পৃথিৱী জুৰি গ্ৰীনহাউচ গেছ হ্ৰাস কৰাৰ বাবে কিট’ প্ৰট’কল এক আন্তৰাষ্ট্ৰীয় আৰু বাধ্যতামূলক আইন৷ ২০০৫ চনৰ ১৬ ফেব্ৰুৱাৰী তাৰিখে এই আঁচনি গৃহীত হয়৷ কিট’ প্ৰট’কলৰ মূল উদ্দেশ্য হ’ল শিল্প সমৃদ্ধ দেশসমূহৰ গ্ৰীনহাউচ গেছ (জিএইচজি) নিৰ্গমণ হ্ৰাস কৰা৷ গ্ৰীনহাউচ গেছত থকা গেছসমূহ হৈছে, কাৰ্বন-ডাই-অক্সাইড, মিথেন, নাইট্ৰাছ অক্সাইড, চালফাৰ, হেক্সাফ্লৰাইড, হাইড্ৰ’ফ্লৰ’কাৰ্বন আৰু পাৰফ্লৰ’কাৰ্বন৷ ২০০৮ চন পৰ্য্যন্ত ১৮৩ খন দেশে প্ৰট’কল অনুমোদন কৰিছে, তাৰ মাজত ভাৰতবৰ্ষও আছে৷
১৫০ বছৰ ধৰি শিল্পোন্নত দেশসমূহে শিল্প বিস্তাৰৰ বাবে কৰি অহা কাম-কাজসমূহেই বতৰ্মান বায়ুমণ্ডলৰ উচ্চ জিএইচজিৰ বাবে দায়ী৷ উন্নত দেশসমূহৰ ওপৰত প্ৰট’কলে গধুৰ দায়িত্ব “সাধাৰণ কিন্তু ভিন্ন ভিন্ন দায়িত্ব” ন্যস্ত কৰিছে৷ এই প্ৰট’ক’লৰ অধীনত, উন্নত দেশসমূহে জিএইচজি নিৰ্গমণ ১৯৯০ চনৰ মাত্ৰাতকৈ, ২০১২ চনৰ ভিতৰত ৫.২ শতাংশ হ্ৰাস কৰিব লাগিব৷
চুক্তি অনুযায়ী, প্ৰথমতে দেশসমূহৰ জাতীয় উপায় প্ৰয়োগৰ দ্বাৰা এই লক্ষ্য পূৰণ কৰিব লাগিব৷ অৱশ্যে, কিট’প্ৰট’কলে তিনিটা বজাৰভিত্তিক উপায়ৰ দ্বাৰা সেই সমূহ পূৰণৰ সুযোগ প্ৰদান কৰিছে৷ সেইবিলাক হৈছে:
কিট’প্ৰট’কলৰ অধীনত প্ৰতিশ্ৰুতিবদ্ধ হোৱা দেশসমূহে নিৰ্গমণ সীমিত কৰা অথবা হ্ৰাস কৰাৰ লক্ষ্য গ্ৰহণ কৰিছিল৷ এই লক্ষ্যসমূহ অনুমোদিত নিৰ্গমণ মাত্ৰা বা “নিৰ্দ্ধাৰিত পৰিমাণ’’ হিচাপে প্ৰকাশ কৰা হয়৷ অনুমোদিত নিৰ্গমণক “নিৰ্দ্ধাৰিত পৰিমাণৰ একক’’(এএইউ) হিচাপে বিভক্ত কৰা হৈছে৷
যিবিলাক দেশে কিট’প্ৰটকল অনুযায়ী নিৰ্গমণ একক বকেয়া (নিৰ্গমণ একক অনুমোদিত, অথচ ‘ব্যৱহৃত’ নহয়) হিচাপত ৰাখিব, সেইবিলাক দেশে লক্ষ্য অতিক্ৰম কৰি যোৱা দেশসমূহক সেই অত্যাধিক পৰিমাণ বিক্ৰী কৰিব পাৰিব৷
এইদৰে, নিৰ্গমণ হ্ৰাস অথবা আতঁৰাই পেলোৱাৰ বাবে এটা নতুন পণ্য উৎপন্ন হৈছে৷ যিহেতু কাৰ্বন-ডাই-অক্সাইড প্ৰধান গ্ৰীনহাউচ গেছ, সেয়ে ইয়াক কাৰ্বন ট্ৰেডিং বোলা হয়৷ বতৰ্মান কাৰ্বন লক্ষিত আৰু অন্য পণ্যৰ দৰে ইয়াৰ বেপাৰ হয়৷ ইয়াকে কাৰ্বন মাকেৰ্টো বোলা হয়৷
কাৰ্বন মাৰ্কেটৰ অন্য ট্ৰেডিং ইউনিট
এই পৰিকল্পনাৰ অধীনত স্থানান্তৰ কৰিব পৰা প্ৰতি এক টন কাৰ্বন-ডাই-অক্সাইডৰ সমান হ'ব পৰা একক হ’ল:
প্ৰট’ক’লৰ ১২ নং অনুচ্ছেদত ক্লীন ডেভেলপমেন্ট মেকানিজিম (চিডিএম) উল্লেখ আছে৷ ইয়াৰ মতে নিৰ্গমণ হ্ৰাস অথবা নিৰ্গমণ সীমিত কৰা উন্নয়নশীল দেশসমূহত নিৰ্গমণ হ্ৰাস প্ৰকল্প প্ৰসাৰৰ বাবে অনুমতি দিয়া হয়৷ এই প্ৰকল্পসমূহে ব্যৱসায়িকভাৱে প্ৰামাণিক নিৰ্গমণ হ্ৰাস (চিইআৰ) প্ৰমাণ পত্ৰ পাব পাৰে যিটো এক টন কাৰ্বন-ডাই-অক্সাইডৰ মানৰ সমতুল্য আৰু ইয়াক কিট’প্ৰটক’লৰ লক্ষ্য পূৰণৰ উদ্দেশ্য হিচাপে ধৰিব পাৰি৷
সৌৰ পেনেল ব্যৱহাৰ কৰি কৰা গ্ৰাম্য বৈদ্যুতিকৰণ অথবা শক্তি-সক্ষম বইলাৰসমূহত এটা চিডিএম প্ৰকল্প ব্যৱহাৰ কৰিব পাৰি৷ এই মেকানিজিমে উন্নয়নশীল দেশসমূহক নিৰ্গমণ হ্ৰাসকৰণৰ লক্ষ্য পূৰণৰ বাবে সুযোগ দিব পাৰে৷
এটা চিডিএম প্ৰকল্পৰদ্বাৰা নিৰ্গমণ হ্ৰাস কৰাৰ সম্ভাৱনা থাকিব লাগে৷ প্ৰকল্পটি সঠিক আৰু ৰাজহুৱা নথিভুক্ত পদ্ধতিৰ দ্বাৰা কঠোৰভাৱে পৰীক্ষিত হ’ব লাগে৷ মনোনীত ৰাষ্ট্ৰীয় ব্যক্তিৰদ্বাৰা অনুমোদন প্ৰাপ্ত হ’ব লাগে৷ চিডিএম প্ৰণালীৰ বাবে আগবঢ়োৱা ধন অন্য কোনো কাম বা কাৰ্য্যলয়ৰ উন্নতিমূলক কামত ব্যৱহাৰ কৰিব নোৱাৰিব৷
৩) যুটীয়া প্ৰয়োগ অথবা জইন্ট ইমপ্লিমেনটেছন
কিট’প্ৰটকল ৬নং অনুচ্ছেদত "যুটীয়া প্ৰয়োগ অথবা জইন্ট ইমপ্লিমেনটেছন’’ ৰ উল্লেখ আছে৷ ই ৰাষ্ট্ৰক নিৰ্গমণ হ্ৰাস বা সীমিতকৰণেৰে কিট’প্ৰট’কলৰ অধীনত আন ৰাষ্ট্ৰৰ পৰা নিৰ্গমণ হ্ৰাস অথবা নিৰ্গমণ বজৰ্নৰ ওপৰত নিৰ্গমণ হ্ৰাসৰ একক (ইআৰইউ) অৰ্জন কৰিবলৈ অনুমতি দিয়ে৷ ইয়াৰ পৰিমাণ এক টনৰ সমান আৰু ইয়াক প্ৰট’ক’লৰ লক্ষ্য পূৰণৰ উদ্দেশ্য হিচাপে গণ্য কৰা হয়৷
উৎস: আইএনডিজি দল
শেহতীয়া উন্নীতকৰণ: : 10/6/2018