অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

সু-স্বাস্থ্যৰ বাবে কৰণীয়

কোনো এজন ব্যক্তিৰ শৰীৰ আৰু মন দুয়োটাই স্বাস্থ্যৱান আৰু নিৰোগী হ’লেহে তেওঁক সুস্বাস্থ্যৰ গৰাকী বুলি ক’ব পাৰি। মানুহৰ শৰীৰ আৰু মনটোৱে কেৱল নিজৰ সম্পদ, সেয়েহে এই দুটাক স্বাস্থ্যৱান আৰু নিৰোগী কৰি ৰখাটো আমাৰ কৰ্তব্য। নিজকে শাৰীৰিক আৰু মানসিকভাৱে স্বাস্থ্যৱান আৰু নিৰোগী কৰি সু-স্বাস্থ্যৰ গৰাকী হ’বলৈ হ’লে আমাৰ কিছু কৰণীয় থাকে।

উচিত খাদ্য সঠিক সময়ত গ্ৰহণ

পুষ্টিযুক্ত সুষম খাদ্য সঠিক সময়ত খোৱাৰ অভ্যাস গঢ়িব লাগে। সময়মতে উপযুক্ত পৰিমাণে সন্তুলিত আহাৰ গ্ৰহণে শৰীৰ প্ৰতিৰক্ষা ব্যৱস্থাক শীৰ্ষবিন্দুত ৰাখে। অধিক মছলাযুক্ত, ঘৃতাক্ত আৰু তৈলাক্ত জাতীয় খাদ্য বেছি পৰিমাণে খাব নালাগে। অনিয়মিত খাদ্য গ্ৰহণ আৰু অতিৰিক্ত ভোজনে স্বাস্থ্যজনিত সমস্যা বৃদ্ধি কৰে। আপোনাৰ বৰ্তমান খাদ্য তালিকাখন সলাই পুষ্টি বিশেষজ্ঞৰ সহায়ত আপোনাৰ ওজন, উচ্চতা আৰু দৈনন্দিন কৰ্মৰ বাবে উপযুক্ত দৈনিক আহাৰৰ এখন তালিকা প্ৰস্তুত কৰি লওক। সতেজ ফল-মূল, চালাড, শাক-পাচলি আৰু দৈ আদি খোৱাৰ অভ্যাস কৰক।খোৱা খাদ্যৰ আধা অংশ ফল-মূল, চালাড, শাক-পাচলি হ’ব লাগে। জাংকফুড, ফাষ্ট ফুড আৰু শীতল পানীয় খোৱা অভ্যাস এৰি দিয়ক। শৰীৰৰ বাবে অপকাৰী চেচুৰেটেড চৰ্বিযুক্ত তেলেৰে তৈয়াৰী ফাষ্টফুড আৰু কাৰ্বনযুক্ত শীতল পানীয়ত ভিটামিন আৰু শৰীৰৰ লাগতিয়াল খনিজ পদাৰ্থ নাথাকে। অত্যধিক চৰ্বি, অধিক চেনি, অধিক নিমখ, মনোছডিয়াম গ্লুটামেট, কৃত্ৰিম ৰং, কৃত্ৰিম স্বাদ আৰু কৃত্ৰিম সুগন্ধি দিয়া নানা প্ৰিজাৰভেটিভ ৰাসায়নিক পদাৰ্থ থাকে। ধূমপানৰ পিছতেই দ্বিতীয় ঘাতকৰূপে পৰিচিত ফাষ্টফুড আৰু শীতল পানীয়ই তেজত কলেষ্টেৰলৰ পৰিমাণ আৰু দেহৰ ওজন বঢ়োৱাৰ উপৰি ডায়েবেটিছ, উচ্চ ৰক্তচাপ, হৃদৰোগ, ষ্ট্ৰ’ক, কল’নৰ কেন্সাৰ, মেদবহুলতা, দন্তক্ষয় আদি বিভিন্ন ৰোগ সৃষ্টি কৰে। জাংকফুডৰ সলনি সতেজ ফল-মূল, শাক-পাচলি আৰু শীতল পানীয়ৰ সলনি ফলৰ ৰস, ফল-মূলৰ চৰবত, ডাবৰ পানী, কুঁহিয়াৰৰ ৰস আৰু লাচ্চি আদি খোৱাৰ অভ্যাস গঢ়ি তোলক। প্ৰতিদিনে অতি কমেও তিনিৰপৰা চাৰি লিটাৰ বিশুদ্ধ পানী খোৱাৰ অভ্যাস গঢ়ি তোলক। নিমখ কমাই খাওক। অত্যধিক নিমখ গ্ৰহণে ৰক্তচাপ বৃদ্ধি, হাৰ্ট এটেক, বৃক্ক আৰু মূত্ৰবাহী নলীত পাথৰ জমা হোৱা, শৰীৰত কেলছিয়াম শোষণত বাধা দি অষ্টিওপৰ’ছিছ অৱস্থাৰ সৃষ্টি কৰিব পাৰে। পাৰিলে নিৰামিষভোজী হওক। আমিষভোজী ব্যক্তিয়ে মাংস খোৱাতকৈ মাছ বেছিকৈ খোৱাৰ অভ্যাস গঢ়ি তোলক। মাছৰ শৰীৰত মজুত থকা ইউৰ’টেছিন-২ নামৰ পেপ্টাইড বিধৰ হৃদযন্ত্ৰ, বৃক্ক আৰু স্নায়ুতন্ত্ৰক প্ৰভাৱিত কৰি সুস্থ কৰি ৰখাৰ ক্ষমতা আছে। নিতৌ অতি কমেও এবিধ ফল আৰু শাক-পাচলি খাওক, কাৰ্যালয়লৈ যাওঁতে লগত খোৱাৰ বাবে এবিধ হ’লেও ফল আৰু বিশুদ্ধ খোৱাপানী লৈ যাব। সপ্তাহত এদিন হ’লেও কষ্ট কৰি শাক-পাচলি ৰান্ধি খাওঁক। বজাৰ কৰোতে তৈয়াৰী খাদ্য নিকিনিব আৰু এই অভ্যাস পৰিয়ালৰ আটাইৰে বাবে কৰাৰ চেষ্টা কৰক।

শৰীৰৰ ওজন নিয়ন্ত্ৰণ

বয়স অনুপাতে শৰীৰৰ ওজন কিমান হোৱা উচিত সেয়া নিৰ্ণয় কৰি, ওজনৰ উৰ্দ্ধসীমা অতিক্ৰম কৰিবলৈ নিদি শাৰীৰিকভাৱে সক্ষম হৈ থাকক। সক্ষমতা থাকিলেহে এগৰাকী ব্যক্তিয়ে দীৰ্ঘ জীৱন উপভোগ কৰিব পাৰে। শাৰীৰিকভাৱে সক্ষম হৈ থাকিবলৈ শৰীৰৰ বাবে উপযুক্ত আহাৰ গ্ৰহণৰ পিছতে কেল’ৰি দহন কৰিবলৈ শিকক। কেল’ৰি দহনে শৰীৰৰ অতিৰিক্ত ওজন কমোৱাৰ লগতে আমাক সক্ষম কৰি ৰাখে। কেল’ৰি দহনৰ বাবে শাৰীৰিক শ্ৰম আৰু ব্যায়াম কৰক, খোজ কাঢ়ক, সাঁতোৰক, স্কিপিং কৰক, পুৱা আৰু গধূলি দৌৰাৰ উপৰি বাগিচাত কাম কৰা, গাড়ী ধোৱা, চাইকেল চলোৱা আদি কৰক। প্ৰতিদিনে পুৱা সোনকালে উঠি আধা ঘণ্টাকৈ খোজ কাঢ়ক। নিতৌ তেনেদৰে খোজ কাঢ়িলে শৰীৰৰ ওজন কমাৰ লগতে শৰীৰটোলৈ পৰ্যাপ্ত পৰিমাণৰ অক্সিজেন পৰিবাহিত হ’ব, প্ৰকৃতিৰ লগত সম্পৰ্ক সুদৃঢ় কৰি শৰীৰটো মজবুত হ’ব আৰু শাৰীৰিক তথা মানসিকভাৱে সুস্থ আৰু সবল অনুভৱ কৰিব। শৰীৰৰ ওজন কমাই সক্ষমতা অটুট ৰাখিবলৈ শাৰীৰিক পৰিশ্ৰমৰ লগতে ব্যায়ামৰ(এৰ’বিক্‌ছ, সাঁতোৰ, চাইক্লিং, জগিং আদি) ক্ষেত্ৰত গুৰুত্ব দিয়ক। শাৰীৰিক পৰিশ্ৰম আৰু ব্যায়ামে ডায়েবেটিছ, উচ্চ ৰক্তচাপ, অষ্টিওপৰ’ছিছ, মেদবহুলতা আদি ৰোগ প্ৰতিৰোধ তথা নিয়ন্ত্ৰণ কৰা, মনত সফুৰ্তি ভাৱ, উদ্যম আৰু সুখ জগাই তুলি ব্যক্তি এগৰাকীক দীৰ্ঘজীৱী হোৱাত সহায় কৰে।

ধূমপান আৰু মাদকদ্ৰব্য ত্যাগ

আপুনি যদি ধূমপান, মদ অথবা ড্ৰাগ্‌ছ আদি ৰাগিয়াল বস্তুৰ প্ৰতি আসক্ত, তেনেহ’লে এই নাগপাশৰপৰা মুক্ত হওঁক। ধূমপান অৰু মদ্যপানে আমাৰ শৰীৰত যথেষ্ট ক্ষতিসাধন কৰে। এই নিচাযুক্ত দ্ৰব্যবোৰ আমি জনাতকৈ কেইবাগুণে অধিক ক্ষতিকাৰক। এই অভ্যাসে আপোনাৰ শৰীৰটোক ৰোগগ্ৰস্ত(হৃদৰোগ, উচ্চ ৰক্তচাপ, ষ্ট্ৰ’ক, কৰ্কটৰোগ, গেষ্ট্ৰাইটিছ, মানসিক ৰোগ, নিদ্ৰাহীনতা, অষ্টিওপৰ’ছিছ আদি) কৰাৰ উপৰি আপোনাৰ ঘৰুৱা সমস্যাৰ সৃষ্টি কৰে, সামাজিক বাতাবৰণৰ স্খলনত ইন্ধন যোগায় আৰু এই বদ অভ্যাসৰ বাবে আপোনাৰ সদ গুণবোৰ আনে নেদেখে। এনে ক্ষতিকাৰক বস্তুৰ প্ৰতি অহৈতুকী প্ৰীতি পৰিত্যাগ কৰক। যদিহে ধূমপান আৰু মদ্যপান বৰ্জন কৰিব পাৰে; ই আপোনাক ৰোগৰপৰা বচোৱা, পাৰিবাৰিক আৰু সামাজিক সুখ দি নিৰোগী আৰু দীৰ্ঘায়ু কৰাৰ উপৰি আপোনাৰ যথেষ্ট পৰিমাণে টকা বচাব।

মানসিক চাপ ত্যাগ আৰু জীৱনটো উপভোগ

পৰিৱৰ্তিত পৰিবেশৰ সৈতে তাল মিলাই মানসিক চাপ ত্যাগ কৰি জীৱনটো উপভোগ কৰক। পোৱাখিনিতে সন্তুষ্ট হৈ ধনাত্মক চিন্তাৰে মন ভৰাই ৰাখক। দেখিব সকলো ফালে পোহৰেৰে মুখৰিত হৈ জীৱনটো স্বাস্থ্যৱান হৈ পৰিছে। যি কৰিলে মনে আনন্দ আৰু সন্তুষ্টি পায় তাকে কৰাৰ ব্যৱস্থা কৰক। বন্ধুৰ ঘৰলৈ যাওক, গান শুনক, কিতাপ পঢ়ক, পিকনিক খাব যাওক, চিনেমা বা থিয়েটাৰ চাব যাওক, ভ্ৰমণ কৰক, নিয়মিত প্ৰাৰ্থনা কৰক, ওচৰতে থকা মন্দিৰ দৰ্শন কৰক, মুঠতে মনটোক ভাল লগাবলৈকে কিছু সময় খৰচ কৰক। এলাহ মানৱ জীৱনৰ পৰম শত্ৰু। কামত সময়ৰ নাটনি হ’ব দি মানসিক চাপ নল’ব। সদায় প্ৰসন্ন চিত্তৰে থাকি এলাহক জয় কৰক। যদি আগেয়ে টকাৰ ধাৰ অথবা টকাৰ নাটনিৰ বাবে আপুনি মানসিক চাপত ভুগিছিল, এতিয়াৰেপৰা ধাৰ মাৰি পুনৰ ধাৰ নল’ব। মদ আৰু ধূমপান এৰি, অবাবত বজাৰ নকৰি, গাড়ী নচলাই খোজ কাঢ়ি বা ৰাজহুৱা পৰিবহন ব্যৱহাৰ কৰি আৰু জিমলৈ নগৈ ঘৰতে ব্যায়াম আদি কৰি টকা বচোৱাৰ ব্যৱস্থা কৰক।

পৰ্যাপ্ত নিদ্ৰা আৰু জিৰণি

শৰীৰটোৰ বাবে টোপনি আৰু জিৰণি অতি জৰুৰী। অকল সুষম আহাৰেৰে সুস্বাস্থ্যৰ গৰাকী হ’ব নোৱাৰি, যদিহে শৰীৰক জিৰণি দিয়া নহয়। একেৰাহে কোনো মানুহে কাম কৰিব নোৱাৰে। যন্ত্ৰকো জিৰণিৰ প্ৰয়োজন হয়। আজিকালি কৰ্মব্যস্ততাৰ বাবে অনেকে বহু নিশালৈকে সাৰে থাকি প্ৰয়োজনীয় টোপনি আৰু জিৰণি নোলোৱাৰ বাবে শাৰীৰিক আৰু মানসিক স্বাস্থ্য ভাঙি পৰে। নিতৌ নিশা ৬ৰ পৰা ৮ ঘণ্টাকৈ ভালদৰে টোপনি আৰু জিৰণি নোলোৱাৰ বাবে শাৰীৰিক আৰু টোপনি নামাৰিব, টিভি চাই চাই ৰাতি দেৰিকৈ শোৱাৰ অভ্যাস ত্যাগ কৰিব, শৰীৰক জিৰণি দিব আৰু কামৰ মাজতে সুবিধা পালে তাৎক্ষণিক জিৰণি আৰু টোপনিয়ে মন আৰু শৰীৰ সতেজ ৰখাত সহায় কৰে।জিৰণিৰ সময়ত কিতাপ পঢ়া, মন ভাল লগা গীত শুনক।

নিজক অনুভৱ আৰু নিজৰ বাবে সময়

সুস্বাস্থ্য আৰু সুখ নিজৰ বাবেই অতি দৰকাৰী। সেয়েহে আপুনি আপোনাৰ লগত সম্পৰ্ক, আপোনাৰ ক্ষমতা আৰু সৃজনশীলতা বঢ়াবৰ বাবে নিজকে অনুভৱ কৰি দিনটোৰ অলপ সময় নিজৰ বাবে খৰচ কৰক। নিজৰ ভাল লগা কিবা এটা কৰক আৰু সময় উলিয়াই কিবা এটা নতুন কথা শিকাৰ ব্যৱস্থা কৰক। আনৰ ওচৰত নিজকে হেয় নকৰিব। নিজকে পূৰ্ণ বুলি ভাবিবলৈ যত্ন কৰক, নিজৰ শক্তিক স্বীকৃতি দি আৰু সেই শক্তিক গঠনমূলক কামত ব্যৱহাৰ কৰক। সকলো কামেই গ্ৰহণ নকৰি, যিকেইটা কামত আপুনি দক্ষ আৰু সহজে কৰিব পাৰে তেনে কাম কৰক। সাধু, বিনম্ৰ আৰু কৰ্তব্যপৰায়ণ হওক।

পৰিয়ালক গুৰুত্ব, বন্ধুত্ব আৰু আনক সহায়

পৰিয়ালৰ সদস্য আৰু বন্ধুৱে আমাৰ আৱেগ-অনুভূতি ভাগ-বতৰাত সহায় কৰে, চিন্তাক উৎসাহ যোগায়, ভাল কথা অনুভৱ কৰাত সহায় কৰে, আমাৰ প্ৰতিৰক্ষা কৰে আৰু আমাক মানসিক শক্তি দিয়ে।পৰিয়ালৰ সদস্য আৰু বন্ধুৰপৰা আঁতৰত থাকিলে ধূমপান, সুৰাপান আদি স্বাস্থ্যৰ বাবে ক্ষতিকাৰক অভ্যাসবোৰ বেছি হয়। সেয়েহে এই বদ অভ্যাসবোৰ বাদ দিব আৰু মানসিক সুস্বাস্থ্য বৰ্তাই ৰাখিবলৈ পৰিয়ালৰ সদস্য আৰু বন্ধুৰ সৈতে বেছিকৈ একাত্ম হৈ থকাৰ ব্যৱস্থা কৰক। সঘনাই লগ পাব নোৱাৰিলেও ছ’চিয়েল মিডিয়া আদিৰ যোগেদি একাত্ম হৈ থাকক। সময়-সুবিধা অনুযায়ী ছুটী বা বন্ধৰ দিনবোৰত বন্ধু আৰু পৰিয়ালৰ সৈতে দূৰ ভ্ৰমণ কৰিবলৈ যাওক। ভ্ৰমণৰ পৰা শাৰীৰিক আৰু মানসিক আনন্দ পোৱা যায়, সেয়েহে বিপদত পৰা মানুহক সহায় কৰক, সমাজৰ কল্যাণমূলক কাম কৰক আৰু অন্তত প্ৰতি বছৰে এবাৰ স্বেচ্ছাই ৰক্তদান কৰক।

নিয়মীয়া স্বাস্থ্য পৰীক্ষা আৰু চিকিৎসকৰ পৰামৰ্শ

নিয়মীয়াকৈ স্বাস্থ্য পৰীক্ষা কৰাওঁক। নিয়মীয়া স্বাস্থ্য পৰীক্ষাই ৰোগ প্ৰতিৰোধ কৰিব নোৱাৰিলেও বহুতো জটিল ৰোগ প্ৰাৰম্ভিক অৱস্থাতে ধৰা পেলাই আমাক মৃত্যুৰ পৰা হাত সৰাই এক দীৰ্ঘ আৰু সুস্থ জীৱন দান কৰিব পাৰে। প্ৰত্যেক ব্যক্তিয়ে নিয়মীয়াকৈ ৰক্তচাপ, কলেষ্টেৰল, ব্লাড ছুগাৰ, মানসিক চাপ আৰু যৌন ৰোগৰ বাবে স্বাস্থ্য পৰীক্ষা কৰাৰ উপৰি পঞ্চাশ বছৰ বয়সৰ উৰ্দ্ধৰ মহিলাই ‘অষ্টিওপৰ’ছিছ স্ক্ৰীনিং’, চল্লিশ বয়সৰ উৰ্দ্ধৰ মহিলাই ‘স্তন কৰ্কট স্ক্ৰীনিং’, বিশ বছৰ বয়সৰ উৰ্দ্ধৰ মহিলাই ‘জৰায়ুৰ কৰ্কটৰ বাবে পেপ স্মিয়াৰ’, পঞ্চাশ বছৰ বয়সৰ উৰ্দ্ধৰ প্ৰতিজন মানুহে ‘কলে’ৰেক্টেল কেন্সাৰ স্ক্ৰীনিং’ নিয়মীয়াকৈ কৰিব লাগে। শৰীৰত অসুখে দেখা দিয়াৰ লগে লগে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰক। চিকিৎসা নকৰি মিছাতে অসুখীয়া সময় দীঘলীয়া কৰা আৰু নিজকে নিজে ঔষধ সেৱন কৰি জটিলতাৰ সৃষ্টি কৰা অভ্যাস এৰক। কোনো বেমাৰকে সৰু বেমাৰ বুলি ধৰি ল’ব নালাগে। এনে মনোভাৱে কেতিয়াবা জটিল ৰোগকো সাধাৰণ বুলি ভবাৰ মানসিকতাৰ জন্ম দিব পাৰে। মনত ৰাখিব লাগে বহু জটিল ৰোগৰ আৰম্ভণি বা বহিৰ্প্ৰকাশ তেনে সাধাৰণভাৱেই হয় আৰু আমাৰ আওকণীয়া মনোভাৱৰ বাবে কেৱল জটিল বা দুৰাৰোগ্য অৱস্থাতহে ধৰা পৰে বহু পলমকৈ।

লিখক: ডা° ধৰ্মকান্ত কুম্ভকাৰ, দৈনিক অসম।

শেহতীয়া উন্নীতকৰণ: : 3/20/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate