অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মেথিশাকৰ উপকাৰিতা

মেথিশাকৰ উপকাৰিতা

মেথিস্নিগ্ধ, পাচক আৰু বলকাৰক| ই অগ্নিমান্দ্য, অজীৰ্ণ আৰু বাতবিষত ব্যৱহৃত হয়|

মেথিৰ বনৌষধি গুণবোৰ

গাঁঠিবাত বেমাৰত মেথি শাকৰ উপকাৰিতা মন কৰিবলগীয়া| যিসকল লোকে সামান্য ঠাণ্ডা বস্তু খালেই গাঁঠিবাদৰ বেদনা অনুভৱ কৰে, হাত-ভৰিৰ গাঁঠিবোৰত বিষ অনুভৱ কৰে| সেই ক্ষেত্ৰত মেথি চুৰ্ণ আধা গ্ৰাম মাত্ৰাত পুৱা আৰু আবেলি গৰম পানীৰ সৈতে খাব লাগে| এইদৰে ১০-১৫ দিন ব্যৱহাৰ কৰিলে গাঁঠিৰ বাতবিষ কমি যায়| ৰোগীয়ে সদায় গৰম পানী বা কুমুহীয়া ব্যৱহাৰ কৰা উচিত| গৰম পানীৰে গা ধুৱাটো অতি প্ৰয়োজনীয়| অনিয়মিত ঋতুস্ৰাৱ ৰোগত বিশেষকৈ যিসকল মহিলাৰ মাহেকীয়া ঋতুৰ সময়ত স্ৰাৱ আহিছে আৰু কেতিয়াবা নাইকিয়া হয়| কেতিয়াবা পুৱা ৰক্তস্ৰাৱ হয়, আবেলি কমি যায় বা নহয়, পিছদিনা পুনৰ পুৱা ৰক্তস্ৰাৱ হয়, ৰক্ত ক’লা হয়, টুকুৰা-টুকুৰ বা চকলা-চকল হয়, যন্ত্ৰণা বেছি হয়-এইদৰে দীৰ্ঘদিন ভুগি থাকিলে ৰক্ত প্ৰদৰ হ’বগৈ| এইক্ষেত্ৰত মেথি গুটি ৩ গ্ৰাম আৰু ধনীয়া গুটি ৩/৪ গ্ৰাম একেলগে আগৰাতি ১ গিলাচ পৰিস্কাৰ চেঁচা পানীত তিয়াই থৈ পিছদিনা পুৱা সেইখিনি চেকি সেই পানীখিনি শুদাপেটত পুৱা আৰু আবেলি দুবাৰকৈ ১ সপ্তাহ কাল খালে বেমাৰটো নিৰাময় হয়| প্ৰসৱৰ পাছত হোৱা দুৰ্বলতাত প্ৰসূতিৰ অলপতে ক্লান্তি আৰু ভাগৰ লাগিলে ৫ গ্ৰাম মেথি গুটি থেতালি আধাসেৰ পানীত ভিজাই থৈ পিছদিনা পুৱাই চেকি গোটেই দিনটোত অলপ অলপ কৰি খাই শেষ কৰিব লাগে| পুনৰ ঋতু নোহোৱালৈকে মাজে মাজে মেথি তিওৱা পানী খাই থাকিব লাগে| গ্ৰহণী ৰোগ হ’লে মেথি চুৰ্ণ ১০ গ্ৰাম, গাখীৰ ১০ গ্ৰামত ২০ গ্ৰাম পানী দি উতলাই আধাত ৰাখি তাতে চেনি ১ চামুচ মিহলাই দিনে ২ বাৰকৈ তিনিদিন খালে গ্ৰহণী ভাল হয়| বসন্ত ৰোগত মেথি তিওৱা পানী পানী খালে-হাত-ভৰি পোৰনি, বমি বমি ভাৱ, শৰীৰত হোৱা খজুৱতী ভাল হয়| উচ্চ ৰক্তচাপ হ’লে ৫/৬ গ্ৰাম মেথি গুটি পানীত ৫ ঘণ্টা তিয়াই থৈ সেই পানী দিনটোৰ ভিতৰত ২/৩ বাৰ খাব লাগে| ৫/৬ দিন খাব লাগে| ৰক্তচাপ নিয়মীয়া হ’ব| মূৰ হুৰণি, বুকু ধপধপনি লক্ষণত মেথি তিওৱা পানী ( ৩০০ গ্ৰাম পানীত ৫ গ্ৰাম মেথি গুটি) দিনটোত ২/৩ বাৰকৈ খালে এনেবোৰ সমস্যা দূৰ হয়| ৩/৪ দিন খাব লাগে| অৰুচি বা ভোক নলগা লক্ষণত ডায়েবেটিছ বা বহুমুত্ৰ ৰোগত আগৰাতি ১ কাপ পানীত এমুঠি মেথি গুটি তিয়াই থৈ পিছদিনা শুদা পেতত সেই পানীখিনি কিছুদিন খাব লাগে| বহুমুত্ৰ অসুখত মেথি গুটি তিওৱা পানী ১/২ মাহ পৰ্যন্ত খাব লাগে|

লিখক: উপেন দত্ত।

শেহতীয়া উন্নীতকৰণ: : 7/1/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate