অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

হালধিৰ উপকাৰিতা

হালধিৰ উপকাৰিতা

ভাৰতীয়সকলে প্ৰায়ভাগ ব্যঞ্জন প্ৰস্তুত কৰোঁতে হালধি ব্যৱহাৰ কৰে। হালধি ব্যঞ্জনৰ ৰং আৰু সোৱাদৰ বাবে ব্যৱহাৰ কৰা হয় বুলিয়ে আমি জানো। এই হালধিৰ আমাৰ স্বাস্থ্যৰ ওপৰত যথেষ্ট প্ৰভাৱ আছে। আমাৰ শৰীৰৰ বাবে ই অতি উপকাৰী।

হালধিৰ ঔষধি গুণ

হালধি বিষনাশক। শৰীৰৰ কোনো অংশ আঘাতপ্ৰাপ্ত হৈ বিষ হ’লে আৰু ফুলি উঠিলে কেঁচা হালধি পটাত বটি আঘাতপ্ৰাপ্ত অংশত বান্ধি দিলে উপশম পোৱা যায়। চীনাসকলে প্ৰসৱৰ পিছত প্ৰসৱ বেদনাৰ পৰা সকাহ পাবলৈ বটা হালধি আভ্যন্তৰীণভাৱে ব্যৱহাৰ কৰে। তদুপৰি তেওঁলোকে ঋতুস্ৰাৱৰ দোষ আৰু ছালৰ বেমাৰতো হালধিৰ ব্যৱহাৰ প্ৰাকৃতিক চিকিৎসা পদ্ধতিত কৰে বুলি জনা যায়।

হালধি পেলুনাশক। হালধিয়ে পেটত হোৱা গেছ কমোৱাত সহায় কৰে। অভোক হ’লে হালধিৰ ব্যৱহাৰে ভোক লগায়। তদুপৰি আৰ্থ্ৰাইটিছ, পেটৰ নানা ধৰণৰ সমস্যা, উচ্চ ৰক্তচাপ, যকৃত, গলব্লাডাৰৰ সমস্যাৰ বাবেও হালধি উপকাৰী।

ই এবিধ এন্টি-অক্সিডেন্ট। হালধিৰ ব্যৱহাৰে গাৰ ছাল উজ্জ্বল কৰে। প্ৰসাধন সামগ্ৰীত হালধিৰ ব্যৱহাৰ দেখা যায়। ইয়াক ৰক্তশোধক বুলিব পাৰি। শৰীৰৰ অতিৰিক্ত কলেষ্টেৰল হ্ৰাস কৰাত হালধিয়ে সহায় কৰে।

বহু ব্যক্তিয়ে পেটৰ সমস্যাত ভোগা দেখা যায়। ইয়াক Irritable Bowel Syndrome বোলে। IBS ৰ বাবে হালধি উপকাৰী। Helicobater Pylori নামৰ এবিধ বীজাণুবিধ ধ্বংস কৰিব পাৰে। প্ৰতিদিনে ৩ গ্ৰাম কেঁচা হালধি খালে বহু ৰোগৰ পৰা হাত সাৰি থাকিব পাৰি। অৱশ্যে অতিমাত্ৰা সেৱন কৰিলে পেটৰ আলচাৰ কৰিব পাৰে।

বৰ্তমান কেন্সাৰ ৰোগে মানৱ সমাজত এক ভয়াৱহ ৰূপ ধাৰণ কৰিছে। হালধি কেন্সাৰৰ বাবেও উপকাৰী। প্ৰকৃতাৰ্থত ই শৰীৰক বিষমুক্ত কৰে।

হালধি কাহ, কফ, টনচিলৰ সমস্যাৰ বাবেও উপকাৰী। সুৰাপান কৰাৰ ফলত যকৃত ৰুগীয়া হ’লে হালধিয়ে যকৃতৰ ৰুগীয়া কোষ সজীৱ কৰাত অৰিহণা যোগায়।

বিজ্ঞানীসকলে কৰা গৱেষণাৰ পৰা জনা গৈছে যে ২-৩ গ্ৰাম কেঁচা হালধিৰ সেৱন ২-৩ মাহ কৰাৰ পিছত পেটৰ ঘা (আলচাৰ) ৭৫ শতাংশ হ্ৰাস হৈছে। কেঁচা হালধি, আদা আৰু ক’লা জালুক মিহলাই পৰিমিত পৰিমাণত সেৱন কৰিলে পেটৰ ক্ৰিয়া সবল আৰু সক্ৰিয় হয়।

মুঠতে আঞ্জাত ব্যৱহাৰ কৰাৰ উপৰি কেঁচা হালধিৰ নিয়মিত ব্যৱহাৰে নানা ৰোগৰ পৰা পৰিত্ৰাণ পোৱাত সহায় কৰে।

লেখিকা: ড° মঞ্জুৰাণী দেৱী, প্ৰাক্তন অধ্যাপিকা, কটন কলেজ।

শেহতীয়া উন্নীতকৰণ: : 5/13/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate