অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

সু-স্বাস্থ্যৰ বাবে মাছ :

সু-স্বাস্থ্যৰ বাবে মাছ :

 

আমিষভোজীসকলৰ বাবে মাছ এবিধ অতি উপাদেয় আৰু প্ৰিয় খাদ্য-পদাৰ্থ। পৃথিৱীত মৎস্যাহাৰী লোকৰ সংখ্যা সৰহ। কিয়নো, বহু আমিষাহাৰী লোকে মাংসৰ পৰিৱৰ্তে অকল মাছহে গ্ৰহণ কৰে। খাদ্য হিচাপে মাছৰ পৌষ্টিক তথা ৰোগ প্ৰতিৰোধী গুণ অলেখ। সুস্বাস্থ্য তথা দৈহিক শক্তিৰ প্ৰতি লক্ষ্য ৰাখিয়েই হয়তো আমাৰ অসমত বৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক শ্ৰীমন্ত শংকৰ গুৰুৱেও অনুগামীসকলক মাছ খাবলৈ মানা কৰা নাছিল। সেয়ে আমাৰ অসমীয়া সম্প্ৰদায়ৰ প্ৰায়ভাগ লোকেই মাছ গ্ৰহণ কৰা দেখা যায়। মাছ অকণ নহ’লে অসমীয়া লোকৰ বহুতোৰেই আজিও পেট নভৰা অৱস্থা।

সমগ্ৰ বিশ্বতে সৰু- বৰ প্ৰায় বিশ হাজাৰৰো অধিক মাছৰ বিভিন্ন প্ৰজাতি আছে। সৰু- বৰ উভয় শ্ৰেণীৰ মাছেই স্বাস্থ্যৰ বাবে উপকাৰী। আমাৰ দেশ অতীজৰে পৰা মাছ-কাছত উভৈনদী আছিল যদিও বৰ্তমান বিজ্ঞানসন্মত মৎস্য পালনৰ অভাৱত ৰাজ্যৰ বাহিৰৰ পৰা পৰ্যাপ্ত মাত্ৰাত মাছ আমদানি কৰিব লগা হৈছে। এই আমদানিকৃত চালানী মাছৰ বিপৰীতে থলুৱা বিভিন্ন প্ৰজাতিৰ জীয়া আৰু সতেজ মাছবোৰহে বেছি স্বাস্থ্যসন্মত আৰু উপকাৰী। কাৰণ দুৰ-দুৰণিৰ পৰা আমদানিকৃত মাছবোৰৰ সজীৱতা গুণ নাথাকে আৰু কৃত্ৰিম অৱস্থাত কেইবাদিনো থাকে কাৰণে এইবোৰ প্ৰায়েই দূষিত তথা সংক্ৰমিত হোৱাৰ সম্ভাৱনা দেখা যায়, যিটো জনস্বাস্থ্যৰ বাবে ক্ষতিকাৰক।

আমাৰ ইয়াত সহজতে পোৱা বিভিন্ন সৰু মাছৰ ভিতৰত পুঠি, খলিহনা, শিঙৰা, ডঁৰিকনা, মিছা, বেচা, তুৰি, বতিয়া, চেং, গৰৈ, কাৱৈ , মাগুৰ , শিঙি আদি বিভিন্ন থলুৱা মাছবোৰৰ বেছিভাগকে কাইটেৰে সৈতে খাব পাৰি। মাছৰ কাঁইটত প্ৰচুৰ পৰিমাণে থকা কেলচিয়াম, ফছফৰাছ আদি গুৰুত্বপুৰ্ণ খনিজ উপাদানবিলাকে শিশু-কিশোৰৰ দেহৰ হাড়ৰ গঠনত বিশেষভাৱে অৰিহণা যোগায়। কেলচিয়ামৰ অভাৱত দেহৰ হাড় ঠুনুকা হয় আৰু বহু বয়সস্থ লোকে ‘ অষ্টিঅ’পৰোছিছ’ নামৰ হাড়ৰ ৰোগত ভুগিবলগীয়া হয়। মাছৰ মাধ্যমেৰে এইবিধ অত্যাৱশ্যকীয় উপাদানৰ অভাৱ শক্তিশালীকৰণৰ ক্ষেত্ৰত নিজে নিজে ব্যৱস্থা গ্ৰহণ কৰিব পাৰোঁ। মাছৰ কণীতো প্ৰচুৰ পৰিমাণে খনিজ পদাৰ্থ, খাদ্যপ্ৰাণ, স্নেহ অম্ল (ফেটী এচিড) পোৱা যায়। বিদেশী অথচ থলুৱাভাৱে প্ৰচুৰ মাত্ৰাত পালিত হোৱা আৰু যথাসময়ত (বাৰিষা কালত) পৰ্যাপ্ত মাত্ৰাত পোৱা ‘কমনকাৰ্প’ মাছৰ পৰা যথেষ্ট পৰিমাণে মাছৰ কণী পোৱা যায়। আনহাতে সৰু মাছত চৰ্বিৰ পৰিমাণ কম থাকে বাবে ই সুপাচ্য আৰু সকলোৰে বাবে উপকাৰী।

পুষ্টিবিজ্ঞানীৰ পৰীক্ষাৰ প্ৰতিবেদনত প্ৰকাশ পোৱা মতে মাছৰ তেলত ওমেগা-৩ নামৰ ফেটী এচিড (Fatty Acid) থাকে, যিয়ে হৃদৰোগ , কেন্সাৰ ৰোগ আদিকে ধৰি বহুকেইবিধ মাৰাত্মক ৰোগ প্ৰতিৰোধ কৰিব পাৰে বুলি জানিব পৰা গৈছে। যিসকল লোকে নিয়মীয়াকৈ পৰিমিতভাৱে ওমেগা-৩ সমৃদ্ধ মাছ খাদ্য হিচাপে গ্ৰহণ কৰে, তেওঁলোকৰ হৃদৰোগৰ শংকা বহুত ‘নেচনেল ইনষ্টিটিউটছ অৱ হেলথ’ নামৰ স্বাস্থ্য সংস্থা এটিৰ তৰফৰ পৰা প্ৰকাশ পোৱা তথ্য অনুসৰি নিয়মীয়াকৈ মাছৰ তেল সেৱন কৰা লোকৰ উচ্চ ৰক্তচাপ, কাৰ্ডিঅ’ ভাস্কুলাৰ ডিজিজ আদি প্ৰতিৰোধ হয়।

মাছত থকা ওমেগা- ৩ নামৰ এই মূল্যাৱন ফেটী এচিডবিধে মাৰাত্মক কেন্সাৰ ৰোগ প্ৰতিৰোধ কৰিব পাৰে বুলি স্বাস্থ্যবিজ্ঞানীসকল নিশ্চিত হৈছে। মাছত পোৱা এইবিধ উপাদানে মহিলাৰ স্তন কেন্সাৰ, পুৰুষৰ প্ৰ’টেষ্ট কেন্সাৰ, ক’লন কেন্সাৰ আদি প্ৰতিহত আৰু প্ৰতিৰোধ কৰাত বিশেষ ভূমিকা গ্ৰহণ কৰে। বয়সস্থ লোকৰ আন এবিধ গুৰুত্বপুৰ্ণ ৰোগ ‘কম্পবাত’ (ইংৰাজী ভাষাত পাৰ্কিনছন’ বোলা হয়), যি এক মাৰাত্মক স্নায়ৱিক ৰোগ, ইয়াকো মাছৰ তেলত থকা ওমেগা-৩ নামৰ ফেটী এচিডবিধে প্ৰতিৰোধ কৰিব পাৰে বুলি চিকিৎসা –বিজ্ঞানীৰ প্ৰতিবেদনত প্ৰকাশ পাইছে। ইয়াৰোপৰি ‘আলঝেইমাৰ’ (স্মৃতিবিভ্ৰমতা), ‘ডিপ্ৰেছন (অৱসাদ), ‘ছোৰেইছিছ’ আদি নানা মাৰাত্মক ৰোগ এইবিধ মাছৰ তেলত থকা উপাদানৰ ( ওমেগা-৩, স্নেহ অম্ল) জৰিয়তে প্ৰতিহত বা প্ৰশমিত কৰিব পাৰি। তেজত থকা কলেষ্টেৰলৰ পৰিমাণো ওমেগা-৩ ফেটী এচিডে হ্ৰাস কৰি হৃদৰোগৰ সম্ভাৱনা নুই কৰিব পাৰে। স্মৃতিশক্তিৰ বৰ্ধন আৰু সংৰক্ষণৰ ক্ষেত্ৰতো এই ওমেগা-৩ ফেটী এচিডবিধৰ এক বিশেষ বৰঙনি আছে বুলি চিকিৎসা-বিজ্ঞানীসকলে উল্লেখ কৰিছে। আনহাতে খাদ্যপ্ৰাণ- ক, প্ৰ’টিন আদিৰো মাছ এক উল্লেখযোগ্য নিৰ্ভৰশীল উৎস। মানুহৰ দৈহিক সুস্থতাৰ বাবে প্ৰয়োজন হোৱা প্ৰাণীজ প্ৰ’টিনভাগ আমি অনায়াসে মাছৰ পৰা পাব পাৰোঁ। সেয়ে মৎস্যাহাৰী লোকসকলে নিয়মিতভাৱে পৰিমিত ৰুপত খাদ্য হিচাপে মাছ, বিশেষকৈ থলুৱা সজীৱ-সতেজ মাছ গ্ৰহণ কৰি নিজৰ স্বাস্থ্য ৰক্ষা বা সুস্বাস্থ্য সুনিশ্চিত কৰাত মাছৰ তেলেৰে মাছ ভাজিব পাৰে, অৰ্থাৎ এক গুলীত দুই চিকাৰ কৰিব পাৰে।

লেখক: ভূবনেশ্বৰ ডেকা (জি এনআৰচি স্বাস্থ্য)

শেহতীয়া উন্নীতকৰণ: : 7/11/2022



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate