ৰন্ধা-বঢ়া কাৰ্য্যত তাপৰ ব্যৱহাৰ অপৰিহাৰ্য্য আৰু এই তাপ শক্তি ইন্ধন দহন কৰি পাব পাৰি৷ ইন্ধন দহন কৰিবৰ কাৰণে চৌকাৰ প্ৰয়োজন৷ সচৰাচৰ ব্যৱহৃত চৌকাবোৰ বৈজ্ঞানিক পদ্ধতিৰে তৈয়াৰ কৰা নহয় বাবে তাত নানা ধৰণৰ আসোঁৱাহ ৰৈ যায়৷ এইবোৰ চৌকাত ৰান্ধোতে সময় বেচি লাগে, বাচন বৰ্তন ছাঁইৰে ক’লা হৈ পৰে, ঘৰ-দুৱাৰ অপৰিষ্কাৰ হয় আৰু প্ৰচুৰ পৰিমাণৰ ধোঁৱা আৰু স্বাস্থ্য ক্ষতিকাৰক হে নিৰ্গত হৈ ৰান্ধনিৰ স্বাস্থ্য হানি কৰে৷
উন্নত চৌকা হ’ল সম্পূৰ্ণ বৈজ্ঞানিক পদ্ধতিৰে পৰীক্ষা নিৰিক্ষা কৰি উদ্ভাৱন কৰা আধুনিক চৌকা ইয়াত সাধাৰণ চৌকাৰ আসোঁৱাহ সমূহ প্ৰায় নোহোৱা কৰি ব্যাহাৰিক সুচলতাৰে নিৰ্ম্মান কৰা হয়৷
বিভিন্ন পৰীক্ষা-নিৰিক্ষা কৰাৰ পিচত অভিযন্তা আৰু বিজ্ঞানী সকলে প্ৰায় দুকুৰি সৰু ডাঙৰ বিভিন্ন আকাৰৰ স্হায়ী আৰু অস্হায়ী উন্নত চৌকাৰ আৰ্হি প্ৰস্তুত কৰি উলিয়াইছে ৷ এই চৌকা সমূহক ভাৰত চৰকাৰৰ অপৰম্পৰাগত শক্তি বিভাগে উন্নত চৌকা হিচাবে স্বীকৃতি প্ৰদান কৰিছে৷
উন্নত চৌকাসমূহ নিৰ্মান পদ্ধতি অনুসৰি তলত দিয়া ধৰণে ভাগ কৰিব পাৰি৷
(ক) দুটা চৌকাযুক্ত চিম্নী থকা স্থায়ী চৌকা;
(খ) এটা চৌকাযুক্ত চিম্নী থকা স্থায়ী চৌকা;
(গ) দুটা চৌকাযুক্ত চিম্নী বিহীন স্থায়ী চৌকা;
(ঘ) এটা চৌকাযুক্ত চিম্নী বিহীন স্থায়ী চৌকা আৰু
(ঙ) সহজে পৰিবহন কৰিব পৰা লোৰে তৈয়াৰী চিম্নী বিহীন চৌকা৷
অসমত সাধাৰণতে ব্যৱহাৰৰ উপযোগী কেইবিধমান উন্নত চৌকাৰ নাম উল্লেখ কৰা হৈছে:
(ক) চুখাদ – এই চৌকা ৫ ৰ পৰা ৮ জনীয়া পৰিয়ালৰ কাৰণে ব্যৱহাৰৰ উপযোগী ৷
(খ) আৰাৱলী-ইউ – এই চৌকা ১০ ৰ পৰা ১২ জনীয়া পৰিয়ালৰ কাৰণে উপযোগী ৷
(গ) চোহিনী – ৫-৬ জনীয়া পৰিয়ালৰ কাৰণে ই উপযোগী ৷
(ঘ) গৃহলক্ষী – ৩-৪ জনীয়া সৰু পৰিয়ালৰ কাৰণে ই উপযোগী ৷
(ঙ) পূৱালী
স্থায়ী বিধৰ উন্নত চৌকা নিৰ্মাণৰ কাৰণে প্ৰয়োজনীয় প্ৰধান সামগ্ৰী হ’ল – মাটি, বালি, গোবৰ আৰু তুহঁৰ মিশ্ৰণ, মাটিৰ গুণ অনুসৰি এই উপাদান সমূহ বেলেগ বেলেগ হয়৷
চিমনীৰ কাৰণে এচবেচটচ, চিমেন্ট পাইপ, ২, ৩ বা ৪ ইঞ্চি ব্যাসাৰ্দ্ধ, কাউল, চকেট আদি৷
উন্নত চৌকা নিৰ্মাণ কৰিবৰ কাৰণে নিম্নলিখিত সজুঁলিৰ প্ৰয়োজন হয়:
(ক) এটা কাঠৰ ব্লক বা সাঁচ নতুবা কাঠৰ তক্তা;
(খ) এখন কোৰ বা বেলচা;
(গ) ৬ ইঞ্চি আৰু ৯ ইঞ্চি দীঘল দুখন জোঙা কটাৰী;
আৰু
(ঘ) লোহা কটা কৰতৰ এটা ফ্লেম আৰু ব্লেড ৷
উন্নত চৌকাৰ ব্যৱহাৰ আৰু ল’বলগীয়া সাৱধানতাসমূহ
ৰাষ্ট্টীয় আঁচনিৰ উদ্দেশ্য আৰু লক্ষ্যসমূহ
১) গ্ৰামীণ আৰু চহৰৰ উপকন্ঠ অঞ্চলত খৰিৰ বাবে লাগতিয়াল গছ-গছনিৰ যথোপযুক্ত ব্যৱহাৰ আৰু সংৰক্ষণ৷
২) বন সংৰক্ষণত অৰিহণা৷
৩) গ্ৰামীণ অঞ্চলত স্ব-নিয়োজনৰ সুবিধা প্ৰদান৷
৪) ঘৰুৱা পৰিবেশৰ উন্নতি আৰু কল্যান সাধন৷
৫) যথোপযুক্ত গৱেষণা আৰু পৰীক্ষা-নিৰীক্ষাৰ মাজেৰে ইন্ধনৰ ভিন্নতা আৰু উপযোগিতালৈ লক্ষ্য ৰাখি বিভিন্ন আৰ্হিৰ উন্নত চৌকাৰ উদ্ভাৱন আৰু এইবোৰৰ স্বীকৃতি প্ৰদান৷
ৰাষ্ট্টীয় আঁচনিৰ সুবিধাসমূহ
১) চৰকাৰী অনুদান: স্থায়ীবিধ উন্নত চৌকা নিৰ্মাণ কৰোতে হিতাধিকাৰী সকলে খৰচৰ সামান্য অংশহে বহন কৰিব লগা হয়৷ বাকী খৰচৰ সিংহভাগেই চৰকাৰে বহন কৰে৷ সেইদৰে বহন কৰি নিব পৰা লোৰ চৌকাৰ ক্ষেত্ৰতো চৰকাৰে শতকৰা ৫০ ভাগৰ পৰা ৭৫ ভাগ পৰ্য্যন্ত অনুদান আগবঢ়ায়৷
২) স্ব-নিয়োজনৰ সুবিধা: দেশৰ প্ৰতিটো উন্নয়ন খণ্ডৰ পৰা নিৰ্বাচিত স্ব-নিয়োজিত, কৰ্মীসকলক চৰকাৰে স্থায়ীবিধ উন্নত চৌকা নিৰ্মানৰ প্ৰশিক্ষন দিয়াৰ আঁচনি আছে৷ প্ৰশিক্ষন কালত তেওঁলোকক প্ৰতিদিনে ২৫ টকাকৈ জলপানী দিয়াৰ উপৰিও তেওঁলোকৰ অহাযোৱা কাৰণে হোৱা ব্যয় চৰকাৰে বহন কৰে৷ এই প্ৰশিক্ষাৰ্থী সকলে প্ৰশিক্ষণৰ অন্তত ব্যৱসায়ীক ভিত্তিত উন্নত চৌকা নিৰ্মান কৰাৰ অৰ্হতা লাভ কৰে৷
উৎস: অসম কৃষি বিশ্ববিদ্যালয়।শেহতীয়া উন্নীতকৰণ: : 3/17/2020
উন্নত চৌকাৰ নিৰ্মাণ প্ৰণালী
খাৰুৱা তেলৰ মূল্য হ্ৰাস হোৱাৰ কাৰক আৰু প্ৰভাৱ
অপৰম্পৰাগত শক্তি আৰু ভাৰতবৰ্ষ
অসমত সঁচাকৈয়ে বাৰু বিদ্যুতৰ নাটনি হৈছেনে?