অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

শাকে-শোকোতাই ভক্ষণ সুস্বাস্থ্যৰ লক্ষণ

শাকে-শোকোতাই ভক্ষণ সুস্বাস্থ্যৰ লক্ষণ

 

ডা: কৃষ্ণ মুৰাৰি মোদী (Dr.K.M.Modi)নামৰ এজন বিশিষ্ট স্বাস্থ্যবিদে এবাৰ এষাৰ বৰ তাৎপৰ্যপুৰ্ণ কথা কৈছিল-‘ধনী মানুহ ভোগা বেমাৰবোৰৰ পৰা হাত সাৰি থাকিবলৈ দুখীয়া লোকৰ খাদ্য (আহাৰ)গ্ৰহণ কৰা উচিত(One must eat poor men’s food to avoid rich men’s diseases)’।কথাষাৰি সঁচাকৈয়ে প্ৰণিধানযোগ্য।বিত্তশালী লোকে মাছে-মঙহে,ঘিউৱে-মৌৱে নানা ধৰণৰ সুখাদ্য (?)খোৱাৰ বিপৰীতে দুখীয়া শ্ৰেণীৰ লোকবোৰে নিজৰ বাৰী-বস্তি বা ঘৰৰ চৌপাশে সহজে পোৱা কচু-ঢেঁকীয়াকে ধৰি নানা তৰহৰ শাক-পাতেৰে সাধাৰণভাৱে শাকান্ন গ্ৰহণ কৰিয়ে সুস্থ-সবল,নিৰোগী জীৱন যাপন কৰা দেখা যায়।বিত্তশালী শ্ৰেণীৰ বহুতেই ভোগা মধুমেহ,মেদবহুলতা,ৰক্তচাপ,হৃৎপিণ্ডৰ অসুখ,উদ্বিগ্নতা,নিদ্ৰাহীনতা আদিকে ধৰি এশ এটা ৰোগৰ পৰা তেওঁলোক বহু আঁতৰত।নিম্নবিত্ত শ্ৰেণীৰ লোকে শাকে-শোকোতাই খাইও যেনেদৰে নিৰোগী তথা কৰ্মঠ হৈ থাকে,তাৰ পৰাই এই কথা প্ৰতীয়মান হয় যে এনেদৰে খাইও নিজৰ সুস্বাস্থ্য বৰ্তাই বা সুনিশ্চিত কৰি ৰাখিব পাৰি।তাহানি ডাক পুৰুষেও এই কথাকে কৈ গৈছে-‘শাকে-শোকোতাই ভক্ষণ,সেই পুৰুষৰ ভাল লক্ষণ’।সেয়ে নি:সন্দেহে আমি আমাৰ বাৰী-ঘৰৰ চাৰিওফালে সহজে পোৱা কচু-ঢেঁকীয়া,নৰসিংহ,ভেদাইলতা,মানিমুনী,মছন্দৰী,দোৰোণ,খুতুৰা,ভঠুৱা(জিলমিল),পদিনা,টেঙেচী,হেলচী,কলমৌ,পুৰৈ,মৰিচা,

মিথি,সৰিয়হ,ধনিয়া,ব্ৰাহ্মী আদি বিভিন্ন বনশাক-পাতবোৰৰ মাজতেই নিহিত হৈ আছে সুস্থতাৰ সঞ্জীৱনী শক্তি।বতৰত গাওঁ অঞ্চলত পৰ্যাপ্ত পৰিমাণে পোৱা এই শাক-পাতবোৰ বিভিন্ন ঔষধি গুণসম্পন্ন।পালেং,পুৰৈ,মৰিচা,মিথি আদি বহু শাক-পাতত পৰ্যাপ্ত পৰিমাণে কেলচিয়াম থাকে,যিয়ে দেহৰ গঠনকে ধৰি দাঁত-হাড় আদি অধিক শক্তিশালী কৰাত সহায় কৰে।ব্ৰাহ্মী শাকে স্মৃতিশক্তি বৃদ্ধি কৰাৰ উপৰি আয়ুস আৰু বল বৃদ্ধি কৰে বুলি আয়ুৰ্বেদ শাস্ত্ৰত উল্লেখ আছে।নৰসিংহ,ভেদাইলতা,মছন্দৰী পেটৰ বাবে পৰম উপকাৰী।ব্ৰাহ্মী শাকৰ দৰে দোৰোণ,পুঁই (পুৰৈ),মানিমুনি (সৰু –বৰ সমন্বিতে )আদিয়েও মেধাশক্তিৰ বৃদ্ধি ঘটায়।পদিনা শাকে জঠৰাগ্নি প্ৰদীপ্ত কৰি বদহজম আঁতৰ কৰে।হেলচী,পুনৰ্নৱা আদি শাকে স্নায়ু সবল কৰে।নৰসিংহ,মিথি,বাবৰি আদিয়ে দৃষ্টিশক্তি উন্নত কৰে।

বনশাক-পাতবোৰকে ধৰি বিভিন্ন সেউজীয়া শাক-পাচলিবোৰত নিহিত বহুমুলীয়া উপাদান (ফাইট’কেমিকেল,এণ্টিঅক্সিডেণ্ট)বোৰে ৰোগ প্ৰতিৰোধ আৰু নিৰাময় কৰাৰ উপৰি অফুৰন্ত কৰ্মশক্তি আৰু উৎসাহ-উদ্দীপনাৰে মানুহক উদ্দীপ্ত কৰি তুলিব পাৰে।অৱশ্যে বতৰৰ আন আন কৃষিজাত শাক-পাচলিবোৰ আজিকালি অত্যধিক ৰাসায়নিক সাৰ আৰু কীটনাশকৰ কবলত আৰু কীটনাশকৰ কবলত পৰি কিছু পৰিমাণে দুষিত হৈ জনস্বাস্থ্যৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিলেও,এইবোৰ ভালদৰে ধুই-পখালি ব্যৱহাৰ কৰিলে ইয়াৰ কীটনাশকজনিত অৱগুণবোৰৰ পৰা বহু পৰিমাণে হাত সাৰি থাকিব পাৰি।

বিভিন্ন বনশাক পাতকে ধৰি সেউজীয়া শাক-পাচলিবোৰেই দেহৰ বাবে লাগতিয়াল বিভিন্ন খনিজ লৱণ,খাদ্যপ্ৰাণ,প্ৰতিজাৰক (এণ্টিঅক্সিডেণ্ট)আদিৰ একমাত্ৰ প্ৰাকৃতিক উৎস।এই শাক-পাচলিবোৰৰ ভিতৰত পালেং,ধনিয়া,পিঁয়াজৰ পাত,বন্ধাকবি,গাজৰ,বিলাহী,তিঁয়হ আদি যিবোৰ কেঁচাই চালাড হিচাপে খাব পাৰি,সেইবোৰৰ পৰা বান্ধি খোৱাবোৰৰ তুলনাত অধিক পৰিমাণে দেহৰ বাবে দৰকাৰী খাদ্যপ্ৰাণ আৰু খনিজ পদাৰ্থ পোৱা যায়।কিয়নো,ৰন্ধন প্ৰক্ৰিয়াত খাদ্যৰ উপকাৰী গুণ বহু পৰিমাণে বিনষ্ট হয়।আনহাতে কেঁচাই খাব পৰা সামগ্ৰীবোৰে দেহৰ বাবে প্ৰয়োজনীয় আঁহজাতীয় উপাদানো যোগান ধৰে।পুষ্টি আৰু তুষ্টিত এক নতুন মাত্ৰা প্ৰদান কৰিব পৰা এই সেউজীয়া শাক-পাতবোৰ সঁচাকৈয়ে সুস্বাস্থ্যৰ সঁচাৰ-কাঠীস্বৰুপ।এইবোৰৰ মাজতেই নিহিত হৈ আছে সুষম আহাৰৰ সমস্ত উপাদান।সেয়ে আমাৰ আহাৰৰ তালিকাত নিয়মিত ৰুপে সেউজীয়া শাক-পাত,ফল-মুলৰ সংযোজন ঘটাই,নি:সন্দেহে আমি আমাৰ সুস্বাস্থ্য সুনিশ্চিত কৰিব পাৰো।

লেখক:ভুৱনেশ্বৰ ডেকা ((জিন এনআৰচি স্বাস্থ্য)

শেহতীয়া উন্নীতকৰণ: : 1/17/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate