অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

শৰীৰৰ বাবে ফেটি এচিড

শৰীৰৰ বাবে ফেটি এচিড

বহুতে শৰীৰৰ ওজন শীঘ্ৰে কমাবৰ বাবে ফল-মূলৰ ওপৰত নিৰ্ভৰ কৰি দাইল-ভাতকে ধৰি কিছুমান খাবলগীয়া খাদ্য খাবলৈ এৰি দিয়ে। ইয়াৰ ফলত শৰীৰত প্ৰ’টিন, কাৰ্ব’হাইড্ৰেট, ফেটৰ অভাৱ হৈ পৰা দেখা যায়। আমাৰ শৰীৰৰ পেশী সবল হ’বৰ বাবে প্ৰ’টিন অপৰিহাৰ্য। হোল গ্ৰেন ফুডৰ অভাৱত শৰীৰত ক্লান্তিয়ে দেখা দিয়ে। কাৰ্ব’হাইড্ৰেটৰ অভাৱত আমাৰ শৰীৰত শক্তি সৰবৰাহ কৰে। গতিকে কাৰ্ব’হাইড্ৰেট অভাৱত আমাৰ শৰীৰৰ অংগ-প্ৰত্যংগবোৰে ঠিকমতে কাম কৰিব নোৱাৰা হয়। অলিভ অইল, সৰিয়হৰ তেল, মাছত যথেষ্ট স্বাস্থ্যসন্মত ফেটি ফেট আছে।

এই ধৰণৰ ফেটে হাৰ্টৰ অসুখ হোৱাৰ সম্ভাৱনা কমায়। ওৱেট লছ প্লেন মানি চলাত সহায় কৰে। প্ৰ’টিন আৰু কাৰ্ব’হাইড্ৰেটজাতীয় খাদ্য হজম হোৱাৰ পাছত শেষত ফেটজাতীয় খাদ্য হজম হয়। ইয়াৰ উপৰি ফেটে আমাৰ অন্ত্ৰত কোলেচিচিটোকিনিন হৰম’ন নিঃসৰণ কৰি ভোক নিয়ন্ত্ৰণ কৰে। ফেটে শৰীৰত ফেটি এচিড সৰবৰাহ কৰে। এই ফেটি এচিডে শিশুৰ বিকাশ, ছেল মেমব্ৰন তৈয়াৰীত সহায় কৰে। ভিটামিন-এ, ডি, ই শোষণ কৰাৰ ক্ষেত্ৰত খাদ্যত ফেট থকা দৰকাৰ।

ষ্ট্ৰেছ কমাই ৰাখিবলৈ:

নিয়মিত ভাল ভাৱে পুৱাৰ আহাৰ কৰা উচিত। ডাঙৰসকলে পুৱাৰ আহাৰ ভালদৰে নকৰিলে ব্লাড ছুগাৰ পৰিমাণৰ সন্তুলন ৰক্ষা কৰা কঠিন হৈ পৰে। কফি কমাই খাব। তেতিয়া ষ্ট্ৰেছ লেভেল কমি থাকিব। কফিৰ সলনি গ্ৰীন টী খোৱাৰ অভাস কৰিব পাৰিলে ভাল। পানীৰ বটল, স্বাস্থ্যসন্মত স্নেকছ, যেনে- চেণ্ডুইচ, স্প্ৰাউট, ফল লগত ৰাখিব কামলৈ ওলাই যাওঁতে। কামৰ মাজত খাওঁতে ক্লান্তি আঁতৰোৱাত সহায় হ’ব। দুপৰীয়াৰ আহাৰৰ সময়ত বাহিৰৰ হোটেল-ৰেষ্টুৰেন্টত নাখাই ঘৰৰ পৰা নিয়া খাদ্যইহে মনলৈ শান্তি আনে।

অতিৰিক্ত ষ্ট্ৰেছ বা ক্লান্তিৰ বাবে দুপৰীয়া আৰু ৰাতিৰ খোৱা কেতিয়াও নোখোৱাকৈ নাথাকিব। ষ্ট্ৰেচৰ কাৰণে খোৱা হজম নহ’ব পাৰে। সেয়েহে মনৰ পৰা সকলো ষ্ট্ৰেচ আঁতৰ কৰি এটা শান্ত মন লৈ খোৱা উচিত। খাদ্য ঠিকে থাকিলেহে স্বাস্থ্য ঠিকে থাকিব। আধুনিক সাজ-পোছাক, আধুনিক যুগৰ ব্যস্ততাৰ লগতে খাদ্য-প্ৰণালীৰ ক্ষেত্ৰতো আধুনিক মনৰ হৈ উঠিব লাগিব। তেহে আধুনিক যুগৰ স’তে ফেৰ মাৰিব পাৰিব।

লেখিকা: সীমা চক্ৰৱৰ্তী(অসম বাণী)

শেহতীয়া উন্নীতকৰণ: : 7/24/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate