স্থান : শ্ৰেণী, বাহিৰ
গোটৰ আকাৰ : পূৰা শ্ৰেণী
সময় : ৩০ মিনিট
যোগাৰ : নালাগে
মানুহ আৰু জীৱ জন্তৰ আহাৰ আৰু শক্তিৰ সম্বন্ধ বুজা।
ছাত্ৰ ছাত্ৰী সকলৰ লগত কামৰ ধাৰণাৰ বিষয়ে আলোচনা কৰক। তেওঁলোকক ক’ব যে কোনো এটা বস্তু য’তে আছে তাতেই ৰৈ থাকিব খোজে- যদিহে তাক শক্তি বা বল প্ৰয়োগ কৰি লৰোৱা নহয়।
তেওঁলোকক ভিন ভিন বস্তু ঠেলিব বা তুলি ধৰিব কওক- কিতাপ, পেঞ্চিল, শিল, চকি আদি। তেওঁলোকক কৈ দিব যে এনেকৈ ঠেলি বা তুলি দিওঁতে কাম কৰা হৈছে আৰু তাৰ বাবে শক্তিৰ যোগান ধৰিলে পেশীবোৰে। এই শক্তি বাৰু পেশীবোৰে কেনেকৈ পালে সেইকথা তেওঁলোকক সোধক।
তেওঁলোকক মানুহৰ কাৰণে কাম কৰি দিয়া কেইবিধ মান জন্তৰ নাম ক’ব কওক। মানুহ বা জন্ত আদিৰ উদাহৰণৰ পৰা আহাৰ, শক্তি আৰু কামৰ মাজৰ সম্পৰ্ক দেখাব পাৰে।
ছাত্ৰ ছাত্ৰী সকলক বাতৰি কাকত, আলোচনী আদিৰ পৰা চিত্ৰ বা ছবি (Photograph) আনিব কওক- য’ত হয় মানুহ, নহয় যন্ত্ৰই কাম কৰি আছে। এই কাম কৰা শক্তিৰ উৎসৰ বিশ্লেষণ কৰি দিব। এই বিষয়ে এখন প্ৰদৰ্শনীও পাতিব পাৰে।
ছাত্ৰ ছাত্ৰী সকলে বৰ্তমানৰ প্ৰধান প্ৰধান শক্তিৰ উৎসবোৰ নিৰ্ণয় কৰিব।
উৎস: শিকাৰ আনন্দ, পৰিৱেশ বিজ্ঞান কেন্দ্ৰ, আহমেদাবাদ।
শেহতীয়া উন্নীতকৰণ: : 5/26/2020
অপৰম্পৰাগত শক্তি আৰু ভাৰতবৰ্ষ
মৌৰ্য সাম্ৰাজ্যৰ পতনৰ পিছত বৈদেশিক শক্তিৰ ভাৰতলৈ আ...
কাৰ্যদক্ষ অণুজীৱ: সুক্ষ্ম অথচ শক্তিৰ বিশাল ভাণ্ডাৰ
জাপি