অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

স্বাস্থ্যবৰ্ধক পাচলি কলফুল

স্বাস্থ্যবৰ্ধক পাচলি কলফুল

 

কলফুল এবিধ উৎকৃষ্টি পাচলি। কলফুলে বিভিন্ন ৰোগ দূৰ কৰে। শৰীৰত শক্তি যোগায়। ভিটামিন, আয়ৰণ, আৰু খনিজ গুণেৰে ই চিৰসমৃদ্ধ। সকলো কলফুলেই উপাদেয় যদিও আঠিয়া কলৰ কলডিল সকলোতকৈ উত্তম। ইয়াৰ ব্যঞ্জনৰ সোৱাদেই বেলেগ। জাহাজী, চেনিচম্পা, ৰামকল, বগীমুনিহা প্ৰভূতি কলৰ কলডিল পাচলি কৰি খাব পাৰি। ই ৰোগীৰ পথ্য। সকলো ৰোগতে ইয়াক খাব পাৰি। শৰীৰত তেজ পৰিষ্কাৰ হৈ থাকিলে ৰোগ আক্ৰমণ কৰিব নোৱাৰে। সেয়েহে কলফুলৰ পাচলি নাখাই নাথাকিব। ই হৃদৰোগৰ মহৌষধ তথা হৃদপিণ্ড পৰিষ্কাৰ কৰে। ই ঔষধি গুণেৰে সমৃদ্ধ। কলফুল আয়ৰণেৰে চিৰসমৃদ্ধ। ৰক্তৰ মূল চালিকা শক্তি হ’ল হিম’গ্লবিন।

কলডিল প্ৰ’টিন, কেলচিয়াম, কাৰ্ব’হাইড্ৰেট, গন্ধক, ফেট, পটাচিয়াম, ৰিব’ফ্লোৰিন, ভিটামিন চি আৰু আয়ামিনৰে সমৃদ্ধ।

*নিয়মিত ৰূপে কলফুল খালে মধুমেহ ৰোগ নিয়ন্ত্ৰণত থাকে।

*হাৰ্ট পৰিষ্কাৰ কৰণৰ বাবে কলডিলৰ ব্যঞ্জন উপকাৰী।

*কটা-ছিঙাত কলফুলৰ ব্যঞ্জন খালৰ সোনকালে শুকায়।

*সংক্ৰমণ হ্ৰাস কৰে। ঋতু পৰিৱৰ্তনৰ সময়ত কলফুল খালে সংক্ৰমণৰ আশংকা হ্ৰাস পায়।

*গৰ্ভাৱস্থাত কলফুল খালে স্তনত দুগ্ধ বাঢ়ে।

*অৱসাদ আৰু উৎকন্ঠা নিবাৰণ কৰে।

হালধি, শুকান জলকীয়া গুড়ি আৰু জিৰাৰে কলফুল খালে জৰায়ু সবল হয়।

*কলফুলৰ ব্যঞ্জনত অকণমান গাখীৰ দিলে ব্যঞ্জনখন বৰ তৃপ্তিদায়ক হয়।

*কলফুল খালে হৃদপিণ্ড সুস্থ আৰু সবল হৈ থাকে।

*ফলফুল টেনিন, ফ্লেভনয়েদ আৰু এন্টি অক্সিডেন্ট উপাদানেৰে পৰিপূৰ্ণ।

*ওজন হ্ৰাস কৰে। হজম শক্তি বাঢ়ে। ইয়াৰ চালাড আৰু চূপ খাব পাৰি।

*ৰুচিকৰ তথা তৃপ্তিকৰ ব্যঞ্জন।

লেখক: নুৰুদ্দিন আহমেদ(অসম বাণী)

 

শেহতীয়া উন্নীতকৰণ: : 3/8/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate