অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

স্বাস্থ্য ৰক্ষাত দাইল

স্বাস্থ্য ৰক্ষাত দাইল

 

দৈনন্দিন জীৱন সুস্থ আৰু সুন্দৰ কৰি ৰখাত খাদ্যৰ এটা অনবদ্য ভূমিকা আছে । মানুহক জীয়াই থাকিবলৈ আৰু শৰীৰৰ সকলো কাম সুচাৰুৰপে চলি শাৰীৰিক বৃদ্ধি হোৱাৰ ক্ষেত্ৰতো আহাৰৰ ভূমিকা আছে । আমি আহাৰ হিচাপে গ্ৰহণ কৰা খাদ্যই শৰীৰত প্ৰৱেশ কৰি শৰীৰৰ কোষ নিৰ্মাণ আৰু পুননিৰ্মাণৰ কাম কৰে । সুস্বাস্থ্যৰ বাবে কিছুমান উপাদান প্ৰয়োজন হয়, যিবোৰ শৰীৰক সক্ৰিয় কৰি ৰখাৰ লগতে বিভিন্ন অংগ-প্ৰত্যংগৰ মাজত সু-সমন্বয় গঢ়ি তুলি সুস্বাস্থ্য ৰখাত সহায় কৰে । খাদ্য অবিহনে এই উপাদানবোৰ শৰীৰে নিজে তৈয়াৰ কৰিব নোৱাৰে । শৰীৰৰ বাবে প্ৰয়োজনীয় এই উপাদানবোৰ হ’ল প্ৰ’টিন, শৰ্কৰা, চৰ্বি, ভিটামিন, ধাতৱ লৱণ আৰু পানী । এজন প্ৰাপ্তবয়স্ক মানুহৰ শৰীৰৰ শতকৰা ৬৩ ভাগেই পানী । চিকিৎসা-বিজ্ঞানতে স্বাস্থ্য ৰক্ষাৰ বাবে বিভিন্ন খাদ্যৰ ব্যৱস্থা আছে । এই ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ ভূমিকা আছে প্ৰ’টিনৰ । শৰীৰৰ পুষ্টিৰ বাবে বা প্ৰয়োজনৰ ক্ষেত্ৰত প্ৰাথমিক স্তৰতেই আৱশ্যক হয় প্ৰ’টিনৰ । পানীৰ পিছতেই শৰীৰত বেছি পৰিমাণে থাকে প্ৰ’টিন । গ্ৰীক ভাষাৰ প্ৰ’টছ শব্দৰ অহা প্ৰ’টিনৰ অৰ্থ হ’ল প্ৰথম । আমাৰ পুষ্টিদ্ৰব্যবোৰৰ ভিতৰত কাৰ্বহাইড্ৰেটৰ পিছতে প্ৰ’টিনৰ স্থান । শৰীৰৰ মাংসপেশী, হাড়, তেজ,  মগজু, ছাল, চুলি আদি প্ৰত্যেক কোষতেই প্ৰ’টিন থাকে । এটা অট্টালিকা সাজিবলৈ যিদৰে ইটাৰ প্ৰয়োজন হয়, সেইদৰে প্ৰ’টিনে মানৱ শৰীৰত ইটাৰ ভূমিকা গ্ৰহণ কৰে । ৰাসায়নিক দিশৰ পৰা চালে প্ৰ’টিন হ’ল জৈৱিক অণু বা আৰ্গেনিক মলিকুল । এই অণুবোৰ গঠন হয় এমাইনো এচিড নামৰ একধৰণৰ নাইট্ৰ’জেন যৌগৰ জৰিয়তে ।

সমগ্ৰ পৃথিৱীত আশীবিধ এমাইনো এচিড আছে । ইয়াৰ মাত্ৰ ২০ বা ২১ বিধ এমাইনো এচিডহে প্ৰ’টিন গঠনৰ বাবে প্ৰয়োজন । খাদ্যৰ প্ৰ’টিনত আঠবিধ অপৰিহাৰ্য এমাইনো এচিডৰ আৱশ্যক । সেইবোৰ হ’ল লিউছিন, আইছ লিউছিন, ডেলিন মিথিঅ’নিন, থ্ৰিঅ’নিন, লাইছিন, ফিনাইল এলেনিন আৰু ট্ৰিণ্টফেন । ইয়াৰ উপৰি কেঁচুৱাৰ খাদ্যত হিষ্টিভিনৰ আৱশ্যক হয় । এই এমাইনো এচিডৰ অণুবোৰ যেতিয়া যথাযথভাৱে থাকে তেতিয়াই সি প্ৰ’টিন অণু হয় । এশৰ বেছি অণু সংযুক্ত হ’লে কোৱা হয় প্ৰ’টিন । সাধাৰণতে প্ৰ’টিনৰ অণুৰ আকাৰ ডাঙৰ হয় । বহুতো প্ৰ’টিনৰ অণু অন্য ৰাসায়নিক যৌগৰ লগত যুক্ত হৈ থাকিব পাৰে । উদাহৰণস্বৰুপে নিউক্লিপ্ৰ’টিন, প্লাইক’প্ৰ’টিন, লাইক’ প্ৰ’টিন, ক্ৰোমো প্ৰ’টিন, মেটাল প্ৰ’টিন ইত্যাদি ।

উদ্ভিদৰ ভিতৰত প্ৰ’টিনৰ ভাল উৎসৱ হ’ল দাইল । অৱশ্যে অতিৰিক্ত মাত্ৰাৰ প্ৰ’টিনে মানৱ শৰীৰৰ কিডনী আৰু পাকস্থলীৰ ক্ষতি কৰাৰ সম্ভাৱনাও নুই কৰিব নোৱাৰি । বাতবিষৰ ৰোগীৰ ক্ষেত্ৰতো অতিমাত্ৰা প্ৰ’টিন গ্ৰহণে শৰীৰত বিষৰ প্ৰকোপ বৃদ্ধি কৰিব পাৰে ।

আমি দৈনন্দিন খাদ্য গ্ৰহণ কৰা দাইলত ভৰপূৰ পৰিমাণৰ প্ৰ’টিন আৰু ফাইবাৰ বা আঁহ থাকে । সমগ্ৰ ভাৰততে সকলো মানুহেই খাদ্যত দাইল গ্ৰহণ কৰে । আহাৰৰ লগত দাইল খালে খাদ্যৰ গুণাগুণ বৃদ্ধি পায় । অন্যহাতে পৰিপুষ্টি বিজ্ঞানত নিৰামিষভোজীসকলক মাছ-মাংসৰ পৰিৱৰ্তে দাইল খাবলৈ পৰামৰ্শ আগবঢ়াইছে । এই দাইলৰ বজাৰৰ মূল্যও যথেষ্ট বেছি । খিচিৰি, ভাত বা ৰুটীৰ লগত ভাৰতীয়সকলে দাইল গ্ৰহণ কৰে । প্ৰকৃততে এই দাইল খোৱাৰ অভ্যাস ভাৰতীয়সকলৰ এক স্বাস্থ্যসন্মত অভ্যাস । দাইলত মিথিঅ’নিন আৰু ট্ৰিপ্ট’ফেন জাতীয় আৱশ্যকীয় এমাইনো এচিড থাকে । অৱশ্যে দাইল কেৰ’টিনযুক্ত খাদ্য, তথাপি দাইলত কাৰ্বোহাইড্ৰেট, ডায়েটৰী ফাইবাৰ, কেলৰি আৰু প্ৰয়োজনীয় ভিটামিন আৰু মিনাৰেল বা খনিজ পদাৰ্থ যথেষ্ট পৰিমাণ থাকে । ইয়াৰ পৰাই অনুমান কৰিব পাৰি যে দাইল সুষম খাদ্যৰ এক অন্যতম উপাদান । এই দাইল বহুত প্ৰকাৰৰ আছে । বুট, মগু, উৰাদ, মচুৰ, ৰহৰ, খেচৰি, মাটি ইত্যাদি । উদ্ভিদজাতীয় খাদ্যৰ প্ৰ’টিন প্ৰাণীজাতীয় খাদ্যৰ প্ৰ’টিনৰ তুলনাত বেছি গ্ৰহণযোগ্য , কিয়নো ই সহজে হজম হয় বাবে শৰীৰে সোনকালে ইয়াৰ গুণ লাভ কৰে । এই দাইলৰ বিভিন্ন ঔষধি গুণো আছে ।

ৰোগীৰ পথ্য হিচাপে আমাৰ সমাজত মগু দাইলক চিনাক্ত কৰা হয় । ল’গ্লাইছেমিক ইনডেক্স আৰু হাইডাইটেৰী ফাইবাৰযুক্ত এই মগু দাইলে তেজত ইনছুলিন ছেনিচিটিভিটী বৃদ্ধি কৰি চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰে । নানা ধৰণৰ এণ্টিঅক্সিডেণ্টযুক্ত ভিটামিন, খনিজ পদাৰ্থ আৰু ফাইট’কেমিকেল সমৃদ্ধ কেঁচা মগুৱে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে । বিশেষকৈ জ্বৰ, পানীলগা, বিভিন্ন বেক্টেৰিয়েল আৰু ভাইৰেল সংক্ৰমণ প্ৰতিৰোধ কৰে । মানসিক চাপ বা ষ্ট্ৰেছ কমোৱাতো এই মগুদাইলে সহায় কৰে । সহজে হজম হোৱা এই দাইল ৰোগীৰ পথ্য হোৱাৰ উপৰি অৰুচি, বদহজম, পেটফুলা, কোষ্ঠকাঠিন্য আদিৰ বাবেও উপযোগী । মগু দাইল অতি জনপ্ৰিয় । ভাত-ৰুটীৰ লগত এই দাইল গ্ৰহণ কৰাৰ উপৰি উত্তৰ ভাৰতত হালোৱা বনায় । অন্য দাইলৰ তুলনাত এই দাইল বেছি জনপ্ৰিয় আৰু সোৱাদযুক্ত ।

উচ্চ মাত্ৰাত প্ৰ’টিন্, ডায়েটৰী ফাইবাৰ, পটাছিয়াম, কেলচিয়াম, জিংক, নিয়াচিন, ভিটামিন-কে ইত্যাদি আৱশ্যকীয় বহু ভিটামিন আৰু খনিজ পদাৰ্থৰ উৎস মচুৰ দাইল । পুষ্টিবিজ্ঞানীৰ মতে মচুৰ দাইল হ’ল পাৱাৰ হাউছ অৱ নিউট্ৰিছন । ক’লা মচুৰ দাইলত আইৰনৰ পৰিমাণ যথেষ্ট বেছি থাকে । ৰক্ত সঞ্চালন বৃদ্ধি, বিভিন্ন স্ত্ৰীৰোগ, ভিটামিন-বিৰ অভাৱৰ বাবে মচুৰ দাইল উপযোগী । অৱশ্যে বেছিকৈ মচুৰ দাইল খালে ইউৰিক এচিডৰ পৰিমাণ শৰীৰত বৃদ্ধি হোৱাৰ সম্ভাৱনা থাকে । ৰহৰ দাইলো ভাৰতীয়সকলৰ প্ৰিয় দাইল । লিভাৰ বা যকৃতৰ ৰোগীৰ বাবে ৰহৰ দাইলৰ পাতৰ ৰস অতি উপকাৰী । ইয়াৰ বাহিৰেও শ্বাসতন্ত্ৰৰ ৰোগ, চুলি বৃদ্ধিৰ ক্ষেত্ৰত ৰহৰ দাইল উপযোগী । কেলচিয়াম, ফছফৰাছ, আইৰন, ফলিক এচিড আৰু জটিল কাৰ্বোহাইড্ৰেটযুক্ত এই দাইল সুস্বাদু আৰু উপকাৰী ।

এনেদৰে চালে দেখা যায় যে আমি খাদ্য হিচাপে গ্ৰহ ণ কৰা দাইলবোৰ শৰীৰৰ বাবে অত্যন্ত উপকাৰী । খাদ্যত দাইল আৰু চাউলৰ সংমিশ্ৰণৰ ফলত পৰস্পৰে পৰিপূৰক হিচাপে কাম কৰি সম্পূৰ্ণ প্ৰ’টিনলৈ ৰুপান্তৰিত হয় । বিভিন্ন দাইলৰ উপৰি এই দানাজাতীয় খাদ্য আৰু লগতে প্ৰ’টিনযুক্ত খাদ্যৰ ভিতৰত অন্তৰ্ভুক্ত ৰাজমাহ, লুবিয়া, ছয়াবিনকে ধৰি এইবোৰ মানৱ শৰীৰৰ বাবে উপযোগী । শাৰীৰিক দুৰ্বলতা হ্ৰাস কৰাৰ লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে । অৱশ্যে এই দাইলতো শৰীৰৰ বাবে ক্ষতিকাৰক কিছুমান উপাদান থাকে । সেয়ে দাইল সদায় ৰন্ধাৰ আগতে কিছু সময় পানীত তিয়াই থৈ ভালদৰে ধুই সেই পানী পেলাই দিব লাগে । অন্যহাতে কিডনীজনিত ৰোগ আৰু পাথৰজনিত ৰোগীয়ে দাইল কমকৈ খাব লাগে । অসমীয়া সমাজত দাইলত খাৰ দি খোৱাৰ এটা অভ্যাস আছে । মাজে-সময়ে দাইল এনেকৈ খালে ইউৰিক এচিড নিয়ন্ত্ৰণত সহায় হয় । দাইলত যথেষ্ট কীটনাশক ঔষধ ব্যৱহাৰ কৰে বাবেই ভালদৰে ধোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগে । পাঁচৰ পৰা ছয় ঘণ্টা পৰ্যন্ত দাইল তিয়াই ৰন্ধা উচিত । দাইলক লৈ যিমানেই অভিযোগ উত্থাপন নহওক কিয় ভাৰতীয়সকলৰ খাদ্যত দাইল এক এৰাব নোৱাৰা সংযোজন ।

লেখিকা :- গীতিমালিকা নেওগ

উৎস :- জি এনআৰচি স্বাস্থ্য

শেহতীয়া উন্নীতকৰণ: : 3/17/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate