অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

হৃদৰোগ নিৰাময়ত মধুৰিআম

হৃদৰোগ নিৰাময়ত মধুৰিআম

 

মধুৰিআম ফল সকলো লোকৰে প্রিয়। ইয়াৰ ইংৰাজী নাম গুৱেভা। হিন্দীত ইয়াক আমৰূদ আৰু বাংলাত 'চিচৰা” বুলি কয়। মধুৰিআমৰ শিপা আৰু ছালত টানিক এচিড প্রসিদ্ধ। ইয়াৰ পাতত ফেট, ভলেটাইল অইল আৰু মিনাৰেল চল্ট থাকে। মধুৰিআমত যথেষ্ট পৰিমাণে কেলচিয়াম, মেংগানিজ আৰু ভিটামিন ‘চি’ থাকে।

মধুৰিআমত থকা বনৌষধি গুণবোৰ—

  • মূৰৰ বিষ আৰু কামোৰণিত কেঁচা মধুৰিআম ফলৰ বাকলি থেতালি মিহি কৰি কপালত সানিলে বিষ কমি যায়।
  • দাঁতৰ বিষত মধুৰিআমৰ পাত ৩-৪ টা মান মুখত লৈ চোবালে বিষ কমে। তদুপৰি পাতৰ ৰস গৰম কৰি কুলি কৰিলেও বিষৰ উপশম ঘটে।
  • মানসিক চিন্তাৰ ফলত মূৰ বিষালে, কথা-বতৰা পাতোতে মূৰ কামোৰিলে, মূৰ ঘূৰালে মধুৰিআমৰ পাতৰ ৰস ৫ গ্রাম পৰিমাণে খালে এইবোৰ সমস্যা দূৰ হয়।
  • মধুৰিআম হৃদৰোগ নিৰাময় কৰাত টনিকৰ দৰে ব্যৱহাৰ কৰিব পাৰি। এটা পূৰঠ মধুৰিআমৰ ভিতৰৰ গুটিবোৰ আঁতৰাই সাহখিনিত এচামুচ চেনি মিহলাই অলপ গৰম কৰি চ’চৰ দৰে প্রস্তুত কৰি দিনে এবাৰকৈ কিছুদিন খালে (অন্ততঃ এমাহ) হৃদৰোগৰ বহু সমস্যা দূৰ হয়। এই ব্যৱস্থাৰে ব্যৱহাৰ কৰিলে কোষ্ঠকাঠিন্যতাও দূৰ হয়।
  • চর্দি, পানীলগা, কাঁহ,জ্বৰ, হাচি আদি লক্ষণত পূৰঠ মধুৰিআম এটাৰ গুটিখিনি আঁতৰাই খাবলৈ দিলে এই লক্ষণবোৰ কমি যায়। মধুৰিআম খোৱাৰ পৰত এগিলাছ কুহুমীয়া পানী খালে বৰ উপকাৰ হয়।
  • বমি হ’লে ১০ গ্রাম পৰিমাণৰ মধুৰিআমৰ শাহ খাবলৈ দিলে বমি হোৱা বন্ধ হয়। পাতৰ ৰস এচামুচ খুৱালেও বমি হোৱা বন্ধ হয়।
  • বদহজম হ’লে কুমলীয়া মধুৰিআমৰ পাতৰ ৰস ৫ গ্ৰামত অলপমান চেনি মিহলাই মাত্র এবাৰকৈ পুৱা শুদা পেটত তিনি-চাৰি দিন খালে ভাল হয়।
  • ডায়েবেটিছ বা প্ৰস্বাৱৰ জ্বলা-পোৰা হ’লে কেইটুকুৰামান পূৰঠ মধুৰিআম পানীত তিয়াই থৈ মোহাৰি লৈ চেকিব লাগে। সেই পানীখিনি ৰোগীক খাবলৈ দিলে সমস্যাবোৰ দূৰ হয়।
  • কোষ্ঠকাঠিন্যতাত বহু দিন ভূগি থকা লোকক পুৱা শুদা পেটত মধুৰিআম দুচকল, দুটা জালুকৰ গুড়ি, ক’লা নিমখ আধা চামুচ, আদাৰ ৰস এচামুচ খাবলৈ দিলে কোষ্ঠকাঠিন্যতা দূৰ হোৱাৰ উপৰি অম্লপিত্ত, পেট ফুলা, ডায়েৰীয়া, বদহজম পর্যন্ত ভাল হয়। ৩-৪ দিন খাব লাগে। শুদা পেটত।
  • ডায়েৰীয়া আৰু গ্ৰহণী ৰোগত মধুৰিআমৰ মুৰব্বা বা জাম খালে অতি উপকাৰত আহে। দিনে দুচামুচকৈ দুবাৰ খাব লাগে।
  • গুহ্যদ্বাৰত অত্যন্ত খজুৱতি বা পোৰণি হ’লে মধুৰিআমৰ শাহখিনি থেতালি গুড়ি কৰি টেবলেটৰ দৰে প্রস্তুত কৰিব লাগে। ৰহৰ দাইলৰ দৰে গুটি বা বড়িটো কৰি ল’ব। দিনে দুবাৰকৈ বড়ি খাব লাগে ৭ দিন।
  • আর্থাইটিছ অসুখত বিশেষকৈ বিষ হোৱা ঠাইত মধুৰিআমৰ ২০ খিলা পাতৰ ৰস উলিয়াই তাত অলপ পানী মিহলাই মালিচ কৰিলে বিষ কমে। দিনে দুই-তিনিবাৰকৈ কিছুদিন সানিব লাগে।
  • লিভাৰ বৃদ্ধি হ’লে মধুৰিআমৰ গুটি তিনি গ্রাম থেতালি গুড়ি কৰি তাত পানী দি পেষ্ট কৰি অলপ চেনি মিহলি কৰি খাব লাগে। দিনে দুবাৰকৈ ২৫ দিন।
  • জ্বৰ হ’লে মধুৰিআম (পকা হ’লে ভাল) খাবলৈ দিলে ৰোগীৰ জ্বৰ কমি যায়। এটাকৈ দিনে দুবাৰ।

লিখক: উপেন দত্ত, অসম বাণী।

শেহতীয়া উন্নীতকৰণ: : 1/23/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate