অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

স্বাস্থ্যৰ পক্ষে তেঁতেলি :

স্বাস্থ্যৰ পক্ষে তেঁতেলি :

 

শীতৰ বিদায় আৰু গ্ৰীষ্মৰ আগমনৰ সময়ত অসমত উপলব্ধ এবিধ টেঙাজাতীয় ফল হ’ল তেঁতেলি । অসমৰ গ্ৰামাঞ্চলত এইবিধ ফল প্ৰচুৰ পৰিমাণে পোৱা যায় । তেঁতেলি টেঙা আচাৰ, চৰবত কৰিও খাব পাৰি। আনহাতে ইয়াৰ বাকলি এৰুৱাই বা বাকলিৰ সৈতে বহু দিনলৈ সাঁচি থৈ দিব পাৰি। তেঁতেলি অসমীয়া ৰন্ধন সংস্কৃতিৰো অন্যতম অংগ । তেঁতেলিৰ আছে অনেক ঔষধি গুণ । ইয়াৰ টেঙা-মিঠা মঙহাল অংশৰ লগতে ভিতৰৰ কঠিন বীজটোতো আছে বিভিন্ন ঔষধি গুণ ।

১) ভোক নলগা হ’লে তেঁতেলিত সামান্য নিমখ আৰু গুড় মিহলাই খালে উপকাৰ পোৱা যায় । এনে মিশ্ৰণ আচাৰ হিচাপে সাঁচি থৈও মাজে মাজে খাই থাকিব পাৰি।

২) তেঁতেলিত যথেষ্ট পৰিমাণে ভিটামিন ‘চি’, ‘এ’ আৰু অক্সিডেণ্ট থাকে, যি ছালৰ কাৰণে মহৌষধ হিচাপে বিবেচিত হৈছে। তেঁতেলিৰ সাহ আৰু হালধি তথা দৈ মিশ্ৰণ কৰি পেক তৈয়াৰ কৰি প্ৰাকৃতিক মহিক্ৰবিয়েল পেক তৈয়াৰ কৰিব পাৰি । মুখ তথা অন্যান্য অংশত এনে পেক লগালে ছালৰ সংক্ৰমণ ৰোধ হয় । ছাল কোমল আৰু মসৃণ হয়, উজ্জ্বলতা বাঢ়ে ।

৩) তেঁতেলিত যথেষ্ট পৰিমাণে হাইড্ৰক্সিল এচিড থাকে । এই এচিডে শৰীৰৰ অতিৰিক্ত চৰ্বি আঁতৰ কৰি শৰীৰ আটিল কৰে।

৪) শীত আৰু গ্ৰীষ্মৰ সন্ধিকালত দেহত বতৰ পৰিৱৰ্তনৰ লগে লগে বিভিন্ন ৰোগ জ্বৰ, মূৰৰ বিষ আদিয়ে দেখা দিয়ে । এনে ক্ষেত্ৰত তেঁতেলিৰ পানী উপাদেয় । ইয়াৰ উপৰি তেঁতেলিৰ পাতৰ পানী উতলাই সেই পানী খালেও আৰাম পোৱা যায়।

৫) তেঁতেলিয়ে চকুৰ দৃষ্টিশক্তি বৃদ্ধিত সহায় কৰাৰ লগতে বিভিন্ন চকুৰ বিকাৰ নাশ কৰে । চকুৰ বিষ, জ্বলন আদিও তেঁতেলিৰ পাত বতি লৈ গাখীৰেৰে মিলাই চকু মুদি পতাত প্ৰলেপ দিলে চকু ঠাণ্ডা পৰে আৰু বিষ, জ্বলন আদি কমে ।

৬) অৰ্শ বা পাইলছ ৰোগত তেঁতেলি উপকাৰী । এই ৰোগত আক্ৰান্তসকলে নিয়মিত কিছুদিন তেঁতেলিৰ চৰবত বা তেঁতেলি পাতৰ ৰস খালে অৰ্শ ৰোগ বা পাইলছৰ পৰা মুক্তি পাব পাৰে।

৭) তেঁতেলিৰ বীজ (গুটি)বোৰৰ পৰা উপযোগী প্ৰাকৃতিক দন্তমাজন প্ৰস্তুত কৰিব পাৰি । ইয়াৰ বাবে তেঁতেলিৰ গুটিবোৰ গুড়ি কৰি লৈ দাঁত মাজিব লাগে । ই দাঁতৰ হালধীয়া দাগ নোহোৱা কৰি দাঁত চিকচিকীয়া কৰে আৰু দাঁতৰ বিভিন্ন ৰোগ নোহোৱা কৰে ।

৮) তেঁতেলি নিয়মিত খালে ছালৰ বিভিন্ন ৰোগ আঁতৰ হয় তথা ছাল মসৃণ আৰু কোমল হয় । ঘা, ফোঁহা আদি দূৰ হয়। ঘা, ফোঁহা আদিত তেঁতেলিৰ পাত বতি লগালে সোনকালে আৰাম পোৱা যায়। তেঁতেলি পৰিমিত পৰিমাণে নিয়মীয়াকৈ খালে শৰীৰৰ পাচন সম্বন্ধীয় সমস্যাৰ সমাধান হয় । ই খাদ্য সহজে হজম কৰি মুখৰ ৰুচি বঢ়ায় আৰু সুস্বাস্থ্য অটুট ৰখাত সহায় কৰে।

৯) অৰুচি ৰোগৰ উপাচাৰ হিচাপে তেঁতেলিৰ চাৰি ফোটা ক’লা নিমখেৰে সানি কিছুদিন ভাত খোৱাৰ আগতে খালে অৰুচি দূৰ হ’ব।

১০) তেঁতেলি নিয়মীয়াভাৱে খালে ৰক্ত পৰিষ্কাৰ কৰে আৰু শৰীৰৰ হিমগ্লবিন গঠনত সহায় কৰে।

১১) তেঁতেলিয়ে শৰীৰৰ কলেষ্টেৰলৰ পৰিমাণ হ্ৰাস কৰে আৰু ইয়াত থকা পটেচিয়ামে উচ্চ ৰক্তচাপ ৰোগ নিয়ন্ত্ৰণ কৰে।

১২) বমি বমি ভাব হ’লে বা কোনো কাৰণত বমি হ’লে তেঁতেলি তিয়াই বা খচি পানী খুৱালে উপশম হয়।

১৩) মহিলাৰ ৰক্তস্ৰাৱ সংক্ৰান্তীয় ৰোগত তেঁতেলিৰ পাতৰ ৰস উপকাৰী।

১৪) কৰ্কট ৰোগীকো তেঁতেলি খচি দৈনিক আধাকাপকৈ খুৱালে ৰোগৰ পৰা আৰাম পায় আৰু খাব পৰা হয়।

১৫) পেচাব পুৰিলে তেঁতেলি তিয়াই থৈ খচি তাত সামান্য মিচৰি বা চেনি মিহলাই খালে আৰাম পোৱা যায়।

১৬) পানী লগাতো তেঁতেলি খালে উপশম হয়।

১৭) নিয়মিত তেঁতেলি খালে ডাইবেটিছ ৰোগৰ পৰা উপশম হ’ব পাৰি।

১৮) তেঁতেলি ৰাতি এগিলাচ পানীত তিয়াই থৈ পুৱা সেই পানীত মিচিৰি মিহলাই কিছুদিন খালে এচিডিটি কমে ।

১৯) গ্ৰহণী ৰোগতো তেঁতেলি ঔষধৰ কাম কৰে।

২০) তেঁতেলিয়ে স্মৃতিশক্তি বৃদ্ধিত সহায় কৰে।

লেখক: উৎপল কুমাৰ কলিতা

উৎস: দৈনিক জনমভূমি

 

শেহতীয়া উন্নীতকৰণ: : 4/7/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate