অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ৰহস্যময় প্ৰিয়ন– ৰোগ সৃষ্টি কৰিব পৰা প্ৰ’টিন

ৰহস্যময় প্ৰিয়ন– ৰোগ সৃষ্টি কৰিব পৰা প্ৰ’টিন

১৯৬০ চনত ৰশ্মি জীৱবিজ্ঞানী (radiation biologist) টিক্‌ভা এল্‌পাৰ(Tikvah Alper)  আৰু গণিতজ্ঞ জন ষ্টেন্‌লি গ্ৰিফিথে ট্ৰেন্‌মিচিবোল্‌ স্পঞ্জিফৰ্ম এন্‌চিফেল’পেথি (Transmissible Spongiform Encephalopathie) নামৰ এক ৰোগ সম্পৰ্কে এই ধাৰণা আগবঢ়াইছিল যে এই ৰোগ কেৱল প্ৰ’টিন বা শ্বেতসাৰেৰে গঠিত এক অণুজীৱই সৃষ্টি কৰে | তেওঁলোকৰ এই ধাৰণাৰ কাৰণ হ’ল এই যে- যি স্থলত সাধাৰণ যিকোনো অণুজীৱ‍ই ৰঞ্জন ৰশ্মি বা অতি-বেগুণীয়া ৰশ্মিৰ প্ৰভাৱতে ধ্বংস হয়, তেনে স্থলত ‘স্ক্ৰেপী’ (Scrapie) আৰু ‘ক্ৰুজফেল্‌ট জেকব ৰোগ’(Creutzfeldt-Jakob Disease) আদিৰ দৰে কিছুমান ৰোগৰ সৈতে সংশ্লিষ্ট জীৱাণুবোৰক আনকি গামা-ৰশ্মিৰ দৰে অতি শক্তিশালী ৰশ্মিয়েও মাৰিব নোৱাৰে | তেওঁলোকে ধাৰণা কৰিছিল যে এই অণুজীৱ বিধ ভাইৰাছ বা বিষাণুতকৈও সৰু |

অৱশেষত ১৯৮২ চনত চান ফ্ৰান্সিস্ক’ৰ কেলিফ’ৰ্ণিয়া বিশ্ববিদ্যালয়ৰ বিজ্ঞানী ষ্টেন্‌লি বি, প্ৰুচিনাৰে ঘোষণা কৰিলে যে তেওঁৰ দলে উক্ত প্ৰ’টিনবিধ আৱিষ্কাৰ কৰিছে আৰু ই প্ৰকৃততে এক বিশেষ ধৰণৰ প্ৰ’টিন | প্ৰায় দুবছৰৰ পাছত তেওঁলোকে এই কণাবিধ বিশুদ্ধ ৰূপত পাবলৈ সক্ষম হ’ল | প্ৰুচিনাৰেই এই বিধ ৰোগ সৃষ্টিকাৰী জীৱাণুৰ নাম দিলে ‘প্ৰিয়ন’ আৰু এই প্ৰিয়ন গঠিত কৰা বিশেষ প্ৰ’টিনবিধৰ নাম দিলে ‘প্ৰিয়ন প্ৰ’টিন’, চমুকৈ PrP | অৱশ্যে এই কথাও আৱিষ্কাৰ হ’ল যে এই প্ৰ’টিনবিধ সংক্ৰামক আৰু অসংক্ৰামক দুয়োটা ৰূপতে থাকিব পাৰে | এই শিহৰণকাৰী আৱিষ্কাৰৰ কাৰণে প্ৰুচিনাৰে ১৯৯৭ চনত শৰীৰবিদ্যা বা চিকিত্‌সা বিদ্যাৰ নোবেল বটা লাভ কৰিলে |

প্ৰিয়নৰ শাৰীৰিক গঠন

প্ৰিয়ন গঠিত কৰা প্ৰ’টিনবিধ মানুহ আৰু জন্তুৰ গোটেই শৰীৰতে, আনকি সুস্থ অৱস্থাতো, বিস্তৃত হৈ থাকে | অৱশ্যে, সংক্ৰামক অৱস্থাত ইহঁতৰ গঠন কিছু বেলেগ হয় আৰু তেতিয়া ইহঁতে সাধাৰণ অৱস্থাত সকলো প্ৰ’টিন ধ্বংস কৰিব পৰা ‘প্ৰ’টিয়েজ্‌’ নামৰ উত্‌সেচক (enzyme)ৰ প্ৰভাৱ প্ৰতিৰোধ কৰিব পৰা ক্ষমতা লাভ কৰে | স্বাভাৱিক অৱস্থাত থকা প্ৰিয়ন প্ৰ’টিনক PrPC আৰু সংক্ৰামক অৱস্থাত প্ৰ’টিনবিধক PrPSc বোলা হয় | (C আখৰটোৱে 'cellular' বা কোষীয়, অথবা 'common' বা সাধাৰণ PrP, আৰু আনহাতে Sc য়ে 'scrapie' নামৰ ভেৰাৰ শৰীৰত হোৱা এবিধ ৰোগক সূচায়) |  PrPC আন আন স্বাভাৱিক প্ৰ’টিনৰ দৰেই নিৰ্দ্দিষ্ট গঠন-বিশিষ্ট; কিন্তু PrPSc-ৰ গঠন সুনিৰ্দ্দিষ্ট নহয় | প্ৰিয়ন প্ৰ’টিনক অন্য প্ৰ’টিনৰ দৰেই পৰীক্ষাগাৰত ভিন ভিন ৰূপলৈ ৰূপান্তৰিত কৰিব পাৰি | অৱশ্যে, ইয়াৰ বিভিন্ন ৰূপ আৰু তাৰ সৈতে ই সৃষ্টি কৰা ৰোগৰ সম্পৰ্ক সম্বন্ধে এতিয়াও বহুবোৰ কথা স্পষ্টভাৱে জানিব পৰা হোৱা নাই |

PrPC

PrPC মানুহ আৰু জন্তুৰ শৰীৰৰ বিভিন্ন কোষৰ আৱৰণত থকা এক স্বাভাৱিক প্ৰ’টিন | মানুহৰ দেহত থকা এনে প্ৰ’টিন মুঠ ২০৯ টা এমাইন’ এছিদ অণুৰে গঠিত, যাৰ আণৱিক ওজন ৩৫-৩৬ কিলো ডেল্টন | স্বাভাৱিক প্ৰিয়ন প্ৰ’টিনক সাধাৰণ প্ৰক্ৰিয়াৰে অৱচ্ছেদন (sedimentation) কৰিব নোৱাৰি, অৰ্থাত্‍ ইয়াক কেন্দ্ৰাপসাৰণ(centrifugation) প্ৰক্ৰিয়াৰে শোধিত কৰিব নোৱাৰি| ই তীব্ৰ আসক্তিৰে তাম বা ক’পাৰ আয়ন ধৰি ৰাখিব পাৰে | এই গুণটো PrPC গঠন বা ক্ৰিয়াৰ বাবে অপৰিহাৰ্য বুলি ভবা হয়| PrPC ক অতি সহজে প্ৰ’টিনেজ্‌ কে’ নামৰ উত্‌সেচকৰ সহায়ত ধ্বংস বা নিষ্ক্ৰিয় কৰি পেলাব পাৰি | আন্তঃকোষীয় বন্ধন আৰু সংযোগৰ ক্ষেত্ৰত PrPC য়ে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে বুলি ধাৰণা কৰা হৈছে |

PrPSc

PrPSc হ’ল PrPC ৰ সদৃশ ভিন্ন ৰূপৰ প্ৰ’টিন, যি PrPC-ক সংক্ৰামক ৰূপলৈ পৰিৱৰ্ত্তিত কৰিব পাৰে | জীৱকলাত এনে অস্বাভাৱিক প্ৰ’টিনৰ অত্যধিক সংগ্ৰহ বা অৱস্থিতিয়ে এমাইলয়দ নামৰ এক জটিল আঁহজাতীয় প্ৰ’টিনৰ জন্ম দিয়ে, যি কলাবোৰত এক চামনিৰ সৃষ্টি কৰে | অৱশ্যে এনে সংগ্ৰহ বা চামনিয়ে প্ৰকৃততে ৰোগ সৃষ্টিৰ ক্ষেত্ৰত কেনে ভূমিকা লয় সেয়া এতিয়াও ভালদৰে জানিবলৈ বাকী| প্ৰতিডাল আঁহ তাৰ গুৰিটোৰ সহায়ত আন এডাল আঁহৰ সৈতে লগ লাগিব পাৰে আৰু এনেদৰে ইহঁত বাঢ়ি গৈ থাকে |

প্ৰিয়ন প্ৰ’টিন আৰু দীৰ্ঘস্থায়ী স্মৃতি

এই কথা বৰ্ত্তমানে প্ৰমাণিত হৈছে যে স্বাভাৱিক অৱস্থাত প্ৰিয়ন প্ৰ’টিনে মানুহৰ দীৰ্ঘস্থায়ী স্মৃতি ৰক্ষাত সহায় কৰে | এই বিষয়ে অধিক গৱেষণা অব্যাহত আছে|

প্ৰিয়ন আৰু ৰোগ

প্ৰিয়নে কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ অন্তৰ্গত কোষসমূহৰ বাহিৰত অৰ্থাত্‍ আন্তঃকোষীয় মজ্জাত সংগৃহীত হৈ স্নায়ুকলাৰ স্বাভাৱিক গঠন ব্যাহত কৰে আৰু স্নায়ুৰ অৱক্ষয়জনিত(neurodegerative) ৰোগৰ সৃষ্টি কৰে | ফলত মগজু আৰু স্নায়ৱিক কলাত সৰু-সৰু ফুটা সদৃশ ঘা হৈ কলাবোৰ স্প’ঞ্জৰ দৰে হৈ পৰে | যদিও প্ৰিয়নজনিত ৰোগৰ সংক্ৰমণ অতি মন্থৰ, এবাৰ লক্ষণ দেখা দিয়াৰ পাছত ৰোগটো ক্ষিপ্ৰতাৰে বাঢ়ি যায়, মগজুৰ অৱক্ষয় হয় আৰু ৰোগীয়ে সোনকালেই মৃত্যু মুখত পৰে | স্নায়ৱিক অৱক্ষয়ৰ সাধাৰণ লক্ষণসমূহ হ’ল মূৰ্চ্ছা যোৱা, স্মৃতি শক্তি ক্ৰমান্বয়ে কমি যোৱা, খোজ-কাটল আৰু কথা-বতৰাৰ সন্তুলন নোহোৱা হোৱা আৰু ব্যক্তিত্ব বা ব্যৱহাৰ-পাতিৰ পৰিৱৰ্ত্তন হোৱা |

প্ৰিয়নজনিত সকলো ৰোগকে একেলগে ট্ৰেন্‌মিচিবোল্‌ স্পঞ্জিফৰ্ম এন্‌চিফেল’পেথি (Transmissible Spongiform Encephalopathies) বুলি কোৱা হয় | এনে সকলো ৰোগেই নিৰাময় কৰিব নোৱাৰা ধৰণৰ আৰু মাৰাত্মক | অৱশ্যে বিজ্ঞানীসকলে ইতিমধ্যে নিগনিৰ ক্ষেত্ৰত এনে ৰোগ প্ৰতিৰোধ কৰিব পৰা প্ৰতিষেধক চিটা আৱিষ্কাৰ কৰিবলৈ সক্ষম হৈছে | আশা কৰা যায় যে অদূৰ ভৱিষ্যতে মানুহৰ বাবেও এনে চিটা উপলভ্য হ’ব |

প্ৰিয়ন প্ৰ’টিনে বিভিন্ন স্তন্যপায়ী জন্তুৰ দেহত ৰোগ সৃষ্টি কৰিব পাৰে আৰু ভিন ভিন জন্তুৰ শৰীৰত দেখা এনে প্ৰিয়ন প্ৰ’টিনবোৰৰ প্ৰকৃতিও বহু পৰিমাণে একে | কিন্তু এনে প্ৰ’টিনবোৰৰ মাজত থকা সূক্ষ্ম বৈচিত্ৰৰ বাবে এটা প্ৰজাতিৰ পৰা আনটো প্ৰজাতিলৈ প্ৰিয়নজনিত ৰোগ বিয়পাৰ সম্ভাৱনা কম | অৱশ্যে, মানুহৰ দেহত হোৱা ক্ৰুজ্‌ফেল্‌ট-জেকব ৰোগ গৰুৰ দেহত ব’ভাইন স্পঞ্জিফৰ্ম এন্‌চিফেল’পেথি (Bovine Spongiform Encephalophathie) নামৰ ৰোগ সৃষ্টিকাৰী প্ৰিয়নবিধৰ সংক্ৰমণৰ ফলত সৃষ্টি হয় বুলি ধাৰণা কৰা হৈছে, যি মাংসৰ জৰিয়তে বিয়পিব পাৰে |

লিখক: প্ৰবোধ বৰা।

শেহতীয়া উন্নীতকৰণ: : 5/28/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate