অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

শুদ্ধ নেমু ৰসৰ উত্তম গুণাগুণ

শুদ্ধ নেমু ৰসৰ উত্তম গুণাগুণ

 

সহজলভ্য শুদ্ধ নেমুৰস সকলোৰে প্ৰিয়। আটাইবিলাক ফল-মূলৰ ৰসৰ গুণাগুণতকৈ নেমু ৰসৰ গুণাগুণ উত্তম বুলি ধৰা হয়। উপৰিপুৰুষসকলেও নেমুৰসৰ গুণাগুণক আগস্থান দি গ’ল৷ ভিটামিন 'এ', ভিটামিন ‘বি’ আৰু ভিটামিন 'চি'- এই তিনিবিধ ভিটামিনযুক্ত নেমুৰস্ত ১.০ শতাংশ প্রটিন, ০.৩ শতাংশ খনিজ পদার্থ, ১১.১ শতাংশ কাৰ্ব'হাইড্রেট, ২.৩ শতাংশ লৌহ পদার্থ, ০.০৭ শতাংশ কেলচিয়াম তথা নিক'টিনিক এচিড, ৰিব’ফ্লভিন আদি খাদ্যগুণসমূহ অটুট আছে বুলি সমীক্ষাত প্রকাশ।

শৰীৰৰ ওজন নিয়মীয়াতকৈ অধিক বাঢ়িলে সেই ওজন নিয়মীয়া কৰিবলৈ হ’লে শুদ্ধ নেমুৰ ৰস খোৱাৰ প্রয়োজন। দাঁতৰ আলু উখহা, বিষ হোৱা আদি বেমাৰ নিৰাময়ৰ কাৰণে নেমুৰস উপকাৰী। শৰীৰৰ তেজখিনি পৰিস্কাৰ কৰি ৰাখিবলৈ হ’লে নেমুৰস খাবই লাগিব। তেজ পৰিষ্কাৰ হৈ থাকিলে বহু বেমাৰে সহজে আক্ৰমণ কৰিব নোৱাৰে। চুলি সৰিলে নসৰা কৰিবলৈ নাইবা টপা মূৰত চুলি গজাবৰ বাবে নেমৰস লগাব লাগে। ভৰিৰ গেৰোৱা ফাটিলে তাক নিৰাময় কৰিবলৈ নেমুৰস লগাব লাগে। অজীর্ণ হ’লে বা পেটৰ অসুখত ভুগিলে তৎক্ষণাৎ নিৰাময় কৰাৰ একমাত্র উপায় কেবল নেমুৰস। শৰীৰৰ ছালৰ বেমাৰ নহ’বৰ কাৰণে, ছালৰ মিহি আৰু মসৃণ হৈ থাকিবৰ বাবে নেমুৰস শ্রেয়। আজিৰ ৰাইজে ছালৰ যত্ন ল’বলৈ গৈ বিভিন্ন সস্তীয়া ক্রীম ব্যৱহাৰ কৰি লাভ হোৱাতকৈ লোকচান হোৱাহে দেখা যায়।

শুদ্ধ নেমুৰসৰ পৰা উৎকৃষ্ট নেমু চৰবত, আচাৰ, মাৰ্‌মেলেড আদি তৈয়াৰ হোৱাৰ উপৰি টেমাত সংৰক্ষণ কৰি ৰখা নেমু আৰু নিমখৰ লগত ডুবাই ৰখা নেমু তথা শুকাই ৰখা নেমু তথা শুকাই ৰখা নেমু স্বাস্থ্য ৰক্ষাৰ বাবে খাদ্যগুণেৰে ভৰপূৰ এক উত্তম দ্রব্য। গোটা হিচাপত নেমু সংৰক্ষণ কৰোঁতে নেমুৰ ওপৰৰ বাকলি এৰুৱাই সংৰক্ষণ কৰা দৰকাৰ। ৰস উলিওৱাৰ সময়ত নেমুবোৰ গছৰ পৰা ছিঙি আনি ২/৩ দিন ৰখাৰ পাছত ৰস উলিওৱা ব্যৱস্থা কৰিলে অধিক ৰস পোৱা যায়। ৰস উলিওৱাৰ পাছত ৰৈ যোৱা বাকী অংশ পশুৰ খাদ্য হিচাপে এক উত্তম খাদ্য। জনা লোকে সেয়েহে নেমুৰসৰ বিনে সবল স্বাস্থ্য আৰু সুঠাম দেহা হ’বই নোৱাৰে বুলি একমুখে কয়।

নেমু ৰসৰ পৰা তৈয়াৰ হ’ব ধৰা চাবোন উৎকৃষ্ট মানৰ এনে চাবোনে অনায়াসে বহু বেমাৰ নিৰাময় কৰে। শালমইনা আৰু আচিনাই নিৰ্মূল কৰিবৰ কাৰণে নেমুৰস আৱশ্যক হয়। শৰীৰটো ঠাণ্ডা কৰি ৰাখিবলৈ, কটা ঘা সোনকালে শুকুৱাবলৈ নেমুৰস খাবই লাগিব। মৌ ৰস আৰু তুলসীৰ ৰসৰ লগত নেমুৰস মিলি এক মহৌষধ হয়। কেনেবাকৈ দামী কাপোৰত মামৰৰ দাগ লাগিলে তাক গুচাবলৈ নেমু ৰস ব্যৱহাৰ কৰক। তৎক্ষণাৎ মামৰৰ দাগ গুচিব। আকৌ কাপোৰত ৰঙা চিয়াঁহী লাগিলে নেমুৰসেৰে গুচাব পাৰি।

পিতলজাতীয় আচবাব পৰিষ্কাৰ কৰি ৰাখিবলৈ নেমুৰস উত্তম। চাইট্রিক এচিড, পেক্‌টিন, বিভিন্ন ধৰণৰ তেল, বহু ধৰণৰ এচেঞ্চ, সংৰক্ষিত দ্রব্য, ঔষধ আদি টেঙা জাতীয় গছ আৰু নেমুৰসৰ পৰা বৈজ্ঞানিক পদ্ধতিৰে উদ্ভাৱন হ’ব ধৰাটো আমাৰ দেশৰ বাবে শুভ লক্ষণ। কিছু কিছু ক্ষেত্ৰত বিভিন্ন ফলৰ পৰা তৈয়াৰ কৰা বিভিন্ন সংৰক্ষিত খাদ্য দ্রব্য প্রস্তুত কৰোঁতে চাইট্ৰিক এচিডৰ বদলি নেমুৰস ব্যৱহাৰ কৰি সুফল পোৱা গৈছে। এনে ক্ষেত্ৰত ৩০ গ্রাম চাইট্রিক এচিডৰ বিপৰীতে ১৫/১৬ চামুচ নেমুৰস মিহলালে হয়। কেতিয়াবা ভোক নালাগিলে নেমুৰস খাই ভোক লগাব পাৰি।

চামৰাৰ চুটিকেচটো চকচকীয়া কৰিবৰ কাৰণে নেমুৰস ঘঁহক। টান মাংস কোমল কৰি সিজাবলৈ হ’লে নেমুৰস সানি সিজোৱাৰ ব্যৱস্থা কৰিলে টান মাংসখিনিও কোমল অৱস্থাৰে তৃপ্তি লগাই খাব পৰা যায়।

মাছৰ আঞ্জাকণৰ মাছকণ ভাগি নাযাবালৈ হ’লে নেমুৰস সানি ৰান্ধক| ভাগৰ পলুৱাবলৈ নেমুৰ ৰস খাব লাগে| ওকণি আৰু উফি নাশ কৰিবলৈ একমাত্র উপায় হ’ল নেমুৰসৰ ব্যৱহাৰ। নেমুৰসেৰে মূৰ ধূলে চুলিৰ ৰং ক’লা হৈ থকাৰ উপৰি চিকচিকিয়া এক চমৎকাৰ জিলিকনি অহা দেখা যায়। খোৱাপানী পৰিষ্কাৰ কৰি ৰাখিবলৈ কেৱল একমাত্র উপায় নেমুৰস। আপোনাৰ ফ্রিজত থোৱা খোৱা সামগ্ৰীৰ পৰা কিবা উৎকট গোন্ধ ওলালে আপুনি নেমুৰস অলপ ফ্ৰিজত ভৰাই ৰাখিলে সেই গোন্ধ তৎক্ষণাৎ নাইকিয়া হয়। কলডিল বা কাচকলৰ পাচলি কাটোতে হাতত দাগ লাগিলে তাক গুচাবৰ কাৰণে, কাপোৰত তেজৰ দাগ গুচাবৰ কাৰণে, চাহৰ কাপত চাহ বা কফিৰ দাগ গুচাবৰ কাৰণে, গেছ বা কেৰাহী থোৱা টেবুলখন পৰিস্কাৰ কৰি ৰাখিবৰ বাবে নেমু ৰস ব্যৱহাৰ কৰক।

বজাৰত যেতিয়া উভৈনদী হিচাপে নেমু পোৱা যায় নাইবা নিজৰ বাৰীত যেতিয়া নেমু পূৰঠ হৈ থাকে। ঠিক সেই সময়তে শুদ্ধ নেমু ৰসৰ প্ৰতি লিটাৰত দুই গ্রাম পটেচিয়াম মেটাবাই ছালফাইট মিহলাই থ’লে বহুদিনলৈ নষ্ট নোহোৱাকৈ থাকে। এনে শুদ্ধ ৰসখিনি শুকান বটলত টানকৈ সাফৰ মাৰি চাৰিওফালে গলা মম লগাই ৰাখক আৰু সময়ত আৱশ্যক অনুসৰি ব্যৱহাৰ কৰি নিজেও লাভৱান হওক আৰু আনকো লাভবান হ’বলৈ শিকাওক।

লেখক: থানেশ্বৰ বৰা, অৱসৰপ্রাপ্ত সহকাৰী কৃষি সঞ্চালক, দৈনিক জনমভূমি।

 

শেহতীয়া উন্নীতকৰণ: : 1/17/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate