অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

শাক-পাচলি আৰু আমাৰ স্বাস্থ্য :

 

বন্ধাকবি -

বন্ধাকবি এবিধ সকলোৰে প্ৰিয় পাচলি। গ্ৰীক আৰু ৰোমানসকলে প্ৰাচীন কালৰ পৰা ইয়াৰ খেতি কৰি আহিছে। ভাৰততো ৰবিশস্য হিচাপে অতি প্ৰিয়। ভাৰতত বন্ধাকবিৰ খেতি প্ৰায়বোৰ মানুহে পাচলি বাৰীত কৰে। তদুপৰি ব্যৱসায়িক ভিত্তিত পথাৰত কৰে। ভাৰতত বৰ্তমান ১০,০০০ হেক্টৰ এলেকাত বন্ধা কবিৰ খেতি কৰা হয়। বন্ধাকবিৰ মুৰত থকা কলিবোৰ ঠাহ খাই চেপেটা হৈ পৰে। সেয়েহে বন্ধাকবি চেপেটা অথবা গোলকাৰ হয়। বন্ধাকবিৰ উৎপত্তি দক্ষিণ ইউৰোপ আৰু ভুমধ্য সাগৰীয় অঞ্চল। ইয়াৰ দেশবোৰৰ লোক যি যি অঞ্চললৈ গৈছিল তালৈকে বন্ধাকবিৰ খেতিও সম্প্ৰসাৰিত কৰিছিল। সেইবাবে আজি উত্তৰ ভাৰত, ইণ্ডোনেছিয়া, মালয়েছিয়া, ফিলিপাইনছ, পুব আৰু পশ্চিম আফ্ৰিকা, মধ্য আৰু দক্ষিণ আমেৰিকা আৰু কেৰিবিয়ান অঞ্চলত বন্ধাকবিৰ খেতি কৰা হয়।

বন্ধাকবি সৰিয়হজাতীয় (Cruciferrous) পাচলি। ইয়াৰ বৈজ্ঞানিক নাম হ’ল ব্ৰাছিকা অ’লেৰেছিয়া, জাত-কেপিটেটা (Brassica oleracea var. capitata) বন্ধাকবি বহু জাতৰ (varieties) আছে। ভাৰতত সাধাৰণতে খেতি কৰা জাতবোৰ হ’ল-

১) ঘুৰণীয়া মুৰ (round head) অথবা বলৰ দৰে মুৰৰ (ball head types) গ’লডন একৰ, প্ৰাইড ৰক ৰেড, এক্সপ্ৰেছ আৰু পুছা মুক্তা।

২) চেপেটা মুৰ অথবা ড্ৰামহেড জাত: পুছা ড্ৰামহেড

৩) শংকুৰ (conical) দৰে মুৰৰ: জাৰ্ছি ৱেকফিলড

৪) ছেভয় টাইপ (Savoy type): চিফটেইন ঘুৰণীয়া মুৰবোৰৰ সোনকালে হয় আৰু তাৰ পিছত শংকু জাতৰবোৰ হয়। ড্ৰামহেড আৰু ছেভয় জাতবোৰ পলমকৈ হয়। বন্ধাকবি মানুহে সিজাই খায়, চালাড আৰু আচাৰ কৰিও খায়। পাত শুকাই লৈ পাছতো খায়। বন্ধাকবি খনিজ লৱণ আৰু ভিটামিন-এ বি১ বি২ আৰু চিৰে সমৃদ্ধ।

বন্ধাকবিত থকা বিভিন্ন উপাদানবোৰৰ পৰিমাণ (প্ৰতি ১০০ গ্ৰামত)

বন্ধাকবি আৰু আমাৰ স্বাস্থ্য -

বন্ধাকবিৰ সাংঘাতিকভাৱে চাফা আৰু জাৰণ (roducing) গুণৰ বাবে বিখ্যাত। ইয়াত বহু পৰিমাণে ছালফাৰ, ক্ল’ৰিন আৰু আয়’ডিন থাকে। ছালফাৰ আৰু ক্ল’ৰিন লগ লাগি পাকস্থলী আৰু অন্ত্ৰৰ মিউকাছ আৱৰণখন চাফা কৰি ৰাখে। অৱশ্যে কেঁচা বন্ধাকবি অথবা ইয়াৰ ৰ’ল নিমখ নিমিহলাকৈ খালেহে এই গুণ ৰক্ষা পৰে। অতিমাত্ৰা বন্ধাকবি বা ইয়াৰ ৰস খাদ্যত বেছি মাত্ৰা হ’ব নালাগে। খুব বেছি খালে থাইৰয়ড হৰম’নৰ বিসংগতি ঘটাই গলগণ্ড (goitre) ৰোগ কৰিব পাৰে।

শৌচ কচা হ’লে: বন্ধাকবিৰ হজম নোহোৱা অংশই অন্ত্ৰৰ ভিতৰ অংশ উদ্বেলিত কৰি পেট চাফা কৰাত সহায় কৰে। পেট চাফা কৰাত কেঁচা বন্ধাকবি এসাঁজ খালে খুব সহায় কৰে। কোনো বিৰুপ ফল নোহোৱাকৈ ই ততালিকে কাম কৰে। অৱশ্যে ইয়াত কম পৰিমাণে নিমখ, জালুক গুড়ি আৰু নেমু ৰস দিব পাৰি।

পেটৰ ভিতৰত ঘা লাগিলে: ডুঅ’ডেনামত ঘা লাগিলে বন্ধাকবিয়ে আশ্চৰ্যজনক ফল দেখুৱায়। বন্ধাকবিৰ ৰসৰ এই সুফলৰ কথা ষ্টানফ’ৰ্ড বিশ্ববিদ্যালয়ৰ অধ্যাপক গাৰ্নাৰ চেনিয়ে (এমডি) প্ৰায় পঞ্চাছ বছৰ আগতে প্ৰমাণ কৰিছে। তেওঁ বহুকেইজন পেটৰ ভিতৰত (ডুঅ’ডেনামত) ঘা লগা ৰোগীক বন্ধাকবিৰ ৰস সেৱন কৰাই আৰোগ্য কৰিছে। ৰসত ভিটামিন-ইউ থকা বাবে এই কাম সম্ভৱ হৈছে। ৰান্ধিলে এইবিধ ভিটামিন নষ্ট হয়। প্ৰায় ৯০ ৰ পৰ ১৮০ গ্ৰাম সতেজ কৰিব ৰস দিনটোত আহাৰ খোৱাৰ মাজৰ সময়ত তিনিবাৰমান খাব লাগে। ইয়াক সোৱাদ কৰিবৰ বাবে চাটনি শাকৰ ৰস, আনাৰসৰ ৰস, বিলাহী ৰস অথবা অপল নেমুৰ্ ৰস মিহলাই ল’ব পাৰি।

মেদবহুলতা -

আধুনিক গৱেষণাত কবিত থকা এবিধ বিশেষ পদাৰ্থই যে মেদবহুলতাত বাধা দিয়ে তাৰ প্ৰমাণ পোৱা হৈছে। ইয়াত টাৰট্ৰ’নিক এচিড নামৰ পদাৰ্থ থাকে। ই শৰ্কৰা আৰু আন কাৰ্বহাইড্ৰেটক স্নেহ পদাৰ্থলৈ ৰুপান্তৰিত হোৱাত বাধা দিয়ে। গতিকে বন্ধাকবিয়ে মেদবহুলতাত বাধা দিব পাৰে। ডায়েটিং কৰা কষ্টৰ পৰা ৰক্ষা পৰিবলৈ বন্ধাকবি চালাড হিচাপে খাব পাৰি। বন্ধাকবি সহজে হজম হয়।

ছালৰ ৰোগত -

বন্ধাকবিৰ পাত হেঁচি ছালত লগাই ৰোগ ভাল কৰা দৃষ্টান্ত আমাৰ সমাজত আছে। ছালত হোৱা ঘা, ফোঁহ বা ছাল উখহি উঠা আৰু ছালৰ খজুৱতিত কবিৰ পাত এইদৰে প্ৰয়োগ কৰা হয়। বাহিৰৰ ডাঠ আৰু  অধিক সেউজীয়া পাত অধিক কাৰ্যকৰী। প্ৰয়োগ কৰাৰ আগতে পাতবোৰ গৰম পানীৰে ধুই চাফা গামোচাৰে শুকান কৰি ল’ব লাগে। এনে পাত যিবোৰ ঠাইত লগোৱা হয় তাক দিনটোৰ বাবে লগাই থ’ব পাৰি। পাতৰ ৰং সলনি হ’লে নতুন পাত লগাব লাগে। আৰোগ্য নোহোৱালৈ এইদৰে পাত সলাই থাকিব লাগে।

আগতীয়া বৃদ্ধাৱস্থা -

বহু গৱেষণাত প্ৰমাণ পোৱা গৈছে যে বন্ধাকবিত বহু পদাৰ্থ আৰু খনিজ লৱণ থাকে, যাৰ ফলত ই আগতীয়া বৃদ্ধাৱস্থা ৰোধ কৰিব পাৰে। বয়স বাঢ়ি গৈ থকা মানুহে বন্ধাকবি খাই থাকিলে ৰক্তবাহী নলীৰ গাত জমা হ’ব ধৰা ডাঠ ব্লকবিলাক নোহোৱা কৰে। তদুপৰি গলব্লাডাৰত পাথৰ জমা হ’ব নিদিয়ে। বন্ধাকবিত থকা ভিটামিন-পি আৰু চিৰ সংযোগে ৰক্তনীল চাফা কৰি ৰাখে আৰু নলীক শক্তি দিয়ে।

ৰঙা বন্ধাকবি -

সচৰাচৰ আমি সেউজীয়া বন্ধাকবি খাওঁ। কিন্তু বিশ্ব খাদ্য সংস্থাই (WFO) ৰঙা কবিত থকা বহুকেইটা গুণৰ বাবে ৰঙা জাতটোও অনুমোদন কৰিছে। ইয়াৰ ৰঙা ৰঙে বুজায়- ইয়াত যথেষ্ট পৰিমাণে এন্থ’ছায়ানিন পলিফেনল আছে। গতিকে ইয়াত যথেষ্ট পৰিমাণে এণ্টিঅক্সিডেণ্ট বা বিজাৰক আৰু প্ৰদাহৰোধী পদাৰ্থ থাকে।

মুঠৰ ওপৰত বন্ধাকবি এবিধ উৎকৃষ্ট পাচলি। ই ভিটামিন- চি আৰু মেংগানিজৰ উৎকৃষ্ট উৎস। ইয়াৰ কেন্সাৰৰোধী গুণ উৎস। কাৰণ ইয়াত থাকে প্ৰচুৰ বিজাৰক, প্ৰদাহৰোধী দ্ৰব্য আৰু গ্লুক’ছিন’লেটছ।

উপাদানসমুহ

পৰিমাণ (খাদ্যৰ মান)

পানী

৯১.৯

প্ৰ’টিন

১.৮

স্নেহ পদাৰ্থ

০.১

 

মুঠ খনিজ দ্ৰব্য

০.৬

আঁহ

১.০

কাৰ্বহাইড্ৰেট

৪.৬

কেলচিয়াম

৩৯ মি: গ্ৰাম

ফছফৰাছ

৪৪ মি: গ্ৰাম

লো

০.৮ মি: গ্ৰাম

ছডিয়াম

১৪.১ মি: গ্ৰাম

মেগনেছিয়াম

১০ মি: গ্ৰাম

কলেজিক এচিড

৩ মি: গ্ৰাম

পটাছিয়াম

১১৪ মি: গ্ৰাম

তাম

০.০৮ মি: গ্ৰাম

ছালফাৰ

৬৭ মি: গ্ৰাম

ভিটামিন

২০০ আই ইউ

থায়ামিন

০.০৬ মি: গ্ৰাম

 

ৰিব’ফ্লেভিন

০.০৩ মি: গ্ৰাম

নিক’টিনিক এচিড

০.৪ মি: গ্ৰাম

ভিটামিন-চি

১২৪ মি: গ্ৰাম

 

লেখক: ড: চন্দ্ৰমোহন শৰ্মা (জি এনআৰচি স্বাস্থ্য)

শেহতীয়া উন্নীতকৰণ: : 1/30/2024



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate