অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

শিলিখাৰ ৰোগ প্ৰতিৰোধী গুণ :

 

শিলিখাই আমাৰ বহু ৰোগ আৰোগ্য কৰে। ফলৰ ভিতৰত শিলিখা সৰ্বশ্ৰেষ্ঠ। বহুবিধ বেমাৰ ই হৰণ কৰিব পাৰে বাবে ইয়াৰ অন্য নাম হৰীতকি বুলি কোৱা হয়। শিলিখা ৭ প্ৰকাৰৰ। ইয়াৰে ৩ বিধৰহে ঔষধী কাৰণত প্ৰয়োজন হয়।

শিলিখা ফলটো ৰাসায়নিক সংযোজন হ’ল- টেনিন(Tannin)। ইয়াত থকা অতি দৰকাৰী ছডিয়ামবোৰ হৈছে- চেবুলজিক এচিড, চেবুলিনিক এচিড আৰু কৰিলজিন।  ইয়াৰ উপৰি শিলিখাত আছে ১৮ বিধ এমিনো এচিড আৰু কম পৰিমাণে ফচফৰাচ চুচিনিকি(Succinie)। কুইনাইন আৰু সিকিমিকি এচিড। শিলিখা পকিলে টেনিনৰ পৰিমাণ কমি যায় আৰু টক্সিনৰ পৰিমাণ বাঢ়ি যায়।

শিলিখাৰ ঔষধীয় গুণবোৰ: শৰীৰৰ ৰোগ প্ৰতিৰোধ শক্তি বঢ়োৱাত শিলিখাৰ গুণ আচৰ্যজনক।

শিলিখাৰ ব্যৱহাৰৰ নিয়ম -

শিলিখাৰ গুৰি ৫ চামুচ লৈ তাত ডালিমৰ বাকলিৰ ৰস ২ চামুচ মিহলাব লাগে। যদি ডালিমৰ ৰস পৰ্যাপ্ত পৰিমাণে সংগ্ৰহ কৰিব নোৱাৰে, পকা জামুৰ ৰস ৩ চামুচ মিশ্ৰণ কৰি পুৱা আৰু গধূলি প্ৰায় এমাহ ধৰি খাব পাৰিলে শৰীৰৰ ৰোগ প্ৰতিৰোধ শক্তি বাঢ়ি যায়। ভাৰতৰ ভূতপূৰ্ব প্ৰধান মন্ত্ৰী মোৰাৰজী দেসায়ে শিলিখাৰ এনে মিশ্ৰণ ব্যৱহাৰ কৰিছিল ৫ বছৰ ধৰি। তেখেতে ইয়াৰ উপৰিও স্বসূত্ৰ সেৱন কৰিছিল ৪০ বছৰ ধৰি। তেখেতৰ স্বাস্থ্য অটুট আছিল। শিলিখাৰ এনে ব্যৱহাৰ কৰি সুস্থ আৰু সবল হৈ আছিল মোগলৰ ৰজা আকবৰে। সহজতে পোৱা এই ফলবিধ সকলো মানুহে ব্যৱহাৰ কৰি এক সুস্থ নিৰোগী জীৱন-যাপন কৰা উচিত।

মগজুৰ শক্তি বৃদ্ধিত, ডিমেনচিয়া ৰোধ কৰাত -

শিলিখাৰ ৰস(কেচা বা পূৰঠ) ৩ গ্ৰামৰ লগত ৫০ গ্ৰাম গৰুৰ গাখীৰ মিহলাই তাত ৫টা ক’লা কিচমিচ মিহলাই ল’ব লাগে। দিনে ১ বাৰকৈ ১/২ মাহ পৰ্যন্ত ব্যৱহাৰ কৰা অভ্যাস কৰিলে মগজুৰ শক্তি বৃদ্ধি হয় লগতে পাহৰি যোৱা সমস্যাটো ক্ৰমাৎ দূৰ হয়। শিলিখা ব্যৱহাৰৰ যোগেদি অন্য বহু ৰোগ আৰোগ্য হয়। সেইবোৰৰ ভিতৰত- জুয়ে পোৰা, জ্বৰ হোৱা, ডায়েৰিয়া, কোষ্ঠকাঠিন্যতা দূৰ কৰাত, মাইগ্ৰেণ আৰু সুৰৰ বিষত, সুৰসুৰুৱাত, দাঁতৰ বিষত হজমী শক্তি বঢ়োৱাত, অৰ্শৰোগত আৰু এইমা ৰোগ ইত্যাদি।

মাইগ্ৰেণৰ বিষয়ত:

শিলিখা গছৰ ১০ টুকুৰা অলপ গৰম কৰি পেষ্ট তৈয়াৰ কৰি কপালত ঘহিলে মাইগ্ৰেণৰ বিষ কমি যায়।

মূৰৰ বিষ হ’লে:

শিলিখা গছৰ ১০ টুকুৰা ছাল বা বাকলি খুন্দি অলপ চেঁচা পানীত তিয়াই থৈ সূৰ্যৰ পোহৰত ৰাখিব(৩০ মিনিট)। বাকলিবোৰ খুন্দি মোহাৰি তাত ২০ গ্ৰাম চেনি মিহলাই ৰোগীক খাবলৈ দিলে মূৰৰ বিষ ভাল হয়। দিনটোত দুবাৰ দিব। দুদিন।

চকুৰ অসুখত:

শিলিখা গছৰ বাকলিৰ পৰা ৰস উলিয়াই চকুৰ চাৰিওফালে সানিব লাগিব। চকুৰ পৰা পানী ওলোৱা, চানি পৰা আদি সমস্যাবোৰ দূৰ হ’ব।

মূৰ ঘূৰোৱা বা মূৰ্চা যোৱা ৰোগত -

শিলিখাৰ এচামুচত এক গ্ৰাম পৰিমাণৰ গৰুৰ ঘিউ মিহলি কৰি ৰোগীক দিনে এবাৰকৈ তিনি দিন খুৱাব লাগে। খোৱাৰ আগত বা পিছত খুৱাব লাগে।

ব্ৰংকাইটিচ এজমা ৰোগ দূৰীভূত কৰিবৰ বাবে এচামুচ শিলিখাৰ গুৰি ১০টা কিচমিচ ৩ গ্ৰাম দালচেনিৰ গুৰি লৈ তাত অলপ মৌ জোল মিহলাই কুহুমীয়া ৩ চামুচ পানী মিহলাই দিনে দুবাৰকৈ ৰোগীক খাবলৈ দিব লাগে। ১০/১৫ দিন খুৱাব লাগে।

হজমী শক্তি বঢ়াবলৈ আৰু বমি বন্ধ কৰিবলৈ ১ গ্ৰাম শিলিখাৰ গুৰিৰ লগত সমপৰিমাণৰ চেনি মিহলাই ভাত খোৱাৰ পিছত দিনে ২ বাৰকৈ কিছুদিন খাব লাগে। বমি বন্ধ কৰিবলৈ শিলিখাৰ গুৰি ২ চামুচত এচামুচ মৌ জোল মিহলাই দিনটোত দুবাৰ মাত্ৰ এদিন খুৱালেই বমি বন্ধ হয়।

অৰ্শ(Piles) বেমাৰ আৰোগ্যৰ বাবে শিলিখাৰ গুৰি ১০ গ্ৰাম উতলাই ৰাতিটো থৈ পিছদিনা গুহ্যদ্বাৰত সানিলে ৰক্তস্ৰাব, অৰ্শ খজুৱতী বিষ আদি ভাল হয়।

জ্বৰ হৈ মূৰত উঠিলে-

৫ গ্ৰাম শিলিখাৰ গুৰিত এচামুচ মৌ জোল মিহলাই দিনে ৩ বাৰকৈ মিশ্ৰণখিনি দুদিন খালে ভাল হয়।

লেখক: উপেন দত্ত(স্বাস্থ্য আৰু দীৰ্ঘজীৱন)

শেহতীয়া উন্নীতকৰণ: : 2/13/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate