অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

পানী পাম্পিং আৰু অফ-গ্ৰীড শক্তি উৎপাদনৰ বাবে বায়ু শক্তি

পানী পাম্পিং আৰু অফ-গ্ৰীড শক্তি উৎপাদনৰ বাবে বায়ু শক্তি

পানী পাম্পিংৰ বায়ু মিল, এৰ’জেনেৰেটৰচ (কম বায়ুৰ বিদ্যুত জেনেৰেটৰ) আৰু বায়ু-সৌৰশক্তি সংকৰণ পদ্ধতিসমূহ পানী পাম্পিং আৰু ৰাষ্ট্ৰৰ গ্ৰাম্য আৰু পিচ পৰা বায়ুপূৰ্ণ অঞ্চলসমূহত কম শক্তিৰে কাম কৰিবৰ বাবে ব্যৱহাৰৰ উপযোগী বুলি বিবেচিত হৈছে৷

পানী পাম্পিং বায়ুমিল

পানী পাম্পিং বায়ুমিলসমূহে নাদ, পুখুৰী, নলী নাদসমূহৰ পৰা খোৱা, কৃষি, মীন পালন আদিৰ বাবে প্ৰয়োজনীয় পানী উতোলিত কৰে৷ বতৰ্মান উপলব্ধিত বায়ু মিল দুই প্ৰকাৰৰ- ডাইৰেক্ট ড্ৰাইভ আৰু গিয়েৰ টাইপ৷
সাধাৰণভাৱে প্ৰচলিত বায়ুমিলৰ 3-5.5 মি. ব্যাসাৰ্ধৰ এডাল উলম্ব ঘূণৰ্ক ৰেখা আছে৷ ইয়াত 12-24 খন ব্লেড আছে আৰু  এইবিলাক ষ্টীলৰ টাৱাৰটোৰ শীৰ্ষত 10-20 মিটাৰ উচ্চতাত অৱস্থিত ৷  ঘূণৰ্কডাল এডাল 50-150 মি.মি. ব্যাসাৰ্দ্ধৰ পাৰস্পৰিক পাম্পৰ লগত যুক্ত হৈ থাকে৷ এনে বয়ুমিলসমূহে বায়ুৰ বেগ 8-10কিলোমিটাৰ প্ৰতি ঘন্টা হ’লে পানী উত্তোলিত কৰা আৰম্ভ কৰে৷ সাধাৰণভাৱে, বায়ুৰ গতিবেগ, পানীৰ স্তৰ আৰু বায়ুমিলৰ ওপৰত নিৰ্ভৰ কৰি এটা বায়ুমিলে প্ৰতি ঘন্টাত 1000 ৰ পৰা 8000 লিটাৰ পানী উত্তোলিত কৰিব পাৰে৷
বায়ুমিলসমূহে 60 মিটাৰ গভীৰতাৰ  পৰা পানী তুলিব পাৰে৷ কোনো ইন্ধন ব্যৱহাৰ নকৰাকৈ পানী পাম্পিং  সহজসাধ্য নোহোৱা, বতাহ থকা ঠাই সমূহত বায়ুমিলৰ দ্বাৰা পানী তুলিব পৰাটো এক সুবিধা৷
অৱশ্যে, পানী পাম্পিং বায়ুমিলৰ ক্ষেত্ৰত মানিবলগীয়া সীমাও আছে৷ এইবিলাক মাত্ৰ বায়ুৰ মধ্যম গতিবেগ(10-12 কি.মি/ঘন্টা) তহে ভালদৰে পৰিচালিত হয়৷ স্থান বাচনি কৰাৰ সময়ত লক্ষ্য কৰা উচিত যে, বাধা দিব পৰা ঘৰ, গছ-গছনি আদিৰ পৰা চৌপাশ মুক্ত হ’ব লাগে৷ এই পদ্ধতিটোৰ ব্যয় অধিক হোৱাৰ বাবে ব্যক্তিগত ব্যৱহাৰৰ বাবে ইয়াক গ্ৰহণ কৰিব পৰা নাযায়৷

ব্যয়

পানী পাম্পিং বায়ুমিলৰ ব্যয় পাম্পৰ প্ৰাকাৰৰ ওপৰত নিৰ্ভৰ কৰি 45,000 ৰ পৰা 150 000 টকাৰ ভিতৰত হ’ব পাৰে৷  অতিৰিক্তভাৱে, 10 000 ৰ পৰা 20 000 টকা মূল  গাঠনি,  সংগ্ৰহ পাত্ৰ আৰু স্থাপনৰ বাবে আৱশ্যকীয় খৰচৰ বাবে ব্যয় হ’ব পাৰে৷  যিহেতু ই এটা চলমান মেচিন, গতিকে ইয়াক  মেৰামতিৰ প্ৰয়োজন হ’ব৷ প্ৰতি বছৰে বায়ু মিলৰ মেৰামতিৰ আৰু পৰিচালনাৰ খৰচ খৰচ 2000 টকা৷
মিনিষ্ট্ৰী অফ নিউ এণ্ড ৰিনিউৱেবল এনাৰ্জিয়ে পানী পাম্পিং বায়ুমিলৰ অগতীয়া কামৰ ওপৰত ভাট্টা দিয়ে ৷ ডাইৰেক্ট ড্ৰাইভ, গিয়েৰ টাইপ আৰু এভি-55 অ’ৰ’ভিল মডেলৰ ওপৰত অত্যাধিক 20,000, 30,000 আৰু 45,000 টকাৰ ওপৰত 50% ভাট্টা দিয়ে৷ বিদ্যুত নথকা দ্বীপৰ ক্ষেত্ৰত 20,000, 30,000 আৰু 80,000 টকাৰ ওপৰত ইয়াৰ ভাট্টা 90% লৈকে হয়৷

এৰ’জেনেৰেটৰ

এটা এৰ’জেনেৰেটৰ  হ’ল 30 কি.ৱা ক্ষমতাৰ এটা সৰু বায়ু বিদ্যুত জেনেৰেটৰ ৷ শক্তি  উত্পাদন বিকেন্দ্ৰীকৰণ কৰিবৰ বাবে  ষ্টেণ্ডত অকলশৰীয়াকৈ  অথবা  সৌৰ ফটোভলেটিক (এচপিভি) পদ্ধতিৰ লগত এটা বায়ু-সৌৰ সংকৰণ পদ্ধতি গঠনৰ কৰিবৰ বাবে  এৰ’জেনেৰেটৰ স্থাপন কৰা হয় ৷  সঠিক মাত্ৰাত বায়ুৰ গতিবেগ থকা আৰু বিদ্যুত বিচ্চিন্ন অঞ্চলসমূহৰ বাবে এটা এৰ’জেনেৰেটৰ উপযুক্ত ৷  ইয়াত 1-10 ব্যাসাৰ্দ্ধৰ 2-3 ব্লেড  আৰু স্থায়ী চুম্বক জেনেৰেটৰ, নিয়ন্ত্ৰক, আবতিৰ্ত যন্ত্ৰ, স্তম্ভ, সংগৃহিত বেটাৰী আদি  থাকে ৷ প্ৰতি ঘন্টাত 9-12 কি.মি বায়ুৰ বেগত এৰ’জেনেৰেটৰৰ আবতৰ্ন আৰম্ভ হয়৷ অৱশ্যে,  প্ৰতি ঘন্টাত বায়ুৰ বেগ  40-45 কিমি. হ’লেহে ই সঠিক শক্তি উত্পাদন কৰিব পাৰে৷ শক্তি যোগান ধৰিব নোৱাৰা অৱস্থাত আৱশ্যকতা অনুযাযী ব্যৱহাৰ কৰিবৰ বাবে বেটাৰিত শক্তি মজুত কৰি ৰখা হয়৷
এৰ’জেনেৰেটৰৰ ব্যয় প্ৰতি কিলোৱাটত প্ৰায় 2.00 – 2.50 লাখ টকা ৷ অতিৰিক্তভাৱে, পদ্ধতিটো স্থাপনৰ বাবে আৱশ্যকীয় গঠনমূলক  কামৰ বাবে প্ৰতি কি.ৱা. তত 5000 টকা হ’ব পাৰে৷ প্ৰতি বছৰে ইয়াৰ মেৰামতি আৰু পৰিচালনাৰ বাবে প্ৰতি কি.ৱাটত 2000 টকাৰ আৱশ্যক হয়৷

বায়ু- সৌৰ সংকৰণ পদ্ধতি

যেতিয়া এটা এৰ’জেনেৰেটৰ আৰু এটা এচপিভি পদ্ধতি একেলগ হয়, এই মিলিত পদ্ধতিটোৱে বিকেন্দ্ৰীকৰণ অৱস্থাত মূল্যবান শক্তি যোগান ধৰিব পাৰে৷ এই পদ্ধতিটোত সঠিক ক্ষমতাৰ এচপিভি পেনেলৰ সৈতে এটা বা দুটা এৰ’জেনেৰেটৰ থাকে৷ ইয়াক এচি পাৱাৰ যোগান ধৰিবৰ বাবে শক্তি সংগ্ৰাহক, ইনভাৰটাৰ, বেটাৰী বেংক আদিৰ লগত সংযোগ কৰা হয়৷  ইয়াৰ মূল সুবিধাটো হ’ল বিদ্যুত যোগান নথকা অঞ্চলসমূহত প্ৰধান আৱশ্যকীয় শক্তিখিনি দিব পাৰে৷ বায়ু আৰু সৌৰ শক্তি-দুয়োটাৰ দ্বাৰা উত্পন্ন হোৱা শক্তি আৱশ্যকীয় সময়ত ব্যৱহাৰ কৰিবৰ বাবে বেটাৰীত মজুত কৰি ৰখা হয়৷
বায়ু আৰু সৌৰ উপাদানসমূহৰ ওপৰত নিৰ্ভৰ কৰি পদ্ধতিটোৰ ব্যয় প্ৰতি কিলোৱাটত প্ৰায়  2.50-3.50 লাখ টকা৷ অতিৰিক্তভাৱে, পদ্ধতিটো স্থাপনৰ বাবে আৱশ্যকীয় গঠনমূলক  কামৰ বাবে প্ৰতি কি.ৱা. তত 10 000 টকা হ’ব পাৰে৷ প্ৰতি বছৰে ইয়াৰ মেৰামতি আৰু পৰিচালনাৰ বাবে প্ৰতি কি.ৱাটত 3000 টকাৰ আৱশ্যক হয়৷
ব্যক্তিগত, উদ্যোগিক, আৰ এণ্ড ডি আৰু শিক্ষাৰ অনুষ্ঠান সমূহতপ্ৰতি কিলোৱাটত উচ্চতম 1.25 লাখ তকাৰ ওপৰত 50% ভাট্টা দিয়ে৷ মিনিষ্ট্ৰী অফ নিউ এণ্ড ৰিনিউৱেবল এনাৰ্জিয়ে সমাজত, কেন্দ্ৰীয়/ৰাজ্য চৰকাৰে কৰা পোনপটীয়া ব্যৱহাৰ, প্ৰতিৰক্ষ আৰু সেনা বাহিনীয়ে ব্যৱহাৰ কৰাৰ ওপৰত প্ৰতি কি.ৱাটত 2 লাখ টকাৰ ওপৰত 75% লৈকে ভাট্টা দিয়ে৷ বিদ্যুত নথকা দ্বীপৰ ক্ষেত্ৰত প্ৰতি কি.ৱাটত 2.4 লাখ টকাৰ ওপৰত ইয়াৰ ভাট্টা 90% লৈকে দিয়ে৷

উৎস: আইএনডিজি দল

শেহতীয়া উন্নীতকৰণ: : 4/24/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate