অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

হাড়ৰ পাঁচবিধ বেমাৰ আৰু পৰিত্ৰাণৰ উপায়

হাড়ৰ পাঁচবিধ বেমাৰ আৰু পৰিত্ৰাণৰ উপায়

 

১/অষ্টিঅ’পেনিয়া:অষ্টি অ’পেনিয়া হ’ল এনে এটা অৱস্থা যি অৱস্থাত আমাৰ শৰীৰত থকা হাড়ৰ বি এম ডিৰ পৰিমাণ জোখতকৈ কমি যায় কিন্তু অতি মাত্ৰাত কমি নাযায় যে আমি তাক অষ্টি অ’পৰচিছ বুলি কম।

২/অষ্টি অ’মায়েলাইটিছ:আমাৰ শৰীৰৰ যিকোনো এডাল হাড় বেক্টেৰিয়াৰ দ্বাৰা সংক্ৰমিত হোৱাৰ অৱস্থাটোক আমি অষ্টিঅ’মায়েলাইটিছ বুলি কওঁ।ই শৰীৰৰ সকলো হাড়কে আক্ৰমণ কৰিব পাৰে।

৩/অষ্টিঅ’প’ৰচিছ:ই এনেকুৱা এটা অৱস্থা যেতিয়া আমাৰ শৰীৰৰ যিকোনো এদাল হাড় প্ৰায় থুনুকা হৈ যায় বা হাড়ত থাকিবলগীয়া সকলো ধৰণৰ সম্পুৰ্ণ ৰাসায়নিক পদাৰ্থ একেবাৰে বেছিকৈ কমি যায়।

৪/অষ্টিঅ’মালেছিয়া:হাড়ত থাকিবলগীয়া ভিটামিন ডিৰ পৰিমাণ কমি যোৱা অৱস্থাটোক আমি অষ্টিঅ’মালেছিয়া বুলি কওঁ।

৫/অষ্টিঅ’আৰ্থ্ৰাইটিছ:বয়সৰ পৰিৱৰ্তনৰ লগে লগে হাড়ৰ যোৰাবোৰত থকা কাৰ্টিলেগবোৰৰ ক্ষয় হৈ সৃষ্টি হোৱা অৱস্থাটোক আমি সাধাৰণ ভাষাত অষ্টিঅ’আৰ্থ্ৰাইটিছ বুলি ক’ব পাৰোঁ।

ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ তিনিটা বিষয়ত গুৰুত্ব দিব লাগে।

১/হাড়ডালক মজবুত কৰি ৰাখিব লাগিব:ইয়াৰ বাবে আমি ভালদৰে খাব লাগিব দৈনিক খাদ্য তালিকাত আমি ভিটামিন কেলচিয়াম,প্ৰ’টিনযুক্ত খাদ্য অন্তৰ্ভুক্ত কৰিব লাগিব।

২/দৈনিক ব্যায়াম কৰিব লাগিব:খোজকঢ়া আৰু চাইকেল চলোৱা এই দুয়োটাই আটাইতকৈ দৰকাৰী বা গুৰুত্বপুৰ্ণ ব্যায়াম হাড়ক মজবুত কৰি ৰাখিবৰ বাবে।এইক্ষেত্ৰত ফিজিঅ’থেৰাপিষ্টৰ পৰামৰ্শ গ্ৰহণ কৰিব পাৰে।

৩/চিকিৎসকৰ পৰামৰ্শ অনুযায়ী কেলচিয়াম ভিটামিনৰ ঔষধ সেৱন কৰা:যিকোনো হাড়ৰ সমস্যাত ভোগা ৰোগীয়ে অতি সোনকালে চিকিৎসকৰ পৰামৰ্শ অনুযায়ী দৰৱ সেৱন কৰাটো জৰুৰী।

লেখক:বিৰাজ শইকীয়া (দেওবৰীয়া সুকন্যা)

শেহতীয়া উন্নীতকৰণ: : 1/18/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate