গোন্ধৰ প্ৰতি সজাগ হোৱা আৰু প্ৰতিটো বস্তুৰ যে নিজা একোটা গোন্ধ আছে তাক অনুভৱ কৰা। আপোনাৰ ভাল লগা গোন্ধটোযে আনৰ অসহনীয়ও হ’ব পাৰে তাৰ প্ৰতি সজাগ কৰি তোলা।
ছাত্ৰ-ছাত্ৰীসকলক যিকোনো গোন্ধ থকা বস্তুৰ তালিকা এখন কৰিব কওক।(তালিকাত নানা বস্তু থাকিব পাৰে, যেনে চম্পাফুল, কেৰাচিন, ধোঁৱা, জাৱৰ-জোথৰ, নলাৰ পানী, ঘিউ আদি)। তালিকা কৰাৰ পিছত বস্তুবোৰ ভাগ ভাগ কৰিব। সুগন্ধি, উদাসীন অৰ্থাৎ ভাল বা বেয়া গোন্ধ বুলিব নোৱাৰা, দুৰ্গন্ধি।
ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ ঘৰ দুৱাৰ আৰু চাৰিওকাষৰ গোন্ধবোৰৰ একোখন তালিকা কৰিব। গোন্ধবোৰ ক’ৰ পৰা আহে? কিয় আহে? সুগন্ধি নে দুৰ্গন্ধি? যদি দুৰ্গন্ধি, তেন্তে সেই ক্ষেত্ৰত কি কৰিব পৰা যায়? আলোচনাত ছাত্ৰছাত্ৰীসকলেও অংশ ল’ব আৰু পাৰিলে সমাধান দিব ক’ব।
যেতিয়া সকলো গোন্ধৰ তালিকা কৰা হ’ব, তেতিয়া দেখিব এজনে উদাসীন বুলি কোৱা গোন্ধ এটা আন এজনে দুৰ্গন্ধি বুলিছে। তালিকাবোৰৰ পৰা তেনে গোন্ধৰ উদাহৰণ উলিয়াই ল’ব। গোন্ধ এটা ভাল বা বেয়া লগাটো যে এটা বিষয়ধৰ্মী কথা তাকে লৈ আলোচনা কৰিব। সেয়ে আমি সাৱধান হ’ব লাগিব আমাৰ চাৰিওকাষ আনৰ বাবে যাতে অসহনীয় নহয়। ছাত্ৰছাত্ৰীসকলে বুজি পাব লাগিব যে ভাল লগা গোন্ধো হানিকৰ হ’ব পাৰে, যেনে কোনো কোনো গেছ।
আগদিনাখনে প্ৰতিজন ছাত্ৰছাত্ৰীক কোনো ধৰণৰ গোন্ধ থকা দুটাকৈ বস্তু লৈ আহিবলৈ কৈ থ’ব। বস্তুবোৰ থূপাই লৈ এটা খেল চলিব। শ্ৰেণীটোৰ ল’ৰাছোৱালীবোৰক দুটা দলত ভাগ কৰিব। এটা দলৰ এজন ছাত্ৰ-ছাত্ৰীৰ চকু বান্ধি ল’ব আৰু আনটো দলৰ পৰা দিয়া এটা বস্তু শুঙিব দিব। শুঙি চাই বস্তুটো চিনিব পাৰিলে তেওঁৰ দলে এটা নম্বৰ পাব। এইবাৰ আনটো দলক তেনে কৰিব দি নম্বৰ পায় নে নেপায় থিৰ কৰিব। তেনেকৈ বস্তুবোৰ শেষ হোৱালৈকে খেলটো চলি থাকিব।
আমি ধৰিব নোৱাৰা বহুতো গোন্ধ কুকুৰে চিনি উলিয়াব পাৰে। কোন কোন জন্তুৰ গোন্ধ চিনি পোৱা শক্তি বেচি? কাৰ কাৰ কম?
ভাল নলগা গোন্ধৰ এখন তালিকা কৰক। তেনে গোন্ধৰ পৰা কেনেকৈ হাত সাৰিব পাৰি ছাত্ৰছাত্ৰীসকলে থিক কৰিব।
বেয়া গোন্ধ থকা কোনবোৰ বস্তুৱে পৰিৱেশ প্ৰদূষিত কৰে?
উৎস: শিকাৰ আনন্দ।
শেহতীয়া উন্নীতকৰণ: : 6/11/2020
গোন্ধ আৰু শব্দ