স্থান : ঘৰ, বাহিৰ
গোটৰ আকাৰ : গাইগুটীয়া বা পূৰা শ্ৰেণী
সময় : কেবাদিন
উপযুক্ত সময় : ওৰে বছৰে
যোগাৰ : নালাগে
উদ্দেশ্য
এইবোৰৰ জ্ঞান দিয়া :
- ঘৰলৈ পানী কঢ়িওৱাত শক্তি খৰচ হয়।
- পানী এটা অতি আৱশ্যকীয় সম্পদ।
- পানী পোৱাটো নানা কথাৰ ওপৰত নিৰ্ভৰ কৰে।
কি কৰিব
ছাত্ৰ ছাত্ৰী সকলে তলৰ কথাখিনিলৈ মন কৰিব :
- ঘৰলৈ পানী কেনেকৈ আহে?
- ঘৰলৈ কোনে/কিহে আনে?
- ঘৰৰ কি কি কামৰ বাবে পানী লাগে?
- পানীৰ উৎসলৈ কিমান দূৰ?
- তোমাৰ ওচৰ চুবুৰীয়া মানুহে তোমালোকৰ দৰেই পানী পায়নে?
- পানীৰ উৎস কোনে নিয়ন্ত্ৰণ কৰে?কিয়?
- তোমাৰ ঘৰত প্ৰতিদিনে কমেও কিমান পানী লাগে?
- যদিহে কুঁৱাৰ পৰা অনা হয় : কুঁৱাৰ পৰা তিৰোতা মানুহে পানী কঢ়িয়াব লাগে কিয়? পানী আনোঁতে তেওঁলোকে কিমান সময় লয়?
- ঘৰত ব্যৱহাৰ কৰাৰ পিচত পানীখিনি ক’লঈ যায়?
- বছৰৰ কোন কোন সময়ত ডয়েৰিয়া আদি ৰোগ হয়?
পৰিৱৰ্তন/পৰিবৰ্ধন
- খোৱা পানী কেনেকৈ বিশুদ্ধ কৰিব?
- পানীৰ উৎস কেনেকৈ পৰিষ্কাৰকৈ ৰাখিব? পুখুৰী? কুৱা?
- পানীৰ উৎসৰ ওচৰত কি কি কাম কৰিব নালাগে?
উৎস: শিকাৰ আনন্দ, পৰিৱেশ বিজ্ঞান কেন্দ্ৰ, আহমেদাবাদ।
শেহতীয়া উন্নীতকৰণ: : 3/10/2020
0 ratings and 0 comments
Roll over stars then click to rate.
© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.