অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

পুৰুষৰ প্ৰষ্টেট গ্ৰন্থিৰ ঘৰুৱা বিধান :

পুৰুষৰ প্ৰষ্টেট গ্ৰন্থিৰ ঘৰুৱা বিধান :

 

প্ৰষ্টেট পুৰুষৰ জননাঙ্গত থকা এটা গ্ৰন্থি। যি মুত্ৰথলি আৰু মুত্ৰ নিৰ্গমন নলীৰ সংযোগ স্থলত ঘূৰণীয়াকৈ চক্ৰাকাৰে মুত্ৰনলীক আগুৰি থাকে।

প্ৰষ্টেট গ্ৰন্থিক পুৰুষৰ দ্বিতীয় হৃদয় বুলিও কোৱা হয়। ইয়াৰ কাম হ'ল বীৰ্য্য স্খলনৰ সময়ত ফ্লুইড বা পিছল তৰল পদাৰ্থ সৃষ্টি কৰি শুক্ৰাণুৰ গতি মসৃন দ্ৰুত আৰু বাধাহীণ কৰি তোলা।

এই প্ৰষ্টেট গ্ৰন্থি বাঢ়িলে নানা কষ্টদায়ক শাৰিৰীক বিসংগতিৰ শৃষ্টি হয়।

লক্ষণ -


১)পেচাব ওলোৱাত সময় লোৱা।

২)টোপ টোপকৈ বা ৰৈ ৰৈ পেচাব ওলোৱা।

৩)ৰাতি কেইবাবাৰো পেচাব হোৱা।

৪)পেচাবৰ থলি বা মুত্ৰাশয় সম্পুৰ্ণ খালি নোহোৱা।

৫)পেচাবৰ বেগ অনুভৱ হোৱাৰ আগতে পেচাব ওলাই যোৱা।

৬)পেচাব লাগিলেই মনত সোনকালে যোৱাৰ তাগিদা সৃষ্টি হোৱা।

৭)পেচাব কৰোতে কঁকালৰ বিষৰ লগতে পেচাবৰ লগত তেজ পৰা।

৮)পেচাব কৰোতে বিষ বা জলনি পুৰনি অনুভৱ কৰা।

কাৰণ -


১)বয়সৰ বাবে। সাধাৰণতে ৫০ বছৰ বয়সৰ পিছত পুৰুষৰ প্ৰস্টেট বাঢ়ে।

২)অণ্ডকোষৰ কোষ পৰিবৰ্তণ অৰ্থাৎ epithelial cell.

৩)অধিক testosterone লেভেল।

৪)প্ৰস্টেটৰ চেলত inflammation.

ঘৰুৱা চিকিৎসা -

১)আনাৰস সেবন। আনাৰসত থকা bromelain আৰু phytosterols (beta- sitostarol, campesterol, stigmasterol, beta- sitostanol )সমূহে testosterone dehydro testosterone লৈ পৰিবৰ্তন হব নিদিয়ে। যাৰ বাবে প্ৰষ্টেট বাঢ়িব নোৱাৰে। সেয়ে এই ৰোগীৰ বাবে আনাৰস উপকাৰি।

২)দুকাপ মূলাৰ ৰসত তিনি চামুচ মৌ মিহলাই পুৱা খালি পেটত আৰু ৰাতিৰ আহাৰৰ এঘণ্টা আগত খাব।

ইয়াৰ হাই পটেচিয়ামে প্ৰষ্টেটৰ আকাৰ নৰমেল কৰাৰ লগতে ইউৰিক এচিড আৰোগ্য কৰে।

৩)ৰঙালাও বীজত থকা বিটা-কেৰটিন, লিপচ'ল আৰু জিঙ্কে প্ৰষ্টেট গ্ৰন্থিক সুস্থ আৰু আকাৰ নৰ্মেল কৰে।

ৰঙালাও বীজ গুৰি কৰি পৰিস্কাৰ বায়ুৰূদ্ধ টেমাত ভৰাই থব।ইয়াৰ দুই চামুচ গুড়ি একাপ পানীত গুলি সামান্য সৈন্ধৱ নিমখ মিহলাই পুৱা গধুলি খাব।

৪)হালধী পাতৰ ৰস উলিয়াই সেই ৰসেৰে দুধীৰ পাত বটি মটৰ মাহৰ সমান বড়ি বনাই পুৱা গধুলি ১ টা কৈ বড়ি দুদিন খাব।(চিকিৎসকৰ পৰামৰ্শ সাপেক্ষে)

অপথ্য -


*ৰহৰ,

*মচুৰ,

*কাবুলি বুট,

*লবিয়া,

*গুড়,

*জলকীয়া,

*মিঠাই,

*টেঙা নাখাব।

২)যৌন সংগম নকৰিব।

লেখক: যোগেশ দাস

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

 

 

শেহতীয়া উন্নীতকৰণ: : 6/4/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate