অ'জন অক্সিজেনৰে এটা ৰূপ৷ কিন্তু, অক্সিজেনৰ লগত সাদৃশ্য নাই, অ'জন এটা বিষাক্ত গেছ৷ প্ৰত্যেক অ’জন অণু তিনিটা অক্সিজেন পৰমাণুৰ সৈতে গঠিত, সেয়ে ইয়াৰ ৰাসায়নিক সংকেত হ’ল O৩৷ বায়ুমণ্ডলৰ ওপৰৰ অতি বেঙুনীয়া ৰশ্মিৰ বিকিৰণৰ ফলত অক্সিজেন অণু (O২) ভাঙি গ'লে অ’জন তৈয়াৰী হয়৷ যদি এটা মুক্ত অক্সিজেন পৰমাণু (O) অক্সিজেন অণু (O২)ৰ সংস্পৰ্শলৈ আহে, তেন্তে সেই তিনিটা অক্সিজেন পৰমাণু লগ লাগি অ’জন গঠিত হয়৷
ষ্ট্ৰেটোস্ফিয়াৰ (এই স্তৰ ভূ-পৃষ্ঠৰ ১৫-৫০ কি.মি ওপৰত থাকে) ত অ’জন প্ৰাকৃতিকভাৱে থাকে৷ এই স্তৰে অতি বেঙুনীয়া ৰশ্মিৰ বিকিৰণ পৃথিৱীলৈ অহাত বাধা দি জীৱন সুৰক্ষিত কৰে৷
ভূ-পৃষ্ঠৰ একেবাৰে কাষতে থকা স্তৰটোত যান-বাহনৰ পৰা হোৱা প্ৰদূষণৰ ফলত নাইট্ৰ’জেন অক্সাইড আৰু হাইড্ৰ’কাবৰ্নৰ স্তৰটো বৃদ্ধি পায়৷ সূৰ্য্যৰ কিৰণৰ উপস্থিতিত এই ৰাসায়নিক দ্ৰব্যসমূহে অ’জন সৃষ্টি কৰে৷ এই অ’জনে শৰীৰত নানা স্বাস্থ্যজনিত অসুবিধা, যেনে, কাঁহ, ডিঙিৰ সুৰসুৰণি, হাপাঁনি বাঢ়ি যোৱা, ব্ৰংকাইটিছ আদিৰ সৃষ্টি কৰে৷ ই শস্যয়ো নাশ কৰিব পাৰে৷
ষ্ট্ৰেটোস্ফিয়াৰৰ অ’জন স্তৰে পৃথিৱীলৈ অতি বেঙুনীয়া ৰশ্মিৰ আগমন ৰোধ কৰি জীৱন-ধাৰণত সহায় কৰিলেও, তলৰ স্তৰসমূহত অ’জনৰ উপস্থিতিয়ে স্বাস্থ্যৰ ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি কৰিব পাৰে৷
অ’জন ক্ষয়কাৰী প্ৰধান ৰাসায়নিক দ্ৰব্যবিধ হ’ল ক্লৰ’ফ্লৰ’ কাৰ্বন (চিএফচি)৷ এইবিলাক শীতলীকৰণ যন্ত্ৰ, শীত-তাপ নিয়ন্ত্ৰিত যন্ত্ৰ আদিত ব্যৱহাৰ কৰা হয়৷ ইয়াত ক্ল’ৰিনযুক্ত হৈ থাকে৷ অ’জন ক্ষয়ৰ পদ্ধতি
স্তৰ১: মানুহৰ কাম-কাজৰ ফলতে উৎপন্ন হোৱা চিএফচি সমূহে বায়ুমণ্ডলৰ অ’জন স্তৰ ঢুকি পাইছে৷
স্তৰ২: অতি বেঙুনীয়া বা ইউভি ৰশ্মিয়ে চিএফচিসমূহ ভাঙি পেলোৱাৰ ফলত ক্ল’ৰিন উৎপন্ন হয়৷
স্তৰ৩: ক্ল’ৰিন অণুসমূহে অ’জনৰ পৰমাণুক ভাঙি পেলোৱাৰ ফলত অ’জনৰ ক্ষয় হয়৷
অ’জন স্তৰ পাতল হৈ গ’লে, পৃথিৱীলৈ সূৰ্য্যৰ অতি বেঙুনীয়া ৰশ্মিৰ বিকিৰণ অতি মাত্ৰাত হ’ব পাৰে৷ ইয়াৰ ফলত জীন সম্বন্ধীয় ক্ষতি, চকুৰ ক্ষতি আৰু সামুদ্ৰিক প্ৰাণীজগতৰ ক্ষতি হ'ব পাৰে৷
উৎস: আইএনডিজি দল
শেহতীয়া উন্নীতকৰণ: : 7/19/2020