কোনো এখন দেশৰ বা সমাজৰ উন্নয়ন প্ৰক্ৰিয়াত প্ৰাকৃতিক সম্পদৰ ব্যৱহাৰ যদি এনেদৰে কৰা হয় যাতে ভৱিষ্যত্ প্ৰজন্মৰ বাবেও সেই সম্পদ ব্যৱহাৰযোগ্য হৈ থাকে, তেনেহ’লে সেই উন্নয়নক বহনক্ষম উন্নয়ন বোলা হয়। বিশ্ব স্বাস্থ্য সংস্থাৰ ভূতপূৰ্ব সঞ্চালক আৰু নৰৱে দেশৰ পূৰ্বৰ প্ৰধানমন্ত্ৰী জি এইচ ব্ৰাণ্টলেণ্ডে বহনক্ষম উন্নয়ন সম্পৰ্কে এই সংজ্ঞাটো আগবঢ়াইছিল। বহনক্ষম উন্নয়নৰ ধাৰণা মতে উন্নয়ন প্ৰক্ৰিয়াৰ দ্বাৰা সকলো মানুহ উপকৃত হ’ব লাগে আৰু অকল বৰ্তমানতে আৱদ্ধ নাথাকি মানুহৰ চিন্তাধাৰা ভৱিষ্যতলৈকে সম্প্ৰসাৰিত হ’ব লাগে। প্ৰাকৃতিক সম্পদৰ ওপৰত যে সকলোৰে সম অধিকাৰ আছে সেই কথা আজিৰ প্ৰজন্মই উপলব্ধি কৰা উচিত। ভৱিষ্যৎ বংশধৰসকল যাতে সম্পদ ভোগৰ পৰা বঞ্চিত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি কাৰ্য্যব্যৱস্থা গ্ৰহণ কৰা উচিত। বিশ্ব পৰিৱেশ আৰু উন্নয়ন আয়োগৰ প্ৰতিবেদন (১৯৮৭), বিশ্ব শীৰ্ষ সন্মিলন (ৰিঅ’ ডি জেনেৰিঅ’) আদিত বহনক্ষম উন্নয়নৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে।
ৰাষ্ট্ৰসংঘৰ পৰিৱেশ কাৰ্য্যসূচী আৰু ‘ডব্লিউ ডব্লিউ এফ- এন’ৰ দ্বাৰা বহনক্ষম উন্নয়ন সম্পৰ্কে কিছুমান নিৰ্দেশনা জাৰি কৰা হৈছে, সেইমতে
মানুহৰ কল্যাণৰ বাবে ব্যৱহাৰ কৰা বিজ্ঞান আৰু প্ৰযুক্তিৰ প্ৰয়োগৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন নকৰিলে আমাৰ এই সুন্দৰ পৃথিৱীখন ধ্বংস হ’বলৈ বেছি বছৰ নালাগিব। সেয়েহে বহনক্ষম উন্নয়নৰ ধাৰণা প্ৰৱৰ্ত্তন কৰা হৈছে। এই ধাৰণা মতে বৰ্ত্তমান থকা উন্নয়নৰ ধাৰা অব্যাহত ৰাখি ভৱিষ্যতে বংশধৰসকলৰ বাবে সম্পদ ৰাহি কৰা হয়, যাতে তেওঁলোকেও উন্নয়নৰ ধাৰাবাহিকতা অব্যাহত ৰাখিব পাৰে। বহনক্ষম উন্নয়নৰ বাবে গ্ৰহণযোগ্য কিছুমান চৰ্ত্ত বা ব্যৱস্থা এনেধৰণৰ-
(ক) উপযুক্ত প্ৰযুক্তিৰ ব্যৱহাৰঃ স্থানীয়ভাৱে গ্ৰহণযোগ্য আৰু পৰিস্থিতি তন্ত্ৰৰ মিত্ৰ প্ৰযুক্তি প্ৰয়োগ কৰি থলুৱা সম্পদ আৰু থলুৱা শ্ৰমিকৰ দ্বাৰা প্ৰয়োজনীয় সামগ্ৰী উৎপাদন কৰাৰ ব্যৱস্থা কৰিব পাৰি। এনে ব্যৱস্থা সাধাৰণতে কম খৰচী, ব্যৱহাৰযোগ্য আৰু বহনক্ষম হয়।
(খ) কমোৱা, পুনৰ ব্যৱহাৰ কৰা আৰু ৰূপান্তৰ কৰা পদ্ধতি
(গ) পৰিৱেশ সম্পৰ্কে শিক্ষা আৰু সজাগতা
প্ৰতিজন নাগৰিকে পৰিৱেশৰ বিভিন্ন সমস্যাৰ প্ৰতি সমানে সজাগ হ’লেহে সমাজত বহনক্ষম উন্নয়নৰ ধাৰা অব্যাহত ৰাখিব পৰা যায়। এইটো আনন্দৰ কথা যে চৰকাৰে স্কুলীয়া পাঠ্যক্ৰমৰ ভিতৰত পৰিৱেশ অধ্যয়ন বিষয়টো অন্তৰ্ভুক্ত কৰি ছাত্ৰ-ছাত্ৰীৰ মাজত পৰিৱেশ সংৰক্ষণ সম্পৰ্কে সজাগতা আনিবলৈ প্ৰয়াস কৰিছে। পৃথিৱীখন আমাৰ নিজৰ আৰু আমি সকলো এই পৃথিৱীৰ, এই বিশ্বজনীন ধাৰণাই পৰিৱেশ সংৰক্ষণ তথা প্ৰকৃতি সুৰক্ষাৰ দিশত মানুহক সজাগ কৰি তুলিব।
(ঘ) সম্পদৰ ব্যৱহাৰ
কোনো এটা পৰিস্থিতি তন্ত্ৰত সম্পদৰ ব্যৱহাৰৰ পৰিমাণ সহনসীমাত থকা জনসংখ্যাৰ অনুপাতে হোৱা উচিত। দীৰ্ঘদিন ধৰি পৰিস্থিতি তন্ত্ৰ এটাত কোনো প্ৰজাতিৰ সৰ্বোচ্চ যিমান সংখ্যকৰ বসতি ভালদৰে চলি থাকিব পাৰে, তাকে সেই প্ৰজাতিৰ সহনসীমা বা বহন ক্ষমতা বোলে।
বহন ক্ষমতা অতিক্ৰম কৰিলে, পৰিৱেশৰ অৱনতি আৰম্ভ হয় আৰু অৱনতি চলি থাকে। পুনৰ বহনক্ষম অৱস্থা পাব লাগিলে সম্পদৰ পুনৰ উৎপাদনৰ হাৰতকৈ খৰচৰ হাৰ কম হোৱা উচিত। এইটো সম্বৱ হ’ব লাগিলে জনসংখ্যাৰ বৃদ্ধিৰ হাৰ সীমিত কৰাটো অত্যাৱশ্যকীয়।
সম্পদৰ সমতাপূৰ্ণ বা সন্তুলিত ব্যৱহাৰ দুটা দিশৰ পৰা বিবেচনা কৰিব পাৰি- এটা হৈছে ব্যক্তি আৰু ব্যক্তিৰ মাজত সমতা আৰু আনটো হৈছে আন্তঃপ্ৰজন্ম সমতা।
(১) ব্যক্তি আৰু ব্যক্তিৰ মাজত সমতা
উন্নত দেশবোৰত মানুহে অধিক মাত্ৰাত সম্পদ ব্যৱহাৰ কৰে। তেনে দেশবোৰে আন দেশৰ পৰা সম্পদ আহৰণ কৰি নিজৰ দেশত নিজৰ ব্যৱহাৰৰ কাৰণে মজুত কৰে। যেনে, আমেৰিকা যুক্তৰাষ্ট্ৰই মধ্য প্ৰাচ্যৰ দেশবোৰৰ পৰা খাৰুৱা তেল সংগ্ৰহ কৰি নিজ দেশত জমা কৰে আৰু ব্যৱহাৰ কৰে। ধনী দেশবোৰে সম্পদ বেছিকৈ ব্যৱহাৰ কৰে আৰু অপচয়ো বহুত কৰে। এটা সমীক্ষা মতে, উন্নত দেশবোৰৰ মানুহে খোৱা খাদ্যৰ শতকৰা প্ৰায় ৬০ ভাগ বিভিন্ন প্ৰকাৰে অপচয় কৰে।
দুখীয়া দেশবোৰত মানুহে সম্পদৰ যথাযথ ব্যৱহাৰ কৰিব নোৱাৰে। প্ৰযুক্তি তথা সুপৰিকল্পনাৰ অভাৱত উন্নয়নশীল তথা অনুন্নত দেশবোৰত যথেষ্ট পৰিমাণে সম্পদৰ অপব্যৱহাৰ বা অপচয় হয় আৰু তেনে দেশে নিজৰ সম্পদবোৰ কম দামতে ধনী দেশবোৰক বিক্ৰী কৰিবলৈ বাধ্য হয়। উন্নয়নশীল তথা অনুন্নত দেশবোৰত কৃষি উৎপাদন বৃদ্ধি কৰিবলৈ অধিক খেতিৰ মাটি আহৰণ কৰাৰ উদ্দেশ্যে বহু পৰিমাণৰ বনাঞ্চল ধ্বংস কৰা হৈছে, বনজ সম্পদ আহৰণ কৰিবলৈ বনাঞ্চল অত্যধিক ব্যৱহাৰ কৰা হৈছে। কিন্তু সেইবোৰৰ বিপৰীতে পুনৰ্বনানীকৰণ কাৰ্য্যসূচীবোৰ বিশেষ সফল হোৱা নাই। স্বাভাৱিকতে এইবোৰ দেশত বহনক্ষম জীৱন ব্যৱস্থা ব্যাহত হৈছে। উন্নয়নশীল তথা অনুন্নত দেশবোৰত কৃষিকৰ্মত যন্ত্ৰ-পাতি কমকৈ ব্যৱহাৰ কৰা হয় আৰু আধুনিক কৃষি কাৰিকৰী কৌশলৰ প্ৰয়োগো আশানুৰূপ নহয়। বহু কৃষকে এই নতুন কৌশলবোৰ প্ৰয়োগ কৰিবই নাজানে, তেওঁলোক নতুন পদ্ধতিত দক্ষ নহয়। গতিকে সেইবোৰ দেশত কৃষি উৎপাদন কম হয় আৰু সম্পদৰ অপচয় বেছি হয়।
উন্নয়নশীল তথা অনুন্নত দেশবোৰত বহুতো লোক অৰ্থনৈতিকভাৱে পিচপৰা, বহুতে অতি সাধাৰণ জীৱন যাপন কৰে। দুখীয়া লোকসকলে জীৱনৰ সৰহখিনি সময় উপাৰ্জনৰ চিন্তাতে কটাবলগীয়া হয়। সম্পদ কেনেকৈ আহৰণ কৰিব পাৰি, কিমান সহজতে আহৰণ কৰিব পাৰি তাতেই তেওঁলোকৰ চিন্তা কেন্দ্ৰীভূত হৈ থাকে। ভাত-কাপোৰৰ চিন্তাত মগ্ন এনে সংখ্যাগৰিষ্ঠ লোকৰ বাবে পৰিৱেশৰ চিন্তা অৰ্থহীন, পৰিৱেশৰ অৱনতি বা উন্নতি মানে কি সেই কথা তেওঁলোকে বুজি নাপায়। এই দৰিদ্ৰ জনগণৰ আৰ্থিক অৱস্থাৰ উন্নতি কৰি তেওঁলোকৰ মাজত শিক্ষাৰ প্ৰসাৰ কৰিব পাৰিলেহে পৰিৱেশৰ চিন্তা অৰ্থৱহ কৰি তুলিব পৰা যাব। সেই কাৰণেই বোধহয় পৰিৱেশৰ বিভিন্ন বিষয় লৈ ধনী আৰু দুখীয়া দেশৰ মাজত সংঘাতময় অৱস্থাৰ সৃষ্টি হয়। সাধাৰণ সমাজ এখনতো এই কথা লক্ষণীয়। আজিকালি ভাৰতৰ দৰে দেশতো ধনী শ্ৰেণীৰ সৃষ্টি হৈছে। এনে একোটা ধনী পৰিয়ালে এবছৰত যিমান সম্পদ ব্যৱহাৰ কৰে, সেই সম্পদেৰে কেইবাটাও দুখীয়া পৰিয়ালে অনায়াসে বছৰটো চলিব পাৰে।
ধনী মানুহৰ জীৱন ধাৰণৰ মানদণ্ড উচ্চ, তেওঁলোকৰ পিন্ধা-উৰা, খোৱা-লোৱা, চলা-ফুৰা, বিশ্ৰাম লোৱা আদি সকলোবোৰ পদ্ধতি অত্যন্ত খৰচী। ধনী মানুহে সম্পদ বেছিকৈ ব্যৱহাৰ কৰে, অপচয়ো বহুত কৰে আৰু বহুত আৱৰ্জনা উৎপন্ন কৰে। গতিকে সমাজৰ সমৃদ্ধিশালী লোকৰ মাজতো এক জনজাগৰণৰ প্ৰয়োজন হৈছে, এক নতুন ধৰণৰ শিক্ষাৰ প্ৰয়োজন হৈছে। প্ৰকৃত শিক্ষা লাভ কৰি, পৰিৱেশৰ সমস্যা হৃদয়ংগম কৰি তেনে লোকসকলে সম্পদৰ সীমিত ব্যৱহাৰৰ কথা চিন্তা কৰিব লাগে। ধন থাকিল বুলিয়ে সম্পদ জধে-মধে ব্যৱহাৰ কৰাৰ প্ৰৱণতা এইসকল লোকে পৰিত্যাগ কৰিলে সমাজৰ ভালেখিনি সামগ্ৰিক উন্নতি হ’ব আৰু বহনক্ষম উন্নয়নৰ ধাৰা অৱধাৰিত কৰি ৰখাত সহায় হ’ব।
(২) আন্তঃপ্ৰজন্ম সমতা
বিভিন্ন সম্পদৰ ব্যৱহাৰ সাম্প্ৰতিক কালত যিমান কৰা হৈছে অতীতত তাতকৈ বহুত কম আছিল। এটা তেনেই সাধাৰণ উদাহৰণ হৈছে পেট্ৰ’লজাত সামগ্ৰী। আজি সমগ্ৰ বিশ্বতে যান-বাহনবোৰ পেট্ৰ’ল, ডিজেল আদিৰে চলে, কিমান যে যান-বাহন চলে হিচাপ ৰখা টান। অথচ পেট্ৰ’ল উদ্ঘাটন হোৱাৰ মাত্ৰ ডেৰশ বছৰহে হৈছে। এইবিধ জীৱাশ্ম ইন্ধন উদ্ঘাটনৰ আগতে হাজাৰ হাজাৰ বছৰ ধৰি পৃথিৱীত নানা সভ্যতাৰ অভ্যুদয় হৈছিল, কিমান যে প্ৰখ্যাত ৰজা-মহাৰজাই ইতিহাস ৰচি গৈছিল। তেতিয়া সম্পদৰ ব্যৱহাৰ আজিৰ দৰে হোৱা নাছিল, তেনেই কম আছিল।
গতিকে বৰ্ত্তমান প্ৰজন্মই বৰ্দ্ধিত হাৰত সম্পদ ব্যৱহাৰ কৰাৰ প্ৰৱণতা যদি অব্যাহত ৰাখে, তেনেহ’লে ভৱিষ্যত প্ৰজন্মৰ বাবে পৃথিৱীৰ পৰা বহুতো সম্পদ লুপ্ত হৈ যাব। বহনক্ষম উন্নয়নৰ ধাৰণা মতে এই পৰিস্থিতি কাম্য নহয়।
সম্পদ ব্যৱহাৰ কৰি নানাবিধ ভোগৰ সামগ্ৰী উৎপাদন কৰা হয়। ইয়াৰ মূল লক্ষ্য হ’ল পৰিতৃপ্তি। ব্যৱসায়ীসকলে আৰু উদ্যোগপতিসকলে বিবিধ সামগ্ৰী উৎপাদন কৰে আৰু সেইবোৰ কিনিবলৈ অৰ্থাত্ ব্যৱহাৰ কৰিবলৈ গ্ৰাহকসকলক উৎসাহিত কৰে। গ্ৰাহকেও নিজৰ বিত্তীয় সামৰ্থ্য অনুযায়ী ভোগৰ এই সামগ্ৰীবোৰ ক্ৰয় কৰে। এইদৰে ভোগৰ সামগ্ৰী অধিক পৰিমাণে উৎপাদন কৰি অধিক লাভ কৰাৰ ফলত পৰিৱেশৰ ওপৰত নানা ধৰণৰ প্ৰতিকূল প্ৰভাৱ পৰে।
কিন্তু অত্যধিক ভোগৰ সামগ্ৰী উৎপাদন কৰিবলৈ যাওতে পৃথিৱীৰ বিভিন্ন দেশত বনাঞ্চল ধ্বংস কৰা হৈছে। বিশেষকৈ অনুন্নত দেশবোৰে ডাঙৰ ডাঙৰ কোম্পানীবোৰক নিজৰ বনাঞ্চল বন্ধকত দি নিজৰ অৰ্থনৈতিক অৱস্থা উন্নত কৰিব বিচাৰে। ইয়াৰ ফলত নিজৰ বনাঞ্চল ধ্বংস হয়, পুনৰ বনানীকৰণ কৰিবলৈ তেওঁলোকৰ সামৰ্থ্য নাথাকে।
ঠিক সেইদৰে মধ্য আমেৰিকাৰ কিছুমান দেশত গৰু, ম’হ চৰাবলৈ একোটা বৃহত্ বনাঞ্চল মুকলি কৰা হয়। কেইবছৰমান পিচত সেই অঞ্চলত ঘাঁহ-বন নোহোৱা হয় আৰু অঞ্চলটো পৰিত্যাগ কৰা হয়। সেই বনাঞ্চল ধ্বংস হোৱাৰ বিপৰীতে গৰু-ম’হৰ গাখীৰ, মাংস আদি বিক্ৰী কৰি সেই দেশবোৰে আৰ্থিক দিশত লাভৱান হয় সঁচা, কিন্তু দীৰ্ঘকালীন সময় ধৰি বিশ্লেষণ কৰিলে দেখা যায় যে বনাঞ্চল ধ্বংস হোৱাৰ ফলত যিমান লোকচান হয়, তাৰ তুলনাত সেই আৰ্থিক লাভ তেনেই নগণ্য।
অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ পাহাৰ অঞ্চলত মানুহে ঝুম পদ্ধতিৰে খেতি কৰে। ইয়াৰ বাবে একোটা অঞ্চল হাবি-জংঘল কাটি ঠাইখিনি খেতিৰ বাবে মুকলি কৰে। তাত কেইবছৰমান খেতি কৰাৰ পাছত ঠাইখিনি পৰিত্যাগ কৰে। পুনৰ সেই ঠাইত বননি হয় যদিও আগৰ অৱস্থালৈ সহজে উভতি নাহে। খেতিৰ বাবে কৃষকে নতুন নতুন বনাঞ্চল এইদৰে ধ্বংস কৰি থাকে। এবাৰ কোনো বনাঞ্চল ধ্বংস কৰাৰ পিছত পুনৰ বনানীকৰণ কৰি আগৰ জৈৱ বৈচিত্ৰ্য পুনৰাই ঘূৰাই পোৱাটো সম্ভৱ নহয়।
পৃথিৱাৰ বিভিন্ন প্ৰান্তত সম্পদৰ অধিক ব্যৱহাৰৰ ফলত ভূমি অৱক্ষয় হৈছে, মাটিৰ সাৰুৱা ভাগ কমি গৈছে। পৃথিৱীৰ মুঠ কৃষিভূমিৰ প্ৰায় এক তৃতীয়াংশ এইদৰে ক্ষয় যাব ধৰিছে। বিশ্বৰ খাদ্য উৎপাদনকাৰী প্ৰধান দেশ আমেৰিকা যুক্তৰাষ্ট্ৰ, ৰাছিয়া, ভাৰত আৰু চীন দেশত ভূমি অৱক্ষয় গুৰুতৰ হৈছে। অৱশ্যে ভূমি অৱক্ষয় স্বাভাৱিক প্ৰক্ৰিয়াৰদ্বাৰাও হয়, স্বাভাৱিক প্ৰক্ৰিয়াত ভূমিৰ ক্ষয়ীভৱন আৰু নৱীকৰণ একেলগে চলি থাকে। আনহাতে মানুহৰ বিভিন্ন কাৰ্য্যকলাপৰ বাবে ক্ষয়ীভৱন প্ৰক্ৰিয়া ত্বৰান্বিত হয়।
বনজ সম্পদৰ নিচিনাকৈ জল সম্পদৰ ব্যৱহাৰৰ প্ৰতিও সাম্প্ৰতিক বিশ্বৰ বিভিন্ন স্থানত মানুহ সজাগ হ’ব ধৰিছে। মানুহ আৰু জীৱ-জন্তু তথা গছ-গছনি সকলোৰে বাবে পানী অপৰিহাৰ্য্য। বৰ্দ্ধিত জনসংখ্যা, বৰ্দ্ধিত কৃষিকৰ্ম আৰু বৰ্দ্ধিত নগৰীকৰণৰ ফলতো পানীৰ চাহিদা ক্ৰমশঃ বৃদ্ধি পাইছে।
সজাগতাৰ অভাৱত প্ৰায় বেছিভাগ মানুহে পানী ব্যৱহাৰ কৰাত সাৱধান নহয় আৰু হিচাপ কৰি নচলে। গতিকে স্বাভাৱিকতে পানীৰ অপব্যৱহাৰ হয়। এনে অপব্যৱহাৰৰ লগতে জল প্ৰদূষণৰ সমস্যাৰ কাৰণেও এটা সময়ত বিশুদ্ধ পানীৰ আকাল অথবা সংকট হ’ব বুলি ধাৰণা কৰা হৈছে।
ঠিক একেদৰে খাদ্যৰ উৎপাদন, বিতৰণ আৰু ব্যৱহাৰো আন এটা উল্লেখযোগ্য বিষয়। পৃথিৱীৰ সকলো দেশতে খাদ্যশস্য সমানে উৎপাদন নহয়। চৌদি আৰাবিয়া আৰু আফ্ৰিকাৰ কেইবাখনো মৰুভূমিময় দেশত খাদ্যশস্য উৎপাদন প্ৰায় শূন্য। কিন্তু সেইবোৰ দেশত অন্য সম্পদ আছে। আন কিছুমান দেশত অৱশ্যে প্ৰয়োজনীয় সম্পদ প্ৰায় শূন্য বুলিয়ে ক’ব পাৰি, সেইবোৰ দেশ অত্যন্ত দুখীয়া। ধনী আৰু দুখীয়া দেশৰ মাজত খাদ্য পদ্ধতিৰ ভিন্নতা আছে, পৰিমাণৰো ভিন্নতা আছে। ঠিক সেইদৰে উচ্ছিষ্ট বা বৰ্জিত দ্ৰব্যৰ পৰিমাণৰো ভিন্নতা আছে। ব্যাপক ৰূপত আৱৰ্জনা উৎপন্ন হোৱাৰ ফলত পৰিৱেশৰ অৱনতি হ’ব ধৰিছে। ভোগসৰ্বস্ব সমাজত উচ্ছিষ্টৰ ব্যাপকতা অতি লক্ষণীয়। নগৰীকৰণ, ঔদ্যোগীকৰণ আৰু জীৱন ধাৰণৰ মানদণ্ড বৃদ্ধি হৈ অহাৰ ফলত পৃথিৱীৰ নানা দেশত উচ্ছিষ্টৰ পৰিমাণ বৃদ্ধি হৈ আহিছে।
সম্পদ ব্যৱহাৰ কৰাৰ ধৰণ বা ভোগ কৰাৰ ধৰণ আৰু বহনক্ষম উন্নয়নৰ মাজত সমতা স্থাপন নহ’লে পৰিৱেশৰ ওপৰত প্ৰতিকূল প্ৰভাৱ পৰে। কিন্তু ভোগ কৰা পদ্ধতিৰ পৰিৱৰ্তন কৰাটো বা জীৱন ধাৰণৰ মানদণ্ড কেনে হোৱা উচিত সেইটো নিৰ্ণয় কৰাটো সহজসাধ্য কাম নহয়। তাৰ কাৰণে মানুহৰ মাজত উপযুক্ত প্ৰচাৰ আৰু শিক্ষাৰ প্ৰসাৰ হোৱাটো অত্যাৱশ্যকীয়।
(১) সকলো মানুহে ভোগৰ সামগ্ৰী সীমিতভাৱে ব্যৱহাৰ কৰিবলৈ শিকিব লাগে যাতে আন মানুহেও সম্পদ সমানে ভোগ কৰিব পাৰে। বহনক্ষম বোগৰ কথা মানুহৰ মাজত ভালদৰে প্ৰচাৰিত হ’লে মানুহে নিজে উপযুক্ত পদ্ধতি গ্ৰহণ কৰিব পাৰিব।
(২) সম্পদৰ অপচয় পাৰ্য্যমানে ৰোধ কৰিব লাগে আৰু ইয়াৰ ব্যৱহাৰ কাৰ্য্যদক্ষ হ’ব লাগে। বিশেষকৈ বনজ সম্পদৰ ব্যৱহাৰ আৰু খনিজাত সম্পদ উদ্ধাৰ কৰা আদি কাৰ্য্যত বিশেষ সাৱধান হ’ব লাগে তথা উপযুক্ত প্ৰযুক্তি ব্যৱহাৰ কৰিব লাগে।
(৩) প্ৰয়োজন মতে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতা বৃদ্ধি কৰি বহনক্ষম উন্নয়নৰ ধাৰা অব্যাহত ৰখাৰ প্ৰচেষ্টা হাতত ল’ব লাগে।
এনেধৰণৰ বিভিন্ন কাৰ্য্যব্যৱস্থা হাতত লৈ মানুহক সচেতন আৰু সজাগ কৰি তুলিব পাৰিলে, আমাৰ এই সুন্দৰ পৃথিৱীখন উত্তৰ পুৰুষৰ বাবে আৰু অধিক সুন্দৰ কৰি ৰাখিব পৰা যাব।
কিছুমান পাৰিভাষিক শব্দ
উপযুক্ত প্ৰযুক্তি, ভোগ কৰাৰ ধৰণ, আন্তঃ প্ৰজন্ম সমতা, বহনক্ষম উন্নয়ন, ইউনাইটেড নেচনছ্ এনভিৰনমেণ্টেল প্ৰ’গ্ৰাম, ৱ’ৰ্ল্ড ৱাইড ফাণ্ড ফ’ৰ নেচাৰ।
উৎস: পৰিৱেশ বিভাগ।
শেহতীয়া উন্নীতকৰণ: : 6/14/2020
অদৰকাৰী গছ-বনৰ দ্ৰব্য গুণ আৰু ব্যৱহাৰ
অসমৰ বাদ্যযন্ত্ৰ
অনিষ্টজনক মুখাভ্যাস
অযথা বিষৰ ঔষধৰ ব্যৱহাৰে বিপদ মাতি আনে