পানী পাম্পিংৰ সৌৰ পদ্ধতিত পানী পাম্পৰ বাবে সৌৰ শক্তি ব্যৱহাৰ কৰা হয়৷
এই পদ্ধতিয়ে শক্তি উৎপন্ন কৰা সৌৰ পিভি (ফটোভলেটিক)ব্যৱহাৰ কৰি কাম কৰে৷ ফটোভলেটিক সজ্জাই সৌৰ শক্তি বিদ্যুৎ শক্তিলৈ ৰুপান্তৰ কৰে, যি মটৰ পাম্প চেট ঘূৰাবৰ বাবে ব্যৱহাৰ কৰা হয়৷ এই পাম্পিং পদ্ধতিয়ে মুক্ত নাদ,গভীৰ নাদ, প্ৰৱাহিত হৈ থকা পানী, পুখুৰী, নলা আদিৰ পৰা পানী উত্তোলন কৰে৷ এই পদ্ধতিক সৌৰ পেনেল স্থাপনৰ বাবে ছাঁ মুক্ত স্থানৰ প্ৰয়োজন
১৮০০ ৱাট পিভি এৰ্যে সক্ষমতা আৰু ২ এইচপিৰ পাম্পৰ এটা পদ্ধতিয়ে ৬-৭ মিটাৰ গভীৰতাৰ পৰা প্ৰতি দিনে ১.৪ লাখ লিটাৰ পানী উত্তোলিত কৰিব পাৰে৷ এই পানীৰ পৰিমান পানী যোগান আঁচনিৰ বাবে ৫-৮ একৰ ভুমি আৱৰি থকা বিভিন্ন শস্য ক্ষেত্ৰত যোগানৰ বাবে অপৰিহাৰ্য্য বুলি গণ্য কৰা হয়৷
আনুমানিক ব্যয়
পদ্ধতিটোৰ মুঠ ব্যয় ৪,৫০,০০০ টকাফটোভলেটিক (পিভি) পানী পাম্পিং পদ্ধতিত কি কাৰিকৰী কৌশল ব্যৱহাৰ হয় ?
ফটোভলেটিক পদ্ধতিৰ বাবে সৌৰ কোষ হ’ল এটা প্ৰাথমিক প্ৰণালী যিহেতু ই সৌৰ ৰশ্মি বিদ্যুতলৈ ৰুপান্তৰ কৰে ৷ সৌৰ কোষসমূহ চিলিকনৰ সুক্ষ্ম পাত প্ৰয়োজনীয় আকাৰত কাটি তৈয়াৰ কৰা হয়৷ শক্তিৰ প্ৰয়োজনীয়তা অনুসাৰে এটা এচপিভি মডিউল সাজিবৰ বাবে এনে এচপিভি কোষৰ সংখ্যা সংযোগ কৰা হয়৷ এই মডিউল পাম্প আদিৰ দৰে বিদ্যুত চালিত সামগ্ৰীসমূহ চালনাৰ আউটপুট শক্তি লাভৰ বাবে ভবিষ্যতে এচপিভি এৰ্যে তৈয়াৰ কৰিবলৈ সংযোগ কৰিব পাৰি৷
সম্পূৰ্ণ পদ্ধতিটোৰ বাবে ব্যয় কিমান ?
এচপিভি পানী পাম্পিং পদ্ধতিৰ স্থাপন আৰু ব্যয়ৰ বাবে ৰাজ সাহাৰ্য্যৰ মূল্য যোগানকাৰী আৰু মডেলৰ ওপৰত নিৰ্ভৰ কৰি 1,90,000 টকাৰ পৰা 2,70,000 টকাৰ ব্যৱধানত থাকিব পাৰে৷
ইয়াৰ বাবে কোনো ঋণৰ সুবিধা আছে নেকি ?
এচপিভি পানী পাম্পিং পদ্ধতিৰ ব্যৱহাৰ কি আৰু মিনিষ্ট্ৰী অফ নিউ এণ্ড এনআৰই এচপিভি পানী পাম্পিং আচঁনিৰ অধীনত কেনেধৰণৰ চৰকাৰী সাহাৰ্য্যৰ উপলদ্ধ ?
কৃষিবিজ্ঞান আৰু অন্যান্য সংযোগী যেনে, উদ্যানশস্য, পশু পালন, হাহঁ – কুকুৰা পাম, উচ্চ উত্পাদনৰ শস্য, ফলৰ বাগিছা, বৃক্ষ ৰোপন, মীন পালন, খোৱা পানী আদিৰ ব্যৱহাৰত আৱশ্যক৷ এই আচঁনিৰ দ্বাৰা বেটাৰী চাৰ্জিং কৰাৰ ক্ষেত্ৰত অনুমতি দিয়া নহয়৷
এই ৰাষ্ট্ৰীয় আচঁনিৰ অধীনত ফটোভলেটিক পানী পাম্পিং পদ্ধতি লাভৰ বাবে যোগ্য কোন ?
এজন ব্যক্তিগত ভাৱে কৃষি কৰা কৃষক, বেচৰকাৰী প্ৰতিষ্ঠান,কো-অপাৰেটিভ চছাইটী, ব্যৱসায়ীক সমিতি, অনুষ্ঠান, আৰু চৰকাৰী বিভাগ ইত্যাদি৷
এচপিভি পানী পাম্পিং পদ্ধতিৰ ক্ষমতা কি ?
এটা এচপিভি পানী পাম্পিং পদ্ধতি ফটোভলেটিক এৰ্যেৰ সৈতে 200 ৰ পৰা 300 ৱাট ক্ষমতাৰ ভিতৰত উপলব্ধ৷ (মটৰ পাম্প চেটৰ ক্ষমতা 0.5 এইচপি ৰ পৰা 2 এইচপি)
কিমান পৰিমানৰ পানী পাম্পে যোগান দিব পাৰিব ?
এটা পদ্ধতিয়ে নিৰ্দিষ্ট এটা শস্যত কিমান পৰিসৰৰ এলেকাত পানী যোগান ধৰিব পাৰিব ?
যেতিয়া পানী 10 মিটাৰ গভীৰতাৰ পৰা উত্তোলিত কৰিব লগীয়া হয়, এচপিভি পানী পাম্পিং পদ্ধতিয়ে 0.5-6 হেক্টৰ মাটিত পানী যোগান ধৰিব পাৰে ৷ পানীৰ তালিকা, মাটিৰ প্ৰকাৰ আৰু পানীৰ পৰিচালনা আদি সকলো কাৰকে যেতিয়া এলেকাটো প্ৰভাবিত কৰিব তেতিয়া এই পদ্ধতিটো ব্যৱহাৰ কৰি পানী যোগান কৰিব পাৰি৷
এচপিভি পানী পাম্পিং পদ্ধতিৰ শীৰ্ষ গড় ৱাট 900 ৱাট বুলি নিৰ্দ্ধাৰণ কৰিলে, নিম্নোলিখিত তালিকাই বিভিন্ন শস্য ক্ষেত্ৰৰ বাবে পানীযোগান পদ্ধতি ব্যৱহাৰ কৰা জটিল পানী যোগান অঞ্চল নিৰ্দেশ কৰে::
ক্ৰমিক নং |
শস্য |
জটিল অঞ্চল,হেক্টৰত |
পানী যোগান পদ্ধতি |
1 |
বাষিৰ্ক শাক-পাচলিৰ কৃষি |
1.00 |
ওপৰিভাগ |
2 |
জলকীয়া/জোৱাৰ/বাদাম |
1.41 |
ওপৰিভাগ |
3 |
Paddy nursery |
0.70 |
ওপৰিভাগ |
4 |
আদা |
2.08 |
ওপৰিভাগ |
5 |
তিয়ঁহ |
1.82 |
বিন্দু আকাৰৰ |
6 |
বাদাম |
1.97 |
ওপৰিভাগ |
7 |
আঙুৰ |
2.14 |
বিন্দু আকাৰৰ |
8 |
নেমু |
4.89 |
বিন্দু আকাৰৰ |
9 |
কল |
2.36 |
বিন্দু আকাৰৰ |
10 |
ডালিম |
7.32 |
বিন্দু আকাৰৰ |
পাম্পিং পদ্ধতিৰ কামৰ গেৰান্টী কি?
উৎস: আইএনডিজি দল
শেহতীয়া উন্নীতকৰণ: : 6/21/2020
কৃষিৰ বাবে সৌৰ শক্তি চালিত যন্ত্ৰ-পাতিসমূহৰ বিষয়ে...
সৌৰ শক্তিৰ ব্যৱহাৰিক দিশ, পানী পাম্প আৰু অসম
সৌৰ শক্তি কেনেকৈ ব্যৱহাৰ কৰিব পাৰি সেই বিষয়ে ইয়াত ...
পাৰিপাশ্বিকতা আৰু সৌৰশক্তিৰ ব্যৱহাৰ