অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

শৰীৰৰ পুষ্টিবোৰ :

শৰীৰৰ পুষ্টিবোৰ :

 

শৰীৰত যিদৰে মাংসপেশীৰ ভূমিকা আছে সেইদৰে হাড়ৰো ভূমিকা অনবদ্য। হাড়ত সঠিক পৰিমাণে পুষ্টিৰ যোগান নহ’লে হাড় দুৰ্বল থুনুকা হ’বলৈ বাধ্য হয়।

এইবোৰ কাৰণত লাহে লাহে দেহৰ জোৰাবোৰত নানা বিষ-কোপ হ’বলৈ ধৰে। এইখিনিতে আহি পৰে মানৱ দেহৰ বাবে ডায়েটৰ ভূমিকা কিমান সেই কথা। হেলদি ডায়েট মানেই হেলদি জইন্টছ অৰ্থাৎ শক্তিশালী জোৰা।

হাড়ৰ নানা জোৰাবোৰৰ বিষ-কোপৰ সমস্যাবোৰ আঁতৰাই ৰাখিবলৈ হ’লে শৰীৰটোৱে বিচাৰে কেলচিয়াম, ভিটামিন ডি, ফছফৰাছ আৰু মেগনেছিয়াম।

ইয়াৰ এটা থাকি এটা নাথাকিলেও কামত নাহে। অৰ্থাৎ শৰীৰে কেলচিয়াম যথেষ্ট পাইছে, কিন্তু মেগনেছিয়ামৰ ঘাটি হৈ আছে, তেতিয়াও কামত নাহিব।

আকৌ ভিটামিন ডি কাম থাকিলেও কেলচিয়ামৰ দ্বাৰা অকলে কামত নাহিব। একেই ফৰ্মূলা বা নিয়ম বাকী পুষ্টিবিলাকৰ ক্ষেত্ৰতো খাটে। অৰ্থাৎ এটাৰ অভাৱত আনটোৰ কাম-কাজ ব্যাহত হয়।

গাখীৰ, দৈ, বিভিন্ন শাক-পাচলি যেনে ব্ৰুকলি, বহল বীন, গাজৰ, মটৰ, বাদাম, বিভিন্ন প্ৰজাতিৰ মাছ, কমলা, নেমুজাতীয় ফল এইবোৰ কেলছিয়ামেৰে ভৰা। কেলছিয়ামযুক্ত আহাৰত কিন্তু মেগনেছিয়াম যথেষ্ট পৰিমাণে থাকে।

ভিটামিন ডিৰ বাবে কডলিভাৰ অইল, টুনা মাছ, কণীৰ কুহুম, মাখন ভাল। নিজৰ ডায়েটত যাতে এনেবোৰ গুণ নিহিত থাকে তাৰ বাবে নিজ সচেতন হোৱা উচিত।

সতেজ শাক-পাচলি, বাদাম, গাখীৰেৰে তৈয়াৰী খাদ্যই যথেষ্ট মেগনেছিয়ামৰ যোগান ধৰে। অষ্টিঅ’আৰ্থইটিছৰ পৰা ৰক্ষা পাবৰ বাবে এই খাদ্যবোৰক গুৰুত্ব দিয়াৰ লগতে প্ৰত্যেকৰে প্ৰয়োজন ৱেট মেনেজমেন্ট অৰ্থাৎ শৰীৰৰ ওজন ঠিকে ৰখাৰ।

যিসকলৰ ওবেচিটিৰ সমস্যা আছে সেইসকলৰ বাবে ওজনৰ চিন্তা একপ্ৰকাৰ সাৱধান বাণী। ওজন বাঢ়িলেই হাড়ৰ জোৰাৰ ওপৰত বেছি ছাপ পৰিবলৈ বাধ্য। গতিকে দৰকাৰ ওজনক বাধা দি ৰখাৰ।

পৰিয়ালত ইয়াৰ ইতিহাস থাকিলে কম বয়সৰ পৰা সচেতন হ’লে ৰক্ষা নপৰাৰ কথা নাই। সাধাৰণভাৱে দিনে ৫০০ মিলিগ্ৰাম কেলচিয়াম ইনটেকেই যথেষ্ট।

অৱশ্যে গৰ্ভ ধাৰণৰ সময়ত আৰু ইতিমধ্যে যিসকলে আৰ্থাইটিছত ভুগিছে সেইসকলৰ বাবে দৈনিক কেলচিয়ামৰ মাত্ৰা ১০০০ মিলিগ্ৰাম হোৱা উচিত। মেগনেছিয়াম আৰু ফছফৰাছো দৈনিক খোৱা খাদ্যৰ পৰাই পাব পাৰি। কিন্তু এই কথা লক্ষ্যণীয় যে কেলচিয়ামৰ অভাৱ এটা চিৰাচৰিত সমস্যা।

ভিটামিন ডি অ’ যদি প্ৰয়োজন অনুযায়ী পোৱা নাযায়, তেনে হ’লে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত। ছাপ্লিমেন্টত ল’বলগীয়াও হ’ব পাৰে। এটা বয়সৰ পৰা এই পৰীক্ষাবোৰ কৰি থাকিব লাগে। কাৰ্বোহাইড্ৰেট, প্ৰ’টিন, ফেট এইত্ৰয়ীৰ ওপৰতো শৰীৰৰ বহু কথা নিৰ্ভৰ কৰে।

কমেও ৫০ৰ পৰা ৫৫ শতাংশ কাৰ্বহাইড্ৰেট, ২০-২৫ শতাংশ প্ৰ’টিন ২০-৩০ শতাংশ ফেট শৰীৰৰ বাবে জৰুৰী। বহুতৰ ধাৰণা সুস্থ শৰীৰৰ বাবে ফেটৰ পৰিমাণ তেনেই কম হোৱা উচিত।

কিন্তু এই কথাও জানিব লাগিব যে শৰীৰত ফেট নাথাকিলে ভিটামিন ডি Apsorption অৰ্থাৎ শোষণ কম হ’ব। তেনেকৈও ভিটামিন ডিৰ অভাৱ ঘটে।

মুঠতে আজিৰ যুগত আমাৰ মহিলাসকলো যিহেতু নানা কামত ব্যস্ত থাকে, পৰিয়ালৰ দায়িত্ব চম্ভালিবলগীয়া হয়, গতিকে শৰীৰটো ঠিকে ৰাখিবলৈ হ’লে শৰীৰৰ পুষ্টি সম্পৰ্কে সম্যক জ্ঞান থাকিবই লাগিব।

মহিলাসকলেই পাকঘৰটো চম্ভালে। ৰন্ধন তালিকাখন মহিলাৰ হাতত। গতিকে এগৰাকী পাৰ্গত মহিলাৰ ৰন্ধন চিন্তাৰ অন্তৰালত এটি পৰিয়ালৰ সদস্যসকলৰ সুস্বাস্থ্য গঢ়ি উঠাৰ লগতে মহিলাগৰাকীৰ নিজৰো পৰম উপকাৰ হয়। যিটো আগৰ দিনত নহৈছিল।

মহিলাসকলেই সকলো দিশত বঞ্চিত হৈছিল আটাইতকৈ বেছি। এতিয়া দিন সলনি হ’ল। সুস্বাস্থ্য ৰক্ষাৰ চাবি-কাঠি এতিয়া মহিলাসকলে ল’ব পাৰে।

 

 

উৎস: অসম বাণী(ইৰাণিকা)

শেহতীয়া উন্নীতকৰণ: : 2/28/2024



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate