈ চৰ্বি আৰু ক’লেষ্টেৰল জাতীয় খাদ্য গ্ৰহণ কৰা উচিত নহয়। মাছ হৈছে সুলভ মূল্যত পোৱা উত্তম আৰু প্ৰাণীজাত প্ৰ’টিন। অলৱণ আৰু সাগৰীয় মাছ তথা মিছামাছ জাতীয় খাদ্য গ্ৰহণ কৰিলে আমাৰ শৰীৰত বিভিন্ন ধৰণৰ বেমাৰ আৰু উপসৰ্গৰপৰা ৰক্ষা কৰাৰ উপৰি বংশবৃদ্ধিত সহায় কৰে।

মাছত ৯ প্ৰকাৰৰ এমাইন’ এচিড থাকে, যিবোৰ আমাৰ শৰীৰে উৎপন্ন কৰিব নোৱাৰে। সাগৰীয় মাছৰ শৰীৰত প্ৰচুৰ পৰিমাণে ওমেগা-৩ পোৱা যায়।

সাগৰীয় মাছ, যেনে-

  • এনকভি,
  • হেৰিং,
  • চাৰডিন,
  • ছালমন,
  • ট্ৰাউট,
  • মেকেৰেল আৰু টুনা আদি প্ৰজাতিৰ মাছত প্ৰচুৰ পৰিমাণে ওমেগা-৩ ফেটী এচিড পোৱা যায়।

কৰতী, মোৱা তথা শীতল পানীৰ অলৱণ প্ৰজাতিৰ মাছতো ওমেগা-৩ ফেটী এচিড পোৱা যায় বুলি ধাৰণা থাকিলেও বিশেষভাৱে প্ৰমাণিত হোৱা নাই।

বিভিন্ন খাদ্য দ্ৰব্যত ওমেগা-৩ ফেটী এচিড সংযোজিত কৰিবৰ বাবে বহু কোম্পানীয়ে মাছৰ তেল ব্যৱহাৰ কৰে বুলি মানুহে নাজানে। বিশেষকৈ দুই ধৰণৰ ফেটী এচিড- ইকোছা পেন্টানয়িক(EHA) আৰু ডকোছা হেক্সানয়িক এচিড(DHA) থাকে- যি আমাৰ শৰীৰৰ বাবে অতি প্ৰয়োজনীয়। আমাৰ শৰীৰৰ সকলো স্তৰতে প্ৰয়োজনীয় অনুপাতত মাছ গ্ৰহণ কৰিব লাগে।

কেঁচুৱা অৱস্থাৰপৰা বৃদ্ধ অৱস্থালৈকে সুফম আহাৰৰ লগত ওমেগা-৩ ফেটী এচিডযুক্ত মাছ খালে আমাৰ শৰীৰ স্বাস্থ্যৱান হোৱাৰ লগতে বেমাৰ-আজাৰৰপৰা দূৰ কৰি ৰাখে।

গ্ৰীণলেণ্ডত বসবাস কৰা এস্কিমোসকল দৈনিক মাছ গ্ৰহণ কৰাৰ ফলত হৃদৰোগৰ দৰে বেমাৰৰপৰা সুৰক্ষা পাই আহিছে। গ্ৰীণলেণ্ডৰ এস্কিমোসকল উচ্চ চৰ্বিযুক্ত সাগৰীয়া খাদ্য প্ৰতিদিনে ৭০০ মিঃগ্ৰাম ক’লেষ্টেৰল গ্ৰহণ কৰে, যাৰ ফলত প্লাজমা নিম্ন ঘনত্বৰ লিপ’প্ৰ’টিন আৰু অতি নিম্ন ঘনত্বৰ লিপ’প্ৰ’টিনৰ পৰিমাণ পশ্চিমীয়া ইউৰোপীয়ানৰ তুলনাত বহু কম। মাছৰ ওমেগা-৩ ফেটী এচিড কৰ’নাৰী হৃদৰোগ আৰু বহুমূত্ৰ ৰোগ আদিৰপৰা দূৰ কৰি ৰাখে।

তদুপৰি শৰীৰ ওখহি যোৱা ৰোগত প্ৰতিষেধক হিচাপে কাম কৰে। মাছৰ ওমেগা-৩ ফেটী এচিড গ্ৰহণ কৰিলে মানৱ শৰীৰত মগজুৰ বিকাশত, দৃষ্টিশক্তি বৃদ্ধি আৰু প্ৰজননত সহায় কৰে।

মাছৰ ওমেগা-৩ ফেটী এচিডে আৰ্থ্ৰ’চিলিৰ’ছিছ, কৰ্কট ৰোগ, বাত বিষ আৰু ছ’ৰিয়াছিছ আদিৰ দৰে ৰোগৰপৰা সুৰক্ষিত কৰি ৰাখে। মাছৰ ওমেগা-৩ ফেটী এচিডে মহিলাৰ স্তনৰ কৰ্কট ৰোগ দূৰ কৰি ৰাখে।

বাৰ্দ্ধক্য অৱস্থাত হোৱা ৰোগ, যেনে- এলঝাইমাৰ আৰু বয়স সম্বন্ধীয় মেকুলাৰ ডিজেনেৰেচন আদিৰ দৰে ৰোগ নিৰাময়ত সহায় কৰে। উচ্চ হাৰত মাছৰ ওমেগা-৩ ফেটী এচিড গ্ৰহণ কৰিছে মানসিক চাপ আৰু হেঁচা বহু পৰিমাণে কমি আহে। যাৰ ফলত আত্মহত্যাৰ নিচিনা প্ৰৱণতাৰপৰা দূৰ কৰি ৰাখে। গৰ্ভৱতী অৱস্থাত মাছৰ ওমেগা-৩ ফেটী এচিড গ্ৰহণ কৰিলে সন্তান জন্মৰ ক্ষেত্ৰত কোনো ধৰণৰ অসুবিধা নহয়।

মাকৰপৰা সন্তানলৈ পোৱা পুষ্টি দ্ৰব্য আৰু প্ৰাপ্তবয়স্কৰ তুলনাত ২-১২ বছৰ বয়সৰ ভিতৰত ল’ৰা-ছোৱালীৰ শৰীৰত ওমেগা-৩ ফেটী এচিড পোৱা নাযায়। প্ৰায় ৯৭% ল’ৰা-ছোৱালীয়ে ১% তকৈ কম শক্তি গ্ৰহণ কৰে।

গতিকে স্বাস্থ্যৱান সুষম আহাৰৰ লগতে মাছৰ ওমেগা-৩ ফেটী এচিড গ্ৰহণ কৰিলে সৰু ল’ৰা-ছোৱালীৰ ক্ষেত্ৰত দেখা বিভিন্ন ধৰণৰ উপসৰ্গ দূৰ হয়। শৈশৱ অৱস্থাত ওমেগা-৩ ফেটী এচিড গ্ৰহণ কৰিলে ভৱিষ্যতে পৈণত অৱস্থাত হ’ব পৰা শৰীৰৰ বিসংগতি, কাৰ্ডিঅ’ভাস্কুলাৰ, অনাক্ৰম্যতা বৰ্তাই ৰখাৰ উপৰি প্ৰজননৰ ক্ষমতা ভাল কৰি ৰাখে।

লেখক: লীলাকান্ত পায়েং(দৈনিক অসম)

শেহতীয়া উন্নীতকৰণ: : 3/15/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate