অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

পৰিৱেশৰ অৱস্থা বৰ্ণনা

ভাৰতৰ পৰিৱেশ সংক্ৰান্তীয় প্ৰতিবেদনৰ প্ৰধান উদ্দেশ্য হৈছে পৰিবেশ পৰিস্থিতিৰ এটা সামগ্ৰিক অৱস্থা প্ৰকাশ কৰা যিটো যুক্তি গ্ৰাহ্য মূল তথ্য হিচাপে সিদ্ধান্ত লোৱাৰ কামত সহায় কৰে৷   
এচঅ'ই ৰিপৰ্টৰ লক্ষ্য হৈছে পৰিবেশ পৰিস্থিতি আৰু প্ৰকৃতিৰ বিশ্লেষণ কৰি ভবিষ্যতৰ বন্টনৰ বাবে নীতি আৰু পদ্ধতি নিৰ্দ্ধাৰণ কৰা আৰু ৰাষ্ট্ৰীয় পৰিবেশ পৰিকল্পনাৰ নিদেৰ্শনা কৰা৷ 
ভাৰতবৰ্ষৰ পৰিবেশ সংক্ৰান্তীয় প্ৰতিবেদনে পৰিবেশৰ অৱস্থা আৰু প্ৰকৃতি (মাটি, বায়ু, পানী,জৈৱ বহুমুখিতা)  আৰু পাচঁটা মূল বিষয়,যেনে, জলবায়ু পৰিৱৰ্তন, খাদ্য নিৰাপত্তা, পানীৰ নিৰাপত্তা, শক্তি নিৰাপত্তা আৰু নগৰীকৰণ    অন্তভূৰ্ক্ত কৰে৷ 
প্ৰতিবেদনটোৱে পৰিৱেশ আৰু প্ৰাকৃতিক উৎসৰ সম্পৰ্কে ভাৰতৰ অগ্ৰাধিকাৰ, পৰিবেশ পৰিৱৰ্তনৰ চাপ আৰু তাৰ প্ৰভাৱৰ বিষয়ে অন্তৰ্দৃষ্টি দিয়ে৷ প্ৰতিবেদনটোত চৰকাৰৰ বতৰ্মান নীতি আৰু উদ্যোগৰ মূল্যায়ন কৰে যাতে ভবিষ্যতে আৰু বিনষ্ট নহয় আৰু ইয়াৰ বাবে নীতি নিৰ্দ্ধাৰণৰ পৰামৰ্শ দিয়ে৷

ৰাষ্ট্ৰীয় পৰিৱেশ প্ৰতিৱেদন ২০০৯ - ৰ বিশিষ্ট টোকা

  • ভাৰতবৰ্ষৰ ৪৫ শতাংশ ভাগ ভূমি ক্ষয়সাধন, অম্লতা, ক্ষাৰধৰ্মীতা, লোণযুক্ততা, পানী জমা আৰু বায়ুৰ দ্বাৰা হোৱা  ক্ষয় আদিৰ দ্বাৰা অৱক্ষয়িত ৰূপ পাইছে৷ অৰণ্য ধ্বংস, অসহনীয় কৃষি কৰ্ম, খনন কাৰ্য্য আৰু ভূ-গৰ্ভৰ জল ভাগ অত্যাধিক পৰিমাণে নিস্কাশন কৰা আদি কামবোৰেই ভূমিৰ ক্ষয়সাধনৰ প্ৰধান কাৰক৷ অৱশ্যে, ১৪৭ মিলিয়ন হেক্টৰ ক্ষয়সাধিত মাটিৰ দুই-তৃতীয়াংশ অতি সহজে পুনৰ উৎপাদনক্ষম কৰি তুলিব পৰা যায়৷ ভাৰতবৰ্ষৰ বনাঞ্চলও ধীৰে ধীৰে বৃদ্ধি পাইছে (বতৰ্মান প্ৰায় ২১ শতাংশ)
  • সকলো চহৰতে বায়ু প্ৰদূষণ বৃদ্ধি পাইছে৷ উশাহ-নিশাহৰ লওঁতে বায়ুত থকা কঠিন কণা (সৰু সৰু ধূলি কণাসমূহ হাওঁফাওঁত সোমাই) ৰ মাত্ৰা সমগ্ৰ ভাৰতত ৫০ খন চহৰত বৃদ্ধি পাইছে৷ চহৰৰ বায়ু প্ৰদূষণৰ মূল কাৰণ হৈছে যানবাহন আৰু কাৰখানাসমূহ৷
  • ভাৰতবষই ৭৫ শতাংশ পানী ব্যৱহাৰ কৰে আৰু সংযমী হৈ ব্যৱহাৰ কৰিলে, ভবিষ্যতৰ বাবে যথেষ্ট পানী আছে৷ ঘৰুৱা ব্যৱহাৰৰ পানীৰ অযুক্তিকৰ মূল্য নিৰ্দ্ধাৰণ, সংকট স্বাস্থ্যাৱস্থা, উদ্যোগিকভাৱে অনিয়ন্ত্ৰিত ভাৱে ভূজল নিস্কাশন, কাৰখানাসমূহৰ দূষিত জৈৱ পানীভাদৰ নিগৰ্মন, ৰাসায়নিক কীটনাশক অতিমাত্ৰাত প্ৰয়োগ আদি দেশৰ পানীৰ সমস্যাৰ প্ৰধান কাৰণ৷
  • যদিও প্ৰজাতিগত হিচাপত পৃথিবীৰ ১৭ খন বৈচিত্ৰপূৰ্ণ দেশৰ মাজত ভাৰতো এখন, তাৰ ১০ শতাংশ প্ৰাণী আৰু উদ্ভিদ বতৰ্মান বিলুপ্তিৰ পথত৷ ইয়াৰ প্ৰধান কাৰণ- প্ৰাকৃতিক বাসস্থান ধ্বংসকৰণ, চিকাৰ, চিকাৰী প্ৰজাতি, অতিৰিক্ত শোষণ, প্ৰদূষণ আৰু জলবায়ুৰ পৰিৱৰ্তন৷
  • ভাৰতবৰ্ষৰ এক-তৃতীয়াংশ লোক বস্তিত বাস কৰে৷
  • পৃথিবীৰ গ্ৰীণ হাউচ গেছ- যাৰ বাবে জলবায়ুৰ পৰিৱৰ্তন হয়, তাৰ ভিতৰত ৫ শতাংশ ভাৰতৰ অৱদান৷ কিন্তু প্ৰায় ৭০০ মিলিয়ন ভাৰতবাসী আজি গোলকীয় উঞ্চতা পৰিৱৰ্তনত বিপদৰ সন্মুখীন হৈছে, কাৰণ ই কৃষি কৰ্মত প্ৰভাৱ বিস্তাৰ কৰে, হয় তীব্ৰ খৰাং, বানপানী আৰু বতাহ হয়, আৰু সাগৰীয় জল-পৃষ্ঠ বাঢ়ি যায়৷

উৎস: আইএনডিজি দল।

শেহতীয়া উন্নীতকৰণ: : 6/17/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate