হাবি-বননিৰে ভৰা অসম মূল্যৱান গছ-গছনিৰে ঠাহ খোৱা। বাঁহ-কাঠৰ পৰ্যাপ্তিৰ বাবেই অসমৰ সংস্কৃতিত বাঁহ-কাঠৰ স্থান বিশিষ্ট। অসমত যথেষ্ট সংখ্যক বনৌষধিও পোৱা যায়। সেই বনৌষধিসমূহৰ কাণ্ড, ছাল, পাত, ফল-ফুল, ৰস আৰু শিপা ঔষধৰূপে ব্যৱহাৰ কৰাটো তাৎপৰ্যপূৰ্ণ। অসমত পোৱা বনৌষধিৰ ভিতৰত অনন্তমূল, অশোক, আদা, আমলখি, ওলকচু, কৰ্দৈ, কালমেঘ, কেহেৰাজ, কোটাহী বেঙেনা, চজিনা, জামু, জেতুকা, ডালিম, দুৱৰি, তুলসী, দোৰণ, নেফাফু, নহৰু, নিম, পনৌনোৱা, পলাশ, বচ, বাহক, বেলিপকা, ভেঁকুৰি তিতা, ভেদাইলতা, ভৃংগৰাজ, মাটি কঁঠাল, মান-কচু, মানিমুনি, ৰুদ্ৰাক্ষ, শিলিখা, সৰ্পগন্ধা, সিজু, হালধি আৰু হেলঞ্চিৰ নাম একে উশাহতে ল’ব পাৰি। অসমত কাক, কোটোহা, জাতি, নল, বিজুলী, ভলুকা প্ৰভৃতি বাঁহ উভৈনদী। সেইবাবে ঘৰ-দুৱাৰ, নিত্য-নৈমিত্তিক ব্যৱহাৰ্য সা-সঁজুলি অসমীয়া মানুহে বাঁহেৰে সাজি লৈছিল। বাঁহ-গাজ আহাৰৰ অন্তৰ্ভুক্ত কৰি লৈছিল। অসমৰ হাবিত পোৱা গছৰ ভিতৰত কেইবিধমান হ’ল – অগৰু, অৰ্জুন, আজাৰ, আম, আমাৰি, উৰিয়াম, ঔ, কঁঠাল, কৰৈ, কেচেৰু, খখন, খহতা ডিমৰু, গন্ধসৰৈ, গমাৰি, চতিয়না, চন্দন, চাউলধোৱা, চাম, চামৰতাৰু, চিধা, শিৰীষ, চেগুণ, টিকনি বন্ধা, ডেৱা, তৰকচপা, তিতাচপা, তেপেচিয়া, দেৱদাৰু, ধাউ, ধামনা, নাক ডেওনা, নাঙল ভঙা, নাহৰ, পমা, পানী-চিকটি, পানী-হিদল, পাৰলি, বকৰোম, বনচোম, বাঘনখ, বাঘনলা, বান্দৰ কন্দা, মাকৰি, মাছ কইটা, মিছকুৰি, ৰিঠা, লোচন, শলখ, শাওলা, শাল, শিমলু, শিলিখা, সৰল, সোণাৰু, হোলোং আদি। অগৰু অসমৰ বাহিৰলৈ ৰপ্তানি কৰা হৈছিল। অগৰুৰ ছালৰপৰা প্ৰস্তুত কৰা হৈছিল সাঁচিপাত। চন্দনৰপৰা প্ৰসাধন সামগ্ৰী প্ৰস্তুত কৰাটো কাৰো অবিদিত নহয়। সত্ৰ-নামঘৰৰ খুটা, চ’তি, দুৱাৰ, দুৱাৰৰ চৌকাঠ, সিংহাসন, পুথি থোৱা ঠগা, মগৰদিয়া নাও, দোলা, খাটোলা, হাওদা – সকলোবোৰ সামগ্ৰীয়ে সজা হৈছিল কাঠেৰে। বিভিন্ন ধৰণৰ ঢোল কাঠেৰে তৈয়াৰ কৰা হয়। গৃহস্থী জীৱনত ব্যৱহৃত বৰপীৰা, চালপীৰা, তামুলীপীৰা, পেৰা, চোৰপেৰা, বৰপেৰা, উৰল, বৰনাও, পাঞ্চৈনাও, মাৰনাও – আদিও অসমত প্ৰাপ্ত কাঠেৰেই সাজি উলিওৱা হৈছিল। দাৰু শিল্পত অসমীয়া শিল্পীয়ে আন সুকুমাৰ কলাৰ দৰেই সৃজনী প্ৰতিভাৰ স্বাক্ষৰ দিবলৈ সমৰ্থ হৈছে।
লিখক: ড০ নাৰায়ণ দাস, অসমীয়া সংস্কৃতিৰ কণিকা।
শেহতীয়া উন্নীতকৰণ: : 3/14/2020
অসম ডাইনী অপৰাধ (নিষেধ, প্ৰতিষেধ আৰু সুৰক্ষাপ্ৰদান...
অমৰাৰো আছে ভাল গুণ
অসম নামৰ ব্যুৎপত্তি
অ-সম অসম