অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

স্বাস্থ্য গঠনত প্ৰটিন :

 

শৰীৰৰ পেশী গঠনৰ বাবে অতি আৱশ্যকীয় পুষ্টিসাধনকাৰী উপাদান হৈছে প্রটিন। প্ৰটিনৰ অবিহনে আমাৰ শৰীৰৰ গঠন সম্ভৱ নহয়। প্ৰটিনে মাংসপেশী কলাৰ গঠনৰ উপৰি ই পাচক ৰসৰো কাম কৰে, অর্থাৎ আমাৰ শৰীৰৰ জৈৱ ৰাসায়নিক প্রক্রিয়া ত্বৰান্বিত কৰে। প্ৰটিনে শৰীৰৰ লোহিত ৰক্ত কোষ আৰু কোনো বিশেষ বিশেষ সংক্রমণ প্ৰতিৰোধ কৰিব পৰা ক্ষমতা নিয়ন্ত্রণ কৰে। এই ক্ষমতাৰ জৰিয়তে শৰীৰত কোনো ৰোগৰ বিজাণুৰ বিপৰীতে বিশেষ এণ্টিবডী গঠন হয়। আমি গ্রহণ কৰা প্রটিন এমিন’ এচিডলৈ ৰূপান্তৰ হয়। এমিন’ এচিড প্ৰটিনৰ ক্ষুদ্রতম গোট। আমাৰ শৰীৰৰ যি আঠবিধ অতি প্রয়োজনীয় এমিন’ এচিড চিনাক্ত কৰা হৈছে এইবিলাকৰ উৎস কেৱল আমি গ্রহণ কৰা খাদ্য।

অতি প্রয়োজনীয় আঠবিধ এমিন’ এচিড -

ট্ৰিপট’ফেন

এইবিধ এমিন’ এচিড আমাৰ শৰীৰৰ স্নায়ুৰ কাৰ্যাৱলীৰ বিষয়ে আৱশ্যকীয়। ই আমাক মাইগ্ৰেন আৰু ডিপ্ৰেশ্বনৰ পৰ ৰেহাই দিয়ে।

টাইৰ’চিন

প্রায়বোৰ প্ৰটিনতে স্বাভাৱিকতে পোৱা এবিধ আৱশ্যকীয় এমিন’ এচিড। ই আয়’ডিনৰ সৈতে লগ লাগি থাইৰ’ক্সিন গঠনত সহায় কৰে। এইবিধ এমিন’ এচিডে এণ্টিঅক্সিডেণ্টৰ কাম কৰে।

ভেলিন

এবিধ অত্যাৱশ্যকীয় এমিন’ এচিড। ই শৰীৰৰ পেশী গঠনত সহায় কৰে।

আইছ’লিউচিন

এইবিধ এমিন’ এচিডে আমাৰ শৰীৰৰ হিম'গ্লবিন নিয়ন্ত্ৰণ কৰাৰ লগতে লোহিত ৰক্ত কণিকা গঠনত সহায় কৰে।

লিউছিন

এইবিধ এমিন’ এচিডে আমাৰ হাড়, ছাল আৰু আঘাতৰ আৰোগ্যত সহায়ক হিচাপে কাম কৰে।

লাইছিন

এইবিধ এমিন’ এচিডে আমাক প্রয়োজনীয় হৰম’ন নিয়ন্ত্ৰণ কৰাৰ লগতে এনজাইমৰ অনুঘটক। ইয়াৰ উপৰি ই আমাৰ শৰীৰৰ স্নায়ুতন্ত্ৰৰ কাৰ্যপ্রণালীৰ বাবে আৱশ্যকীয়।

মেথিঅ’নিন

ই ছালফাৰ থকা এবিধ এমিন” এচিড। এইবিধ এমিন’ এচিডে চর্বি ক্ষয় হোৱাত সহায় কৰে আৰু ছাল, নখ আদিৰ বাবে আৱশ্যক।

ফিনাইল এলানিন

স্নায়ুতন্ত্ৰৰ বাবে প্রয়োজনীয় এইবিধ এমিন’ এচিডে আমাক স্মৃতিৰক্ষা আৰু জ্ঞান আহৰণত সহায় কৰে।

খাদ্যত প্রটিন গ্ৰহণৰ ওপৰত পৰিপুষ্টি বিজ্ঞানত বিভিন্ন অধ্যয়ন হৈছে।

খাদ্যত প্রটিন গ্ৰহণৰ ক্ষেত্ৰত বিজ্ঞানসন্মত দহটা কাৰণ তলত দর্শোৱা হৈছে -

প্রটিন হজম হোৱাত বেছি সময় লাগে বাবে ভোক লগাৰ মাত্রা কম হয়।যিসকল ব্যক্তিয়ে ওজন কমাব বিচাৰে তেওঁলোকে প্রটিন বেছিকৈ গ্রহণ কৰিব লাগে। তাৰ তুলনাত কার্বহাইড্রেটৰ মাত্রা কমাই দিব লাগে। কিয়নো প্ৰটিনে ভোক লগাৰ হৰমন ঘ্ৰেলিনৰ মাত্রা নিয়ন্ত্রণ কৰে।

প্রটিনে পেশী গঠনত সহায় কৰে আৰু শক্তি প্রদান কৰে। প্রটিনক আমি পেশীৰ বিল্ডিং ব্লকছ বুলি ক’ব পাঁৰো। যিমানেই বেছি প্রটিন গ্রহণ কৰিম সিমানেই পেশী গঠনত সহায় হ’ব। শৰীৰ শক্তিশালী হ’ব।

প্রটিন হাড়ৰ বাবে আৱশ্যকীয়। প্রটিনক লৈ মানুহৰ বহুতো ভ্রান্ত ধাৰণা আছে। বিশেষকৈ এনিমেল প্ৰটিনৰ ক্ষেত্ৰত মানুহে ভাবে যে ই শৰীৰৰ ক্ষতি কৰিব। কিন্তু এনে প্রটিন গ্রহণে হাড় শক্তিশালী কৰিব। ফলত অষ্টিঅ’পৰছিছৰ সম্ভাৱনা হ্রাস পায় আৰু যিকোনো হাড় ভাগিলে আৰোগ্য হোৱাত সহায় হয়।

প্রটিনে আহাৰৰ প্ৰতি থকা আগ্রহ নিয়ন্ত্রণ কৰে। ৰাতিৰ আহাৰত প্ৰটিন খালে শুই উঠাৰ আগতে ভোক নালাগে।

প্ৰটিনে মেটাৰ’লিজমৰ মাত্রা ক্ষিপ্ৰ কৰে বাবে কেলৰি ক্ষয় হোৱাত সহায়ক হয়। ফলত শৰীৰৰ ওজন হ্রাস পায়।

প্ৰটিনে ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে। হার্ট এটেক, ষ্ট্ৰ’ক আৰু কিডনী ৰোগৰ অন্যতম কাৰক উচ্চ ৰক্তচাপ। প্রটিন গ্রহণে ব্লাড প্রেছাৰ নিয়ন্ত্রণ কৰে বাবে এই ৰোগসমূহৰ পৰাও আঁতৰত থাকিব পাৰি।

খাদ্যত প্রটিন গ্ৰহণৰ অভ্যাসে ওজন কমাই ৰাখে। প্রটিনক পুষ্টিৰ ৰজা বুলি কোৱা হয়। যিসকল ব্যক্তিয়ে শৰীৰত ওজনৰ লগত সামঞ্জস্য ৰাখি কাৰ্বহাইড্ৰেট কমাই প্ৰটিন গ্ৰহণ কৰে, তেওঁলোকে ওজন নিয়ন্ত্ৰণ কৰাত সহজ হয়।

বহুতৰে ধাৰণা আছে যে প্রটিন খালে কিড্‌নীৰ সমস্যাই দেখা দিয়ে। এইটো কথা নিশ্চিত যে যিসকল লোকৰ কিড্‌নীৰ অসুখ আছে, তেওঁলোকে প্রটিন খাব নালাগে। কিন্তু প্ৰটিন গ্রহণে সুস্থ কিড্‌নীৰ ক্ষতি নকৰে।

প্ৰটিনে শৰীৰক নিৰোগী কৰি ৰাখে। যিকোনো আঘাতৰ পাছত আৰোগ্য হোৱাত প্ৰটিনে সহায় কৰে।

প্রটিনে সু-স্বাস্থ্য প্রদান কৰে। নিয়মীয়াকৈ প্রটিন গ্ৰহণৰ অভ্যাসে এজন ব্যক্তিক শাৰীৰিকভাৱে সক্ষম কৰি ৰখাত সহায় কৰে। প্রটিন নিয়মীয়াকৈ গ্রহণ কৰিলে দেখাত আকর্ষণীয় হৈ থাকে।

আমি মনত ৰখা প্রয়োজন যে প্রটিনবিহীন আহাৰত আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা হ্রাস পাব। এটা সুন্দৰ শৰীৰৰ বাবে প্রতিদিনে বিভিন্ন ধৰণৰ ৫– ৬বিধ প্রটিন খোৱা আৱশ্যক। এগৰাকী মহিলাৰ ক্ষেত্ৰত প্রতিকেজি ওজনৰ বিপৰীতে ০.৮ গ্রামৰ পৰা ১ গ্রাম প্ৰটিনৰ আৱশ্যক। ইয়াৰ বিপৰীতে এজন পুৰুষৰ ক্ষেত্ৰত ১-ৰ পৰা ১.৫ গ্রাম প্ৰটিনৰ আৱশ্যক। প্রটিনে প্রথমে ছুগাৰৰ মান হ্রাস কৰে, যিটো চৰ্বিলৈ ৰূপান্তৰ হয়। শৰীৰত প্ৰটিনৰ ৰূপান্তৰৰ প্ৰতিটো পর্যায়তে কেলৰি ক্ষয় হয়। প্ৰটিনে আমাৰ মেটাৰ’লিজম দ্রুততৰ কৰে। ফলত শৰীৰৰ উত্তাপ বৃদ্ধি হয় বাবে বেছি কেলৰি ক্ষয় হয়। চর্বি আৰু কার্বহাইড্রেটৰ তুলনাত প্রটিনক শৰীৰত জমা কৰাটোও জটিল। এজন মানুহ সুস্থ-সবল হৈ থাকিবলৈ প্ৰটিনযুক্ত খাদ্যৰ অতি প্রয়োজন। প্রকৃতিৰ বিভিন্ন উপাদানেৰে সমৃদ্ধ বিশাল ভাণ্ডাৰত মানুহৰ স্বাস্থ্য ৰক্ষাৰ সকলো উপাদান পোৱা যায়। এইবিলাকত স্বাস্থ্য ৰক্ষাৰ অতিকে প্রয়োজন প্রটিন পোৱা যায়। আমিষভোজী বা নিৰামিষভোগী সকলোৱেই সহজেই প্রটিন গ্রহণ কৰিব পাৰে।

প্রাণীজ খাদ্য, যেনে— মাংস আৰু গাখীৰ আৰু খাদ্য-শস্য, যেনে— সেউজীয়া শাক-পাচলি, চজিনা, বিন, ছয়াবিন, সতেজ ফল-মূল আদিয়েই প্ৰটিনৰ প্ৰধান উৎস। ইয়াৰোপৰি আটাৰ পৰা তৈয়াৰ কৰা খাদ্য, গাখীৰৰ পৰা প্রস্তুত খাদ্য মাখন, দৈ, কণী, দাইল আদিতো প্ৰচুৰ প্ৰটিন পোৱা হয়।

কিড্‌নীৰ অসুখ আৰু হৃদৰোগত আক্রান্তসকলে মাংস খোৱাৰ অভ্যাস বাদ দিয়া ভাল। কাৰণ মাংসত প্ৰটিনৰ উপৰি কিছুমান অপ্রয়োজনীয় উপাদান থাকে। ফলত কিড্‌নীৰ অধিক পৰিশ্রম হয়।

লিখক: অনিল চন্দ্ৰ শৰ্মা, দৈনিক জনমভূমি

শেহতীয়া উন্নীতকৰণ: : 10/12/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate