অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ৰবাব টেঙা :

ৰবাব টেঙা :

সহজতে আৰু কম মূল্যতে পাব পৰা মূল্যবান ফল। ৰবাব টেঙা নতুনকৈ চিনাকি কৰাই দিয়াৰ প্ৰয়োজন বোধ কৰা নাই।

*ইয়াক বাঙালী সকলে বাতাবি লেবু,

*হিন্দীত চাকোৰ্তা,

*ইংৰাজীত Pomelo বা pummelo/pommelo আৰু

*বৈজ্ঞানিক নাম Citrus maxima বা Citrus grandis।

অসমীয়া গ্ৰাম্য জীৱনত নিমখ জলকীয়া সানি কলপাতত লৈ সমূহীয়াকৈ ৰবাব খোৱাৰ আমেজ খাওঁতাইহে উপলব্ধি আৰু বাখ্যা কৰিব পাৰিব। ৰবাব টেঙা স্বাস্থ্যৰ বাবে অতি উপযোগী এবিধ সহজলভ্য ফল। আহক চোন ৰবাবৰ স্বাস্থ্যৰক্ষাত কেনে ভূমিকা তাৰ উমান লওঁ।

১)মূত্ৰাশয় সংক্ৰমণ প্ৰতিৰোধক Prevents urinary tract infection: মূত্ৰ প্ৰস্তুতি, জমা আৰু নিস্ক্ৰমণ কৰা মূত্ৰাশয়ত বীজানু সংক্ৰমণৰ হলে মূত্ৰকৃচ্চতা, পেচাব জ্বলা আদি কষ্ট দায়ক উপসৰ্গ আৰম্ভ হয়। মূত্ৰাশয় ফুলি যায়। গৰ্ভৱতী মহিলাৰ ক্ষেত্ৰত এই ৰোগ সঘনাই হোৱা দেখা যায়। ৰবাবৰ ৰস খালে এই ৰোগ প্ৰতিৰোধ হয়। ৰবাবত থকা খাদ্যপ্ৰাণ C এ পেচাবত এচিডৰ মাত্ৰা বৃদ্ধি কৰি মূত্ৰাশয়ৰ বীজানু বৃদ্ধি প্ৰতিহত কৰে।

২)ঘাঁ নিৰাময় কৰে Promotes healing: জখম আৰোগ্যৰ বাবে জখম হোৱা টিচুবোৰৰ মৃত টিচু সমূহৰ পৰিবৰ্তে স্বাস্থ্যৱান টিচু শৃষ্টি হোৱা দৰকাৰ।ৰবাব টেঙাৰ ভিটামিন C ত থকা এনজাইমে collagen নামৰ প্ৰটিন বৃদ্ধি কৰে যি ছাল নিৰ্মাণ আৰু ছালৰ স্থিতিস্থাপকতা বঢ়াই দ্ৰুত আৰোগ্য কৰে।

৩)স্বাস্থ্যবান দাঁতৰ মাৰি Healthy gums: ভিটামিন C ৰ অভাৱত দাঁতৰ মাৰিয়েদি তেজ ওলায় আৰু মাৰি ঢিলা হয়। শৰীৰত কলাজেন বঢ়োৱাটো অকল ছালৰ বাবেই প্ৰয়োজনীয় নহয়, ই স্বাস্থ্যবান মাৰি আৰু সবল দাঁতৰ বাবেও প্ৰয়োজনীয়। ৰবাবে মাৰি মজবুত কৰে আৰু দাঁতৰ সমস্যা দূৰ কৰে।

৪)হৃদস্বাস্থ্য Heart health : ৰবাবত উচ্চ মাত্ৰাত পটাচিয়াম থাকে। যি ভিটামিন c ৰ দৰেই হাৰ্টক সুৰক্ষা দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা লয়। এই প্ৰয়োজনীয় খনিজ বিধে ৰক্তচাপ ৰেগুলেট কৰে। ৰবাবত থকা পৰ্যাপ্ত pectin এ ধমনীত জ মা হোৱা দুষিত পদাৰ্থ পৰিস্কাৰ কৰি হাইপাৰটেনচন আৰোগ্য কৰে। ৰবাবে বেয়া কলেষ্টৰেল কমাই ভাল কলেষ্টৰেল বৃদ্ধি কৰে।

৫)ৰক্তহীনতা দূৰ কৰে Prevents anemia : ভিটামিন C এ শৰীৰক আয়ৰণ শোষণত কৰে। আয়ৰণ কমিলে এনিমিয়া বা ৰক্তহীনতা হয়। ৰবাব ভিটামিন c সমৃদ্ধ হোৱাৰ বাবে আয়ৰণ কমাত বাধা দিয়ে আৰু ৰক্ত সঞ্চালন উন্নত কৰে।

৬)ঠাণ্ডা আৰু পানীলগা প্ৰতিৰোধ Cold and flu: তাজা ৰবাব টেঙা বা ৰসে শৰীৰত টক্সিন আৰু ফ্ৰি ৰেডিকেল কোষ গঠন হোৱাত বাধা দিয়ে। শৰীৰত অত্যাধিক ফ্ৰি ৰেডিকেল্চে পানী লগা, চৰ্দি জ্বৰ, ফ্লু, এজমা, বীজানু সংক্ৰমন, এলাৰ্জী আৰু বহুতো ৰোগ শৃস্টি কৰে। ভিটামিন c এনে এক উপাদান যিয়ে এন্টিবডি আৰু ইমিউন কোষ সমূহক সবল আৰু সক্ৰিয় কৰি এইবোৰ ৰোগ নিৰাময় কৰে।

৭)কেন্সাৰ প্ৰতিৰোধ Fights Cancer: ৰবাব টেঙাৰ ভিতৰৰ বা ফুট বোৰৰ বাকলিত পৰ্যাপ্ত বায়ফ্লেব'নইডচ থাকে যিয়ে পেনক্ৰিয়াছ, অন্ত্ৰ আৰু স্তন কেঞ্চাৰ প্ৰতিৰোধ কৰে। অতিৰিক্ত এস্ট্ৰজেন শৰীৰৰ পৰা ওলাই পেলোৱাত শৰীৰক সহায় কৰে বাবে কেনচাৰ বিয়পাত বাধা পায়। ৰবাবত থকা ফাইবাৰে আন্ত্ৰিক কেনচাৰৰ পৰা সুৰক্ষা দিয়ে।

৮)বাৰ্দ্ধক্য প্ৰতিৰোধ Fights aging: ৰবাবত থকা স্পাৰ্মিডাইনে বাৰ্দ্ধক্য প্ৰক্ৰিয়া ৰ বিপৰীতে কোষবোৰক সুৰক্ষা দিয়ে আৰু কোষ ধ্বংস প্ৰক্ৰিয়াত বাধা দিয়ে। ই বলিৰেখা (rinkles) আৰু ছালৰ সোঁতোৰা পৰা প্ৰতিৰোধ কৰে আৰু ছাল যৌৱনদীপ্ত, বগা আৰু কোমল কৰে। ই অকল ছালৰ ক্ষতিকাৰক ফ্ৰি ৰেডিকল্চেই নোহোৱা নকৰে ই শৰীৰক দ্ৰুতভাৱে কল'জেন প্ৰস্তুতিত সহায় কৰি। দৈনিক এগিলাচ ৰবাব টেঙাৰ জুচে আপোনাক নিশ্চিত ভাৱে উজ্জ্বল আৰু যৌৱনদীপ্ত ছাল প্ৰদান কৰিব।

৯)ওজন কমোৱা Weight loss: ফাইবাৰ ৱেইট লচৰ এক আমোঘ কাৰিকৰী উপাদান। উচ্চ ফাইবাৰ সম্পন্ন আহাৰ পেটত দেৰিলৈকে থাকি দৈনিক অসময় ভোকৰ প্ৰবনতা হ্ৰাস কৰে। চোবোৱাত অধিক সময়ৰ প্ৰয়োজনীয়তাই অতিৰিক্ত আহাৰ খোৱাৰ প্ৰবনতা হ্ৰাস কৰে। এই ফলবিধত থকা বিশেষ উপাদানে চৰ্বি দহনত সহায় কৰে আৰু শৰীৰত জমা হোৱা শ্বেতসাৰ আৰু শৰ্কৰা কমায়।

১০)অস্টেঅপৰচিছ প্ৰতিৰোধ Prevents Osteoporosis: অনিয়ন্ত্ৰীত অস্টেপৰচিছে শৰীৰৰ গঢ় বিকৃত কৰে।শৰীৰ সঞ্চালন আৰু স্থিতিস্থাপকতা অনিয়ন্ত্ৰীত কৰে। এনে ৰোগত হাঁড়ৰ স্বাস্থ্য উন্নয়ন আৰু brittle bone ৰ চিকিৎসাৰ বাবে কেলচিয়াম আৰু খনিজ সমৃদ্ধ আহাৰ অপৰিহাৰ্য্য। ৰবাবৰ আঁহে (pulp) হাড়ৰ স্বাস্থ্য উন্নত কৰাৰ লগতে brittle bone সৃষ্টিৰ সম্ভাৱনা আৰু ভয়াবহতা কমায়।ৰবাব জুচ হাঁড়ৰ বাবে উত্তম আৰু ই দূৰ্বল আৰু ঠুনুকা হাঁড়ৰ সম্ভাৱনীয়তা কমায়। ৰবাব জুচৰ নিয়মীয়া সেবন আৰু শাৰীৰিক ব্যায়ামৰ লগত কেলচিয়াম গ্ৰহণে আপোনাক স্বাস্থ্যবান আৰু মজবুত হাঁড় উপহাৰ দিয়াটো নিশ্চিত।

১১)হজমত সহায়ক Aids Digestion : ই পাচন তন্ত্ৰ সবল কৰে। ইয়াৰ উচ্চ এস্কৰ্বিক এচিড হজম হৈ এক ক্ষাৰকীয় প্ৰতিক্ৰিয়া সৃষ্টি কৰে। ৰবাবৰ উচ্চ ডায়েটেৰী ফাইবাৰে নিয়মীয়া পৰিপাক প্ৰক্ৰিয়া (normal bowel motimotions) ত সহায় কৰে আৰু hemorrhoids নোহোৱা কৰে।

১২)পেশী জঠৰতা Muscle Cramps: শৰীৰত fluid কমহোৱা, জলশূণ্যতা, চডিয়াম, পটাচিয়াম, মেগনেচিয়াম আদি ইলেক্ট্ৰলাইটচৰ অভাৱ আদি পেশী জঠৰতাৰ মূল কাৰণ। যথেষ্ট পৰিমাণে ৰবাবৰ ৰস খালে শৰীৰে প্ৰয়োজনীয় ফ্লুইড আৰু ইলেক্ট্ৰলাইটচ পায় যিটো পেশী জঠৰতা বা muscle cramp আৰোগ্য কৰে।

১৩)ৰক্তচাপ নিয়ন্ত্ৰণ controls blood pressure: ৰবাব ৰসত থকা পটাচিয়াম ৰক্তচাপ নিয়মীয়া কৰি ৰখাৰ মূখ্য উপাদান। নিয়মীয়া সেবনে ৰক্তচাপ হিচাপত ৰাখে আৰু হাইপাৰ টেনচন প্ৰতিৰোধ কৰে।

১৪)আৰ্টাৰী পৰিস্কাৰ Cleanses the arteries: এই টেঙা মিঠা ৰসত থকা pectin এ আৰ্টাৰীত থকা অবাঞ্ছিত দ্ৰব্য সমূহ নাইকিয়া কৰি ইয়াক পৰিস্কাৰ আৰু মূকলি কৰে। ভিটামিন c এ আৰ্টাৰীৰ elastic বা স্থিতিস্থাপক গুণ অব্যাহত ৰাখে।

১৫)গৰ্ভবস্থা pregnancy: ৰবাব ফলিক এচিডৰ ভাল উৎস। গৰ্ভবতী মহিলাৰ বাবে ফলিক এচিড অপৰিহাৰ্য্য। গৰ্ভাৱস্থাত দেহত ফলিক এচিড কমহলে আকস্মিক আৰু সংকট জনক পৰিস্থিতি সৃষ্টি হোৱাৰ লগতে ত্ৰুটিপুৰ্ণ জন্ম আৰু মাতৃৰ জীৱনলৈ সংকট নমাব পাৰে।

লেখক: যোগেশ দাস

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

 

শেহতীয়া উন্নীতকৰণ: : 5/28/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate