অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মই নিজৰ ঘৰত কৰা দুটা প্ৰয়োগৰ বিষয়ে দুআষাৰ

মই নিজৰ ঘৰত কৰা দুটা প্ৰয়োগৰ বিষয়ে দুআষাৰ

 

১। ম'হৰ উপদ্ৰৱৰ পৰা ৰক্ষা পাবলৈঃ
প্ৰদূষণ বৃদ্ধিৰ লগে লগে দিনকদিনে ম'হৰ উপদ্ৰৱ ও বৃদ্ধি হৈছে। চহৰাঞ্চলৰ লগতে গ্ৰাম্যাঞ্চলতো একেই অৱস্থা। বজাৰত বিভিন্ন Mosquito killer ধূপ,কইল, ইলেকট্ৰিক আদি বিভিন্ন ৰূপত পোৱা যায় আৰু আমি সেইবোৰ নিশ্চিন্তমনে ব্যৱহাৰ কৰিও আছো। এদিনীয়া কেচুৱাৰ পৰা, ৰোগী, নিৰোগী সকলোৱে এইবোৰৰ ওপৰতে বেছিভাগ নিৰ্ভৰশীল। আমি সকলোৱেই জানো যে এইবোৰ আমাৰ বাবে কিমান ক্ষতিকাৰক,তথাপিও উপায় নাই ম'হৰ কামোৰৰ পৰা বাছিবতো লাগিব।।
এই সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ মহানিমৰ পাত থেতেলিয়াই লৈ সৰিয়হ তেলত (জোখমতে) কিছুসময় উতলাই চেকি লওক। এই তেলেৰে প্ৰয়োজনীয় কোঠাত (বন্ধ কোঠাত)এগছি চাকি জ্বলাই ৰাখক। চাকি জ্বলি থকালৈকে এটাও ম'হ নাথাকিব।।।

২। দাঁ‌ত আৰু মুখগহ্বৰৰ বিভিন্ন সমস্যা আতৰাবলৈঃ
মুখৰ ভিতৰত হোৱা ঘা, মুখৰ দূৰ্গন্ধ, দাতৰ গুৰিৰে তেজ ওলোৱা, দাত সিৰসিৰোৱা, বিষ আদি সমস্যাৰ পৰা বাচি থাকিবলৈ বা সমাধান কৰিবলৈ তলত উল্লেখিত মিশ্ৰণটোৰে দাত ব্ৰাছ কৰিলে (বিশেষকৈ ৰাতি শোৱাৰ আগত) বহুত ভাল ফলাফল পোৱা যায়।।

* মিশ্ৰণটো- নিমখ, হালধি আৰু লং'ৰ গুড়ি।
পৰিমাণ-নিমখঃ হালধি = ১০: ৪
লং--প্ৰতি ১০০ গ্ৰাম মিশ্ৰণত(নিমখ+হালধি) ৫ গ্ৰাম।

লেখক :- হেমন্ত গোস্বামী

উৎস :- স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

 

শেহতীয়া উন্নীতকৰণ: : 6/4/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate