অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

সুন্দৰ স্বাস্থ্যৰ চাহ এপিয়লা

পুৱাই শুই উঠি যদি আপুনি এপিয়লা বঢ়িয়া চাহ খাবলৈ পায় কেনে লাগিব বাৰু? দিনটো খুব সুন্দৰকৈ নাযাবনে বাৰু্! লগতে আপোনাৰ এলাহ এলাহ ভাব দূৰ হ’ব আৰু গোটেই দিনটো মনটোও ফূৰ্তিত থাকিব।

মাত্ৰ এপিয়লাৰ চাহ আৰু টোপনিক কৰা ‘বাই’ ‘বাই’, আৰু ব্যস্ত হৈ পৰা দৈনন্দিন কাৰ্য্যত। ঠাণ্ডাৰ দিনততো চাহ খোৱাৰ ইচ্ছাটো বাঢ়ি যায় আৰু ইচ্ছা বঢ়াৰ লগে লগে চাহ খোৱাৰ প্ৰৱণতাও বাঢ়ি যায়। সকলোতকৈ ডাঙৰ কথা হ’ল চাহ স্বাস্থ্যৰ বাবে বৰ লাভদায়ক আৰু লগতে উপযোগীও।

আহকচোন, চাহৰ কেইবিধমান প্ৰধান প্ৰকাৰ আৰু ইয়াৰ সুফলৰ বিষয়ে জানো-

গ্ৰীণ টি

এইবিধ এনেকুৱা এবিধ চাহ, যি গছৰ কেঁচা পাতৰ পৰা বনোৱা হয়। চিধা গছৰ পৰা পাত ছিঙি আনি চাহ বনাব পাৰি। ইয়াত সকলোতকৈ বেছি এন্টিঅক্সিডেন্ট থাকে। যদি গ্ৰীণ টি গাখীৰ আৰু চেনি অবিহনে খোৱা যায় তেতিয়া বেছি লাভদায়ক হয়। গ্ৰীণ টিত কেলৰি নাই আৰু ইয়াৰ পৰা হাৰ্বেল অৰগেনিক চাহ তৈয়াৰ কৰিব পাৰি।

হাৰ্বেল টি

চাহৰ লগত আদা, ইলাচি, লং, জালুকৰ দৰে সামগ্ৰী যদি দিয়া হয় তেতিয়া চাহৰ বহু গুণ বাঢ়ি যায়। গ্ৰীণ টি-ৰ লগত কিছুমান বনৌষধি যেনে-তুলসী, অশ্বগন্ধা, ডালচেনি আদি মিহলাই হাৰ্বেল টি তৈয়াৰ কৰা হয়।

হোৱাইট টি

অন্য সকলো প্ৰকাৰৰ চাহৰ তুলনাত অধিক পুস্তিকৰ চাহ হ’ল হোৱাইট টি। হোৱাইট টিৰ বাবে ভালকৈ পূৰঠ নোহোৱা চাহ গছৰ পাত ব্যৱহাৰ কৰা হয়। এইবিধ চাহত কেফিনৰ মাত্ৰা কমকৈ থাকে আৰু এইবিধ চাহক আমাৰ শৰীৰৰ ছালৰ ৰক্ষাৰ বাবে টনিক হিচাবেও ব্যৱহাৰ কৰিব পাৰি। বহুকেইটা নামি-দামী কছমেটিক কোম্পানীয়ে এইবিধ চাহ ছালৰ ক্ৰীম বনোৱা সামগ্ৰীৰ লগত ব্যৱহাৰ কৰে। হোৱাইট টি ত কেন্সাৰ প্ৰতিৰোধ ক্ষমতাও থাকে। গৱেষকসকলৰ মতে দৈনিক যদি ২-৩ কাপ হোৱাইট টি খোৱাৰ অভ্যাস কৰিব পাৰে তেতিয়াহ’লে শৰীৰৰ ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষমতা বাঢ়ি যায়।

ব্লেক টি

এইবিধ চাহ সাধাৰণতে কেনিয়া, শ্ৰীলংকা আৰু ভাৰতৰ অসম বা দাৰ্জিলিং আদি ঠাইত বেছিকৈ উৎপাদন কৰা দেখা যায়। এইবিধ চাহত কেফিনৰ মাত্ৰা তুলনামূলকভাৱে আন কেইবিধ চাহতকৈ অলপ বেছি পৰিমাণে থাকে। গাখীৰ মিহলাই বা নিমিহলাও ব্লেক টি খোৱাৰ মজা ল’ব পাৰি।

এইবিধ চাহে শৰীৰত হানিকাৰক টক্সিন অথবা কেন্সাৰ হোৱাৰ পৰা ৰক্ষা কৰে। ব্লেক টি নিয়মিতভাৱে গ্ৰহণ  কৰিলে হাৰ্ট এটেক হোৱাৰ পৰা বহু পৰিমাণে ৰক্ষা পাব পাৰি।

মছলা টি

সোৱাদ বদলাবলৈ চাহৰ লগত বিভিন্ন ধৰণৰ মছলা প্ৰয়োগ কৰিও এপিয়লা গৰম, কাঢ়া চাহৰ সোৱাদ ল’ব পাৰি। এইবিধ চাহ বনাবলৈ সমান মাত্ৰাত সৰু ইলাচি, চফ, ডালচেনি, লং আদি মিক্সিত পিহি কাপোৰেৰে চালি বতাহ সোমাব নোৱাৰাকৈ বটলত ভৰাই থ’ব আৰু যেতিয়াই খাবৰ মন যায় চাহৰ লগত মিহলাই খাব।

এই মছলা চাহৰ সোৱাদ খুব ভাল হয় আৰু ঠাণ্ডাৰ দিনত ঠাণ্ডা দূৰ কৰিবলৈ আৰু চৰ্দি, মূৰৰ বিষ দূৰ কৰিবলৈয়ো এইবিধ চাহ খুব গুণকাৰি হয়।

লেমন টি

এপিয়লা গৰম লেমন টি খোৱাৰ আনন্দ লোৱাৰ সময়তে ই আপোনাৰ শৰীৰত শক্তিও প্ৰদান কৰে। নেমুত থকা ভিটামিন চি শৰীৰৰ কাৰণে খুব লাভদায়ক হয়।

চাহৰ আন কেইটামান প্ৰকাৰ

আজিকালি ষ্ট্ৰেছ ৰিলিভিং, শ্লিমিং টি আৰু আইচ টি য়েও খুব জনপ্ৰিয়তা পাইছে। শ্লিমিং টি ত পদাৰ্থসমূহে ওজন কমাবলৈ সহায় কৰে। আইচ টিত আকৌ চেনিৰ পৰিমাণ অধিক থাকে, গতিকে এইবিধ চাহ শৰীৰৰ বাবে সিমান লাভদায়ক নহয়।

চাহৰ উপকাৰিতা

  • চাহত থকা এলথিয়েনাইন এমিনো এচিডে মস্তিস্কক অধিক সচেতন কিন্তু শান্ত কৰি ৰাখে।
  • কোৱা হয় যে চাহে কেন্সাৰ, হাই কলেষ্ট্ৰোৰেল, লিভাৰ আৰু হাৰ্টৰ বেমাৰৰ পৰা বাচিবলৈ সহায় কৰে।
  • দিনত দুকাপ চাহ খালে অভেৰিয়ন কেন্সাৰৰ পৰা হাত সাৰিব পাৰিব।
  • দিনত ৩/৪ কাপ চাহ খালে ছালৰ কেন্সাৰৰ পৰা বাচিব পাৰি

চাহ বনোৱাৰ সঠিক পদ্ধতি

চাফা পানী এবাৰ উতল অহালৈকে উতলাওক। এতিয়া এটা শুকান পাত্ৰত চাহপাত দি তাত উতলোৱা পানীখিনি দি দিয়ক। ৫/৭ মিনিট পাত্ৰটো ঢাকি থৈ কাপত চেকি লওক আৰু সোৱাদ অনুযায়ী গাখীৰ আৰু চেনি মিহলাওক।

কেতিয়া আৰু কেনেকৈ

সাধাৰণতে চাহ যেতিয়াই ইচ্ছা তেতিয়াই খাব পাৰি। তথাপ্পিও বে’ড টি আৰু শোৱাৰ আগতে চাহ খোৱাৰ অভ্যাসৰ পৰা নিজকে বচাই ৰখাটো ভাল। ৰাতি শোৱাৰ আগতে চাহ খালে আপুনি নিদ্ৰাহীনতাত ভুগিব পাৰে বা ৰাতি বহু ৰাতিলৈকে টোপনি নহাকৈ থাকিব পাৰে।

যদি আপোনাৰ এচিডিটিৰ সমস্যা আছে তেতিয়াহ’লে কেতিয়াও খালি চাহ নাখাব, লগতে ১-২ খন বিস্কুট খাব।

চাহ সদায় বনাইহে খাব লাগে। আধা ঘন্টাৰ অধিক সময় আগতে বনাই থোৱা চাহ পুনৰ গৰম কৰি খোৱাটো সঠিক নহয়। এবাৰ উতলোৱা চাহপাত বাৰে বাৰে উতলাই চাহ বনাই খোৱাটো আৰু অধিক হানিকাৰক, ইয়াৰ ফলত চাহত বিষাক্ত দ্ৰব্য সৃষ্টি হ’বলৈ আৰম্ভ কৰে।

চাহপাতৰ ব্যৱহাৰ

  • চকুত জলা-পোৰা কৰিলে চকুত ভিজা টি বেগ ২০-২৫ মিনিট সময় লগালে চকুৰ পোৰণি বা জলা-পোৰা ভাল হয়।
  • ছানবাৰ্ণ হ’লে ছানবাৰ্ণ হোৱা ঠাইত চাহপাতৰ পানী লগালে ছানবাৰ্ণ ভাল হয়।
  • কটা বা পোৰা ঠাইত চাহপাত তিয়াই লগালে সংক্ৰমণ নহয় আৰু বহু পৰিমাণে আৰাম পোৱা যায়।
  • ভাজি বনোৱাৰ সময়ত তাত উতলোৱা চাহপাতৰ পানী দিলে ভাজিৰ ৰং খুব ভাল হয় আৰু লগতে খাবলৈয়ো খুব সোৱাদ হয়।

চাহ আপোনাৰ সম্পৰ্কত আনে মধুৰতা

চাহ আমাৰ দৈনন্দিন জীৱনত এনেদৰে জড়িত হৈ পৰিছে যে পুৱা টোপনিৰ পৰা শুই উঠাৰ পৰা ৰাতি শুবলৈ যোৱালৈ কিমানবাৰ যে আমি আমাৰ বন্ধু-বৰ্গৰ লগত, পৰিয়ালৰ লগত, আলহী-অতিথিৰ লগত চাহৰ সোৱাদ লওঁ তাৰ হিচাপ নাই।

পুৱাই চাহৰ কাপটো হাতত লৈ পত্নীয়ে মৰমেৰে টোপনিৰ পৰা উঠোৱা কাৰ্য্যই যে মনত কিমান এটা মিঠা অনুভূতি জগাই যায়। অফিচত সহকৰ্মীয়ে লগত চাহৰ সোৱাদ লৈ কৰা অলপ গপচপে কামৰ বোজা অধিক পৰিমাণে নহ’লেও অলপ পৰিমাণে হ’লেও কমাই দিয়ে। দিনটোৰ ব্যস্ততাৰ পিছত যেতিয়া গধূলি পৰিয়ালৰ সকলোৰে সৈতে বহি চাহৰ সোৱাদ লয় তেতিয়া দিনটোৰ গোটেই ভাগৰ নোহোৱা হৈ যায়। লগতে সম্বন্ধবোৰো অধিক গভীৰ আৰু মিঠা হৈ যায়।

লেখিকা: দীপান্বিতা দত্ত।

শেহতীয়া উন্নীতকৰণ: : 3/15/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate