অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

সুন্দৰ আৰু আকৰ্ষণীয় পেশীৰ কাৰণে :

সুন্দৰ আৰু আকৰ্ষণীয় পেশীৰ কাৰণে :

 

আপুনি নিজকে আকৰ্ষণীয় চেহেৰাৰ যুৱক হিচাপে গঢ়িব বিচাৰে নেকি?ইয়াৰ কাৰণে প্ৰতিদিনে শৰীৰ চৰ্চা কৰাৰ ওপৰত মনোনিবেশ কৰক।কিন্তু এইখিনিতে জনা উচিত যে কেৱল শৰীৰ চৰ্চা কৰিলেই শৰীৰ গঢ় লৈ নুঠে।ইয়াৰ কাৰণে খাদ্যাভ্যাসো গঢ়ি তুলিব লাগিব।

আপুনি এজন পুষ্টি বিশেষজ্ঞৰ সহায়ত এখন খাদ্য তালিকা প্ৰস্তুত কৰি,সেইখন মানি চলিবলৈ চেষ্টা কৰক।পেশী গঢ়ি তুলিবলৈ খাওঁতে শৰীৰৰ অতিৰিক্ত চৰ্বি কমোৱাৰ ওপৰত গুৰুত্ব দিব লাগিব।ইয়াৰ কাৰণে প্ৰ’টিন আৰু কাৰ্বহাইড্ৰেট দুয়োটা মিলাই এটা সুষম আহাৰ গ্ৰহণ কৰিব লাগিব।

ইয়াৰ বাহিৰেও অন্যান্য পুষ্টিসমৃদ্ধ আহাৰ,যেনে-মেগনেছিয়াম,পটেছিয়াম,কপাৰ,চেলেনিয়াম,কেলচিয়াম,আইৰন,বিভিন্ন ভিটামিন আৰু খনিজ লৱণযুক্ত আহাৰ গ্ৰহণ কৰা উচিত।তেনে কেইবিধমান আহাৰৰ বিষয়ে উল্লেখ কৰিবলৈ লোৱা হৈছে।

কণী-কণী সকলোৰে পৰিচিত খাদ্য।ই সহজতে উপলব্ধ খাদ্য।এই কণীৰ বগা অংশত প্ৰ’টিন থাকে,যি সুস্থ মাংসপেশী তৈয়াৰ কৰাত সহায় কৰে।আকৰ্ষণীয় পেশী তৈয়াৰ কৰিবৰ কাৰণে ৯ বিধ এমিনো এচিডৰ প্ৰয়োজন হয়।যিবোৰ কণীত থাকে।ইয়াৰ বাহিৰেও কণীত উচ্চমানৰ প্ৰ’টিন,কেলচিয়াম,জিংক,আইৰনৰ লগতে মুল্যৱান খনিজ লৱণ থাকে।কণীৰ কুহুমত ভিটামিন –ই।কে,বি-১২,ৰিব’ফ্লেবিন আৰু ফলিক এচিড থাকে।এই সকলো পুষ্টিয়ে আমাৰ পাকস্থলী সঞ্চালন কৰাৰ লগতে শৰীৰৰ চৰ্বিক শক্তিলৈ ৰুপান্তৰ কৰে।স্বাস্থ্যকৰ পেশী নিৰ্মাণৰ কাৰণে এটাৰ পৰা দুটা কণী খাদ্যৰ তালিকাত ৰাখক।অৱশ্যে কণীৰ বগা অংশইহে পেশী নিৰ্মাণত সহায় কৰে।

মুৰ্গীৰ মাংস-চৰ্বিহীন পেশী লাভ কৰিবলৈ অসাধাৰণ খাদ্য হ’ল মুৰ্গীৰ মাংস।ই চৰ্বিহীন প্ৰ’টিনৰ অন্যতম উৎস।য’ৰ পৰা সহজেই পেশী গঠন হোৱাত সহায় হয় আৰু লগতে অতিৰিক্ত শৰীৰ চৰ্চাৰ সময়ত ক্ষতিগ্ৰস্ত কোষ মেৰামতি বা পুনৰ গঠনৰ ক্ষেত্ৰতো গুৰুত্বপুৰ্ণ ভুমিকা গ্ৰহণ কৰে।মুৰ্গীৰ মাংস খোৱাৰ ফলত আমাৰ শৰীৰে সুস্থ আৰু সবল স্বাস্থ্য লাভ কৰাত সহায় কৰে।মুৰ্গীৰ মাংসৰ চুপ শৰীৰৰ বাবে উপকাৰী।ৰোগীয়েও সহজে এই খাদ্য হজম কৰিব পাৰে।অৱশ্যে মুৰ্গীৰ মাংসৰ ছালখন খোৱা অনুচিত।কিয়নো,ইয়াত যথেষ্ট চৰ্বি থাকে।

গাখীৰ-গাখীৰক এটা সম্পুৰ্ণ খাদ্য হিচাপে গ্ৰহণ কৰিব পাৰি।সুস্থ পেশী গঠনৰ কাৰণে গাখীৰৰ ভুমিকা অতুলনীয়।বিশেষকৈ গাখীৰৰ পৰা তৈয়াৰ কৰা পনীৰ উচ্চ মাত্ৰাত প্ৰ’টিনৰ উৎস।এই প্ৰ’টিনে এমিনো এচিড বিভাজিত কৰে বাবে ৰক্ত সঞ্চালন বৃদ্ধি হয়।পনীৰ খালে হজম হওঁতে যথেষ্ট স ময় লয়।অৰ্থাৎ পনীৰ ধীৰে ধীৰে হজম হয় বাবে শৰীৰক দীৰ্ঘ সময়ৰ কাৰণে কম কমকৈ প্ৰ’টিন যোগান ধৰি থাকে।

গাখীৰত প্ৰচুৰ পৰিমাণে ভিটামিন,খনিজ লৱণ,কাৰ্বহাইড্ৰেট আৰু চৰ্বি থাকে।যিবোৰে পেশী নিৰ্মাণত সহায় কৰে।প্ৰতিবাৰ ব্যায়াম কৰাৰ পাছত এগিলাচ গাখীৰ খাব পাৰে।এনে কৰোতে মাজে মাজে চকলেট মিহলাই ল’লে প্ৰ’টিনৰ লগতে কাৰ্বহাইড্ৰেটো পাব।

ৰৌ মাছ-সচৰাচৰ আমি খোৱা মাছবোৰৰ ভিতৰত ৰৌ মাছে পেশী নিৰ্মাণত সহায় কৰে।ৰৌ মাছে চৰ্বিহীন পেশী নিৰ্মাণ কৰে।লগতে চৰ্বি কমোৱাতো সহায় কৰে।কিয়নো,ৰৌ মাছত চেইন ওমেগা-৩ মোট,ইপি এ আৰু ডিপিএৰ লগতে ভিটামিন-বি থাকে।ইয়াৰ বাহিৰেও মেগনেছিয়াম,চেলেনিয়াম,কেলচিয়াম আৰু আইৰনৰ দৰে পুষ্টি পোৱা যায়।চৰ্বিহীন পেশী গঠনৰ কাৰণে সপ্তাহত অন্তত:দুবাৰ চালাড বা সতেজ পাচলিৰ তৰকাৰীৰ লগত ভজা ৰৌ মাছৰ জুতি লওক।

উৎস:  জিএন আৰচি স্বাস্থ্য

শেহতীয়া উন্নীতকৰণ: : 2/9/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate