অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ৰুপচন্দা

ৰুপচন্দা

 

বৰ্তমান অসমৰ বজাৰত বহুলভাৱে পোৱা এবিধ মাছ হ’ল ‘ৰুপচন্দা’।অসম,বাংলাদেশ,পশ্চিমবংগত ৰুপচন্দা নামেৰে জনাজাত এই মাছবিধক বহুতে সাগৰীয় পমফ্ৰেট বুলি ক’ব খোজে।কম কাঁইটযুক্ত,মঙহাল এই মাছবিধ আমাৰ ক্ৰেতা-বিক্ৰেতাৰ মাজত অধিক জনপ্ৰিয়।ৰুপালী ৰঙৰ চেপেটা আকৃতিৰ,বক্ষীয় পাখি আৰু পেটৰ ফালে ৰঙচুৱা এই মাছবিধক ৰেড বেলিড পাকু বুলিও জনা যায়।অতি ভয়াৱহ মাংসহাৰী মাছ পিৰানহাৰ লগত ইয়াৰ সাদৃশ্য আছে আৰু ই পাকু মাছ পিৰানহাৰ বংশৰ ওচৰ চুবুৰীয়া।সাধাৰণতে ইয়াক ৰেড পাকু বুলি জনা যায়।ইয়াৰ বৈজ্ঞানিক নাম পিয়াৰেকটাচ ব্ৰেকিপোনাম (Piaractus brachypomum)।ই চেৰাচিন (Characin)পৰিয়ালৰ অন্তৰ্গত।এই মাছ ১২-২৪ ইঞ্চি অৰ্থাৎ প্ৰায় ২ ফুট পৰ্যন্ত হয়।২৪ ডিগ্ৰী ছেণ্টিগ্ৰেডৰপৰা ২৭ ডিগ্ৰী ছেণ্টিগ্ৰেড উষ্ণতাত থাকিব পৰা এই মাছবিধ পানীৰ পি এইচ ৬.৫-৭.৫ হ’লে জী থাকে।ই ৫-১৫ বছৰ পৰ্যন্ত জীয়াই থাকিব পাৰে।এই মাছবিধ দক্ষিণ আমেৰিকাৰ আমাজান নদীৰ স্থায়ী বাসিন্দা।

ৰুপচন্দা বা পাকু মাছ সাধাৰণতে আলংকাৰিক মাছ হিচাপে আমাৰ একুৱাৰিয়ামত ৰখা হৈছিল যদিও বৰ্তমান ইয়াক আমাৰ পুখুৰীত পালন কৰা দেখা যায়।এই মাছবিধৰ বৃদ্ধিৰ হাৰ অতি খৰতকীয়া হোৱা বাবে আমাৰ বহু মীনপালকে এই মাছবিধ বৰ্তমান তেওঁলোকৰ পুখুৰীত পালন কৰা দেখা পোৱা গৈছে।কিয়নো ইয়াৰ বৃদ্ধি খৰতকীয়া হোৱাৰ লগে লগে বজাৰত ইয়াৰ মুল্যও ১৮০-১৫০ টকা পৰ্যন্ত হোৱা বাবে আমাৰ কিছুসংখ্যক মীনপালকে ইয়াক তেওঁলোকৰ পুখুৰীত পালন কৰা দেখা পোৱা যায়।অসমৰ দৰে ৰাজ্যত এই মাছবিধ পালন পুখুৰীত পালনৰ উপযোগী নে?ইয়ে আমাৰ জৈৱ-বৈচিত্ৰ্যত বিপৰীত কৰিব পাৰে নেকি?এনে ধৰণৰ বিভিন্ন প্ৰশ্ন আজি বিজ্ঞানীসকলৰ মাজত উদ্ৰেক হৈছে।

ৰেড বেলিড পাকু,অৰ্থাৎ ৰুপচন্দা মাছবিধ তৃণভোজী যদিও তাৰ জোঙা তীক্ষ্ণ দাঁতৰ বাবে ই পৰিস্থিতি অনুযায়ী সৰু সৰু মাছ খাব পাৰে।যদিও এই মাছবিধ মাংসাহাৰী পিৰানহাৰ দৰে দেখি তথাপি ই সাধাৰণতে ফল-মুল আৰু শাক-পাচলি খায়।এই মাছবিধে খাদ্য হিচাপে বিভিন্ন শাক-পাচলি,যেনে-পালেং,বন্ধাকবি,গাজৰ,বিন আদিৰ লগতে বাদাম,আপেল,আংগুৰ ,কল আদি খায়।তদুপৰি পৰিস্থিতি সাপেক্ষে ই সৰু সৰু মাছ আদিও খায়।বিজ্ঞানীসকলে তাৰ পাকস্থলীত থকা খাদ্য সম্পৰ্কে পৰীক্ষা কৰাৰ সময়ত এই ধৰণৰ খাদ্য পোৱা গৈছিল।এই মাছবিধে কণী এৰি দিয়ে।সাধাৰণতে ই একুৱাৰিয়ামত কণী নেৰে।

ৰুপচন্দা মাছবিধে অতি লেতেৰা প্ৰদুষণমুক্ত,এম’নিয়ামযুক্ত,দ্ৰবীভুত অম্লজান কম থকা জলাশয়তো জীয়াই থাকিব পাৰে।

সেয়েহে বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰত এই মাছবিধ পালন কৰি আহিছে।কম কাঁইটযুক্ত মঙহাল হোৱা বাবে আমাৰ মানুহৰ মাজতো ই অতি প্ৰিয়।ভাৰতবৰ্ষত এই মাছবিধ বাংলাদেশৰ পৰা পশ্চিমবংগ হৈ অসমত প্ৰৱেশ কৰিছে।বৰ্তমান ভাৰতবৰ্ষত ইয়াক চৰকাৰীভাৱে পালন নিষিদ্ধ কৰা হৈছে।কিন্তু অসমৰ ক্ষেত্ৰত এই মাছবিধৰ প্ৰতিপালন আমাৰ বিভিন্ন পুখুৰীত হৈয়ে আছে।ব্যৱসায়িক দিশৰ পৰা চালে ৰুপচন্দা মাছৰ পালন যথেষ্ট লাভজনক,কিয়নো ই এবছৰত ১.৫-২.৫ কিলোগ্ৰাম আৰু দুবছৰত ৪.০-৪.৫ কিলোগ্ৰাম পৰ্যন্ত হয়।বজাৰত ইয়াৰ চাহিদাও বেছি।তথাপি আমি ইয়াক আমাৰ পুখুৰীত পালন কৰাত বাধা আৰোপ কৰিব লাগিব।কাৰণ অসমৰ দৰে বানপানী হোৱাৰ প্ৰৱণতা অধিক থকা ৰাজ্য এখনত যদি এনেধৰণৰ মাছ পালন কৰা হয় আৰু দুৰ্ভাগ্যবশত: যদি বানপানীৰ বাবে এই মাছবিধ আমাৰ প্ৰাকৃতিক জলাশয়লৈ যায়,তেনেহ’লে ই যথেষ্ট ক্ষতি কৰিব।প্ৰাকৃতিক জলাশয়ত ইয়াৰ খাদ্য উভৈনদী নহ’লে ই আমাৰ বিভিন্ন স্বদেশী মাছ তাৰ খাদ্য হিচাপে গ্ৰহণ কৰিব।ৰুপচন্দা মাছে প্ৰিয় খাদ্য নাথাকিলে ইয়াৰ তীক্ষ্ণ দাঁতেৰে যিকোনো খাদ্য (মাছ আদি)খাব পাৰে।

তদুপৰি জলাশয়ত মাছ ধৰাৰ সময়তো আমি খুব সাৱধান হ’ব লাগিব।কিয়নো ই মাছ ধৰাৰ সময়ত মাছুৱৈৰ আঙুলি পৰ্যন্ত কামুৰি চিঙি নিব পাৰে।

পাকু মাছ আৰু ভয়াৱহ পিৰানহা দেখাত প্ৰায় একে হোৱা বাবে পালনৰ সময়ত ভুলবশত: যদি ৰুপচন্দাৰ সলনি পিৰানহা পালন কৰোঁ,তেনেহ’লে ই আমাৰ জীৱনলৈ শংকা নমাই আনিব পাৰে।বানপানীৰ সময়ত যদি এই পিৰানহা প্ৰাকৃতিক জলাশয়লৈ গুছি যায়,তেনেহ’লে ইয়ে যথেষ্ট সমস্যাৰ সৃষ্টি কৰিব।আমাৰ স্থানীয় মাছসমুহৰ ক্ষেত্ৰতো ই অন্তৰায় ৰুপে দেখা দিব।সেয়েহে অসমৰ পৰিৱেশত ব্যৱসায়িক দিশৰ পৰা সফল হ’লেও ৰুপচন্দা মাছৰ আমাৰ পুখুৰীত পালনত বাধা আৰোপ কৰিব লাগে।অসম চৰকাৰৰ মীন বিভাগে এইক্ষেত্ৰত উপযুক্ত সময়ত উচিত পদক্ষেপ লৈ আমাৰ প্ৰাকৃতিক জলাশয়সমুহৰ ৰক্ষা কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ সময় হ’ল।‘ৰুপচন্দা’মাছ পালনৰ ক্ষেত্ৰত এতিয়াই বাধা আৰোপ নকৰিলে অদুৰ ভৱিষ্যতেই ই আমাৰ মাজত সন্ত্ৰাসৰ কাৰণ হিচাপে দেখা দিব পাৰে।গতিকে আমাৰ আশা-এইক্ষেত্ৰত আমাৰ মীন পালকসকলেও সাৱধানতা অৱলম্বন কৰিব।

লেখক:প্ৰতুল ডেকা (দৈনিক অসম)

শেহতীয়া উন্নীতকৰণ: : 12/4/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate