অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

‘নিপা’ ভাইৰাছৰ আতংক :

‘নিপা’ ভাইৰাছৰ আতংক :

 

যোৱা কেইমাহমানৰ পৰা দক্ষিণ ভাৰতৰ কেৰালা ৰাজ্যৰ একোটা অঞ্চলত দেখা দিছে এক অচিন ৰোগে। এইবিধ অচিন ৰোগৰ কাৰক হৈছে ‘নিপা’ ভাইৰাছ।

প্ৰায় সকলোবোৰ ভাইৰাছজনিত ৰোগৰ কিছুমান সাধাৰণ লক্ষণ থাকে আৰু এইবিধ ভাইৰাছ আক্ৰান্ত ৰোগীৰ শৰীৰতো দেখা পোৱা গৈছে কিছুমান সাধাৰণ লক্ষণ।

এইবিধ ভাইৰাছজনিত ৰোগ নিৰাময় কৰা বিশেষ ঔষধ আজিলৈকে আৱিষ্কাৰ হোৱা নাই। সেয়ে এই ৰোগবিধৰ বিস্তৃত সংক্ৰমণে কেৰালাৰ চৰকাৰ আৰু সৰ্বসাধাৰণ ৰাইজক আতংকিত কৰি তুলিছে।

এই ৰোগত আক্ৰান্ত হোৱা কেইবাজানো লোক ইতিমধ্যে ৰাজ্যখনৰ কেইবা ঠাইতো মৃত্যুমুখত পৰিছে। সেই বাবে ৰোগটোৰ সংক্ৰমণৰ আশংকাত কেৰালা ৰাজ্যৰ ভালেমান ঠাইত সৰ্বসাধাৰণ ৰাইজ আতংগ্ৰস্ত হৈ পৰিছে।

এই প্ৰতিবেদন যুগুতাই থকা সময়লৈকে(১২, ২০১৮) মুঠ দহজনৰো অধিক লোকৰ এই ৰহস্যজনক ৰোগটোৰ সংক্ৰমণৰ ফলত মৃত্যু ঘটিছে। অলপতে কেৰালাত কৰ্মৰত অসমৰ যুৱক এজনৰো এই ৰোগত আক্ৰান্ত হৈ মৃত্যু ঘটা বুলি প্ৰকাশ পাইছে।

কেৰালাত এতিয়ালৈকে ৰহস্যজনক ৰোগত মৃত্যু হোৱা লোকৰ ভিতৰত তিনিজনৰ ‘নিপা’ ভাইৰাছৰ সংক্ৰমণৰ ফলত মৃত্যু হোৱা বুলি নিশ্চিত হৈছে।

পুণেস্থিত নেচনেল ইনষ্টিটিউট অব ভিৰোলজিৰ কৰ্তৃপক্ষই নিশ্চিত কৰিছে যে নিপা ভাইৰাছৰ ফলতে এই তিনিজন লোকৰ মৃত্যু ঘটিছে।

কেৰালাৰ স্বাস্থ্য মন্ত্ৰালয়ে জনসাধাৰণক আতংকগ্ৰস্ত নহ’বলৈ আহ্বান জনাই কৈছে যে, চৰকাৰে এই ৰোগটো নিয়ন্ত্ৰণৰ যথোপযুক্ত সকলো ব্যৱস্থা হাতত লৈছে।

পূৰ্বতে কাহানিও নুশুনা বা ইয়াক একো নক=জনা সৰ্বসাধাৰণ ৰাইজে হঠাতে উদ্ভৱ হোৱা ৰোগটোৰ বিস্তৃতি দেখি আতংকিত হোৱাটো স্বাভাৱিক।

‘নিপা’ ভাইৰাছ কি?

বিশ্ব স্বাস্থ্য সংস্থাৰ(WHO) মতে ‘নিপা’ ভাইৰাছবিধ একেবাৰে নতুনকৈ উদ্ভৱ হোৱা আৰু জন্তুৰ গাৰ পৰা মানুহৰ শৰীৰলৈ সংক্ৰমণ হোৱা এবিধ ভাইৰাছ আৰু এইবিধ ভাইৰাছে জন্তু আৰু মানুহৰ শৰীৰত অতি জটিল ৰোগ সৃষ্টি কৰে।

এইবিধ ভাইৰাছ পোন প্ৰথমবাৰৰ বাবে ১৯৯৮ চনত মালয়েছিয়া আৰু ছিংগাপুৰত চিনাক্ত কৰা হৈছিল।  সেই সময়ত এইবিধ ভাইৰাছে প্ৰাথমিকভাৱে গাহৰিৰ দেহত আক্ৰমণ কৰিছে আৰু গাহৰিৰ যোগেদিয়ে মানুহৰ গালৈকো বিয়পিছিল।

‘নিপা’ ভাইৰাছ মুঠ ২৬৫ জন মানুহৰ গালৈ সংক্ৰমিত হোৱাৰ প্ৰমাণ পোৱা গ’ল। ইয়াৰে ১০৬ জন ৰোগীক বিশেষ সুসজ্জিত কক্ষলৈ স্থানান্তৰ কৰি চিকিৎসা কৰাব লগা হ’ল কাৰণ এওঁলোকৰ শৰীৰত ভাইৰাছবিধৰ সংক্ৰমণ সংকটজনক অৱস্থালৈ বিয়পি পৰিছিল।

বিশ্ব স্বাস্থ্য সংস্থাই প্ৰকাশ কৰা তথ্য অনুসৰি এইবিধ ভাইৰাছৰ প্ৰাকৃতিক আশ্ৰয়দাতা হ’ল- টেৰ’পডিডি গোত্ৰৰ(Pteropodidae family) ফল খোৱা বাদুলি।

সংক্ৰমিত বাদুলি, গাহৰি আৰু মানুহৰ গাৰ পৰা এই ভাইৰাছ অন্য সুস্থ জন্তু আৰু মানুহৰ শৰীৰলৈ বিয়পিব পাৰে।

খেজুৰ গছৰ পৰা আহৰণ কৰা তাড়ি(ৰস) সংক্ৰমিত বাদুলিয়ে খোৱাৰ ফলত এই ৰসলৈকো খোৱা মানুহৰ শৰীৰলৈ ২০০৪ চনত এইবিধ ভাইৰাছৰ সংক্ৰমণ ঘটিল।

এইবিধ ভাইৰাছৰ সংক্ৰমণ হোৱা মানুহৰ পৰা মানুহৰ গালৈ বিয়পাৰ তথ্য পোৱা গ’ল বাংলাদেশ আৰু ভাৰতত।

ৰোগৰ লক্ষণ:

বিশেষজ্ঞসকলে কৈছে যে নিপা ভাইৰাছ বতাহৰ মাধ্যমেদিও বিয়পে আৰু যিসকল সুস্থ লোকে আগতেই সংক্ৰমিত হোৱা লোকৰ পোনপটীয়া সংস্পৰ্শলৈ আহে, তেওঁলোকৰ শৰীৰলৈকো এই ভাইৰাছ সংক্ৰমিত হ’ব পাৰে।

‘নিপা’ ভাইৰাছে সাধাৰণতে মগজুত প্ৰদাহৰ সৃষ্টি কৰে আৰু তাৰ ফলত কেইবাদিনো ধৰি প্ৰচণ্ড জ্বৰ হয় আৰু তাৰ পৰিণতিত বিভ্ৰান্তি হয়, সজাগতাৰ বিলুপ্তি ঘটে আৰু আনকি অবিৰতভাৱে টোপনিৰ ভাব আহি থাকে।

যদি এনে অৱস্থাৰ বাবে বিশেষ যত্ন লোৱা নহয়, তেনেহ’লে এই লক্ষণবিলাকে ৰোগীক ২৪ৰ পৰা ৪৮ ঘন্টাৰ ভিতৰত কমা অৱস্থালৈ লৈ যাব পাৰে।

বহু সংখ্যক ৰোগীয়ে স্নায়ৱিক, শ্বাসতন্ত্ৰজনিত আৰু হাওঁফাওঁ সম্পৰ্কীয় জটিলতাতো ভুগিব পাৰে। সেইবাবে এনেধৰণৰ কোনো এটা লক্ষণকে অৱহেলা নকৰিব।

সাধাৰণতে দেখা দিয়া নিপা ভাইৰাছ সংক্ৰমণৰ লক্ষণ হ’ল- মূৰৰ বিষ, জ্বৰ, ওকালি অহা, মূৰ ঘূৰোৱা, একেৰাহে টোপনিৰ ভাৱ থকা আৰু বিভ্ৰান্তিৰ দৰে মানসিক সমস্যাত ভোগে।

এনেধৰণৰ লক্ষণবিলাক সাত দিনৰ পৰা দহ দিন মানলৈ থাকিব পাৰে। ৰোগটোৰ আৰম্ভণি অৱস্থাত শ্বাসতন্ত্ৰজনিত ৰোগৰ বাবে চিকিৎসকৰ পৰামৰ্শ লোৱা অতি জৰুৰী।

সুস্থ মানুহৰ এজনৰ শৰীৰলৈ নিপা ভাইৰাছৰ সংক্ৰমণ হোৱাৰ পিছত মানুহজনৰ শৰীৰত ৰোগৰ লক্ষণসমূহ প্ৰকাশ পাবলৈ চাৰি দিনৰ পৰা চৈধ্য দিন পৰ্যন্ত সময় লাগে।

এই ৰোগৰ আৰম্ভণিৰ লক্ষণবিলাক সিমান স্পষ্ট নহয় আৰু সাধাৰণ ভাইৰাছজনিত জ্বৰ আৰু সাধাৰণ পানী লগা ৰোগৰ লক্ষণ বুলি ভুল হ’ব পাৰে।

এইবিধ ভাইৰাছৰ সংক্ৰমণৰ ফলত ৪০ শতাংশৰ পৰা ১০০ শতাংশ ৰোগীৰ মৃত্যু হ’ব পাৰে। এই ৰোগটোত আক্ৰান্ত শতকৰা ৬০ জন ৰোগীৰ শৰীৰলৈ অন্য জন্তুৰ দেহৰ পৰাই ভাইৰাছবিধ সংক্ৰমিত হয়।

প্ৰতিৰোধ আৰু নিৰাময় ব্যৱস্থা:

এতিয়ালৈকে নিপা ভাইৰাছৰ প্ৰতিষেধক বা চিকিৎসাৰ বাবে কোনো বিশেষ প্ৰতিষেধক বা ঔষধ উদ্ভাৱন হোৱা নাএই ৰোগটোৰ লক্ষণভিত্তিক আৰু যত্ন সহকাৰে কৰা শুশ্ৰূষাই একমাত্ৰ চিকিৎসা।

যিহেতু খেজুৰ গছৰ পৰা আহৰণ কৰা তাড়িতবাদুলিয়ে মুখ দিয়ে আৰু তাৰ ফলত সেই তাড়িত এইবিধ ভাইৰাছ মিহলি হ’ব পাৰে।

সেই দূষিত তাড়ি মানুহে খালে, তেওঁলোকলৈ এই ভাইৰাছ সংক্ৰমিত হ’ব পাৰে। তেনেদৰে পকা খেজুৰৰ ঠোকতো বাদুলিয়ে মুখ দিব পাৰে।

এই খেজুৰ পিছত মানুহে খালে, তেওঁলোকলৈকো এই ভাইৰাছ বিয়পিব পাৰে। সেয়ে এই ৰোগটো হৈ থকা সময়ছোৱাত মানুহে খেজুৰৰ তাড়ি বা পকা খেজুৰ খোৱাৰ পৰা বিৰত থকা উচিত।

ফল খোৱা বাদুলিয়ে খোৱা অন্য ফল, যেনে- লিচু, কল বা অমিতা আদিত মানুহে খোৱা উচিত।

এইবিধ ভাইৰাছৰ সংক্ৰমণৰ ফলত যি অঞ্চলৰ ঘৰচীয়া জন্তু, মানুহ আদি ৰুগীয়া হোৱাৰ খবৰ পালে, লগে লগে সেই অঞ্চলৰ ৰুগীয়া গাহৰি, বাদুলি বা মানুহৰ নিকট সংস্পৰ্শৰ পৰা আঁতৰি থাকিব লাগে।

এই সংক্ৰমিত অঞ্চলৰ চিকিৎসা কৰ্মীসকলে এই ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধ কৰাৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰিব লাগে।

তেওঁলোকে অচিন ৰোগত আক্ৰান্ত ৰোগীক চিকিৎসা কৰাৰ আগতে মুখত মাস্ক, হাতত প্লাষ্টিকৰ হাতমোজা আদি লগাব লাগে।

এনে ধৰণৰ ৰোগ অধ্যুষিত অঞ্চলত ঘূৰাফুৰা কৰি থকা কোনো লোকে যদি অস্বস্তি অনুভৱ কৰিছে, তেনেহ’লে তৎক্ষণাত পৰীক্ষা কৰোৱাব লাগে।

এইবিধ ভাইৰাছৰ সংক্ৰমণৰ ফলত মানুহে ভালমান স্পষ্ট আৰু অস্পষ্ট লক্ষণো দেখা দিব পাৰে। লগতে শ্বাসপ্ৰশ্বাস তন্ত্ৰৰ বিকাৰ আৰু জটিল এনকেফেলাইটিছৰ লক্ষণ প্ৰকাশ পাব পাৰে।

এই ৰোগত আক্ৰান্ত হ’লে শতকৰা ৪০ ৰ পৰা ৭৫ জন ৰোগীৰে মৃত্যু হ’ব পাৰে। কিন্তু এই হাৰ অঞ্চবিশেষে কম-বেছ হ’ব পাৰে।

*এই ৰোগৰ ভাইৰাছ বাদুলি আৰু গাহৰিৰ পৰা মানুহৰ দেহলৈ বিয়পিব পাৰে বা ৰোগাক্ৰান্ত ব্যক্তিয়ে আধা খাই এৰি যোৱা দূষিত খাদ্যৰ পৰাও অন্য সুস্থ ব্যক্তিৰ দেহলৈ বিয়পিব পাৰে।

*বিশ্ব স্বাস্থ্য সংস্থাই প্ৰকাশ কৰা ২০১৮ চনৰ ‘ব্লুপ্ৰিন্ট প্ৰায়’ৰিটি ডিজিজ’ৰ তালিকাত এই ৰোগৰ ওপৰত অধিক গৱেষণা আৰু চিকিৎসা পদ্ধতি উদ্ধাৱনৰ ওপৰত অগ্ৰাধিকাৰ দিয়া হৈছে।

*এচিয়া মহাদেশত এইবিধ ভাইৰাছৰ সংক্ৰমণৰ ফলত মাত্ৰ দুটিমান মহামাৰীৰ উদ্ভৱ হৈছে। জীৱ-জন্তু আৰু মানুহৰো এই ৰোগৰ ফলত মৃত্য ঘটিছে।

এইবিধ ভাইৰাছে সৃষ্টি কৰা মহামাৰীবোৰ:

*মালচেলিয়াৰ গাহৰি পালকসকলৰ মাজত ১৯৯৯ চনত এই ‘নিপা’ ভাইৰাছৰ সংক্ৰমণৰ ফলত এক মহামাৰীৰ উদ্ভৱ হৈছিল আৰু তেতিয়াই এবিধ ভাইৰাছ চিনাক্তকৰণ হৈছিল।

তাৰ পিছত নিপা ভাইৰাছৰ পৰা কোনো ধৰণৰ মহামাৰী মালয়েচিয়াত হোৱা নাই।

*২০০১ চনত বাংলাদেশত এইবিধ নিপা ভাইৰাছৰ পৰা এক প্ৰকাৰৰ মহামাৰীৰ উদ্ভৱ হৈছিল আৰু এতিয়াও প্ৰতিবছৰে এইবিধ ভাইৰাছৰ সংক্ৰমণৰ ফলত বহু লোক চিকিৎসাধীন হ’ব লগা হৈ আছে। পূব ভাৰততো এইবিধ ভাইৰাছৰ সংক্ৰমণৰ ফলত ছেগ-চোৰোকাকৈ ভালমান লোক আক্ৰান্ত হোৱাৰ বাতৰি পোৱা যায়।

*ভাৰতৰ অন্যান্য অংশতো এইবিধ ভাইৰাছৰ সংক্ৰমণ হোৱাৰ আশংকা আছে। বিশেষভাৱে পৃথিৱীৰ কিছুমান দেশত এইবিধ ভাইৰাছৰ প্ৰাদুৰ্ভাৱ থকাৰ তথ্য পোৱা গৈছে।

সেই দেশবিলাক হ’ল-

*কম্বোডিয়া,

*ঘানা,

*ইণ্ডোনেচিয়া,

*মাডাগাস্কাৰ,

*ফিলিপাইনছ আৰু

*থাইলেণ্ড।

ভাইৰাছৰ বিস্তৃতি:

১৯৯৯ চনত মালয়েচিয়াত প্ৰথমবাৰৰ বাবে মহামাৰী ৰূপে দেখা দিয়া এইবিধ ভাইৰাছৰ ব্যাপক সংক্ৰমণৰ প্ৰায় সমান্তৰালভাৱে চিংগাপুৰতো এই ৰোগৰ সংক্ৰমণ দেখা পোৱা গ’ল।

এই লোকসকলৰ গালৈ বেমাৰী গাহৰিৰ পোনপটীয়া সংস্পৰ্শৰ ফলতে ভাইৰাছবিধ বিয়পিছিল বুলি পিছত জানিব পৰা গ’ল।

ইয়াৰ পিছত বাংলাদেশ আৰু ভাৰতত এই ৰোগ বিয়পাৰ প্ৰধান কাৰণ হ’ল- বাদুলিয়ে মুখ দি লেলাউতি মিহলাই থৈ যোৱা ফল(প্ৰধানকৈ খেজুৰ, লিচু আদি) মানুহে খোৱা। এইক্ষেত্ৰত নিপা ভাইৰাছৰ উৎস গছৰ ফল খোৱা বাদুলি নিশ্চিত কৰা হৈছে।

*নিপা ভাইৰাছৰ সংক্ৰমণৰ ফলত ৰোগগ্ৰস্ত লোকৰ শুশ্ৰূষাত লাগি থকা পৰিয়ালৰ সদস্যসকলো পিছলৈ এই ৰোগত আক্ৰান্ত হোৱা দেখা গ’ল। এনেদৰেই এজন মানুহৰ পৰা আন এজন মানুহৰ গালৈ ৰোগটি বিয়পে।

*২০০১ চনত শিলিগুৰিত এই ৰোগ বিয়পাৰ কাৰণে ৰোগীৰ লগত লাগি থাকি পৰিচৰ্চা কৰা হস্পিতালৰ কৰ্মচাৰী আৰু ৰোগীৰ খবৰ কৰিবলৈ যোৱা ৭৫ শতাংশ লোকৰ মাজত এই ৰোগ বিয়পিছিল।

তেনেদৰে ২০০১ চনৰ পৰা ২০০৪ চনলৈকে বাংলাদেশতো ৰোগীৰ শুশ্ৰূষা আৰু খবৰ কৰিবলৈ যোৱা লোকৰ মাজতে এই ৰোগ বিয়পিছিল।

এইবোৰৰ লক্ষণ অৱহেলা নকৰিব:

নিপা ভাইৰাছ আক্ৰান্ত লোকৰ শৰীৰত প্ৰথম অৱস্থাত প্ৰকাশ পোৱা ৰোগ লক্ষণবোৰ হ’ল- ইনফ্লুয়েঞ্জা ধৰণৰ জ্বৰ, মূৰৰ বিষ, পেশীৰ বিষ(Myalgia), বমি আৰু ডিঙিৰ ক্ভিতৰত হোৱা ঘা আদিয়েই প্ৰধান।

ইয়াৰ পিছত লাহে লাহে মূৰ ঘূৰোৱা(আচন্দ্ৰাই কৰা), টোপনিৰ ভাৱ অহা, চেতনা লুপ্ত হোৱা আৰু অন্য স্নায়বিক ৰোগৰ লক্ষণো প্ৰকাশ পাবলৈ ধৰে। এইবিলাক লক্ষণে তীব্ৰ এনকেফেলাইটিছ হোৱাৰ সংকেত দিয়ে।

কিছুমান লোকৰ আকৌ অস্বাভাৱিক ধৰণৰ নিউমোনিয়া আৰু প্ৰচণ্ড শ্বাস-প্ৰশ্বাসজনিত সমস্যাই দেখা দিয়ে। এনকেফেলাইটিছ আৰু হঠাতে হোৱা টান অসুখ সাধাৰণতে কম সংখ্যক লোকৰহে হয় আৰু ২৪ ৰ পৰা ৪৮ ঘন্টাৰ পিছত ৰোগী ক্ৰমে কমা(অচেতন অৱস্থা) অৱস্থালৈ যায়গৈ।

এই ভাইৰাছ শৰীৰত প্ৰৱেশ কৰাৰ ৪ ৰ পৰা ১৪ দিনৰ ভিতৰত ৰোগৰ লক্ষণবোৰ প্ৰকাশ পায় যদিও কেতিয়াবা ৪৫ দিনৰ পিছতো ৰোগৰ লক্ষণ দেখা দিয়াৰ উদাহৰণ আছে।

তীব্ৰ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত লোক প্ৰায় সম্পূৰ্ণৰূপে ৰোগমুক্ত কিছুসংখ্যকে দীৰ্ঘদিন ধৰি স্নায়ৱিক অসুস্থতাত ভোগাৰ তথ্যও পোৱা গৈছে।

প্ৰায় ২০ শতাংশ ৰোগীয়ে এনকেফেলাইটিছ হৈ যোৱাৰ পিছত স্নায়ৱিক দুৰ্বলতাত ভোগে। এনে ৰোগী প্ৰায়ে মূৰ্চ্চা যাব পাৰে বা ব্যক্তিত্বও সলনি হ’ব পাৰে।

ৰোগ নিৰ্ণয় ব্যৱস্থা:

১)নিপা ভাইৰাছৰ সংক্ৰমণৰ পিছত প্ৰথম অৱস্থাত এই ৰোগৰ লক্ষণবোৰ স্পষ্টকৈ প্ৰকাশ নেপায় আৰু সেয়ে প্ৰথম অৱস্থাত পৰীক্ষা কৰালে ৰোগটো নিশ্চিতভাৱে চিনাক্তকৰণ সম্ভৱ নহয়।

এই কাৰণেই এই ৰোগে মহামাৰীৰ ৰূপ ধাৰণ কৰাটো এক প্ৰত্যাহ্বানৰ বিষয়। তেনেদৰে ফলপ্ৰসূ আৰু সংক্ৰমণ নিয়ন্ত্ৰণৰ বাবে সময়মতে ব্যৱস্থা লোৱাটো তথা মহামাৰী বন্ধ কৰাটো প্ৰায়ে অসাধ্য হৈ পৰে।

২)ৰোগীৰ শৰীৰৰ পৰা সংগৃহীত নমুনাৰ মান, পৰিমাণ, শ্ৰেণী, নমুনা সংগ্ৰহৰ সময় আৰু সংগৃহীত নমুনাবোৰ পৰীক্ষাগাৰলৈ প্ৰেৰণৰ বাবে দেখা সময় আদিয়ে পৰীক্ষাগাৰৰ ফলাফলৰ নিখুঁততাত প্ৰভাৱ পেলায়।

৩)ৰোগটোৰ সংকটজনক অৱস্থাত আৰু ৰোগৰ প্ৰভাৱত শৰীৰৰ পেশী সংকোচনৰ সবিশেষ ইতিহাস বিশ্লেষণ কৰি ‘নিপা’ ভাইৰাছৰ সংক্ৰমণ নিশ্চিত কৰিব পৰা যায়।

ৰোগীৰ শৰীৰৰ পৰা সংগৃহীত তৰল দ্ৰব্যৰ সঠিক সময়ত ‘পলিমেৰেছ চেইন ৰিয়েকচন’(RT-PCR) পৰীক্ষা আৰু এন্টিবডিৰ উপস্থিতিৰ যোগেদিও নিপা ভাইৰাছৰ নিশ্চিত কৰিব পাৰি।

‘কোষ কালচাৰ’ পদ্ধতিৰে ভাইৰাছ পৃথক কৰিও এই ভাইৰাছৰ সংক্ৰমণ নিশ্চিত কৰিব পাৰি।

চিকিৎসা:

নিপা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধ আৰু চিকিৎসাৰ কাৰণে কোনো বিশেষ প্ৰতিষেধক বা ঔষধ ওলোৱা নাই। তথাপি বিশ্ব স্বাস্থ্য সংস্থাই নিপা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধ আৰু চিকিৎসা পদ্ধতি উদ্ভাৱনৰ কাৰণে অগ্ৰাধিকাৰ ভিত্তিত গুৰুত্ব দিছে।

এই ভাইৰাছৰ সংক্ৰমণৰ ফলত হ’ব পৰা তীব্ৰ শ্বাস-প্ৰশ্বাসজনিত আৰু স্নায়বিক জটিলতাৰ চিকিৎসাৰ বাবে বিশেষ শুশ্ৰূষা আৰু ৰোগীৰ বিশেষ যতন লোৱাৰ পৰামৰ্শ দিছে।

প্ৰাকৃতিক আশ্ৰয়দাতা:

নিপা ভাইৰাছৰ প্ৰাকৃতিক আশ্ৰয়দাতা হৈছে বিশেষ প্ৰজাতিৰ এবিধ ফল খোৱা বাদুলি। (Family: Pteropodidae, Genus: Pteropus) এইবিধ ভাইৰাছ নিজৰ শৰীৰত বৈ লৈ ফুৰে যদিও কিন্তু এইবিধ বাদুলিৰ গাত কোনো ৰোগ নহয়।

এইবিধ ভাইৰাছৰ উপস্থিতি বিশ্বৰ বিভিন্ন দেশত থকা টেৰোপাচ প্ৰজাতিৰ বাদুলিৰ গাত পোৱা গৈছে আৰু এইবিধ বাদুলিৰ বসতি থকা বিভিন্ন দেশত থকা টেৰোপাচ প্ৰজাতিৰ বাদুলিৰ গাত পোৱা গৈছে আৰু এইবিধ বাদুলিৰ বসতি থকা বিভিন্ন দেশ-

*অষ্ট্ৰেলিয়া,

*বাংলাদেশ,

*কম্বোডিয়া,

*চীন,

*ভাৰত,

*ইণ্ডোনেচিয়া,

*মাডাগাস্কাৰ,

*মালয়েচিয়া,

*পপুৱা নিউগিণি থাইলেণ্ড আদিলৈ এই ‘নিপা’ ভাইৰাছৰ বিস্তৃতি দেখা পোৱা গৈছে।

আফ্ৰিকাৰ ফল খোৱা বাদুলিৰ এটি প্ৰজাতিৰ(Genus: Edolon) গাতো নিপা ভাইৰাছৰ লগতে হেণ্ড্ৰা ভাইৰাছৰ উপস্থিতি প্ৰমাণিত হৈছে।

ঘৰচীয়া জন্তুৰ গাত নিপা ভাইৰাছ:

১৯৯৯ চনত মালয়েচিয়াত মহামাৰীৰ ৰূপ লোৱা নিপা ভাইৰাছৰ পৰা উদ্ভাৱন হোৱা ৰোগ লক্ষণ কেৱল গাহৰিৰ গাতে নহয়, অন্যান্য ঘৰচীয়া জন্তু, ঘোঁৰা, ছাগলী, ভেড়া, মেকুৰি আৰু কুকুৰৰ গালৈকো বিয়পাৰ প্ৰমাণ পোৱ গৈছিল। এইবিধ ভাইৰাছ গাহৰিৰ গালৈ দ্ৰুত গতিত সংক্ৰমিত হয়। সংক্ৰমিত গাহৰি এটাৰ গাত কোনো ধৰণৰ ৰোগ লক্ষণে দেখা নিদিব পাৰে। কিন্তু কিছুমান গাহৰিয়ে জ্বৰৰ দৰে লক্ষণ প্ৰকাশ কৰিব পাৰে। লগতে কষ্টৰে উশাহ-নিশাহ লোৱা, কঁপি থকা, মাজে মাজে জিকাৰ খাই উঠা আৰু পেশী টানি ধৰা বা অৱশ হৈ পৰা আদি লক্ষণো দেখুৱাব পাৰে। এই ৰোগত আক্ৰান্ত হোৱা গাহৰিৰ মৃত্যুৰ হাৰ কম যদিও আক্ৰান্ত পোৱালিৰ মৃত্যুৰ হাৰ বেছি। গাহৰিয়ে যদি মুখেৰে মতাৰ দৰে কাহে, তেনেহ’লে এই ৰোগত আক্ৰান্ত হোৱা বুলি সন্দেহ কৰিব পাৰি। মানুহ এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হ’লে এনকেফেলাইটিছৰ লক্ষণ প্ৰকাশ পায়।

নিপা ভাইৰাছৰ বিস্তৃতি প্ৰতিৰোধ গাহৰিৰ গালৈ ভাইৰাছৰ সংক্ৰমণ নিয়ন্ত্ৰণ:

১৯৯৯ চনত মালচেলিয়াত নিপা ভাইৰাছে সৃষ্টি কৰা মহামাৰী নিয়ন্ত্ৰণৰ বাবে লোৱা ব্যৱস্থাসমূহৰ অভিজ্ঞতাৰ ভিত্তিত এটা পৰামৰ্শ দিয়া হৈছিল যে গাহৰিৰ ফাৰ্মবিলাক নিয়মীয়াকৈ সম্পূৰ্ণৰূপে পৰিষ্কাৰ কৰাৰ লগতে বীজাণুমুক্ত কৰি ৰাখিব লাগে আৰু এই কামত চাবোন জাতীয় দ্ৰব্যও ব্যৱহাৰ কৰিলে এইবিধ ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধ কৰিব পাৰি।

যদি ৰোগটো ক্ৰমে অন্য ঠাইলৈ বিয়পি পৰা যেন দেখে, লগে লগে পোহনীয়া জন্তু থকা চৌহদবোৰ সম্পূৰ্ণৰূপে আছুতীয়াকৈ ৰখাৰ ব্যৱস্থা কৰিব লাগে। এই জন্তুবিলাকৰ গাৰ পৰা যাতে ভাইৰাছ মানুহৰ গালৈ বিয়পিব নোৱাৰে তাৰ বাবে ৰোগাক্ৰান্ত জন্তুবোৰ মাৰি লগে লগে দ গাঁতত পুতি পেলাব বা জ্বলাই পেলোৱাৰ দ গাঁতত পুলি পেলাব বা জ্বলাই পেলোৱাৰ ব্যৱস্থা ল’ব লাগে। ৰোগৰ প্ৰাদুৰ্ভাৱ থকা অঞ্চলৰ পৰা জন্তুবিলাক অন্য ঠাইলৈ সৰবৰাহ কৰা যাবলৈ দিয়াটোও সম্পূৰ্ণৰূপে বন্ধ কৰিলে ৰোগটোৰ ব্যাপকতা বহু পৰিমাণে সীমাৱদ্ধ হ’ব বা হ্ৰাস পাব।

যিহেতু এই ৰোগৰ কোনো চিকিৎসা ব্যৱস্থা বা প্ৰতিষেধক ঔষধ নাই, সেয়ে সৰ্বসাধাৰণ ৰাইজৰ মাজলৈ যাতে ৰোগটো বিয়পি নেযায়, তাৰ বাবে সৰ্বসাধাৰণ ৰাইজৰ মাজত ৰোগটো প্ৰতিৰোধ কৰি ৰখাৰ উপায় সম্পৰ্কে সজাগতা সৃষ্টিৰ চেষ্টা কৰা উচিত। নিপা ভাইৰাছৰ সংক্ৰমণৰ পৰা কেনেকৈ বাচি থাকিব পাৰি, সেই বিষয়ে সৰ্বসাধাৰণ লোকক শিক্ষা প্ৰদান কৰাটোও সংশ্লিষ্ট বিভাগৰ অন্যতম দায়িত্ব।

বাদুলিৰ পৰা মানুহৰ গালৈ ৰোগ বিস্তাৰ নিয়ন্ত্ৰণ:

বাদুলিৰ পৰা মানুহৰ গালৈ যাতে ভাইৰাছ সংক্ৰমিত হ’ব নোৱাৰে তাৰ বাবে কিছু প্ৰতিৰোধ ব্যৱস্থা ল’ব লাগে। বিশেষভাৱে খেজুৰ গছৰ তাড়ি সংগ্ৰহৰ অংশবোৰ ঘাঁহৰ বেৰা দি বাদুলিৰ সংস্পৰ্শৰ পৰা আঁতৰাই ৰাখিব লাগে। তাড়ি সংগ্ৰহ কৰাৰ পিছত সেইবোৰ লগে লগে উতলাব লাগে। তেনেকৈ খেজুৰবোৰ সংগ্ৰহ কৰাৰ লগতে পিছত ভালদৰে ধুই পেলাব লাগে আৰু খোৱাৰ আগতে বাকলি গুচাই পেলাব লাগে।

জন্তুৰ পৰা মনুহৰ গালৈ ৰোগ বিস্তাৰ প্ৰতিৰোধ:

ৰোগাক্ৰান্ত জন্তুৰ চিকিৎসা বা পৰিচৰ্যা কৰিবলৈ লোৱাৰ আগতে বীজাণু নাশক ঔষধযুক্ত এপ্ৰ’ণ আদি পিন্ধি ল’ব লাগে। নাক-মুখ ঢকাকৈ ডাঠ কাপোৰৰ মাস্ক আদি ব্যৱহাৰ কৰিব লাগে। বেমাৰী জীৱ-জন্তুৰ সংস্পৰ্শলৈ পৰাপক্ষত যাবই নালাগে। বেমাৰী জন্তু বধ কৰিবলৈ যাওঁতেও কৰ্মীসকলে যথেষ্ট সাৱধান হোৱা উচিত।

মানুহৰ পৰা মানুহলৈ বিয়পা ৰোগ প্ৰতিৰোধ:

কোনো আত্মীয় লোক নিপা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱাৰ খবৰ পালে তেনে ৰোগীৰ নিকট সম্পৰ্শলৈ অহাৰ পৰা বিৰত থাকিব লাগে। ৰোগীক দেখা কৰিবলৈ গ’লেও হাত দুখন সঘনাই চাবোন দি ধুব লাগে। তেনেদৰে ৰোগীক পৰিচৰ্যা কৰা স্বাস্থ্যকৰ্মীসকলেও ‘উপযুক্ত সংক্ৰমণ নিয়ন্ত্ৰণ সাৱধানতা’ প্ৰতি মুহূৰ্ততে মানি চলিব লাগে। ৰোগীৰ পৰা পৰীক্ষাৰ বাবে সংগৃহীত তৰল দ্ৰব্যৰ সৰবৰাহ বা যন্ত্ৰৰ যোগেদি কৰা পৰীক্ষাৰ সময়ছোৱাত প্ৰশিক্ষিত কৰ্মীয়েহে অংশ ল’ব লাগে।

কেইটিমান তথ্য:

*নিপা ভাইৰাছবিধ প্ৰথমবাৰৰ বাবে ১৯৯৮ চনত মালয়েচিয়াৰ ‘কাম্পুং চুংগাই নিপা’ গাঁৱত চিহ্নিত কৰা হৈছিল। ভাৰতত এইবিধ ভাইৰাছৰ সংক্ৰমণ হৈছিল ২০০১ চনত।

*মাৰাত্মক নিপা ভাইৰাছৰ সংক্ৰমণৰ ফলত উত্তৰ কেৰালাত ১০ জন লোকৰ মৃত্যু হয়। এই ৰোগৰ আবিৰ্ভাৱে সমগ্ৰ কেৰালাতে সকলো শ্ৰেণীৰ লোকৰে আতংকিত কৰিছে।

*২০০১ চনৰ পিছত ২০০৭ চনত দ্বিতীয়বাৰৰ বাবে মহামাৰী ৰূপত সৃষ্টি হোৱা নিপা ভাইৰাছৰ সংক্ৰমণৰ ফলত ৫০ জন লোকৰ মৃত্যু হয়। দুয়োবাৰেই এই ৰোগ পশ্চিম বংগত দেখা দিয়ে।

*২০০৪ চনত বাংলাদেশত বাদুলিয়ে দূষিত কৰা খেজুৰৰ তাড়ি মানুহে খোৱাৰ পিছত ব্যাপকভাৱে নিপা ভাইৰাছৰ সংক্ৰমণ বিয়পি পৰিল, তাৰ ফলত এই ৰোগ মহামাৰীৰ ৰূপত আবিৰ্ভাৱ হয়।

*নিপা ভাইৰাছৰ সংক্ৰমণ ‘জুনটিক’(জন্তুৰ গাৰ পৰা মানুহৰ গালৈ বিয়পা ৰোগ) ৰোগৰ এটা উদাহৰণ।

*HINI ভাইৰাছৰ দৰে ‘নিপা’ ভাইৰাছেও ইয়াৰ নিজৰ গঠন সলনি কৰি থাকিব পাৰে। এই প্ৰক্ৰিয়াক ‘এডাপ্ট’ বা ‘মিউটেচন’ বুলি কোৱা হয়। যদি আপুনি এই বছৰ ছোৱাইন ফ্লু’ বা ইনফ্লুয়েঞ্জাৰ প্ৰতিষেধক লয়, এই প্ৰতিষেধকৰ গুণ পিছৰ বছৰলৈ নেথাকিবও পাৰে। কাৰণ এই ভাইৰাছবিধে এই সময়ছোৱাৰ ভিতৰতে ইয়াৰ পূৰ্বৰ ৰূপ সলনি কৰি পেলায়। সেয়ে এনেধৰণৰ ভাইৰাছবিলাক অতি মাৰাত্মক। পৃথিৱীৰ ভালে কেইবিধ অতি মাৰাত্মক ৰোগ হৈছে ভাইৰাছজনিত ৰোগ।

উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন

শেহতীয়া উন্নীতকৰণ: : 5/23/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate