আমাৰ দৈনন্দিন জীৱন কাৰ্য্য সমাধান কৰি সুস্বাস্হ্যৰ অধিকাৰী হ’বলৈ তিনিটা মূল কাৰ্য্য সুচাৰুৰূপে নিয়ন্ত্ৰণ ৰাখিব লাগিব ৷
দেহৰ গঠন বৃদ্ধিত সহায় কৰিব লাগিব ৷
ক্ষয় হোৱা শক্তি যোগাব লাগিব ৷
ৰোগ প্ৰতিৰোধ কৰিব লাগিব ৷
এই তিনিটা মূল কাৰ্য্য সমাধা কৰিবলৈ যি পুষ্টিৰ প্ৰয়োজন হয়, সেই পুষ্টিৰ ওপৰত ভিত্তি কৰিয়েই খাদ্য সমূহক তিনি ভাগত ভগোৱা হৈছে ৷ প্ৰতি খাদ্যতেই সকলোবোৰ পুষ্টি (প্ৰটিন,কাৰ্বহাইড্ৰেট, চৰ্বিৰ, ভিটামিন, মিনাৰেল) বিভিন্ন পৰিমাণত মিশ্ৰিত হৈ থাকে ৷ যি খাদ্যত যি পুষ্টি বেছি পৰিমাণত আছে, সেই পুষ্টিয়ে সমাধা কৰা কাম অনুসৰি সেই খাদ্য ভাগত অন্তৰ্ৰ্ভূক্ত কৰা হৈছে ৷
শক্তিদায়ক খাদ্য হৈছে চিৰিয়েল জাতীয়, চেনি-গুৰ আৰু তেল বা চৰ্বি জাতীয় খাদ্য ৷
মাহজাতীয় বা দাইলজাতীয় খাদ্য, কণী আৰু গাখীৰ৷ এই খাদ্যসমূহত থকা প্ৰটিনৰ পৰিমাণ বেছি হোৱাৰ বাবে দেহ গঠনত সহায় কৰে৷
বিভিন্ন ফল-মূল আৰু শাক-পাচলি এই খাদ্যভাগৰ ভিতৰত অন্তৰ্ৰ্ভূক্ত কৰা হৈছে ৷ এই খাদ্য সমূহত ভিটামিন আৰু মিনাৰেল উপযুক্ত পৰিমাণত থাকে৷
আমাৰ সুস্বাস্হ্যৰ কাৰণে খাদ্যৰ নিৰ্বাচন সঠিক আৰু খাদ্যৰ পৰিমাণ সঠিক হ’ব লাগিব ৷ গতিকে ‘সু-স্বাস্থ্য’ আৰু ‘সুষম আহাৰৰ’ ওপৰত আলোচনা কৰা ভাল হ’ব৷
যেতিয়া কোনো এজনে নিজৰ উচ্চতা অনুসৰি শৰীৰৰ ওজন নিয়ন্ত্ৰণত ৰাখে আৰু ৰোগ প্ৰতিৰোধ কৰিব পৰা ক্ষমতাত থাকে তেতিয়া তেওঁৰ স্বাস্থ্য ভাল বুলি কোৱা হয়৷
আমাৰ গোটেই শৰীৰৰ বিভিন্ন অংশত থকা কোষবিলাকৰ পুষ্টিসমূহ বিভিন্ন কাৰণত ভঙা-গঢ়া হৈ থাকে৷ বিশেষকৈ শৰীৰৰ গঠনত সহযোগ কৰা প্ৰয়োজনীয় পুষ্টি খাদ্য-প্ৰটিন, আমাৰ দেহত হজম হৈ সৰু সৰু কণিকা বোৰ অন্যান্য কণিকাৰে লগলাগি দেহত প্ৰটিন তৈয়াৰ হয় যেনে- হৰমন, এনজাইম ইত্যাদি৷ এইদৰে খাদ্যৰ পৰা পোৱা প্ৰটিন কাৰ্বহাইড্ৰেট, ভিটামিন, মিনাৰেল চৰ্বি আদি দেহত প্ৰণালীবদ্ধভাৱে সঞ্চালিত হৈ থকা ৰক্তসঞ্চালন ও অন্যান্য দেহৰসত আহি থাকে, কোষবিলাকে যেতিয়াই প্ৰয়োজন হয়, তেতিয়াই প্ৰয়োজনীয় খিনি গ্ৰহণ কৰে৷ কোষবিলাকত থাকিবলগা কোষকণিকা যথোপযুক্ত হ’লে, শৰীৰটোৰ বেমাৰ আজাৰৰ পৰা ৰক্ষা কৰাত সহায় হয়৷ গতিকে প্ৰতিকোষৰ কোষকণিকাৰ পৰিমাণ যথোপযুক্ত হ’বলৈ ভাল খাদ্য বা সুষম আহাৰৰ প্ৰয়োজন হয়৷
যি খাদ্যই আমাৰ দৈনিক প্ৰয়োজন হোৱা পুষ্টি সমূহ সঠিক পৰিমাণত যোগাব পাৰে তাক সুষম আহাৰ বুলি কোৱা হয়
তালিকা নং : ১
এজন প্ৰাপ্তবয়স্ক পুৰুষক আহাৰ যোগাবৰ বাবে প্ৰয়োজনীয় খাদ্য সামগ্ৰীৰ পৰিমাণ
কঠোৰ পৰিশ্ৰমী | মধ্য পৰিশ্ৰমী | লঘু পৰিশ্ৰমী | ||
১) | চিৰিয়েলচ | ৬৭০ গ্ৰা: | ৫২০ গ্ৰা: | ৪৬০ গ্ৰা: |
২) | ডাইল বা মাহ জাতীয় | ৬০ গ্ৰা: | ৫০ গ্ৰা: | ৪০ গ্ৰা: |
৩) | সেউজীয়া শাক-পাচলি | ৪০ গ্ৰা: | ৪০ গ্ৰা: | ৪০ গ্ৰা: |
৪) | মূল জাতীয় | ৮০ গ্ৰা: | ৬০ গ্ৰা: | ৪০ গ্ৰা: |
৫) | অন্যান্য পাচলি | ৮০ গ্ৰা: | ৭০ গ্ৰা: | ৬০ গ্ৰা: |
৬) | গাখীৰ | ২৫০ মি: লি: | ২০০ মি: লি: | ১৫০ মি:লি: |
৭) | তেল আৰু চৰ্বি জাতীয় | ৬৫ গ্ৰা: | ৪৫ গ্ৰা: | ৪০ গ্ৰা: |
৮) | চেনী আৰু গুৰ | ৫৫ গ্ৰা: | ৩৫ গ্ৰা: | ৩০ গ্ৰা: |
সুষম আহাৰ প্ৰস্তুত কৰিবলৈ বিভিন্ন খাদ্যসমূহ বাচিবলৈ এই খাদ্যৰ ভাগ কেইটা বিশেষকৈ মনত ৰাখিলে সুবিধা হয় ৷
এগৰাকী কঠোৰ পৰিশ্ৰমী মহিলাৰ স্বাস্হ্যৰ বাবে প্ৰায় ৩০০০ কেলৰি বা তাপশক্তিৰ প্ৰয়োজন হয় ৷ আমাৰ শৰীৰত হোৱা বিভিন্ন ৰাসায়নিক প্ৰক্ৰিয়াত তাপ উৎপন্ন আৰু মাংসপেষীৰ সংকোচনতো তাপ উৎপন্ন হয় ৷ এই তাপ বিভিন্ন ধৰণেৰে শৰীৰৰ পৰা ওলাই যায়- ঘাম হৈ, শ্বাস-প্ৰশ্বাস, শৌচ-প্ৰসাৱ ইত্যাদিৰে ৷ জ্বৰ, বেমাৰ-আজাৰত হোৱা শৰীৰৰ তাপৰ তাৰতম্যৰ বাহিৰে, এক স্বাভাৱিক অৱস্হাত, এই তাপ আদান প্ৰদান হোৱা স্বত্বেও এক বিশেষ প্ৰক্ৰিয়াৰে শৰীৰৰ তাপ নিয়ন্ত্ৰণত ৰাখে ৷ সাধাৰণতে খাদ্যই এই প্ৰয়োজন হোৱা তাপ যোগায়, যদি খাদ্যই এই প্ৰয়োজনীয়তা পূৰাব নোৱাৰে শৰীৰৰ কিছু ক্ষয় হৈও তাপশক্তি নিয়ন্ত্ৰত ৰাখে৷ গৰমকালি বা শীত কালি হোৱা তাপৰ তাৰতম্যৰ লগত সংগতি ৰাখি শৰীৰত এই বিশেষ প্ৰক্ৰিয়া সদায় চলি থাকে ৷ গতিকে সু-স্বাস্থ্যৰ বাবে পৰিশ্ৰম অনুসৰি সঠিক পৰিমাণৰ খাদ্য খাব লাগে৷
আমি যেতিয়া কাম কৰো, প্ৰতি কামতেই প্ৰয়োজন হেৱা কেলৰি বা শক্তি বেলেগ বেলেগ৷ এজন মানুহক খোজ কাঢ়িবৰ কাৰণে শৰীৰৰ ওজনৰ প্ৰতি কেজিৰ বাবে ঘন্টাত ৪ কেলৰি প্ৰয়োজন হয়৷
এইদৰে খাদ্য খোৱাকে ধৰি শৰীৰৰ যত্ন লোৱা ও অন্যান্য কাম কৰা, বাৰীত কাম কৰা, কোৰ মৰা, ঘৰ সৰা, ঘৰ ম’চা, পানী তোলা, বাচন ধোৱা, আদি বিভিন্ন কামৰ বাবে প্ৰয়োজন হোৱা কেলৰিৰ পৰিমাণ বেলেগ বেলেগ৷
কোনো এক কাম কৰোতে ক্ষয় হোৱা শক্তি বা প্ৰয়োজন হোৱা কেলৰিৰ প্ৰতি বিশেষ লক্ষ্য ৰাখিব লাগে৷ কিয়নো প্ৰয়োজনীয় শক্তি আমি খাদ্যৰ পৰাই যোগাব লাগিব আৰু আমি বিভিন্ন কামতো লিপ্ত থাকিব লাগিব৷ সেই গতিকে কোনো এক কাম দক্ষতাৰে সমাধা কৰা বুলি কোৱা হয়, যেতিয়া কামটোৰ কাৰণে প্ৰয়োজনীয় শক্তিখিনিহে খৰচ কৰো৷
পৰিশ্ৰমত ক্ষয় হোৱা শক্তি আৰু শৰীৰৰ বিভিন্ন ৰাসায়নিক প্ৰক্ৰিয়াৰ বাবে প্ৰয়োজন হোৱা শক্তিৰ সৈতে খাদ্য হজম হৈ শৰীৰৰত প্ৰয়োজনীয় খিনি গ্ৰহণ হোৱাৰ এক বিশেষ সম্বন্ধ আছে ৷ যদি প্ৰয়োজনতকৈ বেচিকৈ খোৱা হয় আৰু শৰীৰত ইয়াৰ ব্যৱহাৰ নহয় খাদ্য তেতিয়া অতিৰিক্ত খাদ্য শক্তি চৰ্বি, হিচাবে জমা হয় ৷ আই,চি, আৰ (ইণ্ডিয়ান কাউন্সিল অৱ্ মেডিকেল ৰিচাৰ্চ)ৰ নিৰ্দ্দেশ মম্ৰ্ৰ্মে এক বিশেষ কমিটিয়ে বিভিন্ন শক্তিদায়ক খাদ্যৰ পৰা যোগোৱা কেলৰিৰ পৰিমাণ নিৰ্দ্ধাৰণ কৰি দিছে ৷
চিৰিয়েলচ | শতকৰা ৭৫ ভাগ |
বিশুদ্ধ কাৰ্বহাইড্ৰেট (চেনী আৰু গুৰ)
|
শতকৰা ৫ ভাগ |
চৰ্বি, জাতীয় | শতকৰা ২০ ভাগ |
এগৰাকী কঠোৰ পৰিশ্ৰমী মহিলাক যদি ৩০০০ কেলৰি প্ৰয়োজন হয় তেতিয়া চিৰিয়েলচৰ পৰা ২২৫০ কেলৰি, চেনী আৰু গুৰৰ পৰা ১৫০ কেলৰি, তেল আৰু ঘিঁউৰ পৰা ৬০০ কেলৰি পাব লাগিব ৷
যদিও চিৰিয়েলচ্ চেনী, গুৰ, তেল বা চৰ্বি,জাতীয় খাদ্য একোটা মূল খাদ্যভাগৰ- তথাপিও ইয়াৰ পৰিমাণৰ ওপৰত বিশেষ মন দিব লাগে ৷ আমাৰ দৈনিক আহাৰৰ তালিকাত চিৰিয়েলচ্ , ডাইল, চেনী, গুৰ, তেল বা চৰ্বি,, ফল-মূল ও অন্যান্য খাদ্য থাকে ৷ গতিকে সদায় খোৱা কোনো নিৰ্ৰ্দ্দিষ্ট খাদ্যৰ পৰিমাণ একেৰাহে বাঢ়ি বা কমি যায় তেতিয়া অনিয়ম হবও পাৰে ৷ সেয়েহে প্ৰয়োজন হোৱা খাদ্যৰ পৰিমাণ সমূহ বিভিন্ন বয়স অনুসৰি তালিকা নং ১ আৰু তালিকা নং ৩ দেখুওৱা হৈছে ৷
খাদ্যৰ মূল তিনিটা ভাগৰ বিষয়ে জানিলেহে সুষম আহাৰ প্ৰস্তুত কৰাত সুবিধা হয় ৷ কেতিয়াবা আমি সকলো খাদ্য একে সময়তে নাপাওঁ ৷ আৰু কেতিয়াবা একেবাৰে নাপাওঁ ৷ কিছুমান খাদ্যৰ দাম বেছি হোৱাত আমি সকলোৱে ব্যৱহাৰ কৰিব নোৱাৰো ৷ তেতিয়া আমি সেই খাদ্যৰ সলনি অন্য কিছু খাদ্য ব্যৱহাৰ কৰিব কৰিব পাৰো, যাতে আমাৰ প্ৰয়োজনীয় পুষ্টি যোগোৱাত বাধা নহয়৷
তালিকা নং ১ আৰু তালিকা নং ৩ ত নিৰামিষ ভোজীৰ বাবেহে খাদ্যৰ পৰিমাণ সমূহ দিয়া হৈছে ৷ যদিহে মাছ, মাংস, কণী খোৱা হয় তেতিয়া মাহ আৰু চৰ্বি, জাতীয় খাদ্যৰ পৰিমাণ সলনি হ’ব ৷
তালিকা: ২
মাহজাতীয় খাদ্যৰ পৰিমাণ |
মাছ, মাংস খাদ্যৰ পৰিমাণ |
শতকৰা ৫০ ভাগ ডাইল বা মাহজাতীয় খাদ্য (২০-৩০ গ্ৰা:) |
১ ৷ এটা কণী বা ৩০ গ্ৰাম মাছ বা মাংস ৷ ২ ৷ অতিৰিক্ত ৫গ্ৰাম তেল বা ঘিঁউ ৷ |
শতকৰা ১০০ ভাগ ডাইল বা মাহজাতীয় খাদ্য (৪০-৬০ গ্ৰা:) |
১ ৷ দুটা কণী বা ৫০ গ্ৰাম মাছ বা মাংস বা ১ টা কণী আৰু ৩০ গ্ৰাম মাংস বা মাছ ৷ ২ ৷ ১০গ্ৰাম তেল বা ঘিঁউ ৷ |
মহিলা | শিশু | লঃৰা | ছোৱালী | ||
১-৩ বছৰ | ৪-৬ বছৰ | ১০-১২ বছৰ | ১০-১২ বছৰ | ||
১) চাউল |
৪৪০ গ্ৰাম |
১৭৫ গ্ৰাম |
২৭০ গ্ৰাম |
৪২০ গ্ৰাম |
৩৮০গ্ৰাম |
২) দাইল বা মাহজাতীয় | ৪৫ গ্ৰাম | ৩৫ গ্ৰাম | ৩৫ গ্ৰাম | ৪৫ গ্ৰাম |
৪৫ গ্ৰাম |
৩) গাখীৰ |
১০০ মি:লি: |
৩০০ গ্ৰাম |
২৫০ গ্ৰাম |
২৫০ মি:লি: |
২৫০ মি:লি: |
৪) মূল জাতীয় | ৫০ গ্ৰাম | ১০ গ্ৰাম | ২০ গ্ৰাম |
৩০ গ্ৰাম |
৩০ গ্ৰাম |
৫) সেউজীয়া শাক-পাচলি | ৪০ গ্ৰাম |
৪০ গ্ৰাম |
৫০ গ্ৰাম |
৫০ গ্ৰাম |
৫০ গ্ৰাম |
৬) অন্যান্য পাচলি |
৪০ গ্ৰাম |
২০ গ্ৰাম | ৩০ গ্ৰাম |
৫০ গ্ৰাম |
৫০ গ্ৰাম |
৭) চেনী আৰু চৰ্বি, | ২৫ গ্ৰাম | ১৫ গ্ৰাম | ২৫ গ্ৰাম |
৪০ গ্ৰাম |
৩৫ গ্ৰাম |
৮) চেনী আৰু গুৰ | ২০ গ্ৰাম | ৩০ গ্ৰাম | ৪০ গ্ৰাম | ৪৫ গ্ৰাম | ৪৫ গ্ৰাম |
বি:দ্ৰ:- কঠোৰ পৰিশ্ৰমী মহিলাই গাখীৰ ২০০ মি:লি:, মাহজাতীয় খাদ্য ৫০ গ্ৰাম, চাউল ৫৭৫ গ্ৰাম, চেনী আৰু গুৰ ৪০গ্ৰাম আৰু মূলজাতীয় ৬০ গ্ৰাম খাব লাগে৷
গৰ্ভাৱতী আৰু পোৱতী মাতৃৰ বাবে প্ৰয়োজন হোৱা
অতিৰিক্ত খাদ্য সামগ্ৰীৰ পৰিমাণ
|
গৰ্ভাৱতী |
পোৱতী মাতৃ |
১ ৷ চাউল ২ ৷ দাইল বা মাহজাতীয় খাদ্য ৩ ৷ গাখীৰ ৪ ৷ তেল আৰু চৰ্বি, ৫ ৷ চেনী |
৩৫ গ্ৰাম ১৫ গ্ৰাম ১০০ মি:লি: ----------- ১০ গ্ৰাম |
৬০ গ্ৰাম ৩০ গ্ৰাম ১০০ মি:লি: ১০ গ্ৰাম ১০ গ্ৰাম |
এইদৰে ১ নং আৰু ৩ নং তালিকাত দিয়া বিভিন্ন খাদ্য ভাগৰ পৰিমাণ গোটেই দিনৰ আহাৰ, দুপৰীয়া, আহাৰ, আবেলি চাহৰ আৰু ৰাতিৰ আহাৰত ভগাই ল’ব লাগে ৷ নিৰ্ৰ্দিষ্ট জোখত, নিদিৰ্ষ্ট সময়ৰ অন্তৰে অন্তৰে খাদ্য সমূহ ভগাই লোৱা ভাল ৷ খোৱা খাদ্য সম্পূৰ্ণৰূপে হজম হবলৈ কিছুমান কথা মন কৰিব লাগে- খাদ্যৰ মিশ্ৰণ, খাদ্যপ্ৰস্তুত কৰণ পদ্ধতি, খাদ্যৰ পৰিবেশন ইত্যাদি ৷ শস্য সংগ্ৰহ কৰা পদ্ধতি উত্তম হলেহে ভাল খাদ্যগুণ আশা কৰিব পাৰি ৷ তিনিটা মূল খাদ্যভাগৰ বিষয়ে জানিলে- অতি সহজে কম খৰচতে পুষ্টিকৰ খাদ্য তৈয়াৰ কৰি সুষম আহাৰ লাভ কৰিব পাৰি ৷ বিশেষকৈ ৰুগীয়া অৱস্হাত যেতিয়া কম চিব, কম কাৰ্বহাইড্ৰেট, কম প্ৰটিন থকা খাদ্য খাব লাগে, তেতিয়া এই খাদ্যভাগ কেইটা মনত ৰাখিলে পৰিকল্পনা কৰাত সহজ হয়৷
পুষ্টিহীনতাৰ লক্ষণসমূহ, কাৰণসমূহ আৰু ইয়াৰ প্ৰতিৰোধ ব্যৱস্থা
উৎস: অসম কৃষি বিশ্ববিদ্যালয়।
শেহতীয়া উন্নীতকৰণ: : 4/24/2020
প্ৰবঞ্চকৰ পৰা হাত সাৰিবলৈ প্ৰয়োজনীয় কিছু সচেতনতা
তথ্য সংৰক্ষণৰ বাবে ব্যৱহৃত হ’ব ডিএনএ
উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানবোৰত ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা শ...
গৰুৰ বাবে প্ৰয়োজনীয় আহাৰ যোগান