অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ৰোগ প্ৰতিৰোধী খাদ্য খেজুৰ :

ৰোগ প্ৰতিৰোধী খাদ্য খেজুৰ :

 

ইতিহাসৰ পাত লুটিয়াই চালেই গম পোৱা যায় যে কেইবাহাজাৰ বছৰ পূৰ্বৰ পৰাই ইৰাক, আৰব, উত্তৰ আফ্ৰিকা, আমেৰিকাৰ দক্ষিণ কেলিফ’ৰ্নিয়া, আৰিজোনা আৰু ফ্ল’ৰিডাত খেজুৰৰ খেতি কৰা হৈছিল। আমাৰ দেশৰ ৰাজস্থান, গুজৰাট আৰু উত্তৰ প্ৰদেশত যথেষ্ট পৰিমাণে খেজুৰৰ খেতি হয়। জানিব পৰা মতে, খেজুৰ পুলি জ্ৰোপণ কৰাৰ ৪-৮ বছৰৰ ভিতৰত খেজুৰ ফল লাগিবলৈ ধৰে। কিন্তু বাণিজ্য়ৰ উদ্দেশ্যত ৭-১০ বছৰৰ অন্ততহে খেজুৰ ফল গছৰ পৰা পাৰি আনি বজাৰত উলিয়াই দিয়া হয়।

আন আন ফলৰ তুলনাত খেজুৰত পুষ্টিদ্ৰব্য অধিক নাথাকে। অৱশ্যে যিকেইবিধ পুষ্টিদ্ৰব্য থাকে, সুস্বাস্থ্যৰ বাবে অতি প্ৰয়োজন। খেজুৰত শৰ্কৰাৰ পৰিমাণ বেছি বাবে খাবলৈ অধিক সুস্বাদু হয়। ইছলাম ধৰ্মানুসৰি ৰমজানৰ সূৰ্যাস্তৰ পাছতেই মুছলমানসকলে ইফটাৰৰ বাবে প্ৰথম আহাৰ হিচাপে খেজুৰ খায়। খেজুৰৰ অভাৱ হ’লে দৈ বা গাখীৰ গ্ৰহণ কৰে।

ৰাসায়নিক বিশ্লেষণত গৱেষকে পাইছে যে ১০ গ্ৰাম খেজুৰত আঁহযুক্ত পদাৰ্থ ৬.৭ গ্ৰাম, মেংগানিজ ০.৩ মিলিগ্ৰাম, পটাছিয়াম ৬৯৬ মিলিগ্ৰাম, মেগনেছিয়াম ৫৪ মিলিগ্ৰাম, কপাৰ ০.৪ মিলিগ্ৰাম আৰু ভিটামিন বি৬ ০.২ মিলিগ্ৰাম উপলব্ধ। সেইদৰে ১০০ গ্ৰাম খেজুৰত শৰ্কৰা থাকে ৬৬.৫ গ্ৰাম আৰু সেইবাবেই খেজুৰ সুস্বাদু আৰু মিঠা।

খেজুৰত অধিক পৰিমাণে আঁহযুক্ত পদাৰ্থ থাকে বাবেই কোষ্ঠকাঠিন্যত ভোগা ৰোগীয়ে খেজুৰ ভক্ষণ কৰিলে পেট সম্পূৰ্ণ খোলোচা হৈ যায় আৰু পেটৰ আনুষংগিক অসুখবোৰো নিৰাময় কৰে। তদুপৰি খেজুৰে কলাইটিছ, ক’লন কেন্সাৰক প্ৰতিহিত কৰিব পাৰে।  মগজুৰ সুস্থ ক্ৰিয়া-বিক্ৰিয়াত খেজুৰৰ ভিটামিন বি৬-এ সুপ্ৰভাৱ পেলায়।

খেজুৰৰ মেগনেছিয়াম হৃদপিণ্ডৰ বিভিন্ন অসুখ, পুৰণি বাতবিষ, ডায়েৰীয়া, পুষ্টিদ্ৰব্যৰ অভাৱত ঘটা ৰক্তহীনতা আদি ৰোগ নিৰাময় কৰে। সেইদৰে খেজুৰত থকা মেগনেছিয়ামে দেহৰ ৰক্তচাপ নিয়ন্ত্ৰণত অথবা উচ্চ ৰক্তচাপ নিম্ন ৰক্তচাপলৈ অৱনমিত কৰে।

এদল গৱেষকে চৈধ্য বছৰীয়া সাত অধ্যয়নৰ গৱেষণাৰ অন্তত কৈছে যে নিতৌ যদি ১০০ মিলিগ্ৰাম খেজুৰ হৃদৰোগীয়ে গ্ৰহণ কৰে, তেনেহ’লে হাৰ্টষ্ট্ৰোকৰ ৯ শতাংশ বিপদ হ্ৰাস কৰিব পাৰে। এই তথ্য প্ৰকাশ পাইছে ‘আমেৰিকান জাৰ্নাল অব ক্লিনিকেল নিউট্ৰিচন’ত।

আন এদল গৱেষকে ৬৯ গৰাকী গৰ্ভৱতী মহিলাক লৈ কৰা অধ্যয়নত মত প্ৰকাশ কৰিছে যে নিতৌ যদি তেওঁলোকে খেজুৰ ভক্ষণ কৰে, তেনেহ’লে কোনো ধৰণৰ আহুকাল প্ৰাকৃতিকভাৱে সন্তান প্ৰসৱ কৰাৰ ক্ষমতা লাভ কৰে।

আজিকালি খেতিয়ক অথবা বেপাৰীয়ে আধা পকাতে খেজুৰ পাৰি আনি চেনি-পানীত ডুবাই ৰাখে আৰু বজাৰত মুকলিভাৱে বা প্লাষ্টিকৰ পেকেটত বিক্ৰী কৰেগ। এনে খেজুৰ স্বাস্থ্যসন্মত নহয়। গতিকে খেজুৰ খাবলৈ মন কৰিলে নামী-দোকানৰ পৰাহে কিনিব। নহ’লে ৰোগ প্ৰতিৰোধৰ সলনি বেমাৰৰ বোজাহে ডিঙিত ওলমাই ল’ব।

লেখক: ডাঃ পবিত্ৰ কুমাৰ পাটোৱাৰী(অসম বাণী)

শেহতীয়া উন্নীতকৰণ: : 1/18/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate