অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মানুহৰ খাদ্য আৰু কুকুৰাজাত সামগ্ৰী

কণী

মানুহৰ বাবে উপলব্ধ সকলো ধৰণৰ খাদ্যৰ ভিতৰত কণীয়েই বোধহয় একমাত্ৰ উপাদান, যি সুষম আহাৰৰ বাবে প্ৰয়োজনীয় প্ৰায় সকলো পৌষ্টিক দ্ৰব্য যোগন ধৰিব পাৰে। কেৱল কণীটোৱেই খোলাৰ ভিতৰত ভ্ৰুণৰ পৰা পূৰ্ণাংগ পোৱালি গঠন হোৱালৈকে প্ৰয়োজনীয় পোষক দ্ৰব্য যোগান ধৰাটোৱেই ইয়াৰ উৎকৃষ্ট প্ৰমাণ। স্তন্যপায়ী বা অন্য উচ্চবৰ্গৰ প্ৰাণীৰ ক্ষেত্ৰত বিকাশ হয় মাতৃদেহৰ ভিতৰত আৰু এই বিকাশৰ বাবে প্ৰয়োজন হোৱা পোষক আহে মাতৃয়ে খোৱা খাদ্যৰ পৰা। কিন্তু কুকুৰাৰ ভ্ৰুণৰ বিকাশ হয় কণীৰ খোলাটোৰ ভিতৰতেই ইয়াৰ বিকাশৰ বাবে প্ৰয়োজন হোৱা সকলো উপাদান থকাটো বাধ্যতামূলক। যিকোনো এটা মাত্ৰ পোষক উপাদানৰ অভাৱৰ বাবে ভ্ৰুণ সম্পূৰ্ণ বিকশিত নোহোৱাকৈ মৰি যাব পাৰে।

কণীত যথেষ্ট পৰিমাণৰ প্ৰ’টিন বা মাংসাহাৰ, খাদ্যপ্ৰাণ আৰু খনিজাত লৱণ থাকে। ইয়াত থকা প্ৰ’টিন বা মাংসহাৰ, খাদ্যপ্ৰাণ আৰু খনিজাত লৱণ থাকে। ইয়াত থকা প্ৰ’টিন অতি উচ্চ মানসম্পন্ন আৰু সম্পূৰ্ণৰূপে পাচ্য। অন্য কথাত যিকোনো খাদ্য-সামগ্ৰীৰ তুলনাত কণীৰ পাচন বেছি (প্ৰায় ৯৪ শতাংশ)। কণীত থকা প্ৰ’টিন, খাদ্যপ্ৰাণ আৰু খনিজাত লৱণ থাকে। ইয়াত থকা প্ৰ’টিন অতি উচ্চ মানসম্পন্ন হোৱাৰ কাৰণ হৈছে ইয়াত জীৱৰ বিকাশৰ বাবে প্ৰয়োজন হোৱা সকলোবিলাক এমিন এচিড সংপৃক্ত হৈ থকাটো। তদুপৰি ইয়াৰ থাকে লৌহ পদাৰ্থ, ফছফৰাছ, অন্যান্য সূক্ষ্ম মৌলসমূহ, খাদ্যপ্ৰাণ এ, বি, ডি, ই আৰু কে। পৰিমাণ আৰু গুণাগুণৰ ফালৰ পৰা কণীত থকা ভিটামিন ডিৰ স্থান মাছৰ যকৃতৰ পাছতে। ইয়াত কিছু পৰিমাণে শক্তিও নিহিত হৈ থাকে।

তালিকা ১- এজন প্ৰাপ্তবয়স্ক মানুহৰ বাবে দৈনিক প্ৰয়োজনীয় পৰিমাণৰ শতকৰা হাৰে যোগানঃ

পোষক

শৰীৰত কৰা কাম

শতকৰা হাৰত দৈনিক যোগান

প্ৰ’টিন

শৰীৰৰ মাংসপেশী গঠন

৮.১৫

লৌহ পদাৰ্থ

ৰক্তকণিকা গঠন

৮.৬৫

খাদ্যপ্ৰাণ ‘ক’

দৃষ্টিশক্তি আৰু ছালৰ বাবে প্ৰয়োজন

১১

থায়ামিন

দৈনিক বৃদ্ধি, ক্ষুধা আৰু স্নায়ুতন্ত্ৰ সঠিক ৰাখে

৪.১৫

ৰিবোফ্লেভিন

সুস্বাস্থ্য আৰু বৃদ্ধিৰ বাবে প্ৰয়োজন

৭.৪

খাদ্যপ্ৰাণ বি১২

ৰক্ত গঠন

০.৫

খাদ্যপ্ৰাণ ডি

হাড়ৰ গঠনৰ বাবে প্ৰয়োজন

১২.৫

 

তালিকা ২ –কণীত থকা পোষক দ্ৰব্যৰ পৰিমাণঃ

পোষক (একক)

পূৰ্ণাংগ কণী

বগা অংশ

কুহুম

কেলৰী (কিলোকেলৰী)

৭২

১৭

৫৫

প্ৰ’টিন (গ্ৰাম)

৬.৩

৩.৬

২.৭

শৰ্কৰা (গ্ৰাম)

০.৩৬

০.২৪

০.৬১

চৰ্বি (গ্ৰাম)

৪.৮

০.০৬

৪.৫

একক অসংপৃক্ত চৰ্বি (গ্ৰাম)

১.৮

বহু অসংপৃক্ত চৰ্বি (গ্ৰাম)

০.৭২

সংপৃক্ত চৰ্বি (গ্ৰাম)

১.৬

১.৬

ট্ৰেন্স ফেট (গ্ৰাম)

০.০২

০.০২

কলেষ্টেৰল (মিঃ গ্ৰাঃ)

১৮৬

১৮৪

কলিন (মিঃ গ্ৰাঃ)

১২৬

০.৪

১১৬

ৰিবফ্লেভিন (মিঃ গ্ৰাঃ)

০.২

০.১৫

০.০৯

খাদ্যপ্ৰাণ বি১২ (মাইক্ৰোগ্ৰাম)

০.৪৫

০.০৩

০.৩৩

ফলিক এচিড  (মাইক্ৰোগ্ৰাম)

২৪

২৫

খাদ্যপ্ৰাণ ডি (আই ইউ)

৪১

৩৭

খাদ্যপ্ৰাণ এ (আই ইউ)

২৭০

২৪৫

খাদ্যপ্ৰাণ বি ৬ (মাইক্ৰোগ্ৰাম)

০.০৯

০.০৬

থায়ামিন (মিঃ গ্ৰাঃ)

০.০২

০.০৩

খাদ্যপ্ৰাণ ই (মিঃ গ্ৰাঃ)

০.০৫

০.০৪

চিলেনিয়াম (মাইক্ৰোগ্ৰাম)

১৫.৪

৬.৬

৯.৫

ফছফৰাছ (মিঃ গ্ৰাঃ)

৯৯

৬৬

লো (মিঃ গ্ৰাঃ)

০.৮৮

০.০৩

০.৪৬

দস্তা (মিঃ গ্ৰাঃ)

০.৬৫

০.০১

০.৩৯

কেলচিয়াম (মিঃ গ্ৰাঃ)

২৮

২২

ছডিয়াম (মিঃ গ্ৰাঃ)

৭১

৫৫

পটেচিয়াম (মিঃ গ্ৰাঃ)

৬৯

৫৪

১৯

মেগনেচিয়াম (মিঃ গ্ৰাঃ)

 

কুকুৰাৰ মাংসঃ

কম মূল্য আৰু সহজলভ্য মাংসসমূহৰ ভিতৰত অন্যতম হৈছে কুকুৰাৰ মাংস। ইয়াত খাব পৰা অংশ তুলনামূলকভাৱে আন যিকোনো মাংসৰ তুলনাত বেছি থাকে। তদুপৰি ইয়াত কেইবাটাও পৌষ্টিক গুণ থকাৰ লগতে সোনকালে সিদ্ধ হোৱা বাবে অনন্যৰূপে বিবেচিত হয়।

মানুহে কুকুৰাৰ মাংস গ্ৰহণ কৰে ইয়াৰ উচ্চ মানসম্পন্ন প্ৰ’টিন আৰু কম পৰিমাণে থকা চৰ্বিৰ বাবে। ৰঙা মাংস, যেনে- গো মাংস, গাহৰিৰ কম পৰিমাণে থকা চৰ্বিৰ বাবে। ৰঙা মাংস, যেনে- গাহৰিৰ মাংস বা ছাগলীৰ মাংসৰ তুলনাত কুকুৰাৰ মাংসত বহু কম পৰিমাণে চৰ্বি থাকে। আনহাতে শতকৰা হিচাপে প্ৰ’টিনৰ পৰিমাণ আন যিকোনো মাংসতকৈ সামান্য বেছি হয়। তদুপৰি এই প্ৰ’টিনত অতি প্ৰয়োজনীয় এমিন এচিডসমূহ যথেষ্ট পৰিমাণত পোৱা যায়। কলেষ্টেৰলৰ পৰিমাণো কুকুৰাৰ মাংসত কম। মাংসত সাধাৰণতে শতকৰা ৭৫ ভাগ পানী, ২০ ভাগ প্ৰ’টিন আৰু ৫ ভাগ অন্যান্য উপাদান থাকে। অৱশ্যে বুকু আৰু ভৰিৰ মাংসত এই পোষকসমূহৰ সামান্য তাৰতম্য থাকে।

তালিকা ৩- কুকুৰা আৰু টাৰ্কীৰ মাংস ৰন্ধনৰ পাছত পোষক দ্ৰব্যৰ তুলনা

মাংসৰ প্ৰকাৰ

প্ৰ’টিন (%)

চৰ্বি (%)

পানী (%)

শক্তি (১০০ গ্ৰাম)

টাৰ্কী

 

 

 

 

বুকু

৩২.৯

৩.৯

৬২.১

১৭৬ কেলৰী

ঠেং

৩০

৮.৪

৬০.৫

২০৪

কুকুৰা

 

 

 

 

বুকু

৩২.৪

৫.০

৬১.৩

১৮২

ঠেং

২৯.২

৬.৫

৬২.৭

১৮৫

কণী আৰু এলাৰ্জীঃ

সাধাৰণ অৱস্থাত কণী খালে কাৰো একো হোৱাৰ সম্ভাৱনা নাই। কিন্তু কেতিয়াবা কণীৰ বগা অংশটো খালে সৰু ল’ৰা ছোৱালীৰ এলাৰ্জীৰ দৰে লক্ষণ দেখা দিব পাৰে। কিন্তু কুহুমটোৰ পৰা কোনো অপকাৰ নহয়। কণীৰ কুহুমটো অতি সহজতেই হজম হয়। কণী খালে বেছিকৈ আক্ৰান্ত হোৱা যেন অনুমান হ’ল তেনে লোকে আহাৰৰ তালিকাৰ পৰা কণী একেবাৰে বাদ দিয়াই শ্ৰেষ্ঠ। অৱশ্যে এনেধৰণৰ ঘটনা অতি বিৰল। সিজোৱা বা ৰন্ধা কণীত এলাৰ্জী সৃষ্টি কৰিব পৰা কাৰকসমূহ সাধাৰণতে নিষ্ক্ৰিয় হৈ পৰে। অৱশ্যে কেঁচা কণীত থকা এভিডিন নামৰ পদাৰ্থৰ বাবে ইয়াত থকা এমিন এচিডসমূহ শৰীৰে শোষণ কৰাত বাধা আহি পৰে।

প্ৰাণীজ চৰ্বি, কলেষ্টৰেল আৰু হৃদৰোগঃ

সভ্যতাৰ বিকাশৰ লগে লগে মানুহৰ জীৱনশৈলীৰ পৰিৱৰ্তন হৈছে। আদিম যুগৰ চিকাৰ কৰা বৃত্তিৰ পৰা আৰম্ভ কৰি আজিৰ অতি উন্নত কাৰিকৰী প্ৰযুক্তিৰ কৃষি পদ্ধতিলৈকে জীৱনৰ প্ৰতিটো পদতে মানুহে নিজৰ চিন্তাক ৰূপ দি নিজৰ ওপৰতে অহৰহ জ্ঞাত-অজ্ঞাতভাৱে পৰীক্ষা চলাইছে। নতুনকৈ আৱিস্কৃত হোৱা ৰোগসমূহ তাৰে এটা ফচল। সেই ৰোগসমূহৰ ভিতৰত এটা হৈছে হৃদৰোগ। ১৯১১ চনমানলৈকে মানুহ হৃদৰোগ সম্পৰ্কে জ্ঞাত নাছিল। ১৯১২ চনত অৱশ্যে আমেৰিকাৰ এখন গৱেষণা আলোচনীত এই সম্পৰ্কে এটা লেখা প্ৰকাশ পায়। তাৰ পাছত এই ৰোগৰ ওপৰত বিস্তৃত আলোচনা আৰু গৱেষণা হৈছে। আমোদজনকভাৱে অধিকাংশ গৱেষকেই খাদ্যভয়াসৰ সৈতে ইয়াক সম্পৰ্কিত কৰিব খুজিছিল যদিও আন একাংশ গৱেষকে প্ৰমাণ কৰি দেখুৱাইছে যে খাদ্যৰ লগত হৃদৰোগ আৰু কেন্সাৰৰ সম্পৰ্ক বহুত কম। Dr. Ron The Untold Story of Milk নামৰ পুথিত এই বিষয়ে এটা প্ৰবন্ধ আছে যিটোত হৃদৰোগ আৰু প্ৰাণীজ চৰ্বিৰ সম্পৰ্কক নস্যাত কৰা হৈছে। একেদৰে তাত কোৱা হৈছে যে কণী খালে কলেষ্ট্ৰৰেল বঢ়াৰ ধাৰণাটোও অমূলক। পাঠটোত উল্লেখ কৰা হৈছে যে দহটা গৱেষণাৰ তুলনামূলক অধ্যয়নৰ পৰা দেখা গৈছে যে হৃদৰোগত আক্ৰান্ত লোকসকলে আক্ৰান্ত নোহোৱা লোকসকলতকৈ কম পৰিমাণেহে কণীৰ পৰা কলেষ্টৰেল পাইছিল। গতিকে কণীৰ কলেষ্টেৰলে যে এই ৰোগ বৃদ্ধি কৰিব পাৰে তাত সন্দেহ আছে।

দৰাচলতে কলেষ্টেৰল আৰু হৃদৰোগৰ সম্পৰ্কৰ বিষয়ে প্ৰথম বিতৰ্ক আৰম্ভ ড০ এঞ্চেল কীজ নামৰ এজন গৱেষকৰ ১৯৫৩ চনৰ এটা গৱেষণাৰ তথ্য প্ৰকাশ পোৱাৰ পাছৰ পৰা। তেওঁ উনুকিয়াইছিল যে প্ৰাণীজ চৰ্বি বেছিকৈ খোৱা লোকৰ এথেৰ’স্কেলেৰ’ছিছ ৰোগ বেছি হয়। আনহাতে চৰ্বি আৰু কণীয়ে তেজত কলেষ্টেৰলৰ মাত্ৰা বঢ়ায়। তেনেস্থলত কণী আৰু প্ৰাণীজ চৰ্বিকেই স্বাভাৱিকতে হৃদৰোগৰ বাবে দায়ী কৰিব খোজা হৈছিল। কিন্তু যদি সেয়ে হয় তেন্তে আফ্ৰিকীয় কিছুমান জনজাতিৰ মাজত এই সমস্যা মাৰাত্মকভাৱে দেখা দিলেহেঁতেন, কিয়নো তেওঁলোকৰ সম্পূৰ্ণ আহাৰেই প্ৰাণীজাত। অথচ সেই আফ্ৰিকীয় জনজাতিকেইটাৰ লোকৰ মাজত অধ্যয়নৰ পৰা দেখা গৈছে যে তেওঁলোকৰ শৰীৰত কলেষ্টেৰলৰ মাত্ৰা বঢ়া নাছিল। তদুপৰি খাদ্যৰ পৰা আহৰণ কৰা কলেষ্টেৰলে তেজত সাময়িকভাৱে ইয়াৰ মাত্ৰা বঢ়ায়। তেনেস্থলত খাদ্যত থকা কলেষ্টেৰলে শৰীৰত অপকাৰ কৰাৰ সম্ভাৱনা একেবাৰে কম।

আনহাতে Dr. Romৰ একেটা প্ৰৱন্ধতে কোৱা হৈছে যে হৃদৰোগ ধনী দেশসমূহত বেছিকৈ দেখা যায়। ধনী দেশৰ নাগৰিকে বেছি পৰিমাণে প্ৰাণীজাত আহাৰ খায়। গতিকে প্ৰচলিত ধাৰণা অনুসৰি ইয়াত ধনী মানুহৰ বেছি পৰিমাণে হৃদৰোগ হোৱা উচিত। কিন্তু উল্লেখনীয়ভাৱে এই দেশসমূহত ধনী মানুহতকৈ তুলনামূলকভাৱে কম কলেষ্টেৰল আৰু প্ৰাণীজ চৰ্বি খোৱা দুখীয়াসকলৰ মাজতহে হৃদৰোগৰ প্ৰাদুৰ্ভাৱ বেছি। কোৱা হৈছে যে উন্নত দেশসমূহত অন্যান্য কেতবোৰ খাদ্যৰ লগত ধূম্ৰপান, কম পৰিশ্ৰম আৰু ঔদ্যোগিক কৃষিজাত খাদ্য-সামগ্ৰীৰ বাবেহে দুখীয়া দেশসমূহতকৈ হৃদৰোগৰ প্ৰাদুৰ্ভাৱ বেছি।

ওপৰৰ আলোচনাৰ পৰা এই কথা স্পষ্ট যে কণী বা মাংসজ চৰ্বি খালেই হৃদৰোগ হোৱাৰ সম্ভাৱনা নাই। গতিকে মানুহে পৰিপৌষ্টিক অভাৱৰ পৰা হাত সাৰিবলৈ মাংস অথবা কণী কোনোটোৱেই ত্যাগ কৰা উচিত নহয়। ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদে নিৰ্ণয় কৰিছে যে এজন সুস্থ প্ৰাপ্তবয়স্ক মানুহে বছৰত কমপক্ষেও ১৮০ টা কণী আৰু ১০.৮ কিঃ গ্ৰাঃ মাংস খোৱা উচিত। অথচ অসমৰ মানুহে ২০১১ চনলৈকে গড়ে বছৰি ১৭ টা কণী আৰু প্ৰায় ৪ কিঃ গ্ৰাঃ মাংসহে খাবলৈ পায়। সৌভাগ্যৰ কথা যে হাঁহ আৰু কুকুৰাৰ মাংসই ইয়াৰ শতকৰা ৮০ ভাগ যোগান ধৰিবলৈ সক্ষম হৈছে। আমাৰ চুবুৰীয়া নগাৰাজ্যৰ লোকসকলে ভাৰতৰ ভিতৰত সৰ্বাধিক গড়ে প্ৰতি বছৰে ২০ কিঃ গ্ৰাঃ মাংস খায়। সেই হিচাপত নগাৰাজ্যত হৃদৰোগীৰ সংখ্যাও ভাৰতৰ ভিতৰতে সৰ্বাধিক হোৱা উচিত আছিল। কিন্তু তাতকৈ কম মাংস খোৱা কেইবাখনো ৰাজ্যত নগাৰাজ্যতকৈ বেছি মানুহ এই ৰোগত আক্ৰান্ত হয়। সেইফালৰপৰাও ক’ব পাৰি যে মাংস বা কণী কোনোটোৱেই হৃদযন্ত্ৰৰ অসুখৰ একমাত্ৰ কাৰক নহয়।

লিখকঃ ডাঃ মৃদুল কুমাৰ বৰা, অসমীয়া খবৰ

শেহতীয়া উন্নীতকৰণ: : 3/19/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate