অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মেথি শাক

মেথি শাক

এতিয়া শাকৰ পয়োভৰৰ সময়। অন্য শাকৰ লগতে অসমত ব্যৱহৃত এবিধ শাক হৈছে মেথি। ইংৰাজীৰ ইয়াক Fenugreek আৰু বৈজ্ঞানিকভাৱে Trionella foenum হিচাপে ইয়াক জনা যায়।

ইয়াৰ শাক হিচাপে খোৱা হ’লেও অৱশ্যে ইয়াৰ চাহিদা আমাৰ ৰাজ্যত তেনে বেছি নহয়। তাৰ কাৰণ কেইবাটাও। প্ৰথমতে, ই আমাৰ থলুৱা শাক নোহোৱা বাবে অসমৰ প্ৰকৃতিত ইয়াক পোৱা নাযায়। ফলৰ ইয়াৰ খেতিৰ বাবে আমাৰ কৃষক বজাৰৰ গুটিৰ ওপৰত পূৰামাত্ৰাই নিৰ্ভৰশীল হ’ব লগা হয়। দ্বিতীয়তে, ইয়াৰ গছৰ ঠাল-ঠেঙুলি নোলোৱাৰ বাবে শাক হিচাপে ব্যৱহাৰ কৰাৰ বেলিকা গোটেই গছডালকে উভালি পেলাব লগা হয় আৰু তেনে কৰাৰ ফলত ভৱিষ্যতৰ গুটি আৰু সঁচৰো মুদা মৰিব ধৰাত কৃষকসকল ইয়াৰ খেতিৰ প্ৰতি আগ্ৰহী হৈ নুঠে। তৃতীয়তে, ইয়াৰ খেতিৰ উৎপাদিকা শক্তি তুলনামূলকভাৱে কম হোৱাত বাণিজ্যিক দিশত ইয়াৰ খেতি লাভজনকো নহয়। আনহাতে, এইবিধ শাক উৎপাদন হোৱাৰ সময়ত বজাৰত অন্য শাক প্ৰচুৰ পৰিমাণে পোৱা হেতুকে মেথি শাকৰ ব্যৱহাৰ আমাৰ ৰাজ্যত কিছু কম হয়। ইয়াৰ বিপৰীতে কিন্তু এই গছৰ গুটি আমাৰ ৰাজ্যত ব্যাপকভাৱে ব্যৱহৃদ হয়। আমাৰ ৰাজ্যত মেথি শাকৰ ব্যৱহাৰ কিছু কম হ’লেও কিন্তু ই এবিধ গুৰুত্বপূৰ্ণ শাক। কিয়নো সাধাৰণ শাকত থকা দৰকাৰী পুষ্টিকাৰক উপাদানবোৰ ইয়াতো কম-বেছি পৰিমাণে পোৱা যায়। ইয়াৰ ১০০ গ্ৰাম শাকত ৮৬.১% পানী, ০.৯% চৰ্বি, ৪.৪% প্ৰ’টিন, ৬.০ কাৰ্বোহাইড্ৰেই, ১.৫% খনিজ লৱণ আৰু ১.২% আঁহৰ লগতে কেইবিধমান ভিটামিন, যেনে- এ, বি১, বি২ আৰু চিকো পোৱা যায়।

মেথি প্ৰকৃততে এবিধ ঔষধি গুণসম্পন্ন শাক। ইয়াৰ উক্ত গুণ সন্দৰ্ভত এনেধৰণৰ উল্লেখ পোৱা যায়- ‘এই শাক মাজে মাজে খাই থাকিলে অভোক, ৰুচিহীনতা, অজীৰ্ণ, বহুমূত্ৰ, অৰ্শ আদি ৰোগ আৰোগ্য হয়। মেথি শাকে গ্ৰহণী, কোষ্ঠকাঠিন্য, পেটৰ বায়ুৰোগ, পাতল শৌচ হোৱা ৰোগ দূৰ কৰে। জ্বৰ, ৰক্তহীনতা, কৃমি আদি ৰোগৰ বাবে এই শাক উপকাৰী। বাতৰোগ আৰু জণ্ডিচ ৰোগৰ মহৌষধ। গৰ্ভত বসন্ত থাকিলে ই বাহিৰ কৰে। মেথি ভিজোৱা পানী খালেও এনে কাম কৰে। প্ৰসূতিৰ শৌচ খোলোচা কৰে, ভোগ লগায়, গৰ্ভাশয় ভালে ৰাখে’। এইবোৰৰ উপৰি উল্লেখ পোৱা যায় যে মেথি শাকে তেজ বঢ়ায় ঋতুস্ৰাৱৰ সময়ত বা পিছত ৰক্তস্ৰাৱ বন্ধ কৰাত ই সুপ্ৰভাৱ পেলায়। ইফালে, ইয়াৰ মধুমেহ ৰোগ উপশমকাৰী হিচাপে খ্যাতি থকাৰ লগতে সহজাত সুস্বাদু গুণে খাদ্য তৃপ্তিদায়কো কৰি তুলিব পাৰে আৰু শেহতীয়াভাৱে প্ৰাপ্ত তথ্য মতে, ইয়াৰ কৰ্কটৰোধী ক্ষমতাও থাকে।

এতেকে উল্লিখিত তথ্যসমূহে দেখুৱায় যে মেথি শাক খালে বিভিন্ন দিশত উপকৃত হোৱাৰ অৱকাশ থাকে। সেয়ে ইয়াক খোৱাৰ প্ৰতি আমি গুৰুত্ব দিয়া উচিত।

উৎস: দৈনিক অসম(অৰ্পণ দত্ত)

শেহতীয়া উন্নীতকৰণ: : 12/1/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate