অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

সুস্বাস্থ্যৰ বাবে নহৰু

সুস্বাস্থ্যৰ বাবে নহৰু

 

আমাৰ সকলোৰে ৰান্ধনী ঘৰত নহৰু এবিধ অত্যাৱশ্যকীয় সামগ্ৰী, ঘৰত যিকোনো ধৰণৰ আঞ্জাত বিশেষকৈ মাছ আৰু মাংসৰ ব্যঞ্জনত নহৰু অপৰিহার্য উপাদান। মাছ আৰু মাংসৰ ব্যঞ্জনত নহৰু দিবলৈ নাপালে যেন ৰান্ধনীয়ে পাকঘৰলৈকে নাযাব৷ অতীজৰে পৰা মানুহে নহৰুক খাদ্য-সামগ্ৰী হিচাপে ব্যৱহাৰ কৰি আহিছে। নহৰুৱে আমি খোৱা খাদ্য কেৱল সুস্বাদুয়েই নকৰে, ই আমাৰ শৰীৰৰ যিকোনো ধৰণৰ ৰোগৰ বাবে মহৌষধ। ফাদাৰ অৱ মেডিচিনখ্যাত হিপ'ক্ৰেটিছে তেওঁৰ গ্ৰন্থসমূহত উল্লেখ কৰিছিল নহৰুৰ ঔষধি গুণৰ কথা। তলত নহৰুৰ কিছুমান ঔষধি গুণৰ কথা আলোচনা কৰা হ’ল। কৰ্কট ৰোগ প্রতিৰোধ কৰাত নহৰু ব্যৱহাৰ কৰা হয়। দৈনন্দিন নহৰু খালে ইছফেগাছ কেন্সাৰ, হাঁওফাঁওৰ কেন্সাৰ, কলন কেন্সাৰ, প্রষ্টেত কেন্সাৰ আৰু পেটৰ কেন্সাৰ ৰোগৰ পৰা আঁতৰত থাকিব পাৰি। তদুপৰি, মহিলাৰ স্তন কেন্সাৰ প্ৰতিৰোধতো নহৰু উপযোগী। অধ্যয়নত গম পোৱা গৈছে যে নহৰুৱে আমাৰ শৰীৰৰ ইমিউন প্রণালীটো আৰু অধিক শক্তিশালী কৰি তোলে, যাৰ সহায়ত ই কেন্সাৰ কোষ ধ্বংস কৰাত সহায় কৰে। দৈনন্দিন নহৰু খালে কৰিলে আমাৰ শৰীৰ পাচন ক্ষমতা বৃদ্ধি পায়। নহৰুত এলিচন নামৰ এটি যৌগ প্ৰচুৰ পৰিমাণে পোৱা যায়, এই এলিচিন হৈছে প্রাকৃতিক এণ্টি- বেক্টেৰিয়েল, এণ্টি-ভাইৰেল, এণ্টি-ফাংগেল, এণ্টি-অক্সিডেন্টা উপাদানেৰে ভৰপূৰ। নহৰুত কেলৰিৰ মাত্রা অতি কম, কিন্তু ভিটামিন যেনে, ভিটামিন-চি, ভিটামিন-বি৬ আদি প্ৰচুৰ পৰিমাণে পোৱা যায়। যিহেতু নহৰুত প্ৰচুৰ পৰিমাণে ভিটামিন-চি পোৱা যায়, ফলত আমি স্কাৰ্ভি ৰোগৰ পৰা হাত সাৰিব পাৰো। অৱশ্যে কিমান নহৰু খাব লাগে সেয়া চিকিৎসকৰ পৰামর্শ অনুযায়ীহে ল’ব লাগে। নহৰুৱে আমাৰ শৰীৰ ইমিউন প্রণালীটো ৰোগত নপৰো। অধ্যয়নত গম পোৱা গৈছে যে নহৰু খালে আলজাইমাৰ, ডিমেঞ্চিয়া আদি মগজুৰ ৰোগ আদি প্ৰতিৰোধ হয়। দৈনিক নহৰু খালে শৰীৰৰ কলেষ্টেৰল লেভেল কমায়, কাৰণ আগতেই উল্লেখ কৰাৰ দৰে এণ্টিঅক্সিডেন্ট এলিচিন প্ৰচুৰ পৰিমাণে নহৰুত পোৱা যায়। যাৰ ফলত যিকোনো হাৰ্টৰ ৰোগ হোৱাৰ পৰা আঁতৰত থাকিব পাৰি। কেঁচাই খালে ইয়াৰ ওষধি গুণ বেছিকৈ থাকে।

অধ্যয়নত গম পোৱা গৈছে যে নহৰুৱে বহুমূত্ৰ ৰোগ নিয়ন্ত্রণতো গুৰুত্বপূর্ণ ভূমিকা পালন কৰে। ছালৰ বিভিন্ন ৰোগ নিৰাময়তো নহৰু ব্যৱহাৰ কৰা হয়। তদুপৰি,শৰীৰৰ ওজন নিয়ন্ত্ৰণত নহৰুৰ ভূমিকা উল্লেক্ষণীয়।

লিখক: মৃদুপৱন বৰগোহাঁই, গণ অধিকাৰ।

শেহতীয়া উন্নীতকৰণ: : 1/16/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate