অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

হৃদৰোগৰ মহৌষধ আপেল :

আপুনি জানেনে দৈনিক এটা বা দুটাকৈ আপেল খালে আমি হৃদযন্ত্ৰৰ নানা সমস্যাৰ পৰা ভালেখিনি সকাহ পাব পাৰো। শেহতীয়াকৈ বৈজ্ঞানিক গৱেষণাই প্ৰমাণ কৰিছে যে হৃদৰোগীৰ বাবে আপেল সঁচাকৈয়ে মহামূল্যৱান। কিয়নো ইয়াত থকা পটাছিয়াম আৰু ফছফৰাছে হৃদযন্ত্ৰৰ সমস্যা বহুখিনি লাঘৱ কৰিব পাৰে।

কেলিফ'নিয়া বিশ্ববিদ্যালয়ৰ খ্যাতনামা বিজ্ঞানী, গৱেষক ডঃ এলিজাবেথ বোৰেটে গৱেষণাৰ পৰা প্রকাশ কৰা মতে, যিসকল লোকে পটাছিয়াম সমৃদ্ধ খাদ্য নিয়মীয়াকৈ গ্ৰহণ কৰে, তেওঁলোকে হৃদৰোগৰ পৰা বহু দূৰৈত থাকিব পাৰে। আপেল হ'ল পটাছিয়ামৰ ভাল উৎস, যি হৃদযন্ত্ৰৰ লগত জড়িত সমস্যাবোৰ অনায়াসে প্রতিৰোধ কৰিব পাৰে।

আপেল এবিধ পুষ্টিকৰ ফলেই নহয়, ই নানা ঔষধি গুণেৰেও ভৰপূৰ। ইয়াত আছে প্ৰচুৰ পৰিমাণে ভিটামিন আৰু মিনাৰেলছ। গড় হিচাপত প্রতি ১০০ গ্রাম আপেলত ৮৪.৬ শতাংশ পানী, ০.২ শতাংশ প্ৰ'টিন, ০.৫ শতাংশ চৰ্ব ০.৩ শতাংশ খনিজ পদার্থ, ১.০ শতাংশ আঁহজাতীয় পদার্থ আৰু কার্বহাইড্রেট থাকে ১৩.৪ শতাংশ। তদুপৰি আপেলৰ পৰা আমি ১০ মিলিগ্রাম কেলছিয়াম, ১৪ মিলিগ্ৰাম ফছফৰাছ, ১ মিলিগ্ৰাম লৌহ পদাৰ্থ, ৪০ আই ইউ ভিটামিন এ আৰু ৫৯ কেল’ৰি শক্তি পাওঁ। আপেলত কম-বেছি পৰিমাণে ভিটামিন চি২ মিলিগ্ৰাম মাত্ৰাত থাকে।

আপেলৰ বাকলি আৰু সংলগ্ন মাংসত ভিতৰৰ অংশতকৈ প্রচুৰ ভিটামিন এ আৰু চি পোৱা যায়। আপেলত মেলিক এচিড থাকে, যিবোৰ আমাৰ শৰীৰে সহজে গ্ৰহণ কৰিব পাৰে। মেলিক এচিড যকৃত আৰু মগজুৰ বাবে বৰ উপকাৰী। যকৃতৰ বিষাক্ত পদাৰ্থ উলিওৱাত আপেল অদ্বিতীয়। আপেলত থকা ফাইবাৰে হজম প্ৰক্ৰিয়াক সহজ কৰি দিয়ে। আপেলত থকা মূখ্য ভেষজ উপাদান পেকটিনে ৰক্তবাহী নলীৰ বেৰত জমা থকা কলেষ্টৰল প্রতিৰোধ কৰি হৃদৰোগৰ সম্ভাৱনা লাঘৱ কৰে।

আমেৰিকা যুক্তৰাজ্যত ১৯ বছৰ ধৰি ১০ হাজাৰ আমেৰিকানৰ ওপৰত চলোৱা সমীক্ষাত -

১৮৪৩ গৰাকী হৃদৰোগীৰ ক্ষেত্ৰত ধৰা পৰে যে যিসকল লোকে আপেলসহ অন্য ফাইবাৰযুক্ত আহাৰ দৈনিক পাঁচ গ্ৰামকৈ গ্ৰহণ কৰে তেওঁলোকৰ ফাইবাৰ গ্রহণ নকৰা লোকতকৈ হৃদৰোগৰ আশংকা অনেক কম। আনকি আপেলৰ ৰং আৰু সুগন্ধিৰ বাবে যি প্রলেপ থাকে, সেইটো পর্যন্ত হৃদৰোগৰ আশংকা হ্ৰাস কৰে বুলি সমীক্ষাটোত প্ৰমাণিত হৈছে।

ব্ৰিটিছ জাৰ্নাল ফৰ নিউট্ৰিচনাল ফাউণ্ডেচনৰ এটা লেখাত কোৱা হৈছে যে আপেল, আঙুৰ, নেমু আদি ফলৰ ৰস দৈনিক ৫০০ মি. লিটাৰৰ পৰা ১ লিটাৰ পর্যন্ত খাব পাৰিলে বৃক্ষত পাথৰ হোৱাৰ সম্ভাৱনা কমি যায়। আপেলত থকা জুলীয়া অংশৰ বাবে শৰীৰ আৰ, মগজু শীতল থাকে। সেয়ে জ্বৰৰ সময়ত আপেল খাবলৈ দিয়া হয়। আপেলে ৰক্তৰ বিষাক্ত পদাৰ্থ নষ্ট কৰি বিশুদ্ধ ৰক্ত উৎপাদন কৰে বাবে ই ৰক্তহীনতাৰ বাবেও ভাল। শুকান কাহত আপেল সিদ্ধ কৰি মৌসহ খাব পাৰিলে আশানুৰূপ সুফল পোৱা যায়। অকল সেয়াই নহয়, কৌষ্ঠকাঠিন্য, পেটচলা, গ্ৰহণী, মূৰৰ বিষ, উচ্চ ৰক্তচাপ, পাকস্থলীৰ দুৰ্বলতা, স্নায়ৱিক দুৰ্বলতা, স্মৃতিশক্তি হ্ৰাস, যকৃতৰ সমস্যা, চকুৰ জ্বলন, বাতবিষ গাউত আদি ৰোগতো আপেল ব্যৱহাৰ কৰা হয়। খ্যাতনামা দন্তু চিকিৎসক টি টি হ্যাংকছে তেওঁৰ ‘ডেণ্টেল ছাৰ্ভে’ নামৰ গ্ৰন্থত কৈছে যে আহাৰৰ পাছত দৈনিক এটাকৈ আপেল খালে ই টুথব্ৰাছৰ দৰে দাঁত চাফা কৰি দন্ত ক্ষয় ৰোধ কৰে। সর্বোপৰি আপেলত থকা ফেনল নামৰ এন্টি অক্সিডেন্টবিধে কিছু জটিল ৰোগ প্রতিৰোধত সহায় কৰে।

লিখক: প্ৰসাদ দাস, অসম বাণী।

শেহতীয়া উন্নীতকৰণ: : 2/9/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate