অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

সুস্বাস্থ্যৰ বাবে মাছ

সুস্বাস্থ্যৰ বাবে মাছ

মাছ অতি উত্তম গুনসপন্ন প্ৰ্টিন উৎস।মাছত প্ৰায় ১৯ শতাংশ প্ৰ্টিন থাকে।এই প্ৰ্টিনৰ ৮৫ ৰপৰা ৯৫ শতাংশ আমাৰ শৰীৰে হজম হোবাৰ পিছত শোষন কৰি লব পাৰে।শৰীৰ সুস্থ কৰিবলৈ কলাৰ মেৰামতি কৰাৰ বাবে চুলি বাঢ়িবলৈ আৰু হৰমন তৈয়াৰ কৰা আদি বিভিন্ন কাৰ্যৰ বাবে প্ৰ্টিন প্ৰয়োজন হয়।আমাৰ শৰীৰৰ প্ৰ্তি কিলোগ্ৰামত ওজনৰ বাবে নিতৌ ১ৰ পৰা ১০ গ্ৰাম প্ৰ্টিনৰ আৱশ্যক হয়।

কিছুমান বিশেষ এমিন এচিড যেনে টাউৰাইন,মেথিয়নাইন,চিচটাইন আদি মাছত থাকে।এইবোৰ এন্টি অক্সিডেন্ট কাম কৰে আৰু শৰীৰৰ ৰাসায়নিক ক্ৰিয়াৰ বাবে উৎপন্ন হোৱা মুক্ত মুলক আৱৰ্জনা আঁতৰ কৰে।পৰিনতিত সোনকালে বাৰ্দ্ধক্য অৱস্থা অহাত বাধাগ্ৰস্থ হয়।মাছত কিছুমান আৱশ্যকীয় খনিজ পদাৰ্থ যেনে আয়োডিন,ফ্লৰিন,কবাল্ট,পটাছিয়াম,দস্তা,মেগনেছিয়াম,ফছফৰাছ আইৰন আদিও থাকে।ছডিয়াম কমকৈ থকাৰ বাবে হৃপিণ্ডৰ অসুখ থকা মানুহে নিৰাপদে মাছ গ্ৰহন কৰিব পাৰে।দস্তা থকাৰ বাবে ই আমাৰ শৰীৰৰ প্ৰ্তিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে।

মাছৰ তেল (যেনে কডলিভাৰ তেল)হাত-ভৰিৰ গাঠিতঁ বল নোহোবা আৰু অষ্টিকপৰোছিছ ৰোধ কৰে।দৈনিক প্ৰয়োজন হোবা প্ৰায় ১০ শতাংশ থায়েমিন ১৫ শতাংশ ৰিবফ্লেভিন আৰু ৫০ শতাংশ নায়েচিন এটা চৰ্বিযুক্ত বা সাধাৰন মাছে যোগান ধৰিব পাৰে।মাছত যথেষ্ঠ পৰিমানৰ ভিটামিন “এ” থকাৰ বাবে কুকুৰীকনা ৰোগ হোৱাত বাধা দিব পাৰে।

মাছত প্ৰচূৰ পলি অস্ংপুক্ত ফেটি এচিড থাকে বিশেষকৈ অমেগা-৩ ফেটি এচিডসমূহ।এইবোৰ সুস্বাস্থ্যৰ বাবে খুবেই প্ৰয়োজনীয়।এই অমেগা ৩-ফেটি এচিডে ইকচাপেণ্টানয়িক এচিড আৰু ডকচা হেক্সানয়িক এচিড সাঙুৰি লৈছে।এইবোৰ পলি অসম্পৃক্ত চৰ্বি আৰু আমাৰ শৰীৰ সুস্থ-সবল ৰখাত ইহতৰ প্ৰভাৱ যথেষ্ঠ আছে।মাছে EPA আৰু DHA প্ৰস্তত নকৰে কিন্ত মাছে আহাৰ হিচাপে খোৱা সাগৰৰ তলিৰ শেলাই পৰা প্ৰাপ্ত হয়।এই অমেগা-৩ এচিডে সাগৰৰ কম উষ্ণতাত থকা উদ্ভিদৰ আৱৰন লেতুসেতু আৰু জুলীয়া কৰি ৰখাত সহায় কৰে।গতিকে শীতল পানীত পানীত থকা মাছ অমেগা-৩ ফেটি এচিডৰ উত্তম উৎস।

সম্পৃক্ত চৰ্বিযুক্ত আহাৰ বৰকৈ খালে হৃপিণ্ডৰ অসুখ আৰু কৰ্কট ৰোগ হোৱাৰ প্ৰৱনতা বেচি হয়।পলি অসম্পৃক্ত ফেটি এচিডে এনে ৰোগ হোৱাৰ সম্ভাৱনীয়তা কমায়।অমেগা-৩ মাছ তেলৰ প্ৰধান উপকাৰিতা হৈছে তেজ গোটমাৰা আৰু প্লেক গঠন কমায়—গতিকে হাৰ্ট এটেকত বাধা দিয়ে।কলেষ্টেৰলেও প্লেক (এক প্ৰকাৰৰ চৰ্বি জাতীয় পদাৰ্থ তেজৰ সিৰাত জমা হোৱাকে প্লেক গঠন কোৱা হয়)।গঠন বৃদ্ধি কৰে—পৰিনতিত এথিৰডিকলিৰছিছ(Atherossclerosis বৃদ্ধত পোবা অসুখ)কম বয়সতে আৰম্ভ হয়ল।মাছৰ তেলৰ শৰীৰৰ মঙহ উখহা হ্ৰাস কৰা গুন থকাৰ বাবে ৰিউমেটয়ড আৰ্থৰাইটিছ,লুপুছএৰাইথ্ৰ্মেটছিছ আদি অসুখত ভোগা লোকৰ বিষ হ্ৰাস কৰে।এইক্ষেত্ৰত EPA আৰু DHA নামৰ পদাৰ্থ দুবিধে সফলতাৰে কাম কৰে কাৰন দুয়োবিধ পদাৰ্থতে প্ৰ্ষ্টাগ্লেনডিন আৰু লউকট্ৰাইন নামৰ ৰাসায়নিক পদাৰ্থ থাকে অৰু এইবোৰে উখহা আৰু বিষ হ্ৰাস কৰাত কাৰ্য কৰে।সেয়ে ননষ্টেৰইডেল ঔষধ(উখহা কমোৱা দৰৱ)ব্যৱহাৰ কৰা লোকসকলে অমেগা-৩ ফেটি এচিড সৰহ পৰিমানে গ্ৰহন কৰি এই ঔষধৰ ব্যবহাৰ কমাব পাৰি।

মানুহৰ মগজু আৰু চকুৰ ৰেটিনাৰ উৎকৰ্ষ সাধন আৰু কাৰ্যকাৰিতাত DHA ভূমিকাক নুই কৰিব নোবাৰি।আমাৰ মগজুৰ ৬০ শতাংশই চৰ্বি আৰু ইয়াৰ সঠিক কাৰ্যকাৰিতাৰ বাবে অমেগা-৩ৰ প্ৰয়োজন।

এই কাৰনেই শিশুৰ বাবে মাতৃদুগ্দ্ধ সলনি কৃত্ৰিম গাখীৰ প্ৰস্তত কৰোতে DHA পৰিপূৰক হিচাপে ব্যৱহাৰ কৰা হয়।গৰ্ভৱতী তিৰোতা আৰু শিশুৰ বাবে অমেগ-৩ৰ প্ৰয়োজন বেছি কাৰন গৰ্ভত থকা ভ্ৰূনৰ আৰু কেছুঁৱাৰ মগজুৰ উৎকৰ্ষ সাধন হয়।হতাশা আৰু অন্য মানসিক স্বাস্থ্যৰ সমস্যা সমাধানত অমেগা-৩ৰ ফেটি এচিড এক আশাপ্ৰড চিকিৎসা।ই আমাৰ মনৰ ভাবধাৰ প্ৰ্তিক্ৰিয়া আৰু কোনো উত্তেজনাৰ প্ৰত্যুতৰ হিচাপে স্বাভাবিক(ইচ্ছা বিৰুদ্ধে)কাৰ্যকলাপ আদি নিয়াৰিকৈ আৰু উপযুক্তভাবে কৰাত সহায় কৰে।আহাৰত অমেগা-৩ৰ স্ংযোজন হলে কিছুমান মনস্তাত্বিক সমস্যা যেনে হতাশা,কথা পাহৰি যোবা,ভ্ৰ্ম বকা আদি কিছু হ্ৰাস পায়।এই এচিডে বক্ষৰ আৰু বৃহদান্ত্ৰৰ কেন্সাৰত বাধা দিয়ে।আহাৰত সৰহ পৰিমানৰ সম্পৃক্ত চৰ্বি আৰু কেলৰি থাকিলে এলজেইমাৰ অসুখ হোৱাৰ সম্ভাৱনা থাকে কিন্ত মাছ খালে এনে বিপদ কমি যায়।

মাছ খোৱাৰপৰা মধুমেহ ৰোগ কিছু কমে।শৰীৰৰ ওজন হ্ৰাস কৰা পথ্যৰ লগত মাছৰ আহাৰ স্ংযোগ কৰিলে গ্লোকজ আৰু ইনচুলিন ৰাসায়নিক পৰিবৰ্তনত সহায় কৰে।এন আহাৰে HDL কলেষ্টেৰেল বৃদ্ধি কৰে আৰু ট্ৰাইগ্লিচাৰইড কমায়—পৰিনতিত হৃপিণ্ডৰ অসুখ লাঘব হয়।যিবোৰ আহাৰত কমকৈ অমেগা-৩ ফেটি এচিড থাকে তেনে আহাৰে মাহেকীয়া ঋতুৰ যন্ত্ৰনা বৃদ্ধি কৰে,গৰ্ভবতী অৱস্থাত হোৱা মধুমেহ ৰোগ আৰু স্তনত হোবা টেমুনাও হ্ৰাস কৰে।মাছ খাই তেজৰ আইৰনৰ অভাৱো পূৰ কৰিব পাৰি।

প্ৰ্তিদিনে ০,৫-১ গ্ৰাম মাছৰ তেল আহাৰত সন্নিবিষ্ট হলে আদহীয়া মানুহৰ হাৰ্ট এটেকৰ সম্ভাৱনা কম হয়।সপ্তাহত কমেও দুবাৰকৈ তেলেতীয়া মাছযুক্ত আহাৰ খাব লাগে।কিশোৰী আৰু মহিলাসকলে সপ্তাহত এক বা দুই টুকুৰা তেলেতীয়া মাছ খোৱাৰ দৰকাৰ যাতে ভৱিষ্যতে জন্ম লবলগা শিশুৰ স্বায়ুৰ উৎকৰ্ষ সাধন হয়।গৰ্ভ ধাৰনৰ অৱস্থাত মাতৃয়ে খাদ্যত পোবা PUFA বাঢ়ি অহা ভ্ৰূনলৈ স্থানান্তৰ হয়।মানব গাখীৰত এই ফেটি এচিডসমূহ যথেষ্ঠ পৰিমানে থকাৰ বাবেও মাতৃ দুগ্দ্ধই শিশুৰ সবলতা বৃদ্ধি কৰে।গৰুৰ গাখীৰৰ ইয়াৰ পৰিমান প্ৰায় শূন্য বাবে ই মাতৃদুগ্দ্ধৰ স্থান পূৰাব নোবাৰে।গতিকে মাছ জীবনৰ বলকাৰক ঔষধৰ বিশুদ্ধ আৰক।

ড:অংকিতা হাজৰিকা

শেহতীয়া উন্নীতকৰণ: : 3/8/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate