অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মূলা:

 

অসমৰ কৃষকে নিজা ব্যৱহাৰৰ উপৰি বাণিজ্যিক উৎপাদনৰ উদ্দেশ্যে কৰি অহা এবিধ খেতি হৈছে মূলাৰ খেতি।

এই খেতিৰ বিশেষত্ব এয়ে যে কম সময় আৰু কম মেহনততে ইয়াক কৰি তোলাটো সম্ভৱ। কেৱল খেতিৰ মাটিখিনি ৰ’দঘাই আৰু সাৰুৱা হোৱাটো দৰকাৰী।

ই এক বৰ্ষধাৰী কন্দধাৰী উদ্ভিদ। ইয়াৰ গছ কোমল আৰু ৫০ চেঃমিঃ মান ওখ হয়। মূল অংশ সাধাৰণতে দীঘল যদিও কোনো প্ৰজাতিৰ চুটিও হোৱা দেখা যায়। মূল অংশ ১৫-৩০ চেঃমিঃ মানলৈ হয়। মূলাৰ ৰং বগা অথবা ৰঙা।

পাত খলপাযুক্ত বেহেলাৰ আকৃতিৰ আৰু মূলাৰ ওপৰৰ পৰা ওলায়। পাতৰ দৈৰ্ঘ্য ৩০-৩৫ চেঃমিঃ হয়। গছৰ আগত বহা ফুল ওলাই সময়ত তাৰ পৰাই ছেঁই ধৰে। ইয়াৰ পাত আৰু মূল উভয়েই খোৱাৰ উপযোগী। পাতক সাধাৰণতে শাক হিচাপে ভাজি খোৱা হয়।

তাৰ বিপৰীতে কিন্তু মূল অংশক ভাজি, তৰকাৰি, চালাড, আচাৰ আদিৰ ৰূপত খাব পাৰি। এইখিনিতে উল্লেখ্য যে সকলো মূলা গছৰ পৰাই তলৰ ফালে সফীত মূলা পোৱা নাযায়।

ইয়াৰ মূলা নধৰা গছক ধেৰুৱা কোৱা হয়। ধেৰুৱাৰ শিপা অংশ টান হয়। এই অংশ সিজাবলৈও টান হৈ পৰে।

ধেৰুৱা যে সিজাবলৈ টান, তাৰ আভাস আমাৰ জনপ্ৰিয় এষাৰ ফকৰা ‘অবুজনক বুজোৱা যায়। তেনেকৈ মূলা গছ একোজোপাৰ তলত মূল ধৰিবনে নাই, গছৰ পাতৰ ৰূপ চায়েই যে ধৰিব পৰা যায় তাৰ আভাসো ফকৰাতে স্পষ্ট হৈ উঠিছে ‘যি মূলা বাঢ়ে তাৰ দুপাততে চিন’।

মূলাক ইংৰাজীত Radish হিচাপে আৰু বৈজ্ঞানিকভাৱে ইয়াক Raphamus Sativus কোৱা হয়। ইয়াৰ ইংৰাজীৰ Radish শব্দটো বোলে লেটিন ভাষাৰ Vadix শব্দৰ পৰা অহা। যাৰ অৰ্থ হৈছে root(মূল)।

সেয়ে এই মূল শব্দৰ পৰাই আমাৰ মূলা শব্দটো আহিছে হয়তো। মূলা এবিধ পুষ্টিকৰ খাদ্য। ইয়াৰ ১০০ গ্ৰামত-

  • ০.৬৮ গ্ৰাম প্ৰ’টিন,
  • ৩.৪ গ্ৰাম কাৰ্বোহাইড্ৰেট,
  • ০.১ গ্ৰাম স্নেহপদাৰ্থ,
  • ১.৬ গ্ৰাম আঁহ,
  • ২৫ মিঃ গ্ৰাম কেলচিয়াম,
  • ০.৩৪ মিঃ গ্ৰাম আইৰন,
  • ১০ মিঃ গ্ৰাম মেগনেছিয়াম,
  • ২৩৩ মিঃ গ্ৰাম পটাছিয়াম,
  • ৩৯ মিঃ গ্ৰাম ছডিয়াম আৰু
  • ১৪.৮ মিঃ গ্ৰাম ভিটামিন চি পোৱা যায়।

ইবিলাকৰ উপৰি ভিটামিন বি২, বি৬ আদিৰ লগতে সামান্য লগতে সামান্য পৰিমাণে আমাৰ দেহৰ বাবে লগা কপাৰ, মেংগানিজ আদিও পোৱা যায়।

গতিকে ইমানবিলাক পুষ্টি-উপাদানৰ সমাহাৰেৰে মূলা যে যথেষ্ট পুষ্টিকৰ খাদ্য হ’ব সি সহজেই অনুমেয় হৈ উঠে।

মূলা ঔষধি গুণ -


মূলা ঔষধি গুণেৰে বিভূষিত। আয়ুৰ্বেদ শাস্ত্ৰৰ দৃষ্টিত ই ৰক্ত শীতলকাৰক। ইয়াৰ ঔষধি গুণৰ ক্ষেত্ৰত ভালেখিনি তথ্য পোৱা যায়। তাৰে উল্লেখনীয় কিছু হৈছে-

১)ইয়াক খালে দেহত মুক্ত মূলক সৃষ্টিৰ পৰিৱেশ ব্যাহত কৰে। ফলত কেন্সাৰ ৰোগৰ সৃষ্টি, অকাল বৃদ্ধ হ্ৰাস কৰাৰ লগতে গাৰ জ্বলন-পোৰণৰ সৃষ্টিও স্তিমিত কৰে।

২)ইয়াত থকা আঁহে কোষ্ঠকাঠিন্য দূৰ কৰাত সহায় কৰাৰ উপৰি বৃক্ক তথা গলব্লাডাৰৰ সক্ৰিয়কৰণত ভূমিকা লয়।

৩)ই মূত্ৰবৰ্ধক আৰু বৃক্ককে ধৰি মূত্ৰতন্ত্ৰক সক্ৰিয় কৰি ৰাখিব পাৰে।

৪)ই বিলিৰুবিন নামৰ ক্ষতিকাৰক উপাদান যকৃতৰ পৰা বাহিৰ কৰি জণ্ডিচ ৰোগ সৃষ্টিৰ পৰিৱেশ বিঘ্নিত কৰে।

৫)ই প্ৰষ্টেট, কলন, স্তন, গৰ্ভাশয়ত সৃষ্টি হ’ব পৰা কেন্সাৰৰ সম্ভাৱনা কমাই ৰাখিব পাৰে।

৬)ই অপজাৰক(Antioxidant) হোৱাৰ উপৰি ইয়াত থকা ছালফৰাফেন(Sulforaphane) উৎপাদন কেন্সাৰ প্ৰতিৰোধী গুণসম্পন্ন হোৱা হেতুকে সামগ্ৰিকভাৱে দেহত কেন্সাৰ সৃষ্টিৰ অৱকাশ কমাই ৰাখিব পাৰে।

৭)ইয়াত কাৰ্বোহাইড্ৰেটৰ পৰিমাণ কম অথচ আঁহতজাতীয় দ্ৰব্যৰ পৰিমাণ বেছি থকাত ই মধুমেহ ৰোগীৰ বাবে উপকাৰী বুলি কোৱা হয়।

৮)ই দেহৰ পেশীৰ মাজত আবদ্ধ হ’ব পৰা পানীৰ বহিষ্কাৰকৰণত সহায় কৰে।

৯)ইয়াত থকা ভিটামিন চি, আইৰন আৰু ফলিক এচিডৰ সবল স্থিতিয়ে ৰক্তাল্পতাৰ সমস্যা লাঘৱৰ উপৰি দেহৰ ৰোগ প্ৰতিৰোধী ক্ষমতাও বৃদ্ধি কৰে ইত্যাদি।

গতিকে এনেবিলাক তথ্যৰ পৰা সহজবোধ্য হৈ উঠে যে মূলা সঁচাই এবিধ দৰকাৰী পাচলি। এই মূলা সাধাৰণতে পুহ-মাঘ মাহত ঠন ধৰি মঙহাল হৈ পৰে আৰু এই সময়তে বজাৰ বা বিল-খালতো শ’ল, কাৱৈ আদিক কাঠ মাছ পোৱা যায়।

গতিকে এই সময়তে শ’ল-মূলাই খোৱাৰ কথা কোৱা হয় আৰু বাস্তৱতো আমি অনুভৱ কৰোঁ যে শ’ল মাছৰ লগত জালুক দিয়া মূলাৰ চৰ্চৰিখন বেছ তৃপ্তি পোৱা যায়। মাঘৰ পিছত কিন্তু মূলাৰ গছত ফুল ধৰে আৰু তাৰ পিছৰফালে মূলা খালে আমেজ পোৱা নাযায়।

সেয়া বাৰু বাদি, মুঠতে যিকোনো প্ৰকাৰে অৰ্থাৎ সিজাই, ভাজি বা ফলমূল খোৱাদি কেঁচায়ো খাব পাৰি। সেয়ে ইয়াক খোৱাত আমি গুৰুত্ব দিয়া উচিত।

লেখক: অৰ্পণ দত্ত(নিয়মীয়া বাৰ্তা)

অ’ক্সিট’চিনৰ ওপৰত নিষেধাজ্ঞা আৰু মহিলাৰ স্বাস্থ্য -

কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য বিভাগে অলপতে অ’ক্সিট’চিন(Oxytocin) হৰম’ন ঔষধৰ খুচুৰা বিক্ৰী আৰু ব্যক্তিগত খণ্ডৰ দ্বাৰা উৎপাদনৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰিছে। এই নিষেধাজ্ঞা ১ ছেপ্টেম্বৰৰ পৰা কাৰ্যকৰী হোৱাৰ কথা।

স্বাস্থ্য সেৱাৰ সৈতে জড়িত সকলো পক্ষই এই নিষেধাজ্ঞা সমীচীন নহয় বুলি মন্তব্য কৰিছে। অ’ক্সিট’চিন হৰম’ন প্ৰাকৃতিকভাৱে মহিলাৰ শৰীৰত থাকে, অৱশ্যে পৰ্যাপ্ত নহয়। বৰ্তমানে ব্যৱহাৰ কৰা অ’ক্সিট’চিন বেজী সাংশ্লেষিক(Synthetic) ঔষধ।

চিকিৎসকসকলে গৰ্ভৱতী মহিলাৰ প্ৰসৱ প্ৰক্ৰিয়া ত্বৰান্বিত কৰাৰ বাবে আৰু প্ৰসৱোত্তৰ ৰক্তক্ষৰণ ৰোধ কৰিবলৈ এই ঔষধ ব্যৱহাৰ কৰে।

সেইবাবে অ’ক্সিট’চিন মহিলাৰ বাবে জীৱনদায়িনী। এই ঔষধৰ প্ৰয়োজনীয়তাৰ ওপৰত বিশ্ব স্বাস্থ্য সন্থায়ো গুৰুত্ব দিছে। চৰকাৰৰ নিষেধাজ্ঞাত এই দিশটো আওকাণ কৰা হৈছে। বৰং দুগ্ধ উদ্যোগত এই ঔষধৰ অপব্যৱহাৰৰ ওপৰতহে গুৰুত্ব দিছে।

অ’ক্সিট’চিনে পোৱাঁতি গৰু-ম’হৰ দুগ্ধ উৎপাদন বৃদ্ধি কৰে। ফলত দুগ্ধৰ ব্যৱহাৰ কৰা ব্যক্তিসকলে দুগ্ধৰ পৰিমাণ বৃদ্ধি কৰিবলৈ এই ঔষধ জধে-মধে ব্যৱহাৰ কৰে। এই পৰিপ্ৰেক্ষিততে অনুজ্ঞা-পত্ৰবিহীন ব্যক্তিগত খণ্ডৰ ভালেমান কোম্পানী প্ৰতিষ্ঠিত হৈছে।

এইদৰে উৎপাদন কৰা অ’ক্সিট’চিন পশুধন ব্যৱসায়ত ব্যৱহৃত হয়। প্ৰকৃততে এই সমস্যাৰ সমাধান কৰাটোহে প্ৰয়োজনীয় আছিল।

শুদ্ধ পদক্ষেপে বেআইনী উৎপাদনত লেকাম লগাব পাৰিলেহেঁতেন। প্ৰকৃততে এইক্ষেত্ৰত কঠোৰ পৰিক্ষেপ গ্ৰহণ কৰিব লাগিছিল। অ’ক্সিট’চিনৰ ব্যৱহাৰে পোঁৱতী গৰু-ম’হৰ ওপৰত কেতবোৰ বিৰূপ পাৰ্শ্বক্ৰিয়াৰ সৃষ্টি কৰে। প্ৰমাণ পোৱা গৈছে যে এই ঔষধে গৰু-ম’হৰ ওহাৰত প্ৰদাহৰ সৃষ্টি কৰে।

এই কথাৰ পৰা জানিব পৰা গৈছে যে অ’ক্সিট’চিনে পশুধনৰ জনন প্ৰক্ৰিয়া বিঘ্নিত কৰে। গতিকে অনেক গ্ৰাহকে ধাৰণা কৰে যে এনেদৰে উৎপাদন কৰা গাখীৰে মানুহৰ স্বাস্থ্য হানি কৰিব পাৰে। অৱশ্যে এই ধাৰণা বৈজ্ঞানিকভাৱে প্ৰতিষ্ঠিত হোৱা নাই।

যদি ধৰি লোৱা হয় যে অ’ক্সিট’চিনে দুগ্ধৰ ওপৰত প্ৰতিক্ৰিয়া কৰে, তেতিয়াও নিষেধাজ্ঞা তাৰ যথাযোগ্য প্ৰত্যুত্তৰ নহয়। ভাৰতীয় মহিলাৰ বাবে অ’ক্সিট’চিন অতি প্ৰয়োজনীয়।

প্ৰতিবছৰে সম্পৰ্কিত কাৰণত ৪৫,০০০ মহিলাৰ মৃত্যু হয় অ’ক্সিট’চিন ব্যৱহাৰ নকৰাৰ ফলত। অ’ক্সিট’চিনৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰাৰ সমান্তৰালকৈ আন এক জ্বলন্ত সমস্যাৰ ক্ষেত্ৰত ভাৰত চৰকাৰে কি ব্যৱস্থা হাতত লৈছে তাক গমি-পিতি চাওঁ আহক।

চৰকাৰ অৱগত যে ভাৰতত ব্যাপকভাৱে এন্টিবায়’টিকৰ অপব্যৱহাৰ কৰা হয়। ইয়াৰ ফলত ভালেমান বেক্টেৰিয়াই ইতিমধ্যে এন্টি’বায়টিক প্ৰতিৰোধ সৃষ্টি কৰিছে। ইয়াৰ ফলত ফলপ্ৰসূ এন্টিবায়’টিকৰ অভাৱত ভালেমান ৰোগী মৃত্যুমুখত পৰে।

তৎসত্ত্বেও এন্টিবায়’টিক খোলা বজাৰত ক্ৰয় বন্ধ কৰাৰ ক্ষেত্ৰত আৰু বিনা নিদান পত্ৰই জাৰি কৰা নাই, কৰিবলৈ ইচ্ছা কৰা নাই। এই কথাও সত্য যে গ্ৰামাঞ্চলত এতিয়াও এন্টিবায়’টিকৰ অভাৱত বহু লোক মৃত্যুমুখত পৰে।

এইবাবেই চৰকাৰে এন্টিবায়’টিকৰ ব্যৱহাৰ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কোনো ব্যৱস্থা নোলোৱাটো যুক্তিযুক্ত নহয়।

অ’ক্সিট’চিনৰ ওপৰত জাৰি কৰা নিষেধাজ্ঞাৰ ফলত এই ঔষধ এতিয়া সহজলভ্য নহ’ব। মূল্যও বৃদ্ধি হ’ব।

চৰকাৰে কৰ্ণাতক এন্টিবায়’টিক আৰু ফাৰ্মাচিউটিকেল লিমিটেডক অ’ক্সিট’চিন উৎপাদনৰ দায়িত্ব দিছে। এই কোম্পানীয়ে ১৬.৫৬ টকাত বিক্ৰী কৰে।

আনহাতে কেতবোৰ ব্যক্তিগত কোম্পানীয়ে মাত্ৰ ৪ টকাত এই ঔষধ উপলব্ধ কৰে। অ’ক্সিট’চিন উৎপাদনৰ ক্ষেত্ৰত ব্যক্তিগত কোম্পানীক সম্পূৰ্ণ নিষেধ কৰাৰ পৰিৱৰ্তে কেতবোৰ এনে কোম্পানীক অনুজ্ঞা-পত্ৰ প্ৰদান কৰিব পাৰে। অন্যথা ভালেসংখ্যক মহিলাৰ জীৱন বিপদাপন্ন হ’ব।

লেখক: ডাঃ জীৱন দত্ত বৰুৱা(নিয়মীয়া বাৰ্তা)

শেহতীয়া উন্নীতকৰণ: : 5/13/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate