অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

স্বাস্থ্য ৰক্ষাত ভিটামিন-এ

স্বাস্থ্য ৰক্ষাত ভিটামিন-এ

 

আমাৰ শৰীৰৰ পুষ্টি সাধনত ভিটামিনৰ যথেষ্ট প্ৰয়োজনীয়তা আছে।ভিটামিনযুক্ত আহাৰে মানুহৰ শৰীৰত পুষ্টি যোগান ধৰাৰ উপৰি স্বাস্থ্য সবল কৰে।ভিটামিনযুক্ত আহাৰে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।ভিটামিনক কেইবাটাও ভাগত বিভক্ত কৰা হয়-ভিটামিন “এ”,ভিটামিন “বি”,ভিটামিন “চি”,ভিটামিন “ডি”ভিটামিন “ই”আৰু ভিটামিন “কে”।আমাৰ শৰীৰৰ কাৰণে  ভিটামিন “এ”ৰ যথেষ্ট প্ৰয়োজন।ভিটামিন “এ”হালধীয়া ৰঙৰ এক দানাকাৰ পদাৰ্থ।ভিটামিন “এ”জাতীয় বস্তু গৰম পানীত উতলালেও ইয়াৰ গুণ অক্ষুণ্ণ থাকে।তলত ভিটামিন “এ”ৰ উপকাৰিতাৰ বিষয়ে আলোচনা কৰা হ’ল-

ভিটামিন “এ”যুক্ত খাদ্যই চকুৰ দৃষ্টি শক্তি প্ৰখৰ কৰাৰ উপৰি চকুৰ উজ্জ্বলতা বৃদ্ধি কৰে।ভিটামিন “এ”ৰ পৰিমাণ কমি গ’লে চকুৰ দৃষ্টি শক্তি কমি যায়।শৰীৰৰ অংগ-প্ৰত্যংগৰ বিকাশত ভিটামিন “এ”ৰ যথেষ্ট প্ৰয়োজনীয়তা আছে।শৰীৰত প্ৰ’টিন যোগান ধৰাৰ উপৰি ভিটামিন “এ”যুক্ত আহাৰে হাড় আৰু দাঁত মজবুত কৰি ৰাখে।ভিটামিন “এ”যুক্ত খাদ্যই শৰীৰক বিভিন্ন ৰোগৰ পৰা ৰক্ষা কৰাৰ উপৰি পাচন ক্ৰিয়াত সহায় কৰে।শৰীৰৰ স্নায়বিক কাম-কাজত ভিটামিন “এ”ই বহু সহায় কৰে।কিডনী সুস্থ-সবল কৰি ৰাখিবৰ বাবেও ভিটামিন “এ”জাতীয় খাদ্য যথেষ্ট উপকাৰী।শৰীৰৰ কাৰ্বহাইড্ৰেটৰ পাচন প্ৰক্ৰিয়াত ভিটামিন “এ”ই বিশেষভাৱে সহায় কৰে।ভিটামিন “এ”জাতীয় চৰ্বিযুক্ত খাদ্যসমুহ হ’ল-গাখীৰ,দৈ,মাখন,পনীৰ,ঘিউ ইত্যাদি।আনহাতে ভিটামিন “এ”যুক্ত ফলসমুহৰ ভিতৰত আম, পকা অমিতা আদি প্ৰধান।ইয়াৰ উপৰি সেউজীয়া শাক-পাচলিতো প্ৰচুৰ পৰিমাণে “এ”পোৱা যায়।আমাৰ শৰেৰৰ পৰিপুষ্টিত ভিটামিন “এ”সমৃদ্ধ খাদ্যৰ নিতৌ প্ৰয়োজন।ভাৰতীয় চিকিৎসা অনুসন্ধান পৰিষদৰ মতে এজন প্ৰাপ্তবয়স্ক ব্যক্তিৰ বাবে দৈনিক ৭০০-৭৫০ মাইক্ৰোগ্ৰাম ভিটামিন “এ”ৰ আৱশ্যক।শিশু অৱস্থাত ইয়াৰ পৰিমাণ অলপ বেছি হয়।মহিলাসকলে গৰ্ভৱতী অৱস্থাত ভিটামিন “এ”যুক্ত আহাৰ প্ৰচুৰ পৰিমাণে খাব লাগে।শিশুৰ জন্মৰ পৰা পাঁচ বছৰ বয়সলৈকে দৈনিক ১৫-২০ গ্ৰামকৈ সতেজ শাক-পাচলি খালে প্ৰয়োজনীয় ভিটামিন লাভ কৰে।

খাদ্যত থকা ভিটামিনৰ তালিকা

খাদ্য পদাৰ্থ

মাইক্ৰোগ্ৰাম

তৰমুজ

১৯৬

প্লাম

১৬৬

পকা অমিতা

৬৬৬

সুমথিৰা

১১০৪

পকা আম

২৭৪৩

জালুক

১০৮০

কেঁচা জলকীয়া

১৭৫

পিষ্টা

১৪৪

সৰিয়হ গুটি

১৬৫

পিয়াঁজৰ ঠাৰি

৫৯৫

মৰিচা

৫৫২০

চুকা শাক

৩৬৬০

বীট পালেঙৰ পাত

৫৮৬২

বুটৰ কুমলীয়া পাত

৯৭৮

ধনীয়া পাত

৬৯১৮

চজিনাৰ পাত

৬৭৮০

মেথি শাক

২৩৪০

পদিনা

১৬২০

সৰিয়হ শাক

১৬২২

মুলা শাক

৫২৯৫

পালেং শাক

৫৫৮০

গাজৰ

১৮৯০

চজিনা

১১০

উৰহী

১৮৭

 

লেখক:পংকজ মহন্ত (ৰাইজৰ বাতৰি )

শেহতীয়া উন্নীতকৰণ: : 2/28/2024



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate