অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

স্মৃতিবৰ্ধক বনৌষধি ব্ৰাহ্মী

স্মৃতিবৰ্ধক বনৌষধি ব্ৰাহ্মী

ব্ৰাহ্মী এবিধ বহু পৰিচিত শাক জাতীয় ঔষধি উদ্ভিদ| আয়ুৰ্বেদ শাস্ত্ৰত স্মৃতিবৰ্ধক বনৌষধি হিচাপে ইয়াৰ এক বিশেষ খ্যাতি আছে| চেচুকীয়া জিপাল মাটিত এই শাক লহপহকৈ বাঢ়ি বিয়পি বহল হৈ পৰে| ই মগজুৰ বাবে মহৌষধ স্বৰুপ| ইয়াৰ বৈজ্ঞানিক নাম হৈছে-Bacopa monnieri (L) আৰু ই স্ক্ৰোফুলাৰিয়াচি গোত্ৰৰ| সোৱাদত অলপ ই তিতা-কেহা প্ৰকৃতিৰ| এই উদ্ভিদৰ আটাইবোৰ অংশই ঔষধি গুণবিশিষ্ট| ই ৰক্ত পৰিস্কাৰক, কামোদ্দীপক আৰু মৃদু বিৰেচক| স্মৃতিশক্তি, জীৱনী শক্তি বঢ়োৱাৰ উপৰি ই মৃগী, হাপানী, বাতবিষ, ৰক্তহীনতা, প্ৰস্ৰাৱৰ ৰোগ, স্নায়ুবিকাৰ, স্বৰভংগ, কাহ, চৰ্দি, মধুমেহ, ধাতু দৌৰ্বল্য, মূৰ্চ্ছা, উন্মাদৰোগ, মানসিক বিকাৰগ্ৰস্ততা, আদিকে ধৰি এশ এটা ৰোগৰ বাবে পৰম উপকাৰী|

ব্ৰাহ্মী শাকত যথেষ্ট পৰিমাণে ফছফৰাছ পোৱা যায়| সেই বাবে এইবিধ শাকে স্মৰন শক্তি বৃদ্ধি কৰে আৰু স্নায়ু সবল কৰে| স্মৃতি শক্তিৰ বৰ্দ্ধনৰ বাবে ইয়াৰ ৰস চাৰি চামুচমান এৱা গাখীৰৰ লগত মিহলাই নাইবা ঘিউত ভাজি শাক হিচাপে কিছুদিন খালে সুফল পোৱা যায়| কেঁচা হালধিৰ ৰস আৰু মৌৰ লগত ইয়াৰ চাৰি চামুচ পৰিমাণৰ ৰস নিয়মিত ভাৱে কিছুদিন সেৱন কৰিলে ৰক্তহীনতা আঁতৰি যায়| ইয়াৰ তিনি চামুচ ৰস দিনে তিনিবাৰকৈ কিছুদিন খালে প্ৰস্ৰাৱ খোলা হয় আৰু প্ৰস্ৰাৱৰ সময়ৰ পোৰণি প্ৰশমিত হয়| ইয়াক ঘিউৰে ভাজি নিয়মীয়াকৈ কিছুদিন সেৱন কৰিলে ধাতু দৌৰ্বল্য আৰু স্বৰভংগ ৰোগ আঁতৰি যায়| এচামুচ মৌৰ সৈতে ইয়াৰ ৰস দুইচামুচমান  নিয়মিতভাৱে খালে হিষ্টিৰিয়া, মূৰ্চ্ছা আদি মানসিক বিকাৰ জাতীয় প্ৰশমিত হয়| ইয়াৰ পৰিমিত পৰিমাণৰ নিয়মিত সেৱনে স্নায়ৱিক দূৰ্বলতা দুৰ কৰি দৃষ্টি তথা জীৱনী শক্তি সবল কৰি তোলে| ইয়াক আলুৰ সৈতে ভাজি তিতা গুন আঁতৰাই তৃপ্তিকৰ কৰি তুলি ব্যঞ্জন হিচাপে ব্যৱহাৰ কৰিও ইয়াৰ ঔষধি গুণ সমুহৰ সমস্ত সুফল পাব পাৰি| হাততে পোৱাকৈ চোতালৰ আগত এই বহুগুণী ব্ৰাহ্মী ৰোপণ আৰু নিয়মিত সেৱনৰ দ্বাৰা নি:সন্দেহে আমি আমাৰ সুস্বাস্থ্য সুনিশ্চিত কৰি তুলিব পাৰোঁ|

উৎস:- দৈনিক অসম

লেখক:- ভুৱনেশ্বৰ ডেকা

শেহতীয়া উন্নীতকৰণ: : 7/5/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate